দিব্যা ভাৰতী (Divya Bharti; ২৫ ফেব্ৰুৱাৰী ১৯৭৪-৫ এপ্ৰিল ১৯৯৩) আছিল এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেখেতে ১৯৯০ৰ দশকত হিন্দী ভাষা, তামিল ভাষা আৰু তেলুগু ভাষা ভাষাৰ ছবিত অভিনয় কৰিছিল৷ অভিনয়-বিচক্ষণতা আৰু সৌন্দৰ্যৰ বাবে জনাজাত দিব্যা ভাৰতী আছিল সেইসময়ত সৰ্বাধিক উপাৰ্জনকাৰী অভিনেত্ৰীসকলৰ অন্যতম৷১২
কিশোৰী অৱস্থাতেই ছবিজগতত খোপনি পুতিবলৈ সমৰ্থৱান হোৱা প্ৰতিভাশালী অভিনেত্ৰী দিব্যা ভাৰতীয়ে প্ৰথমাৱস্থাত কিছুমান মডেলিঙৰ কৰ্মত জড়িত হৈ আছিল৷ তেখেতে অভিনয় কৰা প্ৰথমখন ছবি আছিল তেলেগু ভাষাৰ৷ ১৯৯০ চনত মুক্তিপ্ৰাপ্ত এইখন ছবিৰ নাম আছিল ববিলি ৰাজা আৰু ছবিখনত ভাৰতীৰ বিপৰীতে অভিনয় কৰিছিল ভেংকটেশে৷ সেইটো বছৰতে ভাৰতীয়ে তামিল ভাষাৰ সমাদৃত আৰু ব্যৱসায়িকভাৱে সফল ছবি নীলা পেনিত অভিনয় কৰে৷ তেলেগু আৰু তামিল ভাষাৰ ছবিত অভিনয় কৰি উঠি ভাৰতীয়ে ১৯৯২ চনত বলিউডত ভৰি দিয়ে আৰু সেইবছৰৰে একছন-থ্ৰিলাৰ ছবি বিশ্বাত্মাত অভিষেক কৰে৷ ১৯৯২ চনৰ একছন-কমেডি ছবি শোলা অঔৰ শ্ববনমতো তেখেতক দেখিবলৈ পোৱা যায়৷ ছবিখনৰ বক্স অফিচত সফল হয় আৰু ভাৰতীৰ কেৰিয়াৰৰ টাৰ্ণিং পইণ্ট হিচাপে বিবেচিত হয়৷ সেই বছৰৰে আন এখন উল্লেখনীয় ছবি দিৱানাত অভিনয় কৰি দিব্যাই ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ নৱাগতা সন্মান লাভ কৰে৷
১৯৯৩ চনত, মাত্ৰ ঊনৈশ বছৰ বয়সত দিব্যা ভাৰতীয়ে সকৰুণ মৃত্যুক সাবটি লয়৷ তেখেতৰ মৃত্যু এক ৰহস্যজনক পৰিৱেশ আৰু পৰিস্থিতিত হৈছিল৷৩
প্ৰাৰম্ভিক জীৱন, শিক্ষা আৰু পৰিয়াল-পৰিচয়
১৯৭৪ চনৰ ২৫ ফেব্ৰুৱাৰিত দিব্যা ভাৰতীয়ে মুম্বাইত জন্মগ্ৰহণ কৰে৷৪ তেখেতৰ পিতৃ হৈছে ওম প্ৰকাশ ভাৰতী আৰু মাতৃ হৈছে মীতা ভাৰতী৷৫ ভাৰতীৰ কনিষ্ঠ ভ্ৰাতৃ হৈছে কুনাল আৰু অৰ্ধ-ভগ্নী হৈছে পুনম৷ পুনম হৈছে ওম প্ৰকাশ ভাৰতীৰ প্ৰথমগৰাকী পত্নীৰ সন্তান৷৬
ভাৰতীৰ হিন্দী ভাষা, ইংৰাজী আৰু মাৰাঠী ভাষা ভাষাত দখল আছিল৷৭ দিব্যাই মুম্বাইস্থিত জুহুৰ মানেকজী কুপাৰ হাইস্কুলত শিক্ষাগ্ৰহণ কৰে৷ বিদ্যালয়ত ভাৰতী এগৰাকী অস্থিৰ ছাত্ৰী আছিল৷ অভিনয়ৰ জগতত প্ৰৱেশ কৰাৰ পূৰ্বে ভাৰতীয়ে নৱম শ্ৰেণীলৈকে পঢ়িছিল৷৮
