অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুশান্ত সিং ৰাজপুত

সুশান্ত সিং ৰাজপুত (Sushant Singh Rajput; ২১ জানুৱাৰী ১৯৮৬ – ১৪ জুন ২০২০) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেতা, নৃত্যশিল্পী, টেলিভিছন ব্যক্তিত্ব, উদ্যমী, আৰু এগৰাকী জন হিতৈষী। তেওঁ দূৰদৰ্শনৰ ধাৰাবাহিকত অভিনয়ৰ জৰিয়তে কৰ্মজীৱনৰ পাতনি মেলিছিল।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ৬৯৫ শব্দ · ৪ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

সুশান্ত সিং ৰাজপুত (Sushant Singh Rajput; ২১ জানুৱাৰী ১৯৮৬ – ১৪ জুন ২০২০) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেতা, নৃত্যশিল্পী, টেলিভিছন ব্যক্তিত্ব,১ উদ্যমী,২ আৰু এগৰাকী জন হিতৈষী।৩৪৫ তেওঁ দূৰদৰ্শনৰ ধাৰাবাহিকত অভিনয়ৰ জৰিয়তে কৰ্মজীৱনৰ পাতনি মেলিছিল। তেওঁ পোন প্ৰথমে ষ্টাৰ প্লাছৰ ৰোমাণ্টিক ধাৰাবাহিক 'কিচ দেশ মে হে মেৰা দিল'ত (২০০৮) অভিনয়ৰ সুযোগ লাভ কৰিছিল। তাৰপিছত তেওঁক জী টিভিৰ জনপ্ৰিয় ধাৰাবাহিক 'পৱিত্ৰ ৰিস্তা' (২০০৯-১১) ৰ মুখ্য চৰিত্ৰ 'মানৱ'ৰ ৰূপত দেখা গৈছিল।

২০১৩ চনত 'কাই প' চে'ৰ জৰিয়তে তেওঁ হিন্দী চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। এই ছবিত কৰা অভিনয়ৰ বাবে তেওঁ ফিল্মফেয়াৰ বঁটাৰ শ্ৰেষ্ঠ নৱাগত শিল্পীৰ শিতানত মনোনীত হৈছিল। তাৰপিছত তেওঁ 'শুদ্ধ দেশী ৰোমাঞ্চ' (২০১৩) আৰু 'ডিটেক্টটিভ ব্যোমকেশ বক্সি' (২০১৫) ছবিত অভিনয় কৰে। ২০১৪ চনত মুক্তি লাভ কৰা জনপ্ৰিয় ছবি 'পিকে'ত সহযোগী চৰিত্ৰত অভিনয় কৰিছিল। তাৰপিছত তেওঁ ক্ৰিকেট খেলুৱৈ মহেন্দ্ৰ সিং ধোনিৰ জীৱনৰ ওপৰত আধাৰিত ছবি 'এম এছ ধোনি:দা আনটল্ড ষ্টৰী'ত (২০১৬) মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিখনত কৰা অভিনয়ৰ বাবে তেওঁ ফিল্মফেয়াৰ বঁটাৰ শ্ৰেষ্ঠ অভিনেতাৰ শিতানত মনোনীত হৈছিল।৬৭ তাৰপিছত তেওঁ বাণিজ্যিক ভাবে সফল ছবি 'কেডাৰনাথ' (২০১৮) আৰু 'চিছ'ৰে'ত (২০১৯) অভিনয় কৰে।৮৯১০

ভাৰত চৰকাৰৰ নীতি আয়োগে সুশান্ত সিং ৰাজপুতৰ সৈতে মহিলা উদ্যমীতা মঞ্চৰ প্ৰচাৰৰ বাবে চুক্তিবদ্ধ হৈছিল।১১১২ অভিনয়ৰ বাহিৰে তেওঁ ইনচেই ভেন্সাৰৰ সৈতে জড়িত আছিল।১৩ ইয়াৰ লগতে তেওঁ ছাত্ৰসকলক সহায়ৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী চলোৱা 'সুশান্ত'ফৰ'এডুকেচন' নামৰ শিক্ষামূলক অনুষ্ঠানৰ লগত সক্ৰিয়ভাবে জড়িত আছিল।১৪১৫

