অলকা কৃপলানী ( Alka Kriplani) এগৰাকী ভাৰতীয় স্ত্ৰীৰোগ বিশেষজ্ঞ,১২ চিকিৎসা বিষয়ক লেখিকা আৰু শিক্ষাবিদ। তেওঁ প্ৰজনন এণ্ডক্ৰাইন'লজী আৰু স্ত্ৰীৰোগ বিশেষজ্ঞৰ এণ্ড'স্কপিৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে পৰিচিত।৩৪ তেওঁ নতুন দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সৰ অধ্যাপিকা আৰু স্ত্ৰীৰোগ আৰু প্ৰসূতি বিভাগৰ মুৰব্বী আছিল।৫ ২০০৭ চনত ড° বি চি ৰয় বঁটা লাভ কৰা৩ তেওঁক ২০১৫ চনত ভাৰত চৰকাৰে চতুৰ্থ সৰ্বোচ্চ ভাৰতীয় অসামৰিক পদ্মশ্ৰীৰে সন্মানিত কৰে।৬
জীৱনী
অলকা কৃপালানীয়ে মেডিচিন (এমবিবিএছ)ত স্নাতক আৰু ভাৰতৰ ছত্তীশগড় ৰাজ্যৰ ৰায়পুৰৰ পণ্ডিত জৱাহৰ লাল নেহৰু মেম'ৰিয়েল মেডিকেল কলেজৰ৭ পৰা স্ত্ৰীৰোগ আৰু প্ৰসূতি (MD)৮ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। পিছলৈ তেওঁ নতুন দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সত যোগদান কৰে আৰু তাত এগৰাকী অধ্যাপিকা আৰু স্ত্ৰীৰোগ আৰু প্ৰসূতি বিভাগৰ মুৰব্বী হয়।৭৯ লণ্ডনৰ ৰয়েল কলেজ অৱ অব্ষ্টেট্ৰিচিয়ানছ এণ্ড গাইনেক'লজিষ্ট (FRCOG)ৰ সন্মানীয় ফেলো৪৮৯ আৰু ছিংগাপুৰৰ একাডেমী অৱ মেডিচিন (এফ এ এম এছ), ভাৰতীয় প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ মহাবিদ্যালয় (FICOG), ভাৰতীয় মাতৃ আৰু শিশু স্বাস্থ্য মহাবিদ্যালয় (FICMCH) আৰু ফেডাৰেচন অৱ ইমিউন'লজিকেল ছ'চাইটিজ অৱ এছিয়া-অ'চেনিয়া (FIMSA)ৰ ফেল’শ্বিপ লাভ কৰিছে।১০
ডাঃ কৃপলানীয়ে ২০১১ চনৰ পৰা ভাৰতীয় গাইনেক'লজিকেল এণ্ড'ক্ৰাইন ছ'চাইটি (GESI)ৰ সভাপতি, এছ'চিয়েচন অৱ অব্ষ্টেট্ৰিচিয়ানছ এণ্ড গাইনেক'লজিষ্টছ অৱ দিল্লীৰ (AOGD) প্ৰাক্তন সভাপতি আৰু ফেডাৰেচন অৱ অব্ষ্টেট্ৰিচিয়ানছ এণ্ড গাইনেক'লজিকেল ছ'চাইটিজ অৱ ইণ্ডিয়া৪১০ আৰু দিল্লী গাইনেক'লজিকেল এণ্ড'স্ক'পিষ্ট ছ'চাইটিৰ প্ৰাক্তন উপ-সভাপতি।৩ তেওঁ বিগত সময়ত বিভিন্ন পদবীত এ অ' জি ডিৰ সেৱা আগবঢ়াই আহিছে১০ আৰু ইণ্ডিয়ান কলেজ অৱ অব্ষ্টেট্ৰিচিয়ান এণ্ড গাইনেকোলজিষ্টৰ গভৰ্নিং কাউন্সিলৰ প্ৰাক্তন সদস্য,৪ এফ অ' জি এছ আইৰ সহযোগী প্ৰতিষ্ঠান।৩ এছিয়ান জাৰ্নেল অৱ অব্ষ্টেট্ৰিক্স এণ্ড গাইনেক'লজিৰ সম্পাদক মণ্ডলীৰ সদস্যও আছিল।৩
কৃপলানীক স্ত্ৰীৰোগ বিশেষজ্ঞৰ ক্ষেত্ৰত গৱেষণা আৰু ক্লিনিকেল ট্ৰায়েলৰ সৈতে জড়িত বুলি কোৱা হৈছে১১ আৰু তেওঁৰ তথ্যসমূহ সম-ক্ষেত্ৰীয় পঢ়ুৱৈৰ দ্বাৰা পৰ্যালোচিত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনীত প্ৰকাশিত কেইবাখনো গৱেষণা পত্ৰৰ দ্বাৰা লিপিবদ্ধ কৰা হৈছে।১২১৩১৪১৫ ২ খন কিতাপ,১৬ ২৬৯ খন চিকিৎসা গৱেষণা পত্ৰ,১৭১৮ ২৭১ খন বিমূৰ্তৰে৪ গঠিত ৬৯১ খন প্ৰকাশিত ৰচনাৰ১৯ লেখিকা আৰু আন লেখকৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ৩৪ত ৫৩ টা অধ্যায়ৰ অৱদান আগবঢ়াইছে।১০ ভাৰত আৰু বিদেশত ৫০০ৰো অধিক অতিথি বক্তৃতা প্ৰদান কৰিছে, ৭৯খন লাইভ কৰ্মশালা অনুষ্ঠিত কৰিছে১০ আৰু এইমছত নিয়মীয়াকৈ এণ্ড'স্কপি প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰিছে।৩৪২০
