অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

লেটিন ভাষা

লেটিন ভাষা (Latin: lingua latīna) ইন্দো-ইউৰোপীয় ভাষাৰ অন্তৰ্গত ইটালীক শাখাৰ এক শাস্ত্ৰীয় ভাষা। লেটিন বৰ্ণমালা ইষ্ট্ৰোস্কেন আৰু গ্ৰীক বৰ্ণমালাৰ পৰা উদ্ভৱ হৈছে। লেটিন প্ৰথমতে ৰোম আৰু আৰু ইয়াৰ আশে-পাশে লেটিয়াম নামেৰে প্ৰচলিত আছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৫১৫ শব্দ · ৩ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

লেটিন ভাষা (Latin: lingua latīna) ইন্দো-ইউৰোপীয় ভাষাৰ অন্তৰ্গত ইটালীক শাখাৰ এক শাস্ত্ৰীয় ভাষা। লেটিন বৰ্ণমালা ইষ্ট্ৰোস্কেন আৰু গ্ৰীক বৰ্ণমালাৰ পৰা উদ্ভৱ হৈছে।

লেটিন প্ৰথমতে ৰোম আৰু আৰু ইয়াৰ আশে-পাশে লেটিয়াম নামেৰে প্ৰচলিত আছিল।১ ৰোমান গণতন্ত্ৰৰ শক্তি বিস্তাৰৰ লগে লগে ই এক প্ৰভাৱশালী ভাষালৈ পৰিনীত হয়। প্ৰথমে ই ইটালী আৰু পিছলৈ গোটেই ৰোমান সাম্ৰাজ্যত বিয়পি পৰে। বিৰূপীত লেটিন ভাষা ৰোমাঞ্চ ভাষালৈ বিকশিত হয়। সেই সমূহ হ'ল ইটালীয়ান ভাষা, পৰ্তুগীজ ভাষা, স্পেনীছ ভাষা, ফৰাচী ভাষা, আৰু ৰোমানিয়ান ভাষা। লেটিন, গ্ৰীক আৰু ফ্ৰেন্স ভাষাৰ বহু শব্দয়ে ইংৰাজী শব্দসম্ভাৰ টনকিয়াল কৰিছে। তাৰে ভিতৰত লেটিন আৰু গ্ৰীক শব্দ মূল সমূহ ইংৰাজী ভাষাত সূত্ৰ, জীৱবিজ্ঞান, বিজ্ঞান, ঔষধ আৰু আইনী বিষয়ত ব্যৱহাৰ হয়।

৭৫ খ্ৰীষ্টপূৰ্বত ৰোমান গণতন্ত্ৰয়ে পুৰণি লেটিনক বিধিসন্মতভাবে শাস্ত্ৰীয়কৰণ কৰে। বৰ্তমান লেটিন বিশ্বৰ বহুতো শৈক্ষিক প্ৰতিষ্ঠানত প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ মাধ্যমিক স্তৰত শিকোৱা হয়।২৩ ই ৰোমান কেথলিক গীৰ্জা সমূহ আৰু হলি চিৰ চৰকাৰী ভাষা।

বাহ্যিক সংযোগ

ভাষা সঁজুলি

শিক্ষা

ব্যাকৰণ আৰু অধ্যয়ন

ফনেটিক

লেটিন ভাষাৰ বাতৰিকাকত

লেটিন ভাষাৰ অনলাইন সমাজ

তথ্যসূত্ৰ

  1. ↑ Sandys, John Edwin. (1910). A companion to Latin studies. University of Chicago Press. পৃ. 811–812
  2. ↑ Hu, Winnie. (6 October 2008). A Dead Language That's Very Much Alive. New York Times
  3. ↑ Eskenazi, Mike. (2 December 2000). The New case for Latin. TIME

সম্পৰ্কিত শ্ৰেণী

ভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লেটিন ভাষা” প্ৰবন্ধৰ সংশোধন ৬৩১৬৯০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।