২০২০ চনৰ ১৪ জুন তাৰিখে মুম্বাইৰ বেন্দ্ৰাত অৱস্থিত তেওঁৰ নিজা এপাৰ্টমেণ্টত চিপজৰী লৈ থকা অৱস্থাত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়। প্ৰাৰম্ভিক অনুসন্ধানত আৰক্ষীয়ে তেওঁ আত্মহত্যা কৰিছে বুলি জনায়।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৮৬ চনৰ ২১ জানুৱাৰী তাৰিখে বিহাৰৰ ৰাজধানী পাটনাত সুশান্ত সিং ৰাজপুতৰ জন্ম হৈছিল। তেওঁলোকৰ পিতৃপুৰুষৰ বাসস্থান বিহাৰৰ পূৰ্ণিয়া জিলাত অৱস্থিত।১৬১৭ তেওঁৰ এগৰাকী ভগ্নী মিতু সিং এগৰাকী ৰাজ্যিক পৰ্যায়ৰ ক্ৰিকেট খেলুৱৈ।১৮ ২০০২ চনত তেওঁৰ মাতৃৰ মৃত্যু হৈছিল।১৯ ইয়াৰ ফলত তেওঁ মানসিকভাৱে ভাঙি পৰে আৰু একে বছৰে তেওঁলোক পাটনাৰ পৰা দিল্লীলৈ গুচি আহে।

তেওঁ পাটনাৰ চেইণ্ট কাৰণেছ হাইস্কুল আৰু দিল্লীৰ কুলাচি হংসৰাজ মডেল স্কুলত শিক্ষা গ্ৰহণ কৰিছিল।২০ ২০০৩ চনত দিল্লী কলেজ অফ ইঞ্জিনীয়াৰিঙৰ প্ৰৱেশ পৰীক্ষাত তেওঁ সপ্তম স্থান দখল কৰিছিল।২১ তাৰপিছত তেওঁ দিল্লী কলেজ অফ ইঞ্জিনীয়াৰিঙত যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ স্নাতক শ্ৰেণীত নামভৰ্তি কৰে। তেওঁ ৰাষ্ট্ৰীয় পদাৰ্থ বিজ্ঞান অলিম্পিয়াডতো পদক অৰ্জন কৰিছিল।২২ ইয়াৰ লগতে তেওঁ ভাৰতীয় খনি বিদ্যালয়কে আদি কৰি ১১টা অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। কিন্তু থিয়েটাৰ আৰু নৃত্যৰ প্ৰতি ৰাপ থকা সুশান্ত সিং ৰাজপুতে পঢ়াৰ বাবে সময় উলিয়াবলৈ নোৱাৰি কেইবাটাও বিষয়ত বেকলগ লগাৰ পিছত তেওঁ দিল্লী কলেজ অফ ইঞ্জিনীয়াৰিং এৰি দিয়ে।২১ তেওঁ অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ তিনিটা বছৰ সম্পূৰ্ণ কৰাৰ পিছত চূড়ান্ত বৰ্ষত পঢ়া এৰি অভিনয়ৰ ফালে গতি কৰে।

