অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কানন দেৱী

কানন দেৱী (Kanan Devi; ২২ এপ্ৰিল ১৯১৬- ১৭ জুলাই ১৯৯২) এগৰাকী ভাৰতীয় বঙালী অভিনেত্ৰী তথা গায়িকা। তেওঁ কানন বালা নামেও প্ৰখ্যাত। তেওঁ ভাৰতীয় চলচ্চিত্ৰৰ নায়িকাসকলৰ মাজত প্ৰথম গায়িকা তথা বঙালী চলচ্চিত্ৰৰ প্ৰথম তাৰকা হিচাপে স্বীকৃত। তেওঁ অভিনয়ৰ সমান্তৰালকৈ নৃত্য আৰু সঙ্গীততো পাৰদৰ্শী আছিল।

হালনাগাদ: ১৭ মাৰ্চ ২০২৪ ২৪১ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

কানন দেৱী (Kanan Devi; ২২ এপ্ৰিল ১৯১৬- ১৭ জুলাই ১৯৯২) এগৰাকী ভাৰতীয় বঙালী অভিনেত্ৰী তথা গায়িকা। তেওঁ কানন বালা নামেও প্ৰখ্যাত। তেওঁ ভাৰতীয় চলচ্চিত্ৰৰ নায়িকাসকলৰ মাজত প্ৰথম গায়িকা তথা বঙালী চলচ্চিত্ৰৰ প্ৰথম তাৰকা হিচাপে স্বীকৃত। তেওঁ অভিনয়ৰ সমান্তৰালকৈ নৃত্য আৰু সঙ্গীততো পাৰদৰ্শী আছিল। প্ৰায় ৭০খন ছবিত তেওঁ অভিনয় কৰিছে। ইয়াৰ বাহিৰেও তেওঁক বিজ্ঞাপন ছবিতো দেখা গৈছিল। ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী আৰু দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰিছে।১২

কৰ্ম জীৱন

, ২০১১]]

কানন দেৱীৰ ১৯১৬ চনত ব্ৰিটিছ ভাৰতৰ বঙ্গৰ হাওৰাত জন্ম হৈছিল। তেওঁ এজনী ৰক্ষিতাৰ সন্তান আছিল। তেওঁৰ দেউতাক ৰতন চন্দ্ৰ দাস সদাগৰী অফিচৰ এজন কেৰাণী আছিল। তেওঁৰ দেউতাৰ এখন সৰু দোকানো আছিল। নবছৰ বয়সত তেওঁৰ দেউতাকৰ মৃত্যু হয়। দেউতাকৰ মৃত্যুৰ পিছত তেওঁৰ মাকে জীয়েক দুজনীক লৈ এজন দূৰ সম্পৰ্কীয় আত্মীয়ৰ ঘৰত ৰান্ধনী আৰু বনকৰা হৈ আছিল। অসম্ভৱ দৰিদ্ৰতাৰ মাজত পিষ্ট হোৱা কাননে মাত্ৰ দহ-এঘাৰ বছৰ বয়সতে কামৰ সন্ধানত মদন থিয়েটাৰ হাজিৰ হয়। তাত তেওঁ জয়দেৱ (১৯২৬) ছবিৰ এটা সৰু চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পায়। ১৯২৭ চনত অভিনয় কৰে ‘শঙ্কৰাচাৰ্য’ত। চলচ্চিত্ৰ জগতত তেওঁ কানন বালা নামে পৰিচিত হয়। কাননে মুঠতে মদন থিয়েটাৰত পাঁচখন ছবিত (১৯২৬-১৯৩২) অভিনয় কৰে। অন্য চাৰিখন হ’ল- ‘ঋষিৰ প্ৰেম’ (১৯৩১), ‘জোৰেবাৰাত’ (১৯৩১), ‘বিষ্ণু মায়া’ (১৯৩২) আৰু ‘প্ৰহ্লাদ’। শেষৰ দুখনত তেওঁ পুৰুষৰ চৰিত্ৰতো অভিনয় কৰে।১৩

তেওঁ ১৯৩৩ চনৰ পৰা ১৯৩৬ চনলৈ ৰাধা ফিল্মছত অভিনয় কৰে; তাৰ পিছত আকৌ নিউ থিয়েটাৰত ১৯৩৭চনৰ পৰা ১৯৪১চনলৈ; এম.পি. প্ৰডাকচনত ১৯৪২ চনৰ পৰা ১৯৪৮ চনলৈ; অৱশেষত তেওঁ নিজৰ শ্ৰীমতী পিকচাৰচত ১৯৪৯ চনৰ পৰা ১৯৬৫ চনলৈ। নিৰ্বাক ছবিৰ শিশুশিল্পীৰ অভিনয়েৰে আৰম্ভ কৰি সফলতাৰে সবাক ছবিলৈ তেওঁৰ উত্তৰণ হয়।১

