বিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী
২৪১ প্ৰবন্ধ
-
দুলাৰি কুৰেশি
দুলাৰি কুৰেশি (Dulari Qureshi; জন্ম: ২৪ ছেপ্টেম্বৰ ১৯৫০) এগৰাকী ভাৰতীয় শিক্ষাবিদ, শিল্প ইতিহাসবিদ আৰু লেখক। তেওঁ শিল্প, সংস্কৃতি আৰু পৰ্যটন উন্নয়ন আৰু কীৰ্তিচিহ্নসমূহৰ ওপৰত ইয়াৰ প্ৰভাৱৰ ওপৰত ১০০০ৰো অধিক প্ৰবন্ধ লিখিছে।
-
দেৱকী জৈন
দেৱকী জৈন (Devaki Jain, জন্ম ১৯৩৩) এগৰাকী ভাৰতীয় অৰ্থনীতিবিদ আৰু সাহিত্যিক। তেওঁ মুখ্যতঃ নাৰীবাদী অৰ্থনীতিৰ ক্ষেত্ৰত অৱদান আগবঢ়াইছে। ২০০৬ চনত সামাজিক ন্যায় আৰু মহিলাৰ সশক্তিকৰণত তেওঁৰ অৱদানৰ বাবে তেওঁক ভাৰত চৰকাৰৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মভূষণ প্ৰদান কৰা হৈছিল।
-
দৰ্শন ৰংগনাথন
দৰ্শন ৰংগনাথন(:Darshan Ranganathan৪ জুন ১৯৪১ – ৪ জুন ২০০১) এগৰাকী ভাৰতীয় জৈৱ ৰসায়নবিদ আছিল, যি জৈৱ-জৈৱিক ৰসায়ন বিশেষকৈ প্ৰটিন ফ’ল্ডিং ক্ষেত্ৰত তেওঁৰ অগ্ৰণী কামৰ বাবে পৰিচিত।
-
নন্দিনী মুণ্ডকুৰ
নন্দিনী মুণ্ডকুৰ ( Nandini Mundkur) ভাৰতৰ অন্যতম উন্নয়নমূলক শিশু চিকিৎসক যিয়ে বিকাশৰ বিকাৰ আগতীয়াকৈ ধৰা পেলোৱা আৰু হস্তক্ষেপ সেৱাৰ ক্ষেত্ৰত অগ্ৰণী কাম কৰিছে।
-
নয়নজোত লাহিড়ী
নয়নজোত লাহিড়ী (Nayanjot Lahiri) প্ৰাচীন ভাৰতৰ ইতিহাসবিদ আৰু পুৰাতত্ত্ববিদ আৰু অশোক বিশ্ববিদ্যালয়ৰ ইতিহাসৰ অধ্যাপক। ইয়াৰ পূৰ্বে তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক হিচাপে আছিল।
-
নলিনী আম্বাডী
নলিনী আম্বাডী (Nalini Ambady; ২০ মাৰ্চ ১৯৫৯ - ২৮ অক্টোবৰ ২০১৩) এগৰাকী ভাৰতীয়-আমেৰিকান সামাজিক মনোবিজ্ঞানী আৰু অমৌখিক আচৰণ আৰু আন্তঃব্যক্তিগত ধাৰণাৰ এগৰাকী আগশাৰীৰ বিশেষজ্ঞ।
-
নাজমা আখতাৰ
নাজমা আখতাৰ (Najma Akhtar; জন্মঃ ১৯৫৩) হ'ল এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু শৈক্ষিক প্ৰশাসক। তেওঁ ১২ এপ্ৰিল ২০১৯-ৰ পৰা ১২ নৱেম্বৰ ২০২৩-লৈকে জামিয়া মিলিয়া ইছলামিয়াৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ জেএমআইত এই পদত অধিষ্ঠিত হোৱা প্ৰথম গৰাকী মহিলা।
-
নিৰুপমা ৰাঘৱন
নিৰুপমা ৰাঘৱন (: Nirupama Raghavan; ১৯ জুলাই ১৯৪০, মাদ্ৰাজ – ২৩ ফেব্ৰুৱাৰী ২০০৭, চেন্নাই) এগৰাকী ভাৰতীয় জ্যোতিৰ্পদাৰ্থবিজ্ঞানী, বতৰ বিজ্ঞানী, বিজ্ঞানৰ ইতিহাসবিদ আৰু শিক্ষাবিদ। লগতে তেখেত নতুন দিল্লীৰ নেহৰু প্লেনেটেৰিয়ামৰ সঞ্চালিকা আছিল।
-
নীলম ক্লেৰ
