ইলা ঘোষ (২৪ জুলাই ১৯৩০ - ১১ ডিচেম্বৰ ২০১৯) এগৰাকী মেকানিকেল ইঞ্জিনীয়াৰ আৰু বাংলা অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰথমগৰাকী মহিলা প্ৰাক্তন ছাত্ৰী।১
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
ইলা মজুমদাৰৰ জন্ম হৈছিল ১৯৩০ চনত পূব বংগৰ ফৰিদপুৰ জিলাৰ মাদাৰীপুৰ গাঁৱত। তেওঁ ছয়গৰাকী ভগ্নী আৰু দুজন ভাতৃৰ ভিতৰৰে এগৰাকী আছিল।২ তেওঁৰ পিতৃ যতীন্দ্ৰ কুমাৰ মজুমদাৰ এগৰাকী উপ-দণ্ডাধীশ আছিল আৰু মাতৃ আছিল গৃহিণী। সৰুৰে পৰাই অভিযান্ত্ৰিকতাৰ প্ৰতি তেওঁৰ আগ্ৰহী আছিল।১১৯৪৫ চনত পৰিয়ালটো কলিকতালৈ যোৱাৰ পূৰ্বে পশ্চিম বংগলৈ স্থানান্তৰিত হৈছিল। তেখেতে বংগ অভিযান্ত্ৰিক মহাবিদ্যালয়ত পঢ়িবলৈ নামভৰ্তি কৰিছিল, য’ত তেওঁৰ শ্ৰেণীত কেৱল মাত্ৰ এগৰাকীহে মহিলা আছিল। ২০০৮ চনত দ্য টেলিগ্ৰাফ (ভাৰত)ত দিয়া এক সাক্ষাৎকাৰত তেওঁ কয় যে "গোটেই বেটচটোত অইন এগৰাকী মহিলাও আছিল। প্ৰথমতে ল'ৰাবোৰ স্তম্ভিত হৈছিল, কিন্তু শীঘ্ৰেই আমি ভাল বন্ধু হৈ পৰিছিলোঁ। ক্ৰিকেট মেচত বিলাকত তেওঁলোকৰ লগত আমি আড্ডা মাৰি কৌতুক কৰি তেওঁলোকক উৎসাহিত কৰিছিলো।" তাৰ বাবে আমি কেতিয়াও অস্বস্তি অনুভৱ কৰা নাছিলো।" ২ তেওঁৰ সতীৰ্থ মহিলা ছাত্ৰীগৰাকীয়ে এবছৰৰ পিছত মহাবিদ্যালয় ত্যাগ কৰিছিল, যাৰ ফলত তেওঁ মহাবিদ্যালয়খনৰ পৰা স্নাতক হোৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হৈছিল।১তেওঁ ১৯৫১ চনত স্নাতক ডিগ্ৰী লাভ কৰিছিল।১
কৰ্মজীৱন
স্নাতকোত্তৰ প্ৰশিক্ষণৰ বাবে, তেওঁ গ্লাছগোস্থিত কোম্পানী বাৰ আৰু ষ্ট্ৰাউডৰ বাবে কাম কৰিবলৈ যুক্তৰাজ্য ভ্ৰমণ কৰিছিল।১ ভাৰতলৈ উভতি আহি তেওঁ ডেৰাডুনৰ এটা অস্ত্ৰ-শস্ত্ৰৰ কাৰখানাত কাম কৰিছিল। তাৰ পিছত তেওঁ ১৯৫৫ চনত দিল্লী পলিটেকনিকত প্ৰবক্তাৰ পদ গ্ৰহণ কৰিছিল।১বিবাহৰ পিছত, তেওঁ কলিকতালৈ ঘূৰি যায়। য'ত তেওঁ মৰাপাট প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ প্ৰবক্তা হৈছিল। আৰু তাৰ পিছত গৰিয়াহাট ৰোডৰ মহিলা পলিটেকনিকৰ অধ্যক্ষ হয়।২ ১৯৮৫ চনত ইউনেস্কোৱে বাংলাদেশৰ ঢাকাত মহিলা পলিটেকনিক স্থাপনৰ বাবে তেওঁৰ সৈতে যোগাযোগ কৰিছিল।১
১৯৬৭ চনত যুক্তৰাজ্যৰ কেম্ব্ৰিজত অনুষ্ঠিত হোৱা দ্বিতীয়খন আন্তঃৰাষ্ট্ৰীয় মহিলা অভিযন্তা আৰু বিজ্ঞানী সন্মিলনত তেওঁ অংশগ্ৰহণ কৰিছিল।৩
শিৱপুৰৰ গ্ল’বেল এলুমনি এছ’চিয়েশ্যন অৱ বেংগলী ইঞ্জিনিয়াৰিং এণ্ড চাইন্স ইউনিভাৰ্চিটিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁৰ কেৰিয়াৰত সন্মুখীন হোৱা লিংগ পক্ষপাতিত্বৰ বিষয়ে কৈছিল:
"অৱশ্যে, মই মোৰ পেছাদাৰী জীৱনত সকলো সময়তে লিংগ পক্ষপাতিত্বৰ সন্মুখীন হৈ আহিছো। মই ভাবো সমাজৰ মানসিকতা সলনি কৰিবলৈ দীঘলীয়া সময়ৰ প্ৰয়োজন হ'ব, আৰু ইয়াক সহ্য কৰাৰ বাহিৰে আন কোনো উপায় নাই।কিন্তু কিছুমান সৰু সুৰা অজুহাত দেখুৱাই বাছনি নাইবা পদোন্নতিৰ সময়ত যে এগৰাকী মহিলাই সঠিক স্থান দিয়া নহয়,সেই কথাটোৱে দুখ দিয়ে।কিয়নো তেওঁলোকে ভাবে যে, মহিলাগৰাকী পুৰুষসকলৰ বছ হ'ব নোৱাৰে। মহিলাগৰাকীয়ে এই কথাটো সহি থাকিবলৈ বাধ্য হয়।" ১</blockquote>
ব্যক্তিগত জীৱন
১৯৫৯ চনত বিবাহ পাশত আৱদ্ধ হৈ ইলা মজুমদাৰে তেওঁৰ স্বামীৰ উপাধি গ্ৰহণ কৰিছিল। ১৯৬০ চনত দম্পতীটিৰ এটা পুত্ৰ সন্তান হৈছিল। ১৯৬৩ চনত এগৰাকী কন্যা সন্তান জন্ম হৈছিল যদিও কন্যা সন্তানটি মৃত বুলি তেওঁলোকে গম পাইছিল। তেওঁৰ দ্বিতীয় পুত্ৰ সন্তানৰ ১৯৬৭ চনত জন্ম হৈছিল।৪
তথ্যসূত্ৰ
- ↑ First Female Engineer Alumnus of BEC Passes Away.. www.gaabesu.in
- ↑ Lone woman in the classroom. www.telegraphindia.com
- ↑ Koerner, Emily Rees. (2020-12-04). Who went to the International Conference of Women Engineers and Scientists (ICWES) in 1964 and 1967?. Electrifying Women
- ↑ Chakraborty, Tanusree. "Ila Ghose ('51ME), the first woman engineer from Bengal Engineering College." Alumni Link – a publication of the Global Alumni Associations of Bengal Engineering and Science University, Shibpur.
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইলা ঘোষ” প্ৰবন্ধৰ সংশোধন ৫৩৮৬১৯ (১৪ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।