অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰভাস

ভেংকট সত্যনাৰায়ণ প্ৰভাস ৰাজু উপ্পলপতি (Venkata Satyanarayana Prabhas Raju Uppalapati; ২০১৪ চনত প্ৰভুদেৱা পৰিচালিত হিন্দী চলচ্চিত্ৰ 'এক্সন জেক্সন'ত তেওঁ গেষ্ট এপিয়াৰেঞ্চ হিচাপে থাকে। 'মাডামে টুচ্চাউদৰ ৱেক্স মিউজিয়াম'ত মমৰ ভাস্কৰ্য ৰখা প্ৰভাস দক্ষিণ ভাৰতৰ প্ৰথম অভিনেতা।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ১৬৫ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

ভেংকট সত্যনাৰায়ণ প্ৰভাস ৰাজু উপ্পলপতি (Venkata Satyanarayana Prabhas Raju Uppalapati; জন্ম ২৩ অক্টোবৰ ১৯৭৯), চমুকৈ প্ৰভাস নামেৰে পৰিচিত ভাৰতীয় অভিনেতা গৰাকী তেলেগু, হিন্দী আৰু তামিল ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে।

প্ৰভাসে ২০০২ চনৰ তেলেগু এক্সন ড্ৰামা ফিল্ম 'ঈশ্বৰ'খনৰ দ্বাৰা চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। তেওঁ 'মিৰ্চি' চলচ্চিত্ৰখনত অভিনয় কৰাৰ ফলত শ্ৰেষ্ঠ অভিনেতাৰ নন্দী বঁটা লাভ কৰিবলৈ সক্ষম হয়।১ ২০১৪ চনত প্ৰভুদেৱা পৰিচালিত হিন্দী চলচ্চিত্ৰ 'এক্সন জেক্সন'ত তেওঁ গেষ্ট এপিয়াৰেঞ্চ হিচাপে থাকে।২ 'মাডামে টুচ্চাউদৰ ৱেক্স মিউজিয়াম'ত মমৰ ভাস্কৰ্য ৰখা প্ৰভাস দক্ষিণ ভাৰতৰ প্ৰথম অভিনেতা।৩

তেওঁৰ কৰ্মৰাজীসমূহৰ ভিতৰত ভাৰশাম (২০০৪), চত্ৰপাতি (২০০৫), চক্ৰম (২০০৫), বিল্লা (২০০৯), ডাৰ্লিং (২০১০), মিঃ পাৰফেক্ট (২০১১), আৰু মিৰ্চি (২০১৩)। কোদুৰী শ্ৰীশৈলা শ্ৰী ৰাজামৌলীৰ ইপিক এক্সন ছবি 'বাহুবলি: দ্য বিগনিং' (২০১৫)-ত প্ৰভাসে বাহুবলিৰ মুখ্য ভূমিকাত অভিনয় কৰে, যিখন আছিল সেই সময়ৰ চতুৰ্থ সৰ্বাধিক আয় কৰা ভাৰতীয় চলচ্চিত্ৰ। তেওঁ অভিনীত 'বাহুবলী: দ্য কনক্লুশ্চন' (২০১৭) ছবিখন আছিল গ্লবেল ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বকালৰ সৰ্বোচ্চ তথা ভাৰতৰ সৰ্বোচ্চ ব্যৱসায়িক সফল ছবি।৪৫৬৭৮ যিখনে কেৱল দশ দিনতে সকলো ভাষাত ₹1000 কৌটি ডলাৰ (১৫৫ মিলিয়ন মাৰ্কিন ডলাৰ) উপাৰ্জন কৰিবলৈ সক্ষম হয়।

প্ৰাৰম্ভিক জীৱন

প্ৰভাসৰ পিতৃ আছিল চলচ্চিত্ৰ প্ৰযোজক ইউ সূৰ্যনাৰায়ণ ৰাজু আৰু মাতৃ শিৱ কুমাৰী। তিনিটা সন্তানৰ ভিতৰত প্ৰভাসৰ আছিল কনিষ্ঠ, প্ৰভাসৰ ভায়েকৰ নাম প্ৰবোধ আৰু ভগ্নীৰ নাম প্ৰগতি।৯১০ তেওঁ তেলেগু চলচ্চিত্ৰৰ অভিনেতা কৃষ্ণম ৰাজুৰ ভতিজা। তেওঁৰ পৰিয়ালটো অন্ধ্ৰপ্ৰদেশৰ পশ্চিম গোদাৱৰী জিলাৰ ভীমাভাৰামৰ ওচৰৰ মোগালথুৰৰ বাসিন্দা।১১ প্ৰভাসে হায়দৰাবাদৰ নালন্দা মহাবিদ্যালয়ৰ পৰা মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰিছিল।১২ তেওঁ বিশাখাপত্তনামৰ সত্যানন্দ চলচ্চিত্ৰ প্ৰতিষ্ঠানৰ প্ৰাক্তন ছাত্ৰ।১৩