কৰ্মজীৱন

প্ৰাৰম্ভিক সময়

সুশান্ত সিং ৰাজপুতে দিল্লী কলেজ অফ ইঞ্জিনীয়াৰিঙত পঢ়ি থাকোঁতে শ্বামক দাভাৰৰ নৃত্যশ্ৰেণীত যোগদান কৰিছিল।২৩ পৰিচালক বেৰী জনৰ নাটকৰ শ্ৰেণীত দেখি তেওঁ অভিনয়ৰ প্ৰতি আকৰ্ষিত হয় আৰু অভিনয় শ্ৰেণীতো যোগদান কৰে।২৪ যোগদানৰ কেইমাহমানৰ পিছতেই তেওঁ শ্বামক দাভাৰৰ মুখ্য নৃত্যদলত স্থান লাভ কৰে। ২০০৫ চনত তেওঁ ৫১তম ফিল্মফেয়াৰ বঁটা অনুষ্ঠানত বেকগ্ৰাউণ্ড নৃত্যশিল্পী হিচাপে চয়নিত হয়। ২০০৬ চনত অষ্ট্ৰেলিয়াত অনুষ্ঠিত কমনৱেলথ গেমছৰ উদ্বোধনী অনুষ্ঠানত তেওঁলোকৰ দলে সাংস্কৃতিক কাৰ্যসূচীত পৰিবেশন কৰিছিল। এইসময়ত তেওঁ অভিযান্ত্ৰিক শিক্ষা সম্পূৰ্ণকৈ বাদ দি নৃত্য আৰু অভিনয়ত মনোনিবেশ কৰে।২১

তেওঁ হিন্দী চলচ্চিত্ৰত অভিনয়ৰ সুযোগৰ আশাত মুম্বাইলৈ আহে আৰু নাদিৰা বব্বৰৰ থিয়েটাৰ দল 'একজোঁটে'ত যোগদান কৰে। তেওঁ প্ৰায় আঢ়ৈ বছৰ কাল একজোঁটে' থিয়েটাৰ গোষ্ঠীৰ লগত জড়িত আছিল।২৩ এই সময়ত তেওঁ নেছলে কোম্পানীৰ মাঞ্চ চকলেটৰ বিজ্ঞাপনত কাম কৰাৰ সুযোগ লাভ কৰিছিল।

টেলিভিছন (২০০৮–১২)

২০০৮ চনত বালাজী টেলিফিল্মছৰ এটা দলে 'একজোঁটে'ৰ নাটকত সুশান্ত সিং ৰাজপুতৰ অভিনয় প্ৰতিভাৰ উমান পায়। তেওঁলোকে সুশান্তক ষ্টাৰ প্লাছত প্ৰচাৰিত 'কিচ দেশ মে হে মেৰা দিল' ধাৰাবাহিকৰ প্ৰীত জুনেজাৰ চৰিত্ৰৰ বাবে অডিছন দিবলৈ নিমন্ত্ৰণ জনায়। ২০০৯ চনত তেওঁ জী টিভিত প্ৰচাৰিত 'পৱিত্ৰ ৰিস্তা'ৰ মুখ্য চৰিত্ৰ মানৱ দেশমুখৰ চৰিত্ৰত অভিনয়ৰ সুযোগ লাভ কৰে। এই ধাৰাবাহিকখন কম সময়ৰ ভিতৰতে জনপ্ৰিয়তা অৰ্জন কৰে আৰু ৰাজপুতে টেলিভিছনৰ শ্ৰেষ্ঠ আৰু জনপ্ৰিয় অভিনেতাৰ তিনিটা মুখ্য বঁটা লাভ কৰে। ২০১০ চনত তেওঁ নৃত্য অনুষ্ঠান 'জৰা নাচ কে দিখা'ৰ দ্বিতীয় সংস্কৰণত যোগদান কৰে।২৫ ২০১০ চনৰ ডিচেম্বৰ মাহত তেওঁ অন্য এক নৃত্য অনুষ্ঠান 'ঝলক দিখ লা যা'ৰ চতুৰ্থ সংস্কৰণত অংশগ্ৰহণ কৰে।২৬ ২০১১ চনত তেওঁ বিদেশত চলচ্চিত্ৰ নিৰ্মাণৰ পাঠ্যক্ৰম অধ্যয়নৰ বাবে 'পৱিত্ৰ ৰিস্তা' এৰি দিয়ে।

চলচ্চিত্ৰ (২০১৩ – ২০২০)