দিব্যা ভাৰতী প্ৰাথমিক শিক্ষা লৈছিল জুহুৰ মানেকজী কুপাৰ হাইস্কুলত। ছাত্ৰী হিচাপে তেওঁ বহুত জোখিমপূৰ্ণ আৰু অস্থিৰ আছিল। অভিনয়ৰ ক্ষেত্ৰত পূৰ্ণ মনোনিৱেশ কৰাৰ বাবে তেওঁ নৱম শ্ৰেণীৰ পিছত শিক্ষাজীৱন আঁতৰাই ৰাখিছিল।৯
কেৰিয়াৰ
১৯৮৮ চনত ভাৰতীয়ে নৱম শ্ৰেণীত পঢ়ি থকাৰ সময়ত ছবিনিৰ্মাতা নন্দু টোলানিয়ে তেখেতক ছবি এখনৰ বাবে চুক্তিবদ্ধ কৰে৷ ১৯৯০ চনত মুক্তিপ্ৰাপ্ত গুনাহো কা দেৱতা নামৰ এই ছবিখনৰ বাবে দিব্যাক তেতিয়া বন্দোৱস্ত কৰা হৈছিল যদিও ছবিখনত শেষপৰ্যায়ত সংগীতা বিজলানীয়েহে অভিনয় কৰে৷ দিব্যা ভাৰতীৰ চৰিত্ৰটো বাতিল কৰা হয়৷১০ অভিনেতা গোবিন্দাৰ ভায়েক কীৰ্তি কুমাৰে দিব্যাক এটা ভিডিঅ লাইব্ৰেৰীত দেখা পায় আৰু তেখেতৰ নিজা চিনেমা ৰাধা কা সংগমত গোবিন্দাৰ বিপৰীতে অভিনয় কৰাবলৈ উদ্বীগ্ন হৈ পৰে৷ কুমাৰে পৰিচালক দিলীপ শংকৰৰ লগত কথা পাতে আৰু ভাৰতীক চুক্তিপত্ৰৰ পৰা মুকলি কৰাৰ সফল হয়৷ চৰিত্ৰটোৰ বাবে ভাৰতীয়ে কেইবামাহৰ বাবে নৃত্য আৰু অভিনয়ৰ প্ৰশিক্ষণ লয়৷ পিছে শেষমুহূৰ্তত দিব্যাক চৰিত্ৰটোৰ পৰা বাতিল কৰা হয় আৰু তাৰ পৰিৱৰ্তে জুহি চাওলাক চিনেমাখনৰ বাবে নিৰ্বাচন কৰা হয়৷ ধাৰণা কৰা হয় যে, ভাৰতী আৰু ভাৰতীৰ শিশুসুলভ আচৰণৰ প্ৰতি কীৰ্তি কুমাৰৰ কতৃত্বশীল মনোভাৱৰ বাবেই ভাৰতীক ছবিখনৰ পৰা আঁতৰোৱা হয়৷১১
তেলেগু ভাষাৰ ছবি পৰিচালক ডি.ৰামাইনাডুৰ ছবি ববিলি ৰাজাৰ জৰিয়তে দিব্যা ভাৰতীয়ে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে৷ ছবিখনত পৰিচালকজনৰ পুত্ৰ ডাগ্গুবাটি ভেংকটেশৰ অভিষেক ঘটিছিল৷ ছবিখন ১৯৯০ চনৰ গ্ৰীষ্মত মুক্তি হয় আৰু এখন হিট হিচাপে বিবেচিত হয়৷১২ ছবিখনত তেলুগু ভাষা ভাষাৰ জনপ্ৰিয় ছবি হিচাপে পৰিগণিত হয়৷
তেনেই কম সময়ৰ কেৰিয়াৰত দিব্যা ভাৰতীয়ে ২০খনতকৈও অধিকসংখ্যক ছবিত অভিনয় কৰে৷ এগৰাকী নৱাগতা অভিনেতা হিচাপে গঢ়া এই অভিলেখ আজিলৈকে কোনেও স্পৰ্শ কৰিব পৰা নাই৷১৩১৪
মৃত্যু
১৯৯৩ চনৰ ৫ এপ্ৰিলৰ শেষ সন্ধ্যাত, ভাৰতী নিজৰ পাঁচমহলীয়া এপাৰ্টমেণ্টৰ বেলকনিৰ খিড়িকীৰ পৰা পৰে৷ তুলসী বিল্ডিঙৰ এই এপাৰ্টমেণ্টটো মুম্বাইৰ পশ্চিম আন্ধেৰীৰ ভাৰছোভাত আছিল৷১৫১৬ভাৰতীৰ অতিথি নীতা লুল্লা, নীতাৰ স্বামী শ্যাম, বনকৰা মহিলা অমৃতা আৰু প্ৰতিৱেশীসকলে এই দুৰ্ঘটনাৰ বিষয়ে যেতিয়া জানিব পাৰিছিল, তেতিয়া ভাৰতীক এখন এম্বুলেঞ্চত কুপাৰ হাস্পতালত জৰুৰীকালীন বিভাগত ভৰ্তি কৰোৱা হৈছিল৷ এইখন হাস্পতালতেই তেখেতে মৃত্যুক সাবটি লয়৷ সেইসময়ত তেখেতৰ বয়স আছিল ঊনৈশ৷১৭ তেখেতৰ মৃত্যুৰ আনুষ্ঠানিক কাৰণ হিচাপে একাধিক মূৰৰ আঘাত আৰু আভ্যন্তৰীণ ৰক্তক্ষৰণ বুলি কোৱা হয়৷ ১৯৯৩ চনৰ ৭ এপ্ৰিলত মুম্বাইৰ বিলে পাৰ্লে স্মশানস্থলীত তেখেতৰ দেহ সৎকাৰ কৰা হয়৷১৮১৯ ২০
