অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শাম্মী কাপুৰ

শাম্মী কাপুৰ (शम्मी कपूर, Shammi Kapoor; জন্মঃ ২১ অক্টোবৰ, ১৯৩১ - মৃত্যুঃ ১৪ আগষ্ট, ২০১১) আছিল ভাৰতীয় চলচ্চিত্ৰ শিল্প জগতৰ এসময়ৰ জনপ্ৰিয় নায়ক আৰু চলচ্চিত্ৰ পৰিচালক। ১৯৫০ আৰু ১৯৬০ ৰ দশকত হিন্দী চিনেমাৰ জগতত তেওঁ আছিল অত্যন্ত জনপ্ৰিয়, শীৰ্ষস্থানীয় চিত্ৰতাৰকা শিল্পী আৰু প্ৰভাৱশালী ব্যক্তিত্ব।

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ১,১৮৮ শব্দ · ৭ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

শাম্মী কাপুৰ (शम्मी कपूर, Shammi Kapoor; জন্মঃ ২১ অক্টোবৰ, ১৯৩১ - মৃত্যুঃ ১৪ আগষ্ট, ২০১১) আছিল ভাৰতীয় চলচ্চিত্ৰ শিল্প জগতৰ এসময়ৰ জনপ্ৰিয় নায়ক আৰু চলচ্চিত্ৰ পৰিচালক। ১৯৫০ আৰু ১৯৬০ ৰ দশকত হিন্দী চিনেমাৰ জগতত তেওঁ আছিল অত্যন্ত জনপ্ৰিয়, শীৰ্ষস্থানীয় চিত্ৰতাৰকা শিল্পী আৰু প্ৰভাৱশালী ব্যক্তিত্ব। মুম্বাইত জন্মগ্ৰহণকাৰী শাম্মী কাপুৰৰ ঘৰুৱা নাম আছিল শ্যামশেৰ ৰাজ কাপুৰ। তেওঁৰ পিতৃ পৃথ্বীৰাজ কাপুৰ আছিল বিশিষ্ট চলচ্চিত্ৰ তাৰকা আৰু থিয়েটাৰৰ অভিনেতা। তিনি ককাই-ভাইৰ মাজত তেখেতৰ স্থান আছিল দ্বিতীয়। ডাঙৰ ককায়েক ৰাজ কাপুৰ আৰু সৰু ভায়েক শশী কাপুৰ। তিনিও ককায়েক-ভায়েকে সফলতম অভিনেতা হিচাপে পৰিচয় পাইছিল। দেউতাক চলচ্চিত্ৰ আৰু থিয়েটাৰৰ লগত যুক্ত থকাত শৈশৱৰ অনেক সময়েই অতিবাহিত কৰে কলকাতাত। তাত তেওঁ কিণ্ডাৰগাৰ্টেনত ভৰ্তি হয়। মুম্বাইলৈ উভতি প্ৰথমে ওয়াদালা'ৰ চেণ্ট জোচেফ কনভেণ্ট আৰু পাছত মাতুঙ্গা'ৰ ডন বস্ক’ বিদ্যালয়ত ভৰ্তি হয়। হিউজেচ ৰ’ডৰ নিউ এৰিয়া বিদ্যালয়ৰ মাধ্যমেৰে বিদ্যালয় পৰ্ব সমাপণ কৰে শাম্মী কাপুৰে।

শাম্মী কাপুৰ আছিল হিন্দী চলচ্চিত্ৰ জগতৰ চিৰ সেউজীয়া তাৰকাসকলৰ এজন। প্ৰকৃতপক্ষে নায়ক হিচাপে তেওঁ ১৯৫০ দশকৰ শেষাৰ্ধৰ পৰা ১৯৬০ ৰ দশক পৰ্যন্ত শীৰ্ষস্থানীয় অভিনেতা আছিল।

