আভা সাক্সেনা (Abha Saxena) এগৰাকী জৈৱনীতিবিদ আৰু বিশ্ব স্বাস্থ্য বিশেষজ্ঞ। তেখেতে এনাস্থেচিয়া বিশেষজ্ঞ হিচাপে প্ৰশিক্ষণ লৈছিল, আৰু ২০০১ চনত বিশ্ব স্বাস্থ্য সংস্থালৈ যোৱাৰ আগতে কেইবাবছৰ ধৰি চিকিৎসা চৰ্চা কৰিছিল। তাত তেওঁ জৈৱনীতিৰ কামৰ সৈতে যথেষ্ট জড়িত হৈ পৰিছিল, বিশ্ব স্বাস্থ্য সংস্থাৰ গৱেষণা নৈতিকতা সমিতি আৰু গ্ল’বেল হেল্থ এথিক্স টিমৰ সমন্বয় কৰিছিল। ২০১৮ চনৰ পৰা সাক্সেনা জেনেভা বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক আৰু ইনক্লেন ট্ৰাষ্ট ইণ্টাৰনেশ্যনেলৰ জ্যেষ্ঠ জৈৱনীতি উপদেষ্টা।
শিক্ষা
নতুন দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সৰ পৰা স্নাতক ডিগ্ৰী, এম বি বি এছ, আৰু এম ডি সম্পূৰ্ণ কৰি সাক্সেনাই এনাস্থেচিয়া বিশেষজ্ঞ হিচাপে প্ৰশিক্ষণ লয়।১
কেৰিয়াৰ
১৯৮৬ চনৰ পৰা ১৯৯৯ চনলৈ নতুন দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সৰ অধ্যাপকৰ সদস্য আছিল, সেই সময়ছোৱাত তেওঁ এনাস্থেচিয়া আৰু প্ৰশমনমূলক যত্নত অধ্যাপনা আৰু গৱেষণা কৰিছিল।১ বিশ বছৰ ধৰি তেওঁ ভাৰতৰ চিকিৎসালয় আৰু সমাজভিত্তিক গৱেষণাত সক্ৰিয়ভাৱে চিকিৎসা অনুশীলন কৰিছিল।
২০০১ চনত তেওং ছুইজাৰলেণ্ডৰ জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাত যোগদান কৰে।২ তাত ২০০২ চনৰ পৰা ২০১৮ চনলৈকে ডব্লিউ এইচ অ’ৰ গৱেষণা নৈতিকতা পৰ্যালোচনা সমিতি, আৰু ২০১৩ চনৰ পৰা ২০১৮ চনলৈকে গ্ল’বেল হেল্থ এথিক্স টিম পৰিচালনা কৰিছিল।৩ ২০১৮ চনৰ মে’ মাহত সাক্সেনাই বিশ্ব স্বাস্থ্য সংস্থা এৰি এতিয়া জেনেভা বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক আৰু ইনক্লেন ট্ৰাষ্ট ইণ্টাৰনেশ্যনেলৰ জ্যেষ্ঠ জৈৱনীতি উপদেষ্টা।৩
ব্যক্তিগত জীৱন
সাক্সেনা বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে জডি়ত শেখৰ সাক্সেনাৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আৰু তেওঁলোকে একেলগে ছুইজাৰলেণ্ডৰ জেনেভাত বসবাস কৰে।৪ তেওঁলোকৰ দুগৰাকী প্ৰাপ্তবয়স্ক কন্যা সন্তান আছে।
তথ্যসূত্ৰ
- ↑ Abha Saxena (Chair). Target Malaria
- ↑ Brief Bio. Polish Academy of Sciences
- ↑ (30 September 2019). Alumni - Abha Saxena. University of Geneva
- ↑ Journal of Indian Association for Child and Adolescent Mental Health, under Journal Ethics Committee for her and International Advisory Board for him
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আভা সাক্সেনা” প্ৰবন্ধৰ সংশোধন ৪৯১০২৯ (১২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।