ব্যক্তিগত জীৱন

১৯৪০ চনত কাননে অশোক মৈত্ৰক বিয়া কৰায়। অশোক মৈত্ৰ কট্টৰ ব্ৰাহ্ম সমাজৰ শিক্ষাবিদ হেৰম্ব চন্দ্ৰ মৈত্ৰৰ পুত্ৰ আছিল। তেওঁলোকৰ প্ৰচেষ্টাৰ পিছতো সংৰক্ষণশীল সমাজৰ পৰিপ্ৰেক্ষিতত এই বিয়া নিটিকিল। আনকি ৰবীন্দ্ৰনাথ ঠাকুৰে দম্পতীহাললৈ শুভেচ্ছাৰ চিন স্বৰূপে উপহাৰ পঠিওৱাত তেৱোঁ কঠোৰ সমালোচনাৰ মুখামুখি হৈছিল। বিয়াৰ পিছত কাননে অভিনয় কৰাটো বিচৰা হোৱা নাছিল। ১৯৪৫ চনত কাননে বিবাহ-বিচ্ছেদৰ বাবে আবেদন কৰে। বিবাহ-বিচ্ছেদৰ যন্ত্ৰণাৰ পিছতো তেওঁ গিৰিয়েকৰ প্ৰতি অপৰিসীম কৃতজ্ঞতা জনাইছিল এইবাবে যে এই বিবাহৰ যোগে তেওঁৰ স্বামীয়ে তেওঁক জীৱনত প্ৰথমবাৰৰ বাবে এক সামাজিক মৰ্যাদা দিছিল। ১৯৪৯ চন মানত তেওঁ হৰিদাস ভট্টাচাৰ্যীক বিবাহ কৰায়। হৰিদাস বঙ্গৰ ৰাজ্যপালৰ এ.ডি.চি. আছিল। ১৯৯২ চনৰ ১৭ জুলাইত ৭৬ বছৰ বয়সত তেওঁৰ কলিকতাত মৃত্যু হয়।৩

সন্মান

  • ১৯৪২- ‘পৰিচয়’ ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বেঙ্গল ফিল্ম এণ্ড জাৰ্ণেলিষ্ট বঁটা
  • ১৯৪৩- ‘শেষ উত্তৰ’ ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বেঙ্গল ফিল্ম এণ্ড জাৰ্ণেলিষ্ট বঁটা
  • ১৯৬৮- পদ্মশ্ৰী সন্মান
  • ১৯৭৬- দাদাচাহেব ফাল্কে বঁটা
  • ২০১১- ভাৰতীয় ডাক বিভাগৰ দ্বাৰা কানন বালাৰ সোঁৱৰণত ডাক টিকট মুকলি৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Ashish Rajadhyaksha; Paul Willemen; Professor of Critical Studies Paul Willemen. (10 July 2014). Encyclopedia of Indian Cinema. Routledge. পৃ. 88. ISBN 978-1-135-94318-9
  2. ↑ (১৮ জুলাই ২০১৩). হাৰ্টখ্ৰব নায়িকা গায়িকা কানন দেৱীৰ প্ৰতি শ্ৰদ্ধাঞ্জলী. বাংলা নিউজ
  3. ↑ মাজহাৰুল ইছলাম. সুকুমাৰী থেকে সুচিত্ৰা. অন্য দিন, ঈদ সংখ্যা
  4. ↑ মীনা কুমাৰী, কানন দেৱী,নূতন ও দেৱিকা ৰাণীৰ নামে স্মাৰক ডাকটিকিট. প্ৰথম আলো, বাংলাদেশ

সম্পৰ্কিত শ্ৰেণী

পশ্চিমবঙ্গৰ ব্যক্তিভাৰতীয় অভিনেত্ৰীবঙালী চলচ্চিত্ৰৰ অভিনেত্ৰীপদ্মশ্ৰী বঁটা বিজয়ীদাদাচাহেব ফাল্কে বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কানন দেৱী” প্ৰবন্ধৰ সংশোধন ৪১২৩৫৩ (১৭ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।