চলমান খান (Salman Khan)১ এজন জনপ্ৰিয় ভাৰতীয় অভিনেতা, প্ৰযোজক তথা টেলিভিচন ব্যক্তিত্ব। তেওঁ বৰ্তমানলৈকে কেইবাখনো বোলছবিত মুখ্য ভূমিকাত অভিনয় কৰিছে।
তিনি দশকৰো অধিক সময়ৰ কেৰিয়াৰত তেওঁ প্ৰযোজক হিচাপে দুটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু অভিনেতা হিচাপে দুটা ফিল্মফেয়াৰ বঁটাকে ধৰি অসংখ্য বঁটা লাভ কৰিছে।২ বলীউডৰ ডাঙৰ তাৰকা চলমান খানক বিশ্ব আৰু ভাৰতীয় চিনেমাৰ অন্যতম ব্যৱসায়িকভাৱে সফল অভিনেতা বুলি অভিহিত কৰা হয়।৩৪ ফৰ্বছ মেগাজিনৰ ২০১৮ চনৰ বিশ্বৰ সৰ্বাধিক পাৰিশ্ৰমিক পোৱা ১০০জন ভাৰতীয় তাৰকাৰ ভিতৰত তেওঁ শীৰ্ষ স্থান আৰু বিশ্বজুৰি ৮২ নম্বৰ স্থান লাভ কৰিছে।৫৬৭
জন্ম আৰু পৰিয়াল
১৯৬৫ চনৰ ২৭ ডিচেম্বৰত ভাৰতৰ মধ্যপ্ৰদেশৰ ইন্দোৰত চলমান খানৰ জন্ম।৮ তেওঁ চিত্ৰনাট্যকাৰ চেলিম খান আৰু তেওঁৰ প্ৰথমা পত্নী সুশীলা চৰাকৰ (পিছলৈ ছালমা খান নাম ধাৰণ কৰা) জ্যেষ্ঠ পুত্ৰ।৯১০ চলমানৰ পিতৃ চেলিম খান অভিনেতা আৰু চিত্ৰনাট্যকাৰ হিচাপে পৰিচিত যদিও এসময়ত তেওঁ আৰক্ষী বিষয়া আছিল। ১৯৬৪ চনত চেলিমে সুশীলাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। পিছৰ বছৰত চলন্তৰ জন্ম হয়। জন্মৰ সময়ত তেওঁৰ নাম আছিল আব্দুৰ ৰছিদ চেলিম চলমান খান।
তেওঁৰ পৈতৃক পূৰ্বপুৰুষসকল বৰ্তমানৰ পাকিস্তানৰ স্বাত উপত্যকাৰ আছিল। ১৮০০ চনৰ মাজভাগত মধ্যপ্ৰদেশৰ ইন্দোৰলৈ আলাকোজাই পষ্টুনসকলে প্ৰব্ৰজন কৰে।১১১২১৩১৪ তেওঁৰ পিতামহ আব্দুল ৰছিদ খান ইন্দোৰ ৰাজ্যৰ উপ-মহাপৰিদৰ্শক আছিল, যিয়ে হোলকাৰ দিনত দিলাৰ জং বঁটা লাভ কৰিছিল।১৫ চেলিম-সুশীলা দম্পতীৰ বাকী চাৰিটা সন্তানৰ দুই পুত্ৰ অভিনেতা আৰু প্ৰযোজক আৰবাজ খান আৰু সোহেল খান আৰু এগৰাকী কন্যা, প্ৰযোজক আৰু সাজ-পোছাক ডিজাইনাৰ আলবিৰা খান অগ্নিহোত্ৰী অভিনেতা তথা পৰিচালক অতুল অগ্নিহোত্ৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।১৬ ১৯৮১ চনত দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হয় চেলিম খানে। তেওঁৰ দ্বিতীয় পত্নী হৈছে বলীউডৰ অভিনেত্ৰী হেলেন। চেলিম-হেলেন দম্পতীয়ে বিয়াৰ পিছত কন্যা অৰ্পিতা খানক দত্তক লয়।
শিক্ষা জীৱন
চলন্ত খানে গোৱালিয়ৰৰ সিন্ধিয়া স্কুলত পঢ়া-শুনা আৰম্ভ কৰিছিল। তেওঁ আৰু তেওঁৰ সৰু ভায়েক আৰবাজে কেইবছৰমান তাত অধ্যয়ন কৰিছিল।১৭ ইয়াৰ পিছত তেওঁ মুম্বাইৰ বান্দ্ৰাৰ ছেইণ্ট ষ্টেনিছলাছ হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰে। পিছত তেওঁ মুম্বাইৰ ছেইণ্ট জেভিয়াৰ কলেজত নামভৰ্তি কৰে, কিন্তু পঢ়া-শুনা সম্পূৰ্ণ কৰিব নোৱাৰিলে।১৮
স্কুলত পঢ়ি থকা সময়ত তেওঁ বহুবাৰ সাঁতোৰ প্ৰতিযোগিতাত জয়ী হৈছিল। ভাৰতৰ প্ৰতিনিধি হিচাপে তেওঁ দেশৰ বাহিৰতো সাঁতোৰ প্ৰতিযোগিতাতো অংশ লৈছিল। চলন্ত খানৰ উচ্চতা পাঁচ ফুট ছয় ইঞ্চি। কিন্তু তেওঁৰ উচ্চতাই তেওঁক কেতিয়াও সফলতাৰ ক্ষেত্ৰত নিৰাশ কৰা নাই।
বিতৰ্ক
১৯৯৮ চনত যোধপুৰৰ সমীপৰ অৰণ্যত খান আৰু তেওঁৰ সহ অভিনেতা ছাইফ আলী খান, সোণালী বেন্দ্ৰে, নীলম আৰু টাবুৱে হম সাথ-সাথ হেই চিনেমাখনৰ চিত্ৰগ্ৰহণ কৰি থকাৰ সময়তে এটা হৰিণ হত্যাৰ অভিযোগ উত্থাপন হৈছিল৷১৯২০ সেই গোচৰত ২০১৮ চনৰ ৫ এপ্ৰিলত তেওঁক ৫ বছৰৰ কাৰাদণ্ড বিহা হৈছিল আৰু ২ দিনৰ পিছত ৭ এপ্ৰিলত তেওঁ জামিন লাভ কৰিছিল।২১২২২৩
উল্লেখযোগ্য বোলছবি
- মেইনে প্যাৰ কিয়া (১৯৮৯)