প্ৰাথমিক জীৱন আৰু চলচ্চিত্ৰত প্ৰৱেশ

মুম্বাইৰ (চাবেক বোম্বে) মাতুঙ্গাৰ ৰুইয়া কলেজত কিছুকাল পঢ়াশুনা কৰিছিল শাম্মী কাপুৰে। তাত তেওঁ দেউতাকৰ প্ৰতিষ্ঠিত পৃথ্বী থিয়েটাৰত যোগদান কৰে। ১৯৪৮ চনত চিনেমা জগতত প্ৰৱেশ কৰে এজন নবীনতম শিল্পী হিচাপে। মাহে ১৫০ টকা বেতনত পৃথ্বী থিয়েটাৰত পৰৱৰ্তী চাৰি বছৰকাল আছিল। ১৯৫২ চনত থিয়েটাৰৰ পৰা শেষ বেতন উত্তীৰ্ণ হয় ৩০০লৈ ভাৰতীয় টকা। ১৯৫৩ চনত মুক্তিপ্ৰাপ্ত 'জীৱন জ্যোতি' ছবিত অভিনয়ৰ মাধ্যমেৰে বলিউডত নিজকে আত্মপ্ৰকাশ কৰে। ছবিখনৰ পৰিচালক আছিল - মহেশ কাউল আৰু শাম্মী'ৰ প্ৰথম নায়িকা চান্দ উচমানী।

চলচ্চিত্ৰ জীৱন

গুৰুত্বপূৰ্ণ চলচ্চিত্ৰৰ মাধ্যমেৰে ৰূপালী জগৎ আৰম্ভ কৰিলেও নাচিৰ হুচেইনৰ পৰিচালনাত তুমচা নাহি দেখা (১৯৫৭) আৰু দিল ডেকে দেখো (১৯৫৯) ৰ মাধ্যমেৰেহে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। ছবি দুখনত তেওঁৰ বিপৰীতে নায়িকা হিচাপে অভিনয় কৰে যথাক্ৰমে অমিতা আৰু আশা পাৰেখে। বহল বক্ষ, তীক্ষ্ণ দৃষ্টিৰ আকৰ্ষণ, দীৰ্ঘদেহী, প্ৰাণবন্ত, নীলাভ চকু, আদি আকৰ্ষণীয় বৈশিষ্ট্যৰ কাৰণে তেওঁ আছিল সকলোৰে হৃদয়ৰ মণি। আৰু তেওঁৰ সুন্দৰ দৃষ্টিভংগী আৰু শাৰীৰিক অঙ্গভঙ্গীও এই বৈশিষ্ট্যৰ বাবে দায়ী।

জংলী (১৯৬১) চলচ্চিত্ৰৰ মাধ্যমেৰে তেওঁ নতুনকৈ প্ৰতিষ্ঠিত হয় আৰু তাৰ পৰৱৰ্তী চলচ্চিত্ৰসমূহো একেই ধাঁচতে তৈয়াৰ হয়। সচৰাচৰ শাম্মী কাপুৰে নেপথ্য গায়ক হিচাপে হিন্দী সংগীত জগতৰ অন্যতম ব্যক্তিত্ব মহম্মদ ৰফিকেই বেছি পছন্দ কৰিছিল। প্ৰতিষ্ঠিত নায়িকাসকলৰ লগত তেওঁ খুব কমেইহে দ্বিতীয়বাৰৰ বাবে অভিনয় কৰিছিল। তেনে এগৰাকী হৈছে মধুবালা। তেখেতৰ লগত তেওঁ ৰেল কি ডিব্বা (১৯৫৩) ছবিত অভিনয় কৰিছিল। নতুন অভিনেত্ৰী হিচাপে আশা পাৰেখ, চায়ৰা বানু আৰু শৰ্মিলা ঠাকুৰৰ লগতো জুটি বান্ধিছিল। পৰৱৰ্তী কালত তেওঁলোক প্ৰত্যেকেই চলচ্চিত্ৰ শিল্পত অত্যন্ত জনপ্ৰিয় অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠিত হৈছিল।১ পৰৱৰ্তীকালত শাম্মী কাপুৰে কৈছিল যে, সকলো নায়িকাৰ মাজত শৰ্মিলা ঠাকুৰ, ৰাজশ্ৰী আৰু আশা পাৰেখৰ লগত তেওঁ স্বাচ্ছন্দ্যৰে কাম কৰিছিল।২ তেওঁ আৰু আশা পাৰেখে চাৰিখন ছবিত অভিনয় কৰিছিল। তাৰমাজত সবাতোকৈ বেছি দৰ্শক সফল হৈছিল মৃত্যুকাহিনী নিৰ্ভৰ তিচ‌ৰী মঞ্জিল (১৯৬৬) ছবিখন।

