ৰূপা গাংগুলী (Roopa Ganguly; জন্ম: ২৫ নবেম্বৰ ১৯৬৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী, নেপথ্য কণ্ঠশিল্পী আৰু ৰাজনৈতিক নেতা।১ জনপ্ৰিয় ধাৰাবাহিক 'মহাভাৰত'ত (১৯৮৮) দ্ৰৌপদীৰ চৰিত্ৰ ৰূপায়ণ কৰা বাবে তেওঁ বিশেষভাবে জনাজাত।২ বলীউডত শাবানা আজমীৰ যি স্থান, বহুমুখী অভিনয় আৰু উচ্চাৰণ অভিযোজনৰ বাবে প্ৰখ্যাত ৰূপা গাংগুলীৰো বঙালী চলচ্চিত্ৰ উদ্যোগত সেই স্থান বুলি প্ৰায়ে প্ৰচাৰ কৰা হয়।৩৪ তেওঁ মৃণাল সেন, অপৰ্ণা সেন, গৌতম ঘোষ আৰু ঋতুপৰ্ণ ঘোষৰ দৰে পৰিচালকৰ সৈতে কাম কৰিছে। তেওঁ এগৰাকী ৰবীন্দ্ৰ সংগীতৰ কণ্ঠশিল্পী আৰু শাস্ত্ৰীয় নৃত্যতো পাৰদৰ্শী।৫ এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু দুটা 'বেংগল ফিল্ম জাৰ্ণেলিষ্ট এছোচিয়েচন বঁটা'কে (BFJA) ধৰি তেওঁ বহুতো বঁটা-বাহন লাভ কৰিছে। ২০১৬ চনত তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা ৰাজ্যসভাৰ সদস্য মনোনীত হৈছে। তেওঁ পশ্চিমবংগৰ ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চ্চাৰ সভাপতি আছিল।৬ লগতে 'পশ্চিমবংগ মোচন পিকচাৰ্ছ্ আৰ্টিষ্ট ফোৰাম'ৰ সাধাৰণ সম্পাদক আৰু উপ-সভাপতি ৰূপেও সেৱা আগবঢ়াইছে।৫
কৰ্মজীৱন
তেওঁ প্ৰথম অভিনয় কৰে বিজয় চেটাৰ্জীৰ হিন্দী চুটিছবি 'নিৰুপমা'ত (১৯৮৬)। ৰবীন্দ্ৰনাথ ঠাকুৰৰ বঙালী চুটিগল্প 'দেনা পাওনা'ৰ আধাৰত নিৰ্মাণ কৰা এই চুটিছবিখন ডিডি নেচনেলত সম্প্ৰচাৰ হৈছিল। তেওঁ এক সফল ভূমিকা ৰূপায়ণ কৰিছিল ৰামপ্ৰসাদ বনিক পৰিচালিত বঙালী টেলিভিচন ধাৰাবাহিক 'মুক্তবন্ধ'ত (১৯৮৮)।৭ ডাঙৰ পৰ্দাত তেওঁৰ অভিষেক ঘটে প্ৰভাত ৰায়ৰ বঙালী ছবি 'প্ৰতীক'ৰ (১৯৮৮) যোগেদি, য’ত তেওঁ চিৰঞ্জীতৰ বিপৰীতে অভিনয় কৰিছিল। ১৯৮৮ চনত তেওঁ হিন্দী ভাষা দূৰদৰ্শন ধাৰাবাহিক 'গণদেৱতা'ৰ যোগেদি ৰাষ্ট্ৰীয় পৰিচিতি লাভ কৰে। আনহাতে বি.আৰ. চোপ্ৰাৰ 'মহাভাৰত'ত (১৯৮৮-৮৯) দ্ৰৌপদীৰ ভূমিকাত অৱতীৰ্ণ হোৱাৰ পিছত তেওঁ খ্যাতি আৰু জনপ্ৰিয়তাৰ চূড়াত উপনীত হয়। দূৰদৰ্শনৰ ধাৰাবাহিকত কৰা অভিনয়ৰ বাবে তেওঁ 'স্মিতা পাতিল সোঁৱৰণী বঁটা'কে ধৰি বহু কেইটা বঁটা লাভ কৰে। একেগৰাকী পৰিচালকে পৰিচালনা কৰা 'মহাভাৰত'ৰ চিকুৱেল 'মহাভাৰত কথা'ত গাংগুলীয়ে পুনৰ দ্ৰৌপদীৰ চৰিত্ৰত অভিনয় কৰাৰ উপৰিও তেওঁ 'কানুন' (১৯৯৩), 'চন্দ্ৰাকান্তা' (১৯৯৪), 'কৰম অপনা অপনা' (২০০৭), 'কস্তুৰী' (২০০৯), 'অগলে জনম মোহে বিতিয়া হী কিযো' (২০০৯) আদি বহু কেইখন জনপ্ৰিয় হিন্দী ধাৰাবাহিকত অভিনয় কৰে। তেওঁ কাম কৰা অন্য কেইখনমান জনপ্ৰিয় বঙালী ধাৰাবাহিক হ’ল- 'জনমভূমি' (১৯৯৭), 'দ্ৰৌপদী' (২০০০), 'ইংগিত' (২০০১), 'তিথিৰ অতিথি' আদি।৮
