আশা দেৱী আৰ্যনায়কম (১৯০১–১৯৭২)১ এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, শিক্ষাবিদ আৰু গান্ধীবাদী আছিল।২৩ মহাত্মা গান্ধীৰ সেৱাগ্ৰাম৪ আৰু বিনোবা ভাৱেৰ ভূদান আন্দোলনৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক আছিল।৫
জীৱনী
তেওঁৰ জন্ম হৈছিল ১৯০১ চনত পূৰ্বৰ ব্ৰিটিছ ভাৰত আৰু বৰ্তমানৰ পাকিস্তানৰ লাহোৰত অধ্যাপক ফণী ভূষণ অধিকাৰী আৰু সৰ্যূবালা দেৱীৰ ঘৰত। তেওঁ শৈশৱ লাহোৰত আৰু পিছলৈ বনাৰেছত কটায়। স্কুলীয়া শিক্ষা আৰু কলেজীয়া শিক্ষা ঘৰতে কৰি এম এ লাভ কৰাৰ পিছত তেওঁ বেনাৰসৰ মহিলা মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে। পিছত শান্তিনিকেতনত ছোৱালীকেইজনীৰ চোৱা-চিতাৰ দায়িত্ব লৈ কেম্পাছলৈ গুচি যায় আৰু তাতেই ৰবীন্দ্ৰনাথ ঠাকুৰৰ ব্যক্তিগত সম্পাদক হিচাপে কাম কৰা শ্ৰীলংকাৰ ই আৰ ডব্লিউ আৰণ্যকমক লগ পায় আৰু তেওঁক বিয়া কৰায়।২৩ সিহঁতৰ দুটা সন্তান আছিল। এই সময়তে মোহনদাস কৰমচান্দ গান্ধীৰ দ্বাৰা প্ৰভাৱিত হৈছিল আৰু তেওঁ স্বামীৰ সৈতে ৱৰ্ধাৰ সেৱাগ্ৰামত যোগদান কৰিছিল। প্ৰথম অৱস্থাত মাৰোৱাড়ী বিদ্যালয়ত কাম কৰিছিল যদিও পিছলৈ নৈ তালিমৰ আদৰ্শ গ্ৰহণ কৰি হিন্দুস্তানী তালিমী সংঘত কাম কৰিছিল।২ ৩ সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে ১৯৫৪ চনত ভাৰত চৰকাৰে তেওঁক চতুৰ্থ সৰ্বোচ্চ ভাৰতীয় অসামৰিক বঁটা পদ্মশ্ৰী বঁটা প্ৰদান কৰে।৬
আশা দেৱী আৰ্যনায়কমে দুখন গ্ৰন্থ প্ৰকাশ কৰে, সেয়া হ'ল শিক্ষক: গান্ধী৭ আৰু শান্তি-সেনা: die indische Friedenswehr৮ দুয়োখনেই মহাত্মা গান্ধীৰ সৈতে জড়িত। ১৯৭২ চনত তেওঁৰ মৃত্যু হয়।১
তথ্যসূত্ৰ
- ↑ (2015). Boston University. Boston University
- ↑ L. C. Jain. (1998). The City of Hope: The Faridabad Story. Concept Publishing Company. পৃ. 330. ISBN 9788170227489
- ↑ Aijazuddin Ahmad, Moonis Raza. (1990). An Atlas of Tribal India. Concept Publishing Company. পৃ. 472. ISBN 9788170222866
- ↑ Geoffrey Carnall. (2010). Gandhi's Interpreter: A Life of Horace Alexander. Edinburgh University Press. পৃ. 314. ISBN 9780748640454
- ↑ Bikram Sarkar. (1989). Land Reforms in India, Theory and Practice. APH Publishing. পৃ. 275. ISBN 9788170242604
- ↑ (2015). Padma Shri. Padma Shri
- ↑ Asha Devi Aryanayakam. (1966). The Teacher: Gandhi. Bharatiya Vidya Bhavan. পৃ. 37
- ↑ Asha Devi Aryanayakam. (1958). Shanti-Sena: die indische Friedenswehr. Freundschaftsheim
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আশা দেৱী আৰ্যনায়কম” প্ৰবন্ধৰ সংশোধন ৪৮৪৯৯০ (১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।