১৯৭০ ৰ দশকত শাম্মী কাপুৰৰ শাৰীৰিক কাঠামো ওজনজনিত সমস্যাত আক্ৰান্ত হয় আৰু ইয়ে সাফল্যৰ পথত বাধাৰ সৃষ্টি কৰে। ফলত, আকৰ্ষণীয় নায়ক হিচাপে তেওঁৰ সমাপ্তি ঘটে। তেওঁৰ সৰ্বশেষ সফল ছবিখন আছিল আন্দাজ (১৯৭১)। ইয়াত তেওঁৰ নায়কৰ ভূমিকাত অভিনয় কৰিছিল।

ব্যক্তিগত জীৱন

শাম্মী কাপুৰে ১৯৫৫ চনত গীতা বালী'ৰ লগত ৰঙ্গীন ৰাতে ছবিৰ মাধ্যমেৰে পৰিচিত হয়। তেতিয়া তেওঁ আছিল শীৰ্ষস্থানীয় অভিনেতা আৰু সহ-নায়িকা হিচাপে প্ৰতিষ্ঠিত আছিল গীতা। ঘটনাচক্ৰত তেওঁলোকে এজনে-আনজনক ভালপায় পেলায়। কিন্তু গীতা বালী আছিল তেওঁতকৈ ১ বছৰৰ ডাঙৰ। সেই সময়ত শাম্মীয়ে তেওঁৰ ডাঙৰ ককায়েক আৰু দেউতাকৰ লগতো অভিনয় কৰিছিল। তেওঁলোকৰ প্ৰেমঘটিত বিষয়টো জনাজনি হোৱাৰ ফলত পৰিয়ালৰ সকলো আচৰিত হৈ যায় আৰু স্তম্ভিত হৈ পৰে। বিয়াৰ প্ৰধান প্ৰত্যক্ষদৰ্শী আছিল হৰি ওয়ালিয়া। কেবলমাত্ৰ বিয়াৰ পাছতহে পৰিয়ালক বিয়াৰ বিষয়ে জনোৱা হয়। চাৰি মাহৰ পাছত মুম্বাইৰ ন্যাপিয়েন চি ৰ’ডৰ নিকটৱৰ্তী এলেকাত অৱস্থিত বাঙ্গানা মন্দিৰত শাম্মী-গীতা'ৰ বিয়া হয়।

পৰৱৰ্তী বছৰসমূহৰত শাম্মী কাপুৰ আৰু গীতা বালী দম্পতীয়ে সুখে-শান্তিৰে সংসাৰ ধৰ্ম পালন কৰে। তেওঁলোকৰ আদিত্য ৰাজ নামৰ ল’ৰা এটা আছে। শাম্মী'ৰ বিয়াৰ এবছৰ পাছত তেওঁ জন্ম হয় ১ম জুলাই, ১৯৫৬ চনত মুম্বাইৰ ছিৰোদকাৰচ্‌‌ হাস্পতালত। পাঁচ বছৰ পাছত ১৯৬১ চনত কাঞ্চন নামৰ ছোৱালী এজনীও হয়।

তিচৰী মঞ্জিল ছবি চলাকালত ১৯৬৫ চনত এক হৃদয়বিদাৰক ঘটনাৰ জন্ম হৈছিল। গীতা বালীয়ে বসন্ত ৰোগত আক্ৰান্ত হৈ শশী কাপুৰ আৰু তেওঁৰ দুই সন্তানক এৰি মৃত্যুবৰণ কৰে।

১৯৬৮ চনত ব্ৰহ্মচাৰী ছবি চলাকালত মমতাজৰ লগত সম্পৰ্কৰ গভীৰতা ব্যৰ্থতালৈ পৰ্যবসিত হয়।

