অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিন্দু (অভিনেত্ৰী)

বিন্দু নানুভাই দেশাই (Bindu Nanubhai Desai) এগৰাকী ভাৰতীয় অভিনেত্ৰী; যাৰ জনপ্ৰিয় নাম হৈছে বিন্দু। আশীৰ দশকত জনপ্ৰিয়তাৰ এক সুকীয়া স্থানত আৰোহণ কৰা বিন্দুৱে চাৰিটা দশক ব্যাপি থকা নিজৰ সুদীৰ্ঘ কেৰিয়াৰত প্ৰায় ডেৰ শতাধিক ছবিত অভিনয় কৰিছে।

হালনাগাদ: ৫ জুন ২০২৫ ৩৩৮ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

বিন্দু নানুভাই দেশাই (Bindu Nanubhai Desai) এগৰাকী ভাৰতীয় অভিনেত্ৰী; যাৰ জনপ্ৰিয় নাম হৈছে বিন্দু। আশীৰ দশকত জনপ্ৰিয়তাৰ এক সুকীয়া স্থানত আৰোহণ কৰা বিন্দুৱে চাৰিটা দশক ব্যাপি থকা নিজৰ সুদীৰ্ঘ কেৰিয়াৰত প্ৰায় ডেৰ শতাধিক ছবিত অভিনয় কৰিছে। তেখেতে এতিয়ালৈকে সাতটা ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰিছে।১ ১৯৭০ চনত মুক্তিলাভ কৰা ছবি 'কটি পতংগ'ৰ বাবে বিন্দুক সততে স্মৰণ কৰা হয়। হিন্দী ছবি জগতৰ আন এগৰাকী জনপ্ৰিয় অভিনেতা প্ৰেম চোপ্ৰাৰ বিপৰীতে তেখেতে একাধিক চৰিত্ৰত অভিনয় কৰিছে।২

১৯৬২ চনত বিন্দুৱে প্ৰথমখন ছবিত অভিনয় কৰে। 'অনপড়' নামৰ সেই ছবিখনত কিৰণ শীৰ্ষক চৰিত্ৰ এটাত তেখেতে অভিনয় কৰিছিল। ১৯৬৯ চনত তেখেতে 'ইট্টেফাক' নামৰ চলচ্চিত্ৰখনত ৰেণুৰ ভূমিকা ৰূপায়ণ কৰে। আৰু 'দো ৰাস্তে' নামৰ ছবিখনত নীলা নামৰ চৰিত্ৰটো ৰূপায়ণ কৰে। দুয়োখন ছবিয়েই বক্স অফিচত সফলতা লাভ কৰে আৰু দুয়োখন ছবিৰ বাবেই তেখেতে ফিল্মফেয়াৰৰ মনোনয়ন লাভ কৰে। ১৯৭২ চনত বিন্দুৱে দাস্তান নামৰ ছবিখনত মালাৰ ভূমিকাত অৱতীৰ্ণ হয় আৰু তৃতীয়টো ফিল্মফেয়াৰৰ মনোনয়ন লাভ কৰে। তাৰ পিছৰটো বছৰতেই বিন্দুৱে 'অভিমান' ছবিত চিত্ৰাৰ চৰিত্ৰত অভিনয় কৰে। এইখন ছবিকে ধৰি পৰৱৰ্তী সময়ত বিন্দুৱে 'হাৱাছ' আৰু 'ইমতিহান'ত অভিনয় কৰি ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰে। ১৯৭৬ চনত 'অৰ্জুন পণ্ডিত' নামৰ ছবিখনত তেখেতে সৰলা চৰিত্ৰটোত অভিনয় কৰে আৰু ফিল্মফেয়াৰৰ সপ্তমটো মনোনয়ন লাভ কৰে।

প্ৰাৰম্ভিক জীৱন

বিন্দুৰ পিতৃ আছিল নানুভাই দেশাই আৰু মাতৃ আছিল জ্যোৎস্না। পিতৃ এগৰাকী ছবি প্ৰযোজক আছিল। তেখেতৰ ভাই-ভনী আছিল সাতজন। বিন্দুৰ তেৰ বছৰ বয়সত পিতৃৰ মৃত্যু হয়। জ্যেষ্ঠ সন্তান হোৱা হেতুকে পৰিয়ালৰ সমস্ত দায়িত্ব তেখেতৰ ওপৰতে পৰে।৩

অভিনেত্ৰী অৰুণা ইৰানী, ইন্দ্ৰ কুমাৰ, আদি ইৰানী, আৰু ফিৰোজ খান হৈছে বিন্দুৰ ভাগিন-ভাগিনী।

কৰ্মজীৱন

১৯৬৯ চনত মুক্তিলাভ কৰা হিন্দী ছবি 'ইট্টেফাক' আৰু 'দো ৰাস্তে'ৰ জৰিয়তে বিন্দুৱে প্ৰাৰম্ভিক সফলতা লাভ কৰে। পৰৱৰ্তী সময়ত তেখেতে 'কটি পতংগ' (১৯৭০) ত অভিনয় কৰে। এইখন ছবিতে তেখেতে 'মেৰা নাম ছবনম' শীৰ্ষক গীতটোত নৃত্য কৰে। গীতটোৰ জনপ্ৰিয়তা আজিও ম্লান হোৱা নাই।৪

বলিউদৰ যশস্বী অভিনেতা প্ৰেম চোপ্ৰাৰ বিপৰীতে বিন্দুৱে বহুকেইটা চৰিত্ৰত অভিনয় কৰিছে। তাৰে কেইখনমান উল্লেখযোগ্য ছবি হৈছে-লগান, কটি পতংগ, দো ৰাস্তে, দাগ, চুপ্পা ৰুস্তম, প্ৰেম নগৰ, ত্যাগ, নফৰত, গেহৰী চাল আৰু দাস্তান আদি। ১৯৭৯ চনৰ তামিল ভাষা ভাষাৰ ছবি 'নালান্ধু উড়ো কুদুবাম'ত তেখেতে শিৱাজী গণেশানৰ লগত নৃত্যও কৰে। ১৯৬৯ চনৰ পৰা ১৯৮৯ চনলৈকে বিন্দুৱে বলিউডৰ আন এজন খ্যাতিশীৰ্ষ অভিনেতা ৰাজেশ খান্নাৰ লগত তেৰখন ছবিত অভিনয় কৰিছে।

তথ্যসূত্ৰ

  1. ↑ Bindu. jointscene.com
  2. ↑ (4 December 2010). Shabnam Still Gets Fan Mail. Indian Express
  3. ↑ Bindu Desai Biography. bollycurry.com
  4. ↑ Bindu Portrait. bollywood501.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিন্দু (অভিনেত্ৰী)” প্ৰবন্ধৰ সংশোধন ৫১৪৯৬৯ (৫ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।