অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জয়া শীল

জয়া শীল ঘোষ ( Jaya Seal Ghosh) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নৃত্যশিল্পী। অতি কম বয়সৰ পৰাই পাঁচ বছৰ ধৰি তেওঁ গুৰু ইন্দিৰা পি পি বৰাৰ অধীনত ভৰতনাট্যম শিকিবলৈ আৰম্ভ কৰিছিল।

হালনাগাদ: ২৩ এপ্ৰিল ২০২৬ ৪২৮ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

জয়া শীল ঘোষ ( Jaya Seal Ghosh) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নৃত্যশিল্পী।১ অতি কম বয়সৰ পৰাই পাঁচ বছৰ ধৰি তেওঁ গুৰু ইন্দিৰা পি পি বৰাৰ অধীনত ভৰতনাট্যম শিকিবলৈ আৰম্ভ কৰিছিল। সমান্তৰালভাৱে অসমীয়া টেলিভিছনতো অভিনয় কৰি আছিল আৰু তেওঁক অনুপ্ৰাণিত কৰা দুলাল ৰয় আৰু বাহাৰুল ইছলামৰ দৰে এন এছ ডিৰ বিশিষ্ট অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) নাট্য ব্যক্তিসকলৰ সৈতে নাটক কৰিছিল। জয়াই নাট্য প্ৰশিক্ষণৰ বাবে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়লৈ যায় আৰু তাৰ পিছত ১৯৯৭ চনত তিনি বছৰীয়া পাঠ্যক্ৰম সম্পূৰ্ণ কৰে।

কৰ্মজীৱন

জয়াই ৮টা ভাষাৰ ১৯খন পূৰ্ণ দৈৰ্ঘ্যৰ কথা-ছবিত অভিনয় কৰিছে আৰু কেইবাটাও বিজ্ঞাপনত অভিনয় কৰিছে। জয়াৰ কিছুমান ছবিয়ে ভেনিচ, পুছান আদি চলচ্চিত্ৰ মহোৎসৱত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰে। তেওঁৰ উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত আছে বুদ্ধদেৱ দাসগুপ্তৰ উত্তৰা। উত্তৰাৰ বাবে ২০০০ চনত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে তেওঁ মনোনীত হৈছিল।২০০১ চনত অসমীয়া ছবি 'শেষ উপহাৰ'ত যতিন বৰাৰ বিপৰীতে মুখ্য অভিনেত্ৰীৰ চৰিত্ৰ ৰূপায়ন কৰিছিল। ২০০৪ চনত তেওঁক কাহিনী ঘৰ ঘৰ কি ছবিতো দেখা গৈছিল। তেওঁৰ কিছুমান সুপৰিচিত ছবি হ’ল চাল এণ্ড এক্সকিউজ মি(হিন্দী), প্ৰভু দেৱাৰ বিপৰীতে পেনিনমনাথাইথ’ট্টু(তামিল), বিক্ৰমৰ বিপৰীতে চামুৰাই (তামিল), শিৱৰাজ কুমাৰৰ বিপৰীতে বাহালা চান্না গিদে (কানাড়া), মাগুনিডো সাগোডো (ওড়ীয়া) ছবি যিয়ে ২০০৩ চনত শ্ৰেষ্ঠ ওড়ীয়া ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল আৰু থিলাদানাম (তেলেগু) যিখন ৬ বাৰকৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ সমালোচক আৰু পৰিচালক কে.এন.টি. শাস্ত্ৰী আৰু লগতে ২০০৩ চনত পুছান চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ বিদেশী চলচ্চিত্ৰ আৰু নিউ কাৰেণ্টছ বঁটা প্ৰাপ্ত আৰু বাংলা ভাষাৰ শেষ ঠিকানা ইত্যাদি। তেওঁ ডেটল, কলগেট, ক্লিনিক প্লাছ অইল এন শ্বেম্পু, ছান ড্ৰপ অইল আদি ত্ৰিশটাতকৈও অধিক ব্যৱসায়িক বিজ্ঞাপনত কাম কৰিছে।

অসম প্ৰাগ চিনে বঁটাত অসমীয়া ছবি শৃংখলৰ বাবে ২০১৪ৰ শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰে।

এই গোটেই পৰিক্ৰমাৰ মাজতে তেওঁ নিজৰ প্ৰথম আৱেগ - নৃত্যৰ সাধনা অব্যাহত ৰাখিছিল। মুম্বাইত থকাৰ সময়ত তেওঁ লাস্য একাডেমীত গুৰু বৈভৱ আৰেকাৰ আৰু গুৰু ৰাজেশ্ৰী শিৰকেৰ অধীনত প্ৰশিক্ষণ লৈছিল। পিছলৈ গুৰু নৰেশ পিল্লাইৰ অধীনত মুম্বাইতো প্ৰশিক্ষণ লয়।

কলিকতালৈ বাসস্থান সলনি কৰাৰ পিছত ২০০৫ চনত গুৰু থানমণি কুট্টীৰ নিৰ্দেশনাত জয়াই কলামণ্ডলমত যোগদান কৰে। এতিয়া বিদুষী ৰাম বৈদ্যনাথনৰ অধীনত শিক্ষা অব্যাহত ৰাখিছে। জয়াই বহু সন্মানীয় স্থানত নৃত্যশিল্পী হিচাপে অনুষ্টান পৰিৱেশন কৰিছে। ২০১৫ চনৰ মে’ মাহত ২০০৭ চনৰ বাংলা সন্মিলন এণ্ড মাস্কাট শ্ব’ৰ উদ্বোধনী অনুষ্ঠানত ডেট্ৰাইটৰ কোবো এৰিনাত দৰ্শকক আমোদ দিছিল।

প্ৰখ্যাত নাট্য ব্যক্তিত্ব উষা গাংগুলীৰ সৈতে জয়াই তেওঁৰ প্ৰযোজনা চণ্ডালিকাৰ মূল নায়িক হিচাপেও কাম কৰিছিল। অপৰ্ণা সেনাপতিৰ পৰিচালনাত নিৰ্মিত আৰ্শীনগৰ ছবিখনত অভিনয় কৰে৷ দীপ চৌধুৰীৰ পৰিচালনাত গুৱাহাটীত শ্বুট কৰা বাংলা ভাষাৰ ফিল্ম আলিফাই ২০১৬ চনত নিৰ্বাচিত হোৱা ২২ সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱে ২০১৭ চনত শ্ৰেষ্ঠ অভিষেক পৰিচালকৰ বঁটা লাভ কৰে আৰু অট্টাৱা ছবি মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰে৷ লোনাৱালা চলচ্চিত্ৰ মহোৎসৱ (LIFT)ত আলিফা ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে। ২০১৮ চনত হায়দৰাবাদ বাংলা চলচ্চিত্ৰ মহোৎসৱত আলিফা ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে।২৩

তথ্যসূত্ৰ

  1. ↑ Jaya Seal Ghosh to perform at ICCR - Times of India. The Times of India
  2. ↑ Assam: Party not over for Alifa, Jaya Seal yet. NORTHEAST NOW
  3. ↑ Jaya Seal Ghosh's big win - Times of India. The Times of India

সম্পৰ্কিত শ্ৰেণী

অসমীয়া অভিনেত্ৰীভাৰতীয় অভিনেত্ৰীওড়িয়া চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয়া শীল” প্ৰবন্ধৰ সংশোধন ৬০২১৮৫ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।