, অভিষেক কাপুৰ, অমিত সাধ]]

সুশান্ত সিং ৰাজপুতে চেতন ভগতৰ উপন্যাস 'দা থ্ৰি মিচটেকচ্ অফ মাই লাইফ'ৰ আধাৰত নিৰ্মিত অভিষেক কাপুৰৰ ছবি 'কাই প' ছে'ত ৰাজকুমাৰ ৰাও আৰু অমিত সাধৰ লগত অভিনয়ৰ সুযোগ লাভ কৰে। ছবিখনে দৰ্শকৰ যথেষ্ট প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল।২৭২৮ এই ছবিত কৰা অভিনয়ৰ বাবে তেওঁ ফিল্মফেয়াৰ বঁটাৰ শ্ৰেষ্ঠ নৱাগত শিল্পীৰ শিতানত মনোনীত হৈছিল।

২০১৩ চনত বাণী কাপুৰ আৰু পৰিনীতি চোপ্ৰাৰ সৈতে সুশান্ত সিং ৰাজপুত
২০১৩ চনত বাণী কাপুৰ আৰু পৰিনীতি চোপ্ৰাৰ সৈতে সুশান্ত সিং ৰাজপুতছবি: Bollywood Hungama · CC BY 3.0

তাৰপিছত তেওঁক অভিনেত্ৰী বাণী কাপুৰ আৰু পৰিনীতি চোপ্ৰাৰ সৈতে মনিষ শৰ্মাৰ 'শুদ্ধ দেশী ৰোমাঞ্চ'ত দেখা গৈছিল।২৯৩০ তাৰপিছত তেওঁ ২০১৪ চনৰ জনপ্ৰিয় ছবি ৰাজকুমাৰ হিৰাণীৰ 'পিকে'ত সহযোগী চৰিত্ৰত অভিনয় কৰে। ইয়াত তেওঁ আমিৰ খান আৰু অনুষ্কা শৰ্মাৰ সৈতে অভিনয় কৰিছিল। মুক্তি লাভৰ পিছত ছবিখনে সৰ্বসময়ৰ সৰ্বোচ্চ আয়ৰ ভাৰতীয় চলচ্চিত্ৰৰ অন্যতম ছবি হিচাপে পৰিগণিত হয়।৩১৩২

২০১৫ চনত দিবাকৰ বেনাৰ্জীৰ 'ডিটেক্টটিভ ব্যোমকেশ বক্সি'ত তেওঁ বঙালী লেখক শৰদিন্দু বন্দ্যোপাধ্যায়ে সৃষ্টি কৰা কাল্পনিক চৰিত্ৰ ব্যোমকেশ বক্সিৰ চৰিত্ৰ ৰূপায়ণ কৰে।৩৩৩৪৩৫

২০১৬ চনত তেওঁ ক্ৰিকেট খেলুৱৈ মহেন্দ্ৰ সিং ধোনিৰ জীৱনৰ ওপৰত আধাৰিত নীৰজ পাণ্ডেৰ জীৱনীমূলক ক্ৰীড়া ছবি 'এম এছ ধোনি:দা আনটল্ড ষ্টৰী'ত ধোনিৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল। ছবিখনে ২০১৬ চনৰ সৰ্বোচ্চ আয়ৰ ভাৰতীয় চলচ্চিত্ৰৰ অন্যতম ছবি হিচাপে পৰিগণিত হয়।৬৭ এই ছবিখনত কৰা অভিনয়ৰ বাবে তেওঁ ফিল্মফেয়াৰ বঁটাৰ শ্ৰেষ্ঠ অভিনেতাৰ শিতানত মনোনীত হৈছিল।৩৬

২০১৭ চনত কীৰ্তি চেনন আৰু সুশান্ত সিং ৰাজপুত
২০১৭ চনত কীৰ্তি চেনন আৰু সুশান্ত সিং ৰাজপুতছবি: Bollywood Hungama · CC BY 3.0