দিব্যা ভাৰতীৰ এই শোকাৱহ মৃত্যুৰ প্ৰকৃত কাৰণ কোনোদিনেই প্ৰতিস্থাপিত নহ'ল৷ অৱশ্যে তেখেতৰ মৃত্যুৰ বহুকেইটা তত্ত্ব (Theory) মিডিয়াত বিয়পি পৰিছিল৷ ২১ কোনোবাটো উৎসৰ মতে, এইয়া আছিল এক পৰিকল্পিত হত্যা; কাৰোবাৰ মতে সেয়া আছিল দুৰ্ঘটনাজনিত৷ কোনোবাই দিব্যা ভাৰতীৰ সুৰাসক্ত অৱস্থাক জগৰীয়া কৰিছিল৷ ১৯৯৮ চনত মুম্বাই পুলিছে এই তদন্ত বন্ধ কৰি দিয়ে আৰু দিব্যা ভাৰতীৰ মৃত্য দুৰ্ঘটনাৰ ফলত হৈছিল বুলি সৰ্বশেষ মন্তব্য দিয়ে৷২২
২০১১ চনত বলিউডৰ লব্ধপ্ৰতিষ্ঠ অভিনেতা দেৱানন্দে ছাৰ্জশ্বিট নামৰ এখন ছবি নিৰ্মাণ কৰে৷ এইখন ছবি দিব্যা ভাৰতীৰ ৰহস্যজনক মৃত্যৰ আধাৰত নিৰ্মাণ কৰা হৈছিল৷২৩
ফাৰাহ খানে ২০০৭ চনত নিৰ্মাণ কৰা ওম শান্তি ওম নামৰ ছবিখনৰ কাহিনীও দিব্যা ভাৰতীৰ জীৱনৰ ওপৰত আংশিকভাৱে আধাৰিত বুলি জানিব পৰা গৈছে৷২৪
তথ্যসূত্ৰ
- ↑ Remembering Divya Bharti on her death anniversary: Top 7 songs of the actress which are still popular. WION
- ↑ (2020-02-25). Divya Bharti: 6 Lesser known facts about the 'Deewana' actress on her 46th birth anniversary. The Times of India
- ↑ Pathak, Bhavin. (2013-07-04). Exposed: Divya Bharti's Death Mystory. Plus
- ↑ Mishra, Aastha. (18 June 2018). Divya Bharti death mystery. Amar Ujala. Amar Ujala Limite
- ↑ Saari, Anil; Caṭṭopādhyāẏa, Pārtha. (2009). Hindi Cinema: An Insider's View. Oxford University Press. ISBN 978-0-19-569584-7
- ↑ Press Trust Of India. (9 August 2013). Divya Bharti's cousin Kainaat Arora to make Bollywood debut with Grand Masti. NDTV Movies
- ↑ DIVYA BHARTI. Getagoz
- ↑ Mohamed, Khalid. (25 February 2020). After 26 Years, Divya Bharti's Death Still Remains a Mystery. The Quint. Quintillion Media Pvt Ltd