নীলম ক্লেৰ (Neelam Kler) এগৰাকী ভাৰতীয় চিকিৎসক আৰু শিশুৰোগ বিশেষজ্ঞ। তেওঁ এগৰাকী নিঅ'নেটোলজিষ্ট হিচাপে নৱজাতক গহন চিকিৎসা যত্ন আৰু ভেণ্টিলেচনৰ ওপৰত অগ্ৰণী অৱদানৰ বাবে তেওঁ বিশেষভাৱে জনাজাত।তেওঁক অতি ক্ষুদ্ৰ পূৰ্বম্যাদী শিশুৰ বা জন্মতে ১০০০ গ্ৰামতকৈ কম ওজনৰ শিশু জীয়াই থকাৰ হাৰ ৯০ শতাংশলৈ উন্নত…
-
নীলিমা গুপ্তে
নীলিমা এম. গুপ্তে এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী। তেওঁ ১৯৭৬ চনত বম্বে বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী, ১৯৭৮ চনত বোম্বে আই. আই. টিৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী, আৰু ১৯৮৩ চনত ষ্টনী ব্ৰুক ছুনিৰ পৰা ডক্তৰেট ডিগ্ৰী লাভ কৰে।
-
পদ্মশ্ৰী ৱাৰিৱৰ
পদ্মশ্ৰী ৱাৰিৱৰ (Padmasree Warrior, জন্মতে- য়েল্লেপেড়ি পদ্মশ্ৰী; তেলেগু: పద్మశ్రీ వారియర్) হৈছে এগৰাকী ভাৰতীয় মূলৰ আমেৰিকান উদ্যোগী আৰু প্ৰযুক্তিবিদ্যাৰ কাৰ্যবাহী৷ ছিছকো ছিষ্টেমৰ দৰে প্ৰযুক্তিগত কোম্পানীৰ নেতৃত্ব প্ৰদান কৰি তেখেত চৰ্চালৈ আহিছে৷ এইটো কোম্পানীত তেখেতে মুখ্য কাৰিকৰী বিষয়া হিচাপে…
-
পাপিয়া ঘোষ
পাপিয়া ঘোষ (Papiya Ghosh) এগৰাকী দক্ষিণ এছিয়াৰ ইতিহাসৰ ইতিহাসবিদ আৰু ভাৰতৰ পাটনা বিশ্ববিদ্যালয় অধ্যাপক আছিল। ২০০৬ চনৰ ৩ ডিচেম্বৰত তেওঁক বৃদ্ধ গৃহ সহায়িকা মালতী দেৱীৰ সৈতে হত্যা কৰি থোৱা অৱস্থাত পোৱা গৈছিল, এই ঘটনা মূলতঃ চুৰিৰ চেষ্টাৰ ফলত হৈছিল। ঘোষ জাতিগতভাৱে এগৰাকী বাঙালী।
-
পোনাকা কনকাম্মা
পোনাকা কনকাম্মা (Ponaka Kanakamma; ১৮৯২–১৯৬৩) হ'ল এগৰাকী ভাৰতীয় সমাজকৰ্মী, কৰ্মী আৰু স্বাধীনতা সংগ্ৰামী, যিগৰাকী মহাত্মা গান্ধীৰ শিষ্য হিচাপে এবছৰতকৈও অধিক সময় কাৰাগাৰত বন্দী হৈ আছিল। তেখেতে নেল্লোৰত ছোৱালীৰ বাবে এখন বৃহৎ বিদ্যালয় শ্ৰী কস্তুৰীদেৱী বিদ্যালম প্ৰতিষ্ঠা কৰিছিল।
-
প্ৰজৱাল শাস্ত্ৰী
প্ৰজৱাল শাস্ত্ৰী বাংগালোৰৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ এষ্ট্ৰোফিজিক্সৰএজন জ্যোতিৰ্বিজ্ঞানী আৰু ৰেডিঅ'ৰ পৰা এক্স-ৰে তৰংগদৈৰ্ঘ্যলৈকে বহু-তৰংগদৈৰ্ঘ্য পৰ্যৱেক্ষণ ফেনোমেনোলজীৰ ক্ষেত্ৰত বিশেষজ্ঞ।
-
প্ৰভা চেটাৰ্জী
প্ৰভা আৰ. চেটাৰ্জী (Prabha Chatterji) ভাৰতৰ বাংগালুৰুৰ জন এফ ৱেলচ টেকন'লজি চেণ্টাৰ (পূৰ্বৰ জেনেৰেল ইলেক্ট্ৰিক গ্ল'বেল ৰিচাৰ্চ এণ্ড টেকন'লজি ডেভেলপমেণ্ট চেণ্টাৰ)ৰ এগৰাকী ভাৰতীয় বিজ্ঞানী।
-
প্ৰিয়ম্বদা নটৰাজন