২০১৭ চনত তেওঁ অভিনেত্ৰী কীৰ্তি চেননৰ বিপৰীতে দীনেশ ভিজনৰ 'ৰাবতা'ত দেখা গৈছিল।৩৭৩৮ ২০১৮ চনত তেওঁ চাৰা আলি খানৰ বিপৰীতে 'কেডাৰনাথ' ছবিত অভিনয় কৰিছিল। ২০১৯ চনত তেওঁ অভিষেক চৌবেৰ 'চনচিড়িয়া'ত ভূমি পেদনেকৰৰ লগত অভিনয় কৰে।৩৯৪০ একেবছৰে তেওঁ শ্ৰদ্ধা কাপুৰৰ বিপৰীতে নিতেশ তিৱাৰীৰ 'চিছ'ৰে'ত অভিনয় কৰিছিল।

ব্যক্তিগত জীৱন

সুশান্ত সিং ৰাজপুতে তেওঁৰ 'পৱিত্ৰ ৰিস্তা'ৰ সহ অভিনেত্ৰী অংকিতা লখণ্ডেৰ সৈতে সম্পৰ্কত আছিল। তেওঁলোকৰ ছয়বছৰীয়া সম্পৰ্ক ২০১৬ চনত যৱনীকা পৰে।৪১৪২

মৃত্যু

২০২০ চনৰ ১৪ জুন তাৰিখে সুশান্ত সিং ৰাজপুতৰ মুম্বাইৰ বেন্দ্ৰাত অৱস্থিত তেওঁৰ নিজা এপাৰ্টমেণ্টত চিপজৰীলৈ থকা অৱস্থাত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়।৪৩ প্ৰাৰম্ভিক অনুসন্ধানত আৰক্ষীয়ে তেওঁ আত্মহত্যা কৰিছে বুলি জনায়। তেওঁ কেইবামাহ জুৰি হতাশগ্ৰস্ততাত ভুগি আছিল।৪৪ মুম্বাই আৰক্ষী বিষয়া বিনয় চৌবেৰ মতে তেওঁৰ কোঠাৰ পৰা মেডিকেল প্ৰেছকিপচন উদ্ধাৰ কৰা হৈছে।৪৫

ফিল্ম'গ্ৰাফী

চলচ্চিত্ৰ

চননামচৰিত্ৰপৰিচালকটোকা
২০১৩'কাই প' ছে'ঈশান ভট্টঅভিষেক কাপুৰ
'শুদ্ধ দেশী ৰোমাঞ্চ'ৰঘু ৰামমনিষ শৰ্মা
২০১৪'পিকে'চৰফৰাজ ইউচুফৰাজকুমাৰ হিৰাণী
২০১৫'ডিটেক্টটিভ ব্যোমকেশ বক্সি'ব্যোমকেশ বক্সিদিবাকৰ বেনাৰ্জী
২০১৬'এমএছ ধোনি: দা আনটল্ড ষ্টৰী'মহেন্দ্ৰ সিং ধোনিনীৰজ পাণ্ডে
২০১৭'ৰাবতা'জিলান/শিৱ কক্কৰদীনেশ ভিজান
২০১৮'ৱেলকাম টু নিউয়ৰ্ক'তেওঁ নিজেচক্ৰি টলেটিঅতিথি শিল্পী
'কেডাৰনাথ'মনচুৰ খানঅভিষেক কাপুৰ
২০১৯'চনচিড়িয়া'Lakhan "Lakhna" Singhঅভিষেক চৌবে
'চিছ'ৰে'অনিৰুদ্ধ "অন্নী" পাঠকনিতেশ তিৱাৰী৪৬
'ড্ৰাইভ'সমৰতৰুণ মনসুখানি৪৭
২০২০'দিল বেচাৰা'মেনীমুকেশ চাবৰামুক্তিৰ অপেক্ষাত৪৮

