ড° কৃতি কৰন্থ (Krithi Karanth) হ'ল মুখ্য সংৰক্ষণ বিজ্ঞানী আৰু বন্যপ্ৰাণী অধ্যয়ন কেন্দ্ৰ, বাংগালোৰৰ সঞ্চালক; ডিউক বিশ্ববিদ্যালয় আৰু ৰাষ্ট্ৰীয় জীৱবিজ্ঞান কেন্দ্ৰৰ এডজাংক্ট ফেকাল্টি।১
কাম
কৃতি কৰন্থে ড্যুকৰ পৰা পি এইচ ডি (২০০৮), ইয়েলৰ পৰা এম ই এছ চি (২০০৩), আৰু, ফ্ল’ৰিডা বিশ্ববিদ্যালয়ৰ পৰা বি.এছ আৰু বি.এ ডিগ্ৰী (২০০১) লাভ কৰিছিল। ভাৰত আৰু এছিয়াত ২২ বছৰীয়া তেওঁৰ গৱেষণাই বন্যপ্ৰাণী সংৰক্ষণৰ মানৱীয় মাত্ৰাৰ বহু বিষয় সামৰি লৈছে। প্ৰজাতিৰ বিতৰণ আৰু বিলুপ্তিৰ আৰ্হি, বন্যপ্ৰাণী পৰ্যটনৰ প্ৰভাৱ, স্বেচ্ছামূলক পুনৰ সংস্থাপনৰ পৰিণতি, ভূমি ব্যৱহাৰৰ পৰিৱৰ্তন আৰু মানুহ-বন্যপ্ৰাণীৰ পাৰস্পৰিক ক্ৰিয়া-কলাপ বুজি পোৱাৰ বাবে তেওঁ বিস্তৃত অধ্যয়ন কৰিছিল। তেওঁ ১০০+ বৈজ্ঞানিক আৰু জনপ্ৰিয় প্ৰবন্ধ প্ৰকাশ কৰিছে। কৃতিয়ে কনজাৰ্ভেচন বায়’লজি, কনজাৰ্ভেচন লেটাৰ্ছ আৰু ফ্ৰণ্টিয়াৰ্ছ ইন ইক’লজি এণ্ড এনভাইৰনমেণ্ট নামৰ আলোচনীসমূহৰ সম্পাদকীয় মণ্ডলীত কাৰ্যনিৰ্বাহ কৰিছিল। কৃতিয়ে ১৫০ জনতকৈ অধিক যুৱ বিজ্ঞানীক পথ প্ৰদৰ্শন কৰি ৭০০জন নাগৰিক বিজ্ঞান স্বেচ্ছাসেৱকক তেওঁৰ গৱেষণা আৰু সংৰক্ষণ প্ৰকল্পত নিয়োজিত কৰিছে। তেওঁৰ এই কামসমূহ প্ৰায় ১৫০টা আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম যেনে আল জাজীৰা টেলিভিছন, বিবিচি, খ্ৰীষ্টান চাইন্স মনিটৰ, জিকিউ ইণ্ডিয়া, হাৰ্পাৰছ বাজাৰ, মংগাবে, মনোকল, নেচনেল জিঅ’গ্ৰাফিক, এনপিআৰ, নিউয়ৰ্ক টাইমছ, চাইণ্টিফিক আমেৰিকা, টাইম মেগাজিন আৰু ভাৰতীয় আউটলেট যেনে অল ইণ্ডিয়া ৰেডিঅ’, ডেকান ক্ৰনিকল, ডেকান হেৰাল্ড, ডাউন টু আৰ্থ, কানাড়া প্ৰভা, লাইভমিণ্ট, নিউ ইণ্ডিয়ান এক্সপ্ৰেছ, প্ৰাজাভানি, দ্য আদিয়ে কভাৰ কৰিছে হিন্দু, আৰু টাইমছ অৱ ইণ্ডিয়া আদিয়ে প্ৰকাশ কৰিছে। কৃতিৰ সংৰক্ষণ আৰু গৱেষণামূলক কাম-কাজক ৩খন বঁটা বিজয়ী বিবিচি ছিৰিজ - দ্য হাণ্ট, বিগ কেটছ এণ্ড ডাইনেষ্টিজ, আৰু চিবিচি আৰু পিবিএছৰ তথ্যচিত্ৰত প্ৰদৰ্শিত কৰা হৈছে। তেওঁ ৩খন তথ্যচিত্ৰ ক্ৰমে ৱাইল্ড চেভ, হিউমেন হাইৱেজ আৰু ৱাইল্ড শ্বালেৰ সহ-প্ৰযোজনা কৰিছে।