ফিল্ম’গ্ৰাফী

+টোকাএতিয়াও মুক্তি লাভ কৰা নাই
বৰ্ষশিৰোনামচৰিত্ৰভাষানোট
২০০২ঈশ্বৰঈশ্বৰতেলেগুপ্ৰবেশ
২০০৩ৰাঘবেন্দ্ৰৰাঘবেন্দ্ৰ
২০০৪ভাৰশামভেংকট
২০০৪আদাভী ৰামুদুৰামুদু
২০০৫চক্ৰমচক্ৰম
২০০৫চত্ৰপাতিশিৱা / চত্ৰপাতি
২০০৬পৌৰনামীশিৱ কেশৱ
২০০৭য়োগীঈশ্বৰ প্ৰসাদ / য়োগী
২০০৭মুন্নামুন্না
২০০৮বুজ্জিগাদুবুজ্জি / লিংগা ৰাজু / ৰজনীকান্ত
২০০৯বিল্লাবিল্লা / ৰংগা
২০০৯এক নিৰঞ্জনচটু
২০১০ডাৰ্লিংপ্ৰভাস / প্ৰভা
২০১১মিঃ পাৰফেক্টবিকী
২০১২ৰিবেলঋষি / ৰিবেল
২০১২দেনিকৈনা ৰেডিনিজেভইছ ৰোল; কেমিঅ’ এপিয়াৰেঞ্চ
২০১৩মিৰ্চিজয়
২০১৪একশ্চন জেকশ্চননিজেহিন্দীস্পেচিয়েল এপিয়াৰেঞ্চ
২০১৫বাহুবলী: দ্যা বিগনিংমহেন্দ্ৰ বাহুবলী / শিভুদু / শিভু অমৰেন্দ্ৰ বাহুবলীতেলেগু তামিল১৪১৫প্ৰথম অনা-ইংৰাজী ছবি 'ৰয়েল এলবাৰ্ট হল' (Royal Albert Hall) -ত১৬
২০১৭বাহুৱলী ২: দ্যা কনক্লুশ্চন২০১৮ চনৰ ভাৰতৰ দ্বিতীয় সৰ্বাধিক উপাৰ্জন ছবি১৭
২০১৯চাহোঅশোক চক্ৰৱৰ্তী / সিদ্ধান্ত নন্দন চাহোতেলেগু তামিল হিন্দী১৮বলিউডত প্ৰবেশ
২০২২ৰাধেশ্যামবিক্ৰমাদিত্যতেলেগু হিন্দী১৯
Salaarকন্নড় তেলেগুফিল্মিং২০
২০২৩ৰাঘৱহিন্দী তেলেগুপ’ষ্ট-প্ৰডাকচন২১
তেলেগু হিন্দীফিল্মিং২২

বঁটা আৰু মনোনয়ন

চনচলচ্চিত্ৰবঁটাফলাফলRef.
২০০৪ভাৰচামশ্ৰেষ্ঠ অভিনেতাৰ বাবে ফিল্মফেয়াৰ বঁটা - তেলেগু২১
চান্তচাম ফিল্ম এৱাৰ্ড ফ’ৰ বেষ্ট ইয়ং পাৰফৰমাৰ২৩
২০০৫চত্ৰপতীশ্ৰেষ্ঠ অভিনেতাৰ বাবে ফিল্মফেয়াৰ বঁটা - তেলেগু২১
২০০৯এক নিৰঞ্জনশ্ৰেষ্ঠ অভিনেতাৰ বাবে ফিল্মফেয়াৰ বঁটা - তেলেগু২১
২০১০ডাৰ্লিংচিনেমা এৱাৰ্ডচ্‌ ফ’ৰ ক্ৰিটিকছ চইছ এক্টৰ২৪
২০১১মিঃ পাৰফেক্টশ্ৰেষ্ঠ অভিনেতাৰ বাবে ফিল্মফেয়াৰ বঁটা - তেলেগু২১
শ্ৰেষ্ঠ অভিনেতাৰ বাবে চিমা বঁটা - তেলেগু২১
২০১৩মিৰ্চিশ্ৰেষ্ঠ অভিনেতাৰ বাবে নন্দী বঁটা - তেলেগু২৫২১
শ্ৰেষ্ঠ অভিনেতাৰ বাবে ফিল্মফেয়াৰ বঁটা - তেলেগু২১
শ্ৰেষ্ঠ অভিনেতাৰ বাবে চিমা বঁটা - তেলেগু২১
২০১৫বাহুবলী: দ্যা বিগিনিংশ্ৰেষ্ঠ অভিনেতাৰ বাবে ফিল্মফেয়াৰ বঁটা - তেলেগু২১২৬
শ্ৰেষ্ঠ অভিনেতাৰ বাবে আই আই এফ এ উৎসৱম - তেলেগু২৬
শ্ৰেষ্ঠ অভিনেতাৰ বাবে আই আই এফ এ উৎসৱম - তামিল২৬
শ্ৰেষ্ঠ অভিনেতাৰ বাবে আইবিএন লাইভ মুভি এৱাৰ্ড (দক্ষিণ)২৭
শ্ৰেষ্ঠ অভিনেতাৰ বাবে চিমা বঁটা - তেলেগু২৬২১
শ্ৰেষ্ঠ অভিনেতাৰ বাবে চান্তচাম বঁটা২৮
২০১৭বাহুবলী: দ্যা কনক্লুজনশ্ৰেষ্ঠ অভিনেতাৰ বাবে ফিল্মফেয়াৰ বঁটা - তেলেগু২৯২১
শ্ৰেষ্ঠ অভিনেতাৰ বাবে চিমা বঁটা - তেলেগু৩০২১
২০১৯চাহোইটিএ বলিউড বিজিনেচ এৱাৰ্ডচ্‌ - হাইয়েষ্ট গ্ৰচিং ডিবিউট এক্টৰ৩১৩২