১৯৬৯ চনত তেওঁ গুজৰাটৰ ভাবনগৰ এলেকাৰ সম্ভ্ৰান্ত পৰিয়াৰ সন্তান নীলা দেবী গোহিলক দ্বিতীয়বাৰৰ বাবে বিয়া কৰে। হিন্দী চলচ্চিত্ৰৰ অন্যতম ৰোমাণ্টিক নায়ক হিচাপে তেওঁৰ সৰ্বশেষ সফলতম ছবি আছিল আন্দাজ (১৯৭১)।

যৌৱনত চুলিৰ কায়দাজনিত কাৰণত তেওঁ ভাৰতৰ এলভিচ প্ৰেচলী নামেৰে পৰিচিত আছিল।৩

২০০৬ চনত জনা যায় যে, তেওঁ সপ্তাহত তিনিবাৰ চিকিৎসাৰ বাবে ডাইলেচিচ কৰিছিল। তাৰপাছৰ পৰাই তেওঁ মানসিক অবসাদৰ ব্যাধিত আক্ৰান্ত হয়। তাৰপাছতো তেওঁ ঈশ্বৰক ধন্যবাদ জনায় যে, ব্যক্তিগত জীৱনত তেওঁ অনেক কিছু পালে।৪

অভিনীত চলচ্চিত্ৰসমূহ

শাম্মী কাপুৰে সুদীৰ্ঘকাল যন্ত্ৰবৎ অভিনয় কলাৰ লগত জড়িত আছিল। তলত তাৰ এক সংক্ষিপ্ত তালিকা প্ৰদান কৰা হ’ল।৫