দূৰদৰ্শন

চননামচৰিত্ৰনোট
২০০৮-২০০৯'কিচ দেশ মে হে মেৰা দিল'প্ৰীত জুনেজা
২০০৯-২০১১'পৱিত্ৰ ৰিস্তা'মানৱ দেশমুখ
২০১০'জৰা নাচ কে দিখা-২'প্ৰতিযোগী"মস্ত কলণ্ডৰ বয়জ" দল
২০১০–২০১১'ঝলক দিখলা যা-৪'প্ৰতিযোগীৰানাৰ আপ

মিউজিক ভিডিঅ'

চনগীতসহযোগী শিল্পীকণ্ঠশিল্পীসংগীত পৰিচালকউৎস
২০১৭"পাচ আও"কীৰ্তি চেননপ্ৰকৃতি কক্কৰ, আৰমান মালিকআমাল মালিক৪৯

বঁটা আৰু মনোনয়ন

চনবঁটাশিতানকামফলাফল
২০০৯ইণ্ডিয়ান টেলি এৱাৰ্ডশ্ৰেষ্ঠ জনপ্ৰিয় অভিনেতা'পৱিত্ৰ ৰিস্তা'৫০
২০১০ইণ্ডিয়ান টেলি একাডেমী এৱাৰ্ডশ্ৰেষ্ঠ জনপ্ৰিয় অভিনেতা৫১
বিগ ষ্টাৰ এণ্টাৰটেইনমেণ্ট এৱাৰ্ডশ্ৰেষ্ঠ টেলিভিছন অভিনেতা৫১
জী গোল্ড এৱাৰ্ডমুখ্য চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা৫১
২০১১মুখ্য চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা৫২৫৩
কলাকাৰ বঁটাপ্ৰিয় অভিনেতা
২০১৪প্ৰদিউচাৰছ গোল্ড এৱাৰ্ডশ্ৰেষ্ঠ নৱাগত অভিনেতা'কাই প' ছে'
মুখ্য চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা৫৪
স্ক্ৰীন এৱাৰ্ডশ্ৰেষ্ঠ নৱাগত অভিনেতা৫৫
জী চিনে এৱাৰ্ডশ্ৰেষ্ঠ নৱাগত অভিনেতা৫৬
ফিল্মফেয়াৰ বঁটাশ্ৰেষ্ঠ নৱাগত অভিনেতা
ইণ্টাৰনেচনেল ফিল্ম একাডেমী বঁটামুখ্য চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা৫৭
২০১৭স্ক্ৰীন বঁটাসমালোচকৰ শ্ৰেষ্ঠ অভিনেতা'এম এছ ধোনি: দা আনটল্ড ষ্টৰী'
ফিল্মফেয়াৰ বঁটাশ্ৰেষ্ঠ অভিনেতা
জী চিনে এৱাৰ্ডশ্ৰেষ্ঠ অভিনেতা৫৮
ষ্টাৰডাষ্ট এৱাৰ্ডশ্ৰেষ্ঠ অভিনেতা৫৯
ইণ্টাৰনেচনেল ইণ্ডিয়ান ফিল্ম একাডেমী বঁটাশ্ৰেষ্ঠ অভিনেতা৬০
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অফ মেলবৰ্ণশ্ৰেষ্ঠ অভিনেতা৬১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (4 September 2013). All you need to know about Shuddh Desi Romance star Sushant Singh Rajput- Entertainment News, Firstpost. Firstpost
  2. ↑ (18 May 2018). Kedarnath actor Sushant Singh Rajput turns entrepreneur with Innsaei. The Indian Express
  3. ↑ (22 August 2018). Sushant Singh Rajput donates Rs 1 crore as aid for Kerala on behalf of a fan. Read details. হিন্দুস্তান টাইমছ
  4. ↑ After Donating 1 Crore to Kerala, Sushant Singh Rajput Gives Rs 1.25 Crore for Nagaland Relief Fund. News18
  5. ↑ (22 August 2018). Sushant Singh Rajput visits blind school in Ranchi, embraces kid after his singing act—Watch. Zee News
  6. ↑ (18 September 2016). Not Trying To Glorify MS Dhoni: Sushant Singh Rajput Opens Up About His Upcoming Film. CNN-News18. Indo-Asian News Service
  7. ↑ Express Web Desk. (3 October 2016). MS Dhoni The Untold Story box office collection day 10: Sushant Singh Rajput-starrer mints Rs 66 cr. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  8. ↑ (7 October 2019). Chhichhore box office collection: Sushant-Shraddha film crosses Rs 150 crore. The Indian Express
  9. ↑ (7 October 2019). Chhichhore achieves another milestone, Sushant Singh Rajput film crosses Rs 150 crore. India Today
  10. ↑ (7 October 2019). Sushant's ‘Chhichhore’ Hits Rs 150 Cr at the Box Office in a Month. The Quint
