কবিতা সিং (Kavita Singh; ৫ নৱেম্বৰ ১৯৬৪ – ৩০ জুলাই ২০২৩) এগৰাকী ভাৰতীয় শিল্পকলা ইতিহাসবিদ। শিল্পকলা ইতিহাসৰ অধ্যাপিকা কবিতা সিঙে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ শিল্পকলা আৰু নান্দনিক বিদ্যালয়ৰ ডীন হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
শিক্ষা
কবিতা সিঙে লেডী শ্ৰী ৰাম কলেজৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰাৰ লগতে ১৯৮৭ চনত এম.এচ. বিশ্ববিদ্যালয়, বৰোদাৰ পৰা এম.এফ.এ. আৰু ১৯৯৬ চনত পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা পিএইচ.ডি. লাভ কৰে৷১
কেৰিয়াৰ
২০০১ চনত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত নিযুক্তি লাভ কৰা সিঙে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত স্কুল অৱ আৰ্ট এণ্ড এষ্টেটিক্সৰ সহ-প্ৰতিষ্ঠাপক আছিল।২ মৃত্যুৰ আগলৈকে তেওঁ তাত অধ্যাপিকা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰতৰ ওপৰত বিশেষ গুৰুত্ব দি ভাৰতীয় চিত্ৰকলাৰ ইতিহাস বিশেষকৈ মোগল আৰু ৰাজপুত বিদ্যালয় আৰু সংগ্ৰহালয়ৰ ইতিহাস আৰু ৰাজনীতিৰ বিষয়ে তেওঁৰ গৱেষণামূলক আগ্ৰহ আছিল।৩
জে এন ইউত যোগদান কৰাৰ পূৰ্বে সিঙে দিল্লীৰ কলা মহাবিদ্যালয় আৰু নেশ্যনেল ইনষ্টিটিউট অৱ টেকন’লজি দিল্লীত অধ্যাপনা কৰিছিল। মাৰ্গ পাব্লিকেচনৰ গৱেষণা সম্পাদিকাও আছিল, আৰু ছান ডিয়েগো মিউজিয়াম অৱ আৰ্টৰ অতিথি কিউৰেটৰ আছিল, এই সময়ছোৱাত তেওঁ ছান ডিয়েগো মিউজিয়াম অৱ আৰ্ট, এডউইন বিনি ৩য় সংগ্ৰহৰ পৰা পাৱাৰ এণ্ড ডিজায়াৰ: চাউথ এছিয়ান পেইণ্টিংছ প্ৰদৰ্শনীৰ সহ-কিউৰেটৰ আছিল।৪ ২০০০ চনৰ ১০ অক্টোবৰৰ পৰা ২০০১ চনৰ ৭ জানুৱাৰীলৈকে নিউয়ৰ্কত এই প্ৰদৰ্শনী চলিছিল।পৰৱৰ্তী সময়ত ওমিনা ওকাডাৰ এখন কেটেলগ প্ৰকাশ পায়।
২০০৭ চনত সিঙে নতুনকৈ মুকলি কৰা দেৱী আৰ্ট ফাউণ্ডেশ্যনৰ দ্বিতীয়খন প্ৰদৰ্শনীৰ বাবে কিউৰেটৰীয় দলৰ নেতৃত্ব দিয়ে। এই প্ৰদৰ্শনীৰ শিৰোনাম আছিল 'হোৱেৰ ইন দ্য ৱৰ্ল্ড "। কেটেলগটোত সিঙৰ পৰিচয়ৰ সংক্ষিপ্ত সংস্কৰণ অনলাইনত প্ৰকাশ পাইছিল।৫ ২০০৯–২০১২ চনলৈকে তেওঁ মেক্স প্লেংক ছ’চাইটিৰ ফ্ল’ৰেন্সৰ কুনষ্টিষ্ট’ৰিচেছ ইনষ্টিটিউটত অধ্যাপক ডঃ গেৰহাৰ্ড উলফ আৰু হান্না বাডাৰৰ সৈতে দ্য টেম্পল এণ্ড দ্য মিউজিয়াম: চাইটছ ফৰ আৰ্ট ইন ইণ্ডিয়া নামৰ এটা প্ৰকল্পৰ অংশীদাৰ আছিল।৬
মৃত্যু
২০২৩ চনৰ ৩০ জুলাইত কবিতা সিঙে ৫৮ বছৰ বয়সত কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে।৭
তথ্যসূত্ৰ
- ↑ Infosys Prize - Laureates 2018 - Prof. Kavita Singh. www.infosys-science-foundation.com
- ↑ (2023-08-21). Kavita Singh. American Academy of Arts & Sciences
- ↑ School of the Arts
- ↑ Power & Desire. sites.asiasociety.org
- ↑ Global Art and the Museum
- ↑ Partner Groups in India. www.mpg.de
- ↑ (31 July 2023). Art historian Kavita Singh passes away. Hindustan Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কবিতা সিং (পণ্ডিত)” প্ৰবন্ধৰ সংশোধন ৪৮৭৩৯৬ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।