- ↑ দিব্যা ভাৰতী প্ৰাথমিক শিক্ষা লৈছিল জুহুৰ মানেকজী কুপাৰ হাইস্কুলত। ছাত্ৰী হিচাপে তেওঁ বহুত জোখিমপূৰ্ণ আৰু অস্থিৰ আছিল। অভিনয়ৰ ক্ষেত্ৰত পূৰ্ণ মনোনিৱেশ কৰাৰ বাবে তেওঁ নৱম শ্ৰেণীৰ পিছত শিক্ষাজীৱন আঁতৰাই ৰাখিছিল।
- ↑ Yadav, Vidushi. (5 April 2019). On Her Death Anniversary, Remember Divya Bharti & 4 Other Actresses Who Suffered A Tragic Death. Koimoi. Contests2win.com India Private Limited
- ↑ MERE PIX. (December 31, 2013). Remembering Actress Divya Bharti – Rare Photos & Videos. Mere Pix
- ↑ (30 July 2018). Bobbili Raja. Entertainment Times. The Times of India
- ↑ Admin. (19 February 2020). Highest Paid Bollywood Actresses in 90's. Monthlyfeeds
- ↑ (25 February 2020). Divya Bharti birth anniversary: Remembering the Deewana actress through some rare and unseen photos. Zoom (Indian TV channel). The Times Group
- ↑ (26 December 2011). Looking at stars who died young. Rediff
- ↑ Khushwaha, Preeti. (25 Feb 2019). Happy Birthday Divya Bharti. Rajasthan Patrika. Rajasthan Patrika Pvt. Ltd
- ↑ Mishra, Nivedita. (5 April 2020). Actor Divya Bharti died at nineteen: 27 years later, her untimely death remains a mystery to many. Hindustan Times. HT Media Ltd
- ↑ www.hindustantimes.com/entertainment/too-young-t
- ↑ Farhana. (5 April 2016). Remembering Divya Bharti. Filmfare.com
- ↑ Farhana. (5 April 2016). Remembering Divya Bharti. Filmfare.com
- ↑ PHOTOS: Who killed Divya Bharti ?. Sahara Samay
- ↑ FPJ Web Desk. (18 February 2016). 4 Bollywood beauties unsolved death mysteries. The Free Press Journal. Indian National Press
- ↑ (12 September 2011). Dev Anand to crack Divya Bharati case in 'Chargesheet'. India today. Living Media India Limited
- ↑ Ashima. Unearth three of Bollywood's most shocking contemporary myths – Masala Magazine
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিব্যা ভাৰতী” প্ৰবন্ধৰ সংশোধন ৫৪৮৮৪১ (৮ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।