তথ্যসূত্ৰ

  1. ↑ (15 July 2013). India's most expensive film?. Hindustan Times
  2. ↑ (28 March 2016). Bahubali wins national award for Best Film. The Times of India
  3. ↑ (2 May 2017). Baahubali 2 star Prabhas becomes first South Indian actor to get a wax statue at Madame Tussauds. See pics. Indian Express
  4. ↑ Sangeetha Devi Dundoo. Baahubali review: A little more, a little less. The Hindu
  5. ↑ Bahubali First Day Box Office
  6. ↑ www.forbes.com/sites/robcain/2015/08/14/oops-pk-
  7. ↑ 'Baahubali' Zooms Past 'Dhoom', Now India's All Time #3
  8. ↑ Mike McCahill. Baahubali: The Beginning review – fantastic bang for your buck in most expensive Indian movie ever made. the Guardian
  9. ↑ TNM Staff. (16 March 2016). Actor Prabhas's brother sentenced to one year imprisonment in cheque bounce case. The News Minute
  10. ↑ Rashmi Mishra. (26 May 2018). Bahubali 2 Movie Star Cast Educational Qualifications: Prabhas, Anushka Shetty & others are a studious bunch of actors!. India.com
  11. ↑ Pavan, P. (28 April 2017). Bahubali 2: Police imposes Section 144 in Prabhas's hometown. Mumbai Mirror
  12. ↑ Reddy, R. Ravikanth. (10 June 2017). Bahubali's school adopts Kilimanjaro girl. The Hindu
  13. ↑ (1 January 2019). The fresh faces of Kannada cinema. The New Indian Express
  14. ↑ (18 February 2011). Prabhas-Rajamouli Movie Announced. indiaglitz
  15. ↑ Sashidhar AS. (13 January 2013). Rajamouli-Prabhas' film is titled Bahubali. The Times of India
  16. ↑ (20 October 2019). Baahubali The Beginning Becomes the First Non English Film to be Screened at Royal Albert Hall. News18
  17. ↑ (2 November 2018). Top Worldwide Figures - All Formats And Hindi. Box Office India
  18. ↑ (23 April 2017). Baahubali Prabhas's next film is Saaho, will have action by Transformers' stuntman. Hindustan Times
  19. ↑ (30 July 2021). Prabhas' Radhe Shyam gets a Sankranthi release date, to clash with Mahesh Babu's Sarkaru Vaari Paata, Pawan Kalyan's next. The Indian Express
  20. ↑ Shruti to romance Prabhas in 'Salaar'. Sify
  21. ↑ Ramachandran, Naman. (22 February 2022). Prabhas-Starring 'Adipurush': Director Om Raut Reveals Details of Epic 'Ramayana' Adaptation (EXCLUSIVE). Variety
  22. ↑ K, Janani. (24 July 2021). Prabhas gives first clap for Amitabh Bachchan as Nag Ashwin's sci-fi film goes on floors. India Today
  23. ↑ Telugu Cinema function - Santosham Film Awards 2004. www.idlebrain.com
  24. ↑ Lux Cinemaa awards 2011 - Telugu cinema. www.idlebrain.com
  25. ↑ (2 March 2017). Nandi Best Actor. Times Of India
  26. ↑ Hooli, Shekhar H. (2016-07-04). Why did 'Bahubali' star Prabhas not get best actor award from SIIMA, Filmfare, IIFA Utsavam?. International Business Times, India Edition
  27. ↑ (2016-02-03). IBNLive Movie Awards 2016: Nominees for Best Actor (South). News18
  28. ↑ Santosham Film Awards 2016 Winners. Santosham Film Awards
  29. ↑ Prabhas - Best Telugu Actor in Leading Role Male Nominee · Filmfare Awards. filmfare.com
  30. ↑ SIIMA AWARDS · 2018 · winners · ·. siima.in
  31. ↑ (17 February 2020). Highest Grossing Debut Actor. Koimoi
  32. ↑ (17 February 2020). Highest Grossing Debut Actor. Iwmbuzz

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰভাস” প্ৰবন্ধৰ সংশোধন ৬৩৯৯৯১ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।