অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অশোক কুমাৰ

অশোক কুমাৰ (জন্মসূত্ৰে কুমুদলাল গাংগুলী; জন্ম:১৩ অক্টোবৰ ১৯১১ – মৃত্যু: ১০ ডিচেম্বৰ, ২০০১), এগৰাকী ভাৰতীয় অভিনেতা যাক ভাৰতীয় চলচ্চিত্ৰৰ ‘আইকন’ (icon) আখ্যা দিয়া হয়। তেওঁ হিন্দী চিনেমাত স্বাভাৱিক অভিনয় আৰম্ভ কৰিছিল। ৪০ আৰু ৫০ৰ দশকৰ ক'লা-বগা ছবিৰ যুগৰ তেওঁ আছিল প্ৰথমগৰাকী ছুপাৰষ্টাৰ।

হালনাগাদ: ২ ডিচেম্বৰ ২০২৫ ৩৬৩ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

অশোক কুমাৰ (জন্মসূত্ৰে কুমুদলাল গাংগুলী; জন্ম:১৩ অক্টোবৰ ১৯১১ – মৃত্যু: ১০ ডিচেম্বৰ, ২০০১), এগৰাকী ভাৰতীয় অভিনেতা যাক ভাৰতীয় চলচ্চিত্ৰৰ ‘আইকন’ (icon) আখ্যা দিয়া হয়। তেওঁ হিন্দী চিনেমাত স্বাভাৱিক অভিনয় আৰম্ভ কৰিছিল। ৪০ আৰু ৫০ৰ দশকৰ ক'লা-বগা ছবিৰ যুগৰ তেওঁ আছিল প্ৰথমগৰাকী ছুপাৰষ্টাৰ। খলনায়ক চৰিত্ৰত অভিনয় কৰা তেৱেঁই প্ৰথমগৰাকী নায়ক আছিল। চৰিত্ৰাভিনেতা ৰূপে কাম কৰা তেৱেঁই আছিল প্ৰথমগৰাকী তাৰকা অভিনেতা। তেওঁ চলচ্চিত্ৰ জগতৰ নামজ্বলা গাংগুলী পৰিয়ালৰ বংশধৰ।১

১৯৮৮ চনত, ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদাচাহেব ফালকে বঁটাৰে তেওঁক সন্মানিত কৰা হয়।,২ ভাৰতীয় চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ১৯৯৯ চনত তেওঁলৈ পদ্মভূষণ বঁটা আগবঢ়োৱা হয়।৩

শেষ সময়ছোৱা

৮০ আৰু ৯০ৰ দশকত তেওঁৰ চলচ্চিত্ৰীয় অভিনয় কমিছিল। এই সময়ছোৱাত তেওঁক মাজে মাজে দূৰদৰ্শনৰ ধাৰাবাহিকত অভিনয় কৰা দেখা গৈছিল। জনপ্ৰিয় টিভি চিৰিয়েল বাহাদুৰ চাহ জাফৰৰ মূখ্য চৰিত্ৰত আৰু তেহকিকাতত সৌৰভ শুক্লাৰ সৈতে তেওঁ অভিনয় কৰিছিল।৪

১৯৭০ চনত, আঁখৌ ম্যে তুম হৌ চলচ্চিত্ৰত কৰা অভিনয়েই তেওঁৰ চলচ্চিত্ৰ জগতৰ শেষ অভিনয় আছিল। কেৱল অভিনয় ক্ষেত্ৰতে নহয়, এগৰাকী চিত্ৰশিল্পী আৰু হোমিঅ’পেথি ঔষধদাতা ৰূপেও তেওঁ নিজ দক্ষতাৰ পৰিচয় দিছিল।৫ সৰ্বমুঠ ২৭৫ খন চিনেমাত তেওঁ কাম কৰিছিল।

মৃত্যু

২০০১ চনৰ ১০ ডিচেম্বৰত, ৯০ বছৰ বয়সত, মুম্বাইৰ চেম্বুৰত থকা নিজা বাসগৃহত হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ অশোক কুমাৰৰ মৃত্যু হয়। তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মতে কুমাৰ "... বহু প্ৰজন্মৰ উচ্চাকাংক্ষী অভিনেতাৰ বাবে এক অনুপ্ৰেৰণা" আছিল।৬

স্বীকৃতি

তথ্যসূত্ৰ

  1. ↑ Handa, Ekta. (2018-12-10). Remembering 'Dadamoni' Ashok Kumar: A perfectionist actor, homoeopath & 'wacky' gentleman. ThePrint
  2. ↑ Ashok Kumar: Lesser Known Facts. The Times of India
  3. ↑ Ashok Kumar: Lesser Known Facts. The Times of India
  4. ↑ Satyanveshi. A Lucky Draw - Murders After A Lucky DrawTehkikaat Episode 32, 33, 34 (Starring Ashok Kumar)
  5. ↑ The Tribune – Windows – Main Feature-Breathing new life into samadhis by Roopinder Singh . Tribuneindia.com (15 December 2001). Retrieved on 9 November 2018
  6. ↑ BBC News – FILM – Bollywood star Ashok Kumar dies. bbc.co.uk
  7. ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
  8. ↑ Archived copy

সম্পৰ্কিত শ্ৰেণী

অভিনেতাহিন্দী চলচ্চিত্ৰৰ অভিনেতাভাৰতীয় অভিনেতাচলচ্চিত্ৰ প্ৰযোজকচিত্ৰশিল্পীসংগীত নাটক একাডেমী বঁটা বিজয়ীপদ্মশ্ৰী বঁটা বিজয়ীপদ্মভূষণ বঁটা বিজয়ীফিল্মফেয়াৰ বঁটা বিজয়ীদাদাচাহেব ফাল্কে বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অশোক কুমাৰ” প্ৰবন্ধৰ সংশোধন ৫৫৯৯১৭ (২ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।