  • জীৱন জ্যোতি (১৯৫৩)
  • ৰেল কা ডিব্বা (১৯৫৩)
  • থোকৰ (১৯৫৩)
  • লায়লা মজনু (১৯৫৩), নূতন
  • লড়কী (১৯৫৩)
  • গুল চানোবাৰ (১৯৫৩)
  • খোঁজ (১৯৫৩)
  • শ্যামা পৰোৱানা (১৯৫৪)
  • মেহবুবা (১৯৫৪)
  • এহচান (১৯৫৪)
  • চোৰ বাজাৰ (১৯৫৪)
  • টাঙ্গেৱালী (১৯৫৫)
  • নকাব (১৯৫৫)
  • মিচ কোকা কোলা (১৯৫৫)
  • ডাকু (১৯৫৫)
  • চিপাহচালাৰ (১৯৫৬)
  • ৰঙ্গীন ৰাতে (১৯৫৬), মালা সিনহা
  • মেমচাহেব (১৯৫৬)
  • হাম সব চোৰ হ্যায় (১৯৫৬)
  • তুমচা নাহি দেখা (১৯৫৭), অমিতা
  • মহাৰাণী (১৯৫৭)
  • কফি হাউজ (১৯৫৭)
  • মীৰ্জা চাহেবান (১৯৫৭)
  • মুজৰিম (১৯৫৮)
  • দিল ডেকে দেখো (১৯৫৮), আশা পাৰেখ
  • উজালা (১৯৫৯), মালা সিন্‌হা
  • ৰাত কি ৰাহি (১৯৫৯)
  • মোহৰ (১৯৫৯)
  • বসন্ত (১৯৬০)
  • কলেজ গাৰ্ল (১৯৬০), বৈজয়ন্তীমালা
  • চিঙ্গাপুৰ (১৯৬০), পদ্মিনী
  • বয়ফ্ৰেণ্ড (১৯৬১)
  • জাংলী (১৯৬১), চায়ৰা বানু
  • দিল তেৰা দিৱানা (১৯৬২), মালা সিন‌হা
  • প্ৰফেচাৰ (১৯৬২), কল্পনা
  • চায়না টাউন (১৯৬২), শাকিলা/হেলেন
  • ব্লাফ মাষ্টাৰ (১৯৬৩), চায়ৰা বানু
  • শহীদ ভগৎ সিং (১৯৬৩)
  • জব চে তুমহে দেখা হ্যায় (১৯৬৩)
  • পিয়াৰ কিয়া তো ডৰনা কিয়া (১৯৬৩)
  • ৰাজকুমাৰ (১৯৬৪), সাধনা
  • কাশ্মীৰ কি কালী (১৯৬৪), শৰ্মিলা ঠাকুৰ
  • জানোৱাৰ (১৯৬৫), ৰাজশ্ৰী
  • তিচৰী মঞ্জিল (১৯৬৬), অনিল কুমাৰ, আশা পাৰেখ
  • প্ৰীত না জানে ৰীত (১৯৬৬)
  • বাদতমীজ (১৯৬৬)
  • এযান ইভ্‌নিং ইন পেৰিছ (১৯৬৭), শৰ্মিলা ঠাকুৰ
  • লাট চাহেব (১৯৬৭), নূতন
  • ব্ৰহ্মচাৰী (১৯৬৮), ৰাজশ্ৰী
  • প্ৰিন্স (১৯৬৯), বৈজয়ন্তীমালা
  • তুম চে আচ্ছা কৌন হ্যায় (১৯৬৯), ববিতা
  • সাচ্চাই (১৯৬৯), সাধনা
  • পাগলা কাহিন কা (১৯৭০), আশা পাৰেখ/হেলেন
  • আন্দাজ (১৯৭১), হেমা মালিনী/চিমি
  • জৱান মোহব্বত (১৯৭১), আশা পাৰেখ
  • জানে আনজানে (১৯৭১), লীনা চন্দভাৰকাৰ
  • পাৰৱৰিছ (১৯৭৩)
  • জামিৰ (১৯৭৪)
  • মনোৰঞ্জন (১৯৭৪), জীনত আমান
  • ছোটে চৰকাৰ (১৯৭৪), সাধনা
  • শালিমাৰ (১৯৭৮)
  • মীৰা (১৯৭৯) .... ৰাজা বিক্ৰমজিৎ সিং সিসোদিয়া, হেমা মালিনী
  • প্ৰফেচৰ পিয়াৰেলাল (১৯৮১)
  • ৰকি (১৯৮১)
  • নচিব (১৯৮১)
  • প্ৰেম ৰোগ (১৯৮২), সুষমা শেঠ
  • বিধাতা (১৯৮২)
  • দেশ প্ৰেমী (১৯৮২)
  • হিৰো (১৯৮৩), উৰ্মীলা ভাট
  • বেতাব (১৯৮৩)
  • চোহনী মহিৱাল (১৯৮৪)
  • হুকুমত (১৯৮৭)
  • ইজাজত (১৯৮৮)
  • আজুবা (১৯৯১)
  • তেহেলকা (১৯৯২)
  • চমৎকাৰ (১৯৯২)
  • সুখম সুখকৰম (১৯৯৪) (মালয়ালম)
  • ঔৰ প্যাৰ হো গ্যায়া (১৯৯৬)
  • কাৰিব (১৯৯৮)
  • জানম চমঝা কৰো (১৯৯৯)
  • ইষ্ট ইজ ইষ্ট (১৯৯৯)
  • ইয়ে হ্যায় জ্বালা (২০০২)
  • ৱাহ! তেৰা ক্যা কেহনা (২০০২)
  • ভোলা ইন বলিউড (২০০৫)
  • চেণ্ডউইচ (২০০৬)
  • ৰকষ্টাৰ (২০১১)