  11. ↑ NITI Aayog signs on Sushant Singh Rajput to promote the Women Entrepreneurship Platform (WEP). pib.nic.in
  12. ↑ ANI. (26 May 2018). NITI Aayog signs Sushant Singh Rajput to promote Women Entrepreneurship Platform. Business Standard India
  13. ↑ Actor Sushant Singh Rajput launches Innsaei Ventures. Moneycontrol
  14. ↑ Sushant Singh Rajput gives wings to young astronaut's dreams. Mumbai Mirror
  15. ↑ Sushant gives wings to two young astronaut's dreams · Entertainment – Times of India Videos. timesofindia.indiatimes.com
  16. ↑ My Bihar, my Chhath. www.telegraphindia.com
  17. ↑ (14 May 2019). Sushant Visits Hometown After 17 Years To Fulfill His Late Mother's Wish, Gets A Warm Welcome. indiatimes.com
  18. ↑ Subhash K Jha. (26 February 2013). Sushant's Singh Rajput sister inspires him. DNA
  19. ↑ (21 January 2016). I am proud of all my mistakes: Sushant Singh Rajput
  20. ↑ (18 September 2016). I am a selfish actor: Sushant Singh Rajput
  21. ↑ (23 January 2019). Did you know that Sushant Singh Rajput scored an All India Rank of 7 in DCE engineering exams in 2003?. The Times of India
  22. ↑ Kaur, Aastha. (18 August 2017). Converting dreams into reality
  23. ↑ Madhuri wanted to learn dance from me: Sushant - Times of India. The Times of India
  24. ↑ Anuradha Choudhary. (14 June 2013). "I want to be on the cover of Filmfare" – Sushant Singh Rajput. Filmfare.com
  25. ↑ Bollywood Hungama. Mother's Day Special On 'Zara Nachke Dikha' – Abhishek Awasthi – Latest Celebrity Videos – Bollywood Hungama. Bollywood Hungama
  26. ↑ Gaurav Malani. (9 March 2011). Chang wins Jhalak Dikhhla Jaa 4. The Times of India
  27. ↑ Taran Adarsh. (27 February 2013). Hit Che!
  28. ↑ "Rajeev Masand's Kai Po Che review" . Retrieved 22 February 2013
  29. ↑ Bollywood Hungama. (6 September 2013). Shuddh Desi Romance. bollywoodhungama.com
  30. ↑ (6 September 2013). Review: Shuddh Desi Romance has NO dull moments. Rediff
  31. ↑ "Sushant Singh confirmed for Hirani's PK". Retrieved 16 October 2012
  32. ↑ ians. New friendship brimeth? Anushka Sharma and Sushant Singh Rajput shoot for 'Peekay'. CNN-IBN
  33. ↑ (10 April 2014). BBD Bag back to 1943 for Byomkesh shoot. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  34. ↑ Deepanjana Pal. (6 April 2015). Detective Byomkesh Bakshy review: Stylish, beautiful and yet Dibakar's most underwhelming film so far. Firstpost
  35. ↑ Shubha Shetty Saha. (3 April 2015). 'Detective Byomkesh Bakshy! ' – Movie Review. Mid Day
  36. ↑ (10 January 2017). 62nd Jio Filmfare Awards 2017 Nominations
  37. ↑ Kriti Sanon & Sushant Singh Rajput Starrer Raabta's Release Date Announced. koimoi
