অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আচিন

আচিন থত্তুমকাল (জন্ম: ২৬ অক্টোবৰ ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ভাৰত নাট্যমত বিশেষভাৱে প্ৰশিক্ষিত। তেওঁ বলিউড, তেলেগু, তামিল, মালয়ালম ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ তিনিটাকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। তেওঁ দক্ষিণ ভাৰতীয় চিনেমা উদ্যোগত অভিনয় জীৱন আৰম্ভ কৰিছিল, কিন্তু পিছত বলীউডলৈ আহে।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ১৬৫ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

আচিন থত্তুমকাল (জন্ম: ২৬ অক্টোবৰ ১৯৮৫)১২ এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ভাৰত নাট্যমত বিশেষভাৱে প্ৰশিক্ষিত। তেওঁ বলিউড, তেলেগু, তামিল, মালয়ালম ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ তিনিটাকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। তেওঁ দক্ষিণ ভাৰতীয় চিনেমা উদ্যোগত অভিনয় জীৱন আৰম্ভ কৰিছিল, কিন্তু পিছত বলীউডলৈ আহে।৩ তেওঁ আঠটা ভাষা কব পাৰে৪ আৰু নিজৰ চিনেমা নিজেই ভাষান্তৰণ বা ডাব কৰে।৫৬আচিনক ২০০৭ চনত কলিউদৰ ৰাণী বুলি অভিহিত কৰা হৈছিল।৭৮তেওঁ বলীউদৰ ১০০ কোটি ক্লাৱৰ সদস্যা।৯

চাথ্যান আন্থিক্কাৰৰ ২০০১ চনৰ মালায়ালম ছবি নৰেন্দ্ৰন মাকান জয়কয় ভাকা-ৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলা আচিনৰ প্ৰথমখন বাণিজ্যিকভাৱে সফল ছবি আছিল ২০০৩ চনৰ তেলেগু ভাষাৰ আম্মা নান্না অ' তামিলা আমায়ি আৰু সেইখনৰ বাবে তেলেগু চিনেমাৰ শ্ৰেষ্ঠ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। এম কুমাৰ এছ/অ' মহালক্ষ্মী (২০০৪) আছিল তেওঁৰ প্ৰথমখন তামিল চিনেমা যিখনে ডাঙৰ বাণিজ্যিক সফলতা লাভ কৰিছিল। তেওঁ গজনী (২০০৫) চিনেমাখনত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ তামিল ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। তেওঁক তামিলনাডু চৰকাৰে কলা আৰু সাহিত্যত দেখুওৱা পাৰদৰ্শিতাৰ বাবে কালাইমামানি বঁটা প্ৰদান কৰে১০|তামিল বোলছবিৰ প্ৰতি থকা অৱদানৰ বাবে আচিনক ২০১৩চনত চিমা(SIIMA)ত দক্ষিণ ভাৰতীয় চিনেমাৰ গৌৰৱ আখ্যা দিয়া হয়১১|

তথ্যসূত্ৰ

  1. ↑ Dasgupta, Priyanka. (26 October 2010). I can’t hide my age: Asin. The Times of India
  2. ↑ Singh, Prashant. (26 October 2012). Asin Thottumkal has a working birthday, turns 26 on sets. Hindustan Times
  3. ↑ (17 February 2013). I want to work with younger actors of my generation: Asin. The Times of India
  4. ↑ (7 June 2013). Asin busy in learning German. Desimartini.com. Top Movies Entertainment Ltd
  5. ↑ Biography: Asin Thottumkal · Meen Curry. meencurry.com
  6. ↑ Asin speaks Hindi. asinonline.com
  7. ↑ Top 5 heroines of the year 2007: Asin easily topples all!. www.filmibeat.com
  8. ↑ Asin`s birthday bash!. Sify
  9. ↑ Asin & Kareena rule Bollywood`s 100 Cr club!. Sify
  10. ↑ (29 November 2009). Kalaimamani awards presented to 70 persons. The Hindu
  11. ↑ Bollywood Hungama. Asin bags the Pride of South Indian Cinema Award - Latest Movie Features - Bollywood Hungama. bollywoodhungama.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীফিল্মফেয়াৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আচিন” প্ৰবন্ধৰ সংশোধন ৬৩৬৮০৩ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।