গৌতম ঘোষ পৰিচালিত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পোৱা ছবি 'পদ্মা নদীৰ মাঝি' (১৯৯৩), সনত দাশগুপ্ত পৰিচালিত 'জননী' (১৯৯৩) আৰু অপৰ্ণা সেন পৰিচালিত 'য়ুগান্ত'ত তেওঁ কৰা কাম প্ৰশংসিত হৈছে। অমল ৰায় ঘটকৰ 'উজান' (১৯৯৫) আৰু ঋতুপৰ্ণ ঘোষৰ 'অন্তৰমহল' (২০০৫) ছবি যোগে তেওঁ দুবাৰকৈ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ 'বি.এফ.জে.এ. বঁটা' পাবলৈ সক্ষম হৈছে। 'অন্তৰমহল'ৰ বাবে তেওঁক ‘অ’চিয়ান চিনেফেন ফেষ্টিভেলৰ জুৰীৰ বিশেষ উল্লেখে’ৰে ভূষিত কৰা হৈছিল। একে বছৰতে তেওঁ অঞ্জন দত্তৰ 'তাৰপৰ ভালোবাসা'ত এগৰাকী অভিমানী অভিনেত্ৰীৰ চৰিত্ৰত অভিনয় কৰে, যাৰ বাবে তেওঁ সমালোচকৰ প্ৰশংসা পাবলৈ সক্ষম হয়। ৯ম ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শেখৰ দাসৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰাপক বঙালী ছবি 'ক্ৰান্তিকাল'ৰ (২০০৫) বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে।৯ ২০০৬ চনত তেওঁ 'দ্য ইণ্ডিয়ান এক্সপ্ৰেছ'ৰ ‘২০০৫ৰ আটাইতকৈ শক্তিশালী অভিনেত্ৰীৰ তালিকা’ত স্থান পায়। 'কালেৰ ৰাখাল' (২০০৯), 'চৌৰাস্তা- দ্য ক্ৰচৰোড অফ লাভ' (২০০৯), 'চৌৰাহেঁ' (২০১২), 'ন হন্যতে' (২০১২), 'দত্ত ভাৰ্চাচ দত্ত' (২০১২) আৰু 'পুনশ্চঃ' (২০১৪) তেওঁৰ উল্লেখযোগ্য ছবি। ২০১১ চনত তেওঁ অদিতি ৰায়ৰ বঙালী ছবি 'অৱশেষে'ত কণ্ঠদান কৰি শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আজুৰি আনিবলৈ সক্ষম হয়। গৌতম ঘোষৰ মতে তেওঁ ৰূপায়ণ কৰা যিকোনো চৰিত্ৰৰ সাঁচত নিজকে খাপ খুৱাই লোৱাৰ দক্ষতা আছে। মীৰা নায়াৰে তেওঁক আশেপাশে থকা এগৰাকী অন্যতম প্ৰচণ্ড আত্মবিশ্বাসী আৰু শক্তিশালী অভিনেত্ৰী বুলি উল্লেখ কৰিছিল।১০
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (21 April 2020). Netizens applaud Mahabharat's Roopa Ganguly and Nitish Bharadwaj after watching Draupadi's 'cheer-haran'. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ 'I can't help acting like Abhishek's mother'. Rediff
- ↑ Tollywood movies that prove Roopa Ganguly is a treasure to Bengali cinema · The Times of India. The Times of India
- ↑ Has Roopa Ganguly been exploited to the full brim of her talent!. filmsack.jimdo.com
- ↑ Directorate of Film Festival. iffi.nic.in
- ↑ West Bengal Motion Picture Artists' Forum. www.wbmpaf.com
- ↑ I feel sad for the new Draupadi. Screen India
- ↑ Padma Nadir Majhi · La Quinzaine des Réalisateurs. www.quinzaine-realisateurs.com
- ↑ Directorate of Film Festival. iffi.nic.in
- ↑ Directorate of Film Festival. iffi.nic.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰূপা গাংগুলী” প্ৰবন্ধৰ সংশোধন ৪৯৭০১১ (২৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।