প্ৰিয়ম্বদা (প্ৰিয়া) নটৰাজন (Priyamvada (Priya) Natarajan) হৈছে এগৰাকী ভাৰতীয় মূলৰ তাত্ত্বিক জ্যোতিপদাৰ্থবিজ্ঞানী। তেখেতে য়েল বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞান বিভাগৰ এগৰাকী অধ্যাপিকা। কৃষ্ণ পদাৰ্থ আৰু কৃষ্ণ শক্তিৰ অনুসন্ধানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা বৰঙনিৰ বাবে তেখেতক জনা যায়।
-
প্ৰীতি পাটকাৰ
প্ৰীতি পাটকাৰ (Priti Patkar) এগৰাকী ভাৰতীয় সমাজকৰ্মী তথা মানৱ অধিকাৰ কৰ্মী। তেওঁ ভাৰতৰ মুম্বাইৰ ৰেড লাইট জিলাৰ ভিতৰৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত ট্ৰেইলব্লেজাৰ হিচাপে কাম কৰা সংস্থা প্ৰেৰণাৰ সহ-প্ৰতিষ্ঠাপক আৰু পৰিচালকৰ পদত অধিষ্ঠিত।
-
প্ৰীতি শংকৰ
প্ৰীতি শংকৰ (Priti Shankar; ছেপ্টেম্বৰ ১৯৪৭ – অক্টোবৰ ২০১১) এগৰাকী ভাৰতীয় শিক্ষয়িত্ৰী, গৱেষক আৰু শিক্ষাবিদ। তেওঁৰ গৱেষণাবোৰ কম্পাইলাৰ ডিজাইন, আনুষ্ঠানিক ভাষা তত্ত্ব আৰু এল্গৰিথ্মিক কোডিং তত্ত্বৰ ক্ষেত্ৰসমূহত কেন্দ্ৰীভূত আছিল।
-
প্ৰেম চৌধুৰী
প্ৰেম চৌধুৰী (ইংৰাজী: Prem Chowdhry) এগৰাকী ভাৰতীয় সমাজ বিজ্ঞানী, ইতিহাসবিদ, আৰু নতুন দিল্লীস্থিত “ইণ্ডিয়ান কাউন্সিল অৱ হিষ্ট'ৰিকেল ৰিচাৰ্চ”ৰ জ্যেষ্ঠ শৈক্ষিক সভ্য। তেওঁ এগৰাকী নাৰীবাদী আৰু আনুষ্ঠানিক বিবাহ অস্বীকাৰ কৰা দম্পতীৰ বিৰুদ্ধে হোৱা হিংসাৰ সমালোচক।
-
প্ৰেমলীলা বিথালদাস থাকাৰচি
লেডী থাকাৰচি নামেৰে পৰিচিত প্ৰেমলীলা বিথালদাছ (১৮৯৪–১৯৭৭) এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু গান্ধীবাদী আছিল নাৰী। শিক্ষাবিদ আৰু দানবীৰ ছাৰ বিথালডাস থাকাৰচিৰ পত্নী আছিল প্ৰেমলীলা বিথালদাস থাকাৰচি। ১৯২৫ চনত যেতিয়া তেওঁৰ স্বামীৰ মৃত্যু হয়, তেতিয়া তেওঁৰ বয়স আছিল ৩১ বছৰ।
-
পৰমজিৎ খুৰানা
পৰমজিৎ খুৰানা (Paramjit Khurana; জন্ম ১৫ আগষ্ট ১৯৫৬) উদ্ভিদ জৈৱ প্ৰযুক্তি, আণৱিক জীৱবিজ্ঞান, জিনমিক্সৰ এজন ভাৰতীয় বিজ্ঞানী যি বৰ্তমান দিল্লীৰ দিল্লী বিশ্ববিদ্যালয়ৰ উদ্ভিদ আণৱিক জীৱবিজ্ঞান বিভাগৰ অধ্যাপক। তেওঁ বহুতো বঁটা লাভ কৰিছে আৰু ১২৫ খনতকৈও অধিক বৈজ্ঞানিক গৱেষণা-পত্ৰ প্ৰকাশ কৰিছে।
-
ফ্ল'ছি কোহেন
ফ্ল’ছি কোহেন (১৯২৫–২০০৪) আছিল এজন ভাৰতীয় বংশোদ্ভূত এগৰাকী শিশু ইমিউন’লজিষ্ট, যি নিজৰ কেৰিয়াৰৰ বেছিভাগ সময় মিচিগানৰ শিশু চিকিৎসালয়ত কটাইছিল। তেওঁ ৱেইন ষ্টেট ইউনিভাৰ্চিটি স্কুল অৱ মেডিচিনৰ অধ্যাপকও আছিল।
-
বন্দনা জৈন