জনপ্ৰিয় সংস্কৃতিত
কৃতি হৈছে নেচনেল জিঅ'গ্ৰাফিক ছ'চাইটিৰ ১০,০০০ সংখ্যক অনুদানপ্ৰাপ্ত ব্যক্তি আৰু ২০১২ চনৰ উদীয়মান অন্বেষণকাৰী। তেওঁৰ ৪০টাতকৈও অধিক বঁটা আৰু স্বীকৃতিৰ ভিতৰত আছে ৱৰ্ল্ড ইকনমিক ফ'ৰাম ইয়ং গ্ল'বেল লিডাৰ, ইউনিভাৰ্চিটি অৱ ফ্ল'ৰিডাৰ আউটষ্টেণ্ডিং ইয়ং এলামনাছ, আইএনকে ফেল', ফেমিনাৰ ভাৰতৰ পাৱাৰ উইমেন, এলে ইণ্ডিয়াৰ উইমেন অৱ দ্য ইয়েৰ, ভ'গ উইমেন অ'ফ দ্য ইয়েৰ আৰু চিয়াটেল চিৰিয়াখানাৰ থ্ৰাইভ কনজাৰভেচন লিডাৰশ্বিপ এৱাৰ্ড। ২০১৯ চনত তেওঁক সংৰক্ষণৰ বাবে ৱিংছ উইমেন অৱ ডিস্কভাৰী বঁটা, জিক্যু মেন অৱ দ্য ইয়েৰ -পৰিৱেশৰ নায়ক আৰু ৰোলেক্স এৱাৰ্ড ফৰ এণ্টাৰপ্ৰাইজ বঁটা লাভ কৰিছিল।
সন্মান আৰু পুৰস্কাৰ
- ২০১১ চনত তেওঁক নেচনেল জিঅ'গ্ৰাফিক ছ'চাইটিৰ ১০,০০০ সংখ্যক অনুদানপ্ৰাপ্ত ব্যক্তি হিচাপে সন্মানিত কৰা হৈছিল।
- ২০১২ চনত তেওঁক নেচনেল জিঅ'গ্ৰাফিক এমাৰ্জিং এক্সপ্লোৰাৰ হিচাপে নিৰ্বাচিত কৰা হৈছিল।১
- ২০১২ চনত ফেমিনাৰ দ্বাৰা তেওঁক ভাৰতৰ শক্তিশালী মহিলা হিচাপে নিৰ্বাচিত কৰা হৈছিল।
- এল্লে ইণ্ডিয়াৰ ২০১৩ বৰ্ষৰ মহিলা।
- ২০১৯ উইমেন অৱ ডিস্কভাৰী বঁটা।
- বন্য জীৱন উদ্ভাৱক বঁটা ২০২১।
তথ্যসূত্ৰ
- ↑ Bhumika, K. (2014-07-19). Queen of conservation. The Hindu
- ↑ Bagchi, Apeksha. (December 27, 201). Wildlife Conservation Scientist Dr. Krithi Karanth Wins 2019 Women Of Discovery Award. IWB
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৃতি কৰন্থ” প্ৰবন্ধৰ সংশোধন ৪৮৫১৬১ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।