পুৰস্কাৰ আৰু অন্যান্য স্বীকৃতি

+পুৰস্কাৰ
চনবিৱৰণছবিৰ নাম
১৯৬২ফিল্মফেয়াৰঃ শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰপ্ৰফেচৰ৬
১৯৬৮ফিল্মফেয়াৰঃ শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰব্ৰহ্মচাৰী৭
১৯৮২ফিল্মফেয়াৰঃ শ্ৰেষ্ঠ সহ-অভিনেতাৰ পুৰস্কাৰবিধাতা৮
+সম্মান
চনবিৱৰণপ্ৰদানকাৰী কৰ্তৃপক্ষ
১৯৯৫জীৱনজোৰা সম্মানফিল্মফেয়াৰ৯
১৯৯৮ভাৰতীয় চলচ্চিত্ৰত অংশগ্ৰহণৰ বাবে বিশেষ পুৰস্কাৰকলাকাৰ১০
১৯৯৯জীৱনজোৰা সম্মান পুৰস্কাৰজি চিনে
২০০১জীৱনজোৰা সম্মান পুৰস্কাৰষ্টাৰ স্ক্ৰিন
জীৱনজোৰা সম্মান পুৰস্কাৰআনন্দলোক
২০০২ভাৰতীয় চিনেমাত অসামান্য অবদানৰ বাবে পুৰস্কাৰআইআইএফএ১১
২০০৫জীৱনজোৰা সম্মান পুৰস্কাৰবলিউড এৱাৰ্ডচ১২
২০০৭জীৱিত প্ৰতিভা পুৰস্কাৰএফআইচিচিআই১৩
২০০৮ভাৰতীয় চিনেমাত অসামান্য অবদানৰ বাবে জীৱনজোৰা সম্মান পুৰস্কাৰপিআইএফএফ১৪
২০০৯ঐতিহাসিক ফালকে অভিনেতা পুৰস্কাৰদাদাচাহেব ফালকে একাডেমী
২০১০ৰাষ্ট্ৰীয় গৌৰৱ পুৰস্কাৰপৰিবেশবিদ অজয় জৈন পুৰস্কাৰ১৫

মহাপ্ৰয়াণ

শাম্মী কাপুৰক ৭ আগষ্টত, ২০১১ চনত ব্ৰীচ কেণ্ডি হাস্পতালত কিডনীজনিত ৰোগৰ কাৰণে ভৰ্তি কৰোৱা হয়। তেওঁৰ অবস্থাৰ দ্ৰুত অৱনতি ঘটাত ভেণ্টিলেটৰৰ সহায়ত বচাই ৰখাৰ প্ৰাণান্তকৰ চেষ্টা চলে।১৬ কিন্তু হিন্দী চলচ্চিত্ৰৰ অন্যতম শ্ৰেষ্ঠ অভিনেতাসকলৰ এজন হিচাপে শাম্মী কাপুৰে ১৪ আগষ্ট, ২০১১ তাৰিখে ভাৰতীয় সময় মতে ৰাতিপুৱা ৫:১৫ ত পৰলোকলৈ গতি কৰে।১৭১৮

আৰু চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ আৰ্কাইভ কপি
  2. ↑ thirtymm.com - Celebrity Interviews - powered by React Media
  3. ↑ শাম্মী কাপুৰ গুচি যায় - ডয়চে ভেলৰ প্ৰতিবেদন
  4. ↑ ৰাজশ্ৰী.কমেৰ সাথে শাম্মী'ৰ সাক্ষাৎকাৰ
  5. ↑ অভিনীত চলচ্চিত্ৰসমূহৰ তালিকা
  6. ↑ The Nominations - 1962. Filmfare Awards
  7. ↑ The Winners - 1968. Filmfare Awards
  8. ↑ The Winners - 1982. Filmfare Awards
  9. ↑ Lifetime Achievement (Popular). Filmfare Awards
  10. ↑ Kalakar Awards
  11. ↑ IIFA: IIFA Awards - Past Awards - 2000 - Winners
  12. ↑ Bollywood Awards | Bollywood Fashion Awards | Bollywood Music Awards
  13. ↑ FICCI-Frames award for Kamal Haasan
  14. ↑ Shammi Kapoor, Sharmila Tagore honoured at Pune International Film Fest- Hindustan Times
  15. ↑ Environmentalist Ajay Jain awarded “Rashtriya Gaurav Award 2010”. i-Newswire
  16. ↑ (14 August 2011). Shammi Kapoor's condition continues to be serious. Mid Day
  17. ↑ (14 August 2011). Veteran film actor Shammi Kapoor passes away. Times of India
  18. ↑ (14 August 2011). Legendary actor Shammi Kapoor passes away. Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেতাফিল্মফেয়াৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শাম্মী কাপুৰ” প্ৰবন্ধৰ সংশোধন ৬০৭৪১৬ (২০ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।