  38. ↑ Sushant Singh Rajput-Kriti Sanon's 'Raabta' to hit theaters next year. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  39. ↑ (22 January 2019). Sushant Singh Rajput, Bhumi Pednekar's Sonchiriya pushed to 1 March, will now clash with Lukka Chuppi. Firstpost
  40. ↑ Taran Adarsh. (22 January 2019). ''#SonChiriya gets a new release date: 1 March 2019. Stars Sushant Singh Rajput, Bhumi Pednekar, Manoj Bajpayee, Ranvir Shorey and Ashutosh Rana.. Directed by Abhishek Chaubey.. Produced by Ronnie Screwvala. t.co/iabUjMsNTm'';
  41. ↑ Is this why Sushant Singh Rajput and Ankita Lokhande reportedly broke up? - Sushant Singh Rajput and Ankita Lokhande's relationship. The Times of India
  42. ↑ (17 January 2019). Ankita Lokhande on ex-boyfriend Sushant Singh Rajput: He has always been good to me. India Today
  43. ↑ Taneja, Parina. (2020-06-14). BREAKING: Sushant Singh Rajput commits suicide in his Bandra home. www.indiatvnews.com
  44. ↑ (2020-06-14). Sushant Singh Rajput commits suicide at Mumbai home. ইণ্ডিয়া টুডে
  45. ↑ (2020-06-14). Sushant Singh Rajput Bollywood Actor commits suicide at 34. EMEA Tribune
  46. ↑ 'Chhichhore' co-stars Sushant and Shraddha Kapoor plan to meet their friends on the special screening of their film. Times of India
  47. ↑ {{cite web|url=https://www.outlookindia.com/newsscroll/amp/drive-to-release-on-november-1-on-netflix/1632833 }
  48. ↑ Sushant Singh Rajput, Sanjana Sanghi starrer Fault in Our Stars remake titled as Kizie Aur Manny. বলিউড হাংগামা
  49. ↑ T-Series. (8 July 2017). Paas Aao Song – Sushant Singh Rajput Kriti Sanon – Amaal Mallik Armaan Malik Prakriti Kakar
  50. ↑ Nominees of The 9th Indian Telly Awards
  51. ↑ Sushant Singh Rajput's Biography. koimoi
  52. ↑ Fourth Boroplus Gold Awards 2011. gomolo.com
  53. ↑ indiantelevisionawards. indiantelevisionawards
  54. ↑ Bollywood Hungama. Nominations for 9th Renault Star Guild Awards – Latest Celebrity Features – Bollywood Hungama. bollywoodhungama.com
  55. ↑ Screen Awards 2015, Latest News on Screen Awards 2015, Photo Gallery The Indian Express. The Indian Express
  56. ↑ Zee Cine Awards 2014: Complete list of nominations. Zee News
  57. ↑ (20 February 2014). Nominations for IIFA Awards 2014. Bollywood Hungama
  58. ↑ Hungama, Bollywood. (2 March 2017). Nominations for Zee Cine Awards 2017 – Bollywood Hungama. Bollywood Hungama
  59. ↑ Hungama, Bollywood. (19 December 2016). Nominations for Stardust Awards 2016 – Bollywood Hungama. Bollywood Hungama
  60. ↑ 18th IIFA Awards 2017: List of Nominations. NDTV.com
  61. ↑ IFFM Awards 2017: Lipstick Under My Burkha, Dangal, Baahubali 2 win big (in pics)

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেতাভাৰতীয় নৃত্যশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুশান্ত সিং ৰাজপুত” প্ৰবন্ধৰ সংশোধন ৬৩৭৮৩০ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।