বন্দনা জৈন (Vandana Jain) এগৰাকী ভাৰতীয় কৰ্ণিয়া, কেটাৰেক্ট আৰু লেচিক চকু বিশেষজ্ঞ। নৱী মুম্বাইৰ এডভান্সড আই হস্পিতাল এণ্ড ইনষ্টিটিউটৰ প্ৰতিষ্ঠাপক সঞ্চালিকা।
-
বাসন্তী এন. ভাটনায়ক
বাসন্তী এন. ভাটয়ানকএগৰাকী ভাৰতীয় গণিতজ্ঞ। তেখেতৰ গৱেষণাই "সুষম অসম্পূৰ্ণ ব্লক ডিজাইন"(balanced incomplete block design), "দ্বিখণ্ডিত লেখ"(bivariegated graph),"গ্ৰেচফুল লেখ"(graceful graph), "লেখ সমীকৰণ", আৰু "কম্পনাংক বিভাজন"ক(frequency partition) সামৰি লয়।
-
বিজয় অটলুৰি
বিজয়ল্ক্ষী অটলুৰি (Vijay Atluri; জন্মঃ ১৯৫৬) ভাৰতীয় তথ্য প্ৰণালী সুৰক্ষা আৰু ডাটাবেছ ব্যৱস্থাপনাৰ বিশেষজ্ঞ কম্পিউটাৰ বিজ্ঞানী। তেওঁ নিউৱৰ্কৰ ৰাটজাৰ্ছ বিজনেছ স্কুলৰ ব্যৱস্থাপনা বিজ্ঞান আৰু তথ্য প্ৰণালীৰ অধ্যাপক। অটলুৰি হৈছে ইউনিভাৰ্চিটি অৱ দ্য পিপলৰ কম্পিউটা বিজ্ঞান বিভাগৰ উপদেষ্টা পৰিষদৰ সদস্য।
-
বিজয়লক্ষ্মী ৰবীন্দ্ৰনাথ
বিজয়লক্ষ্মী ৰবীন্দ্ৰনাথ (Vijayalakshmi Ravindranath; জন্ম ১৮ অক্টোবৰ ১৯৫৩) এগৰাকী ভাৰতীয় স্নায়ুবিজ্ঞানী। বৰ্তমান তেওঁ বাংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ চাইন্সৰ চেণ্টাৰ ফৰ নিউৰ’ছায়েন্সৰ অধ্যাপিকা।
-
বিদ্যাৱতী
বিদ্যাৱতী (Vidyavati) হ'ল ভাৰতৰ তেলেংগানাৰ ৱাৰংগলৰ কাকতীয়া বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য আৰু ১৯৩৯ চনৰ ১৫ ছেপ্টেম্বৰত গৌড় সম্প্ৰদায়ত তেওঁৰ জন্ম। তেওঁ ভাৰতীয় চাইক'লজিকেল ছ'চাইটিৰ সভানেত্ৰী।
-
বিনীতা বল
বিনীতা বল আছিল নেচনেল ইনষ্টিটিউট অৱ ইমিউন’লজিৰ বিজ্ঞানী তথা বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনস্থ প্ৰধানমন্ত্ৰীৰ মহিলা বিজ্ঞানৰ টাস্ক ফ’ৰ্চৰ সদস্য।
-
বিভা ত্ৰিপাঠী
বিভা ত্ৰিপাঠী (Vibha Tripathi; জন্ম: ৫ ফেব্ৰুৱাৰী ১৯৪৮) এগৰাকী ভাৰতীয় প্ৰত্নতত্ত্ববিদ। তেওঁ এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু ১৯৭৩ চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা "দ্য পেইণ্টেড গ্ৰে ৱেৰ-এ প্ৰটোহিষ্টৰিক কালচাৰ" শীৰ্ষক গৱেষণা-পত্ৰৰ বাবে পি.এইচডি. লাভ কৰিছিল।
-
বিমলা কাশ্যপ সুদ
বিমলা কাশ্যপ সুদ (Bimla Kashyap Sood,জন্ম ২৬ ফেব্ৰুৱাৰী ১৯৪২) ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে ভাৰতৰ হিমাচল প্ৰদেশৰ পৰা নিৰ্বাচিত হোৱা এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, সমাজকৰ্মী আৰু সংসদ (ৰাজ্য সভা)ৰ সদস্য।