- চাজন (১৯৯১)
- আন্দাজ অপনা অপনা (১৯৯৪)
- হম আপকে হে কৌন (১৯৯৪)
- কৰন অৰ্জুন (১৯৯৫)
- প্যাৰ কিয়াটো ডৰনা ক্যা (১৯৯৮)
- বিবি নম্বৰ ৱান (১৯৯৯)
- হম ডিল ডে চুকে চনম (১৯৯৯)
- তেৰে নাম (২০০৩)
- ন' এণ্ট্ৰী (২০০৫)
- পাৰ্টনাৰ (২০০৭)
- ৱাণ্টেড (২০০৯)
- দাবাং (২০১০)
- ৰেডি (২০১১)
- বদীগাৰ্ড (২০১১)
- এক থা টাইগাৰ (২০১২)
- দাবাং ২ (২০১২)
- কিক্ (২০১৪)
- বজৰংগী ভাইজান (২০১৫)
- প্ৰেম ৰতন ধন পায়ো (২০১৫)
- চুলতান (২০১৬)
- টাইগাৰ জিন্দা হে (২০১৭)
- ভাৰত (২০১৯)
তথ্যসূত্ৰ
- ↑ (27 December 2011). Bollywood wishes Salman Khan on his 46th birthday. DNA India. Press Trust of India
- ↑ (17 July 2017). Salman Khan on dancing in awards shows. The Indian Express
- ↑ Respers France, Lisa. (6 May 2015). Who is Salman Khan? Only one of the world's biggest stars. CNN
- ↑ (28 August 2012). SALMAN KHAN: Hail Bollywood's new king. Hindustan Times
- ↑ Robehmed, Natalie. Salman Khan's Earnings: $33.5 Million In 2015. Forbes
- ↑ (30 June 2015). Salman Khan Makes it to Forbes Rich List, Shah Rukh Khan Doesn't. NDTV
- ↑ Top 100 Highest Paid Celebrity Entertainers of World 2018. Forbes
- ↑ (28 January 2017). I'm Hindu and Muslim both: Salman Khan tells court. The Financial Express. Indo-Asian News Service
- ↑ (26 December 2019). Happy Birthday, Salman Khan: Forever Dabangg @54. NDTV
- ↑ Dahiya, Medha Shri. (16 December 2016). Salman Khan: My dad didn't help me when I was starting out. হিন্দুস্তান টাইমছ
- ↑ Swarup, Shubhangi. (29 January 2011). The Kingdom of Khan. OPEN
- ↑ (17 May 2011). Khans in Bollywood: Afghan traces their Pathan roots. Deccan Herald
- ↑ (18 May 2011). Afghan traces Bolly Khans' Pathan roots. Mid-Day
- ↑ Kakaron, Javed Hamim. (25 December 2011). Khans in Bollywood book published. Pajhwok Afghan News
- ↑ Jasim Khan 2015
- ↑ (27 December 2015). Meet 'Prem' aka Salman Khan's family on his 50th birthday. The Indian Express
- ↑ Salman Khan: From By-Lines to Bhai-Lines. Channel V India. Retrieved 25 May 2010
- ↑ Ruhani, Faheem. (23 August 2013). 25 things you didn't know about Salman Khan. India Today
- ↑ No one killed the Black Bucks. hardnewsmedia.com
- ↑ (15 November 1998). The deer hunter. The Independent
- ↑ Iqbal, Mohammed. (7 April 2018). Salman Khan gets bail in the blackbuck poaching case. দ্য হিন্দু
- ↑ Mukherjee, Deep. (8 April 2018). Salman Khan walks out on bail as court suspends sentence in blackbuck poaching case. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ Pokharel, Sugam; Chavez, Nicole; Hanna, Jason. (7 April 2018). Bollywood star Salman Khan released from jail while appealing poaching sentence. CNN
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চলমান খান” প্ৰবন্ধৰ সংশোধন ৫৩০৮৯৮ (৭ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।