ইলা পাটনায়ক (Ila Patnaik) এগৰাকী ভাৰতীয় অৰ্থনীতিবিদ।১২ আৰু ভাৰত চৰকাৰৰ প্ৰাক্তন প্ৰধান অৰ্থনৈতিক উপদেষ্টা।৩ এই সময়ছোৱাত তেওঁ ভাৰতৰ অৰ্থনৈতিক জৰীপ, ২০১৩-১৪ প্ৰস্তুত কৰিছিল আৰু ভাৰত চৰকাৰৰ অসংখ্য সমিতি আৰু টাস্ক ফ’ৰ্চত অৰিহণা যোগাইছিল।৪৫৬৭ ২০১৪ চনত নোবেল বঁটা বিজয়ী অমৰ্ত্য সেন আৰু আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ ৱাই ভি ৰেড্ডী, ৰঘুৰাম ৰাজন আৰু উৰ্জিত পেটেলৰ দৰে অৰ্থনীতিবিদৰ সৈতে ভাৰতৰ শীৰ্ষ দহৰ ভিতৰত স্থান পোৱা একমাত্ৰ মহিলা অৰ্থনীতিবিদ আছিল।৮ তেওঁ দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ বাবেও নিয়মীয়াকৈ স্তম্ভ লিখে।৯
তেওঁ বৰ্তমান তেওঁ নেচনেল ইনষ্টিটিউট অৱ পাব্লিক ফাইনেন্স এণ্ড পলিচি (এনআইপিএফপি)ৰ অধ্যাপিকা।৩
শিক্ষা
ইলা পাটনায়কে দিল্লী বিশ্ববিদ্যালয়ৰ হিন্দু মহাবিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰিছে (১৯৮৫)। তেওঁ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অৰ্থনীতি অধ্যয়ন আৰু পৰিকল্পনা কেন্দ্ৰৰ পৰা দৰ্শনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে (১৯৮৭ আৰু ১৯৮৯)। ভাৰতত স্নাতক আৰু স্নাতক অধ্যয়ন কৰাৰ সময়ত, তেওঁ যুক্তৰাজ্যত পিএইচডি কৰাৰৰ সিদ্ধান্ত লয় আৰু ১৯৯৬ চনত ছাৰে বিশ্ববিদ্যালয় পৰা অৰ্থনীতিৰ পি. এইচডি. লাভ কৰে।
কেৰিয়াৰ
ইলা পাটনায়ক আছিল দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ অৰ্থনীতি সম্পাদক। বিজনেছ ষ্টেণ্ডাৰ্ডত পষেকীয়া এটা স্তম্ভ লিখিছিল। তেওঁ ১৯৯৭-২০০১ চনত এনচিএইআৰ, নতুন দিল্লীৰ মেক্ৰ’ ট্ৰেক, এ কোৱাৰ্টাৰলি আপডেট অন দ্য ইণ্ডিয়ান ইকনমিৰ সম্পাদক হিচাপেও কাম কৰিছিল। তদুপৰি, পাটনায়ক এজন জ্যেষ্ঠ অৰ্থনীতিবিদ আৰু নেচনেল কাউন্সিল অৱ এপ্লাইড ইকনমিক ৰিচাৰ্ছ (এনচিএইআৰ) আৰু ইণ্ডিয়ান কাউন্সিল ফৰ ৰিচাৰ্চ ইন ইণ্টাৰনেশ্যনেল ইকনমিক ৰিলেচনছ (১৯৯৬-২০০২, ২০০৪; ২০০২-২০৪)ৰ জ্যেষ্ঠ ফেল' আছিল। ২০০৭ চনৰ পৰা ২০০৯ চনলৈকে তেওঁ এনডিটিভি পলিচি উইথ পাটনায়ক নামৰ এটা অনুষ্ঠান কৰিছিল। আৰু এতিয়া তেওঁ দিপ্ৰিণ্ট ভাৰতীয় অৰ্থনীতি সম্পৰ্কীয় সাপ্তাহিক শ্ব'ত কাম কৰি আছে।
বঁটা
পাটনায়কক প্ৰদান কৰা একাধিক বঁটাৰ ভিতৰত "জুনিয়ৰ চাইন্স টেলেণ্ট স্কোলাৰশ্বিপ" (১৯৭৮), "নেচনেল টেলেণ্ট চাৰ্চ স্কোলাৰশ্বিপ" (১৯৮০), "জুনিয়ৰ ৰিচাৰ্চ ফেল'শ্বিপ ফৰ ইকনমিক্স" (১৯৮৭), আৰু "ব্ৰিটিছ নেহৰু চেণ্টেনাৰী ফেল'শ্বিপ ফৰ ডক্টৰেট ষ্টাডি ইন ইকনমিক্স ইন দ্য ইউ কে" (১৯৯১) অন্যতম।
তথ্যসূত্ৰ
- ↑ Mukherjee, Andy. (2004-11-01). Who Owns the Key to India's $120 Billion Kitty?: Andy Mukherjee. Bloomberg
- ↑ Face The Budget: Chidambaram's tough task - IBNLive. Ibnlive.in.com
- ↑ NIPFP | Faculty
- ↑ (9 July 2014). FM Arun Jaitley tables Economic Survey: Highlights
- ↑ (28 June 2014). All the Arun Jaitley's mandarins. DNA India
- ↑ (9 July 2014). https://www.ndtv.com/india-news/india-delivers-economic-survey-ahead-of-budget-highlights-585886
- ↑ (9 July 2014). https://in.reuters.com/article/india-budget-economic-survey-highlights-idINKBN0FE0J920140709
- ↑ (13 March 2014). ie 100 Most Powerful Indians 2014: Top 10 economists. The Financial Express
- ↑ (18 January 2016). Ila Patnaik
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইলা পাটনায়ক” প্ৰবন্ধৰ সংশোধন ৪৮৫০৪৬ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।