নেচনেল একাডেমী অৱ মেডিকেল ছায়েন্সৰ নিৰ্বাচিত ফেলো কৃপলানী২১ কেইবাটাও বঁটা আৰু সন্মান যেনে চি.এল.ঝাভেৰী (১৯৯৫), ডাঃ নীৰা আগৰৱাল স্বৰ্ণ পদক (১৯৯৯), কে.পি.তামাস্কাৰ বঁটা (২০০২), ডিএমএ মেডিকেল টিচাৰ্ছ বঁটা (২০০৫), জগদিশ্বৰী মিশ্ৰ বঁটা (২০০৬), ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান লাভ কৰিছে গৌৰৱ বঁটা (২০০৭), আইএমএএমএছ ডিষ্টিংচড চাৰ্ভিচ এৱাৰ্ড (২০০৭), বেয়াৰ শ্বেৰিং এপিচিঅ'চি টেলেণ্টছ এনুৰেজমেণ্ট এৱাৰ্ড (২০০৮), প্ৰজনন এণ্ডক্ৰাইন'লজীত ডাঃ নিমিছ শ্বেলাট ৰিচাৰ্চ প্ৰাইজ (২০১০) আৰু ডিজিএফ উইমেন অৱ দ্য ইয়েৰ বঁটা (২০১০)।৩৪১০ ভাৰত চৰকাৰে ২০০৭ চনত তেওঁক ডাঃ বি চি ৰয় বঁটা৯১০, সৰ্বোচ্চ ভাৰতীয় চিকিৎসা বঁটা প্ৰদান কৰে৩৪ আৰু ইয়াৰ পিছত ২০১৫ চনত পদ্মশ্ৰীৰ অসামৰিক বঁটা প্ৰদান কৰে।৬৯
তথ্যসূত্ৰ
- ↑ (2015). Dr. Alka Kriplani - Obstetricians And Gynaecologists (ob/gyn). Med India
- ↑ Dr. Alka Kriplani - Gynaecologist, Book Online Appointment | Credihealth
- ↑ (2015). Sehat. Sehat
- ↑ (2015). IJCP. IJCP
- ↑ (2015). Boloji. Boloji
- ↑ (2015). Padma Awards. Padma Awards
- ↑ (2 February 2015). Hindustan Times. Hindustan Times
- ↑ (2015). Q Medicine. Q Medicine
- ↑ (2015). Edu Billa. Edu Billa
- ↑ (2015). Gynae-Endocrine Society of India. Gynae-Endocrine Society of India
- ↑ (2015). Clinical Trials. CTRI
- ↑ (2015). Profile on Easy Bib Research. Easy Bib Research
- ↑ (2015). Profile on NCBI. NCBI
- ↑ (2015). Profile on Microsoft Academic Search. Microsoft Academic Search
- ↑ (2015). Profile on Pub Facts. Pub Facts
- ↑ Alka Kriplani. (2006). Controversies in Obstetrics. Gynecology and Infertility. Jaypee Brothers. পৃ. 568. ISBN 9788180617041
- ↑ Alka Kriplani; Garima Kachhawa. (2014). Polycystic ovary syndrome: Novel insights into causes and therapy. Indian Journal of Medical Research. পৃ. 653–654. ISBN 978-3-318-0-2238-4
- ↑ Alka Kriplani; Reeta Mahey; Biswa Bhusan Dash. (July 2013). Intravenous iron sucrose therapy for moderate to severe anaemia in pregnancy. Indian J Med Res. পৃ. 78–82
- ↑ Manju Gita Mishra; Hemali Heidi Sinha. (2014). Treatment and Prognosis in Obstetrics & Gynecology. JP Medical. পৃ. 509. ISBN 9789351521624
- ↑ (2015). AIIMS. AIIMS
- ↑ (2016). List of Fellows - NAMS. National Academy of Medical Sciences
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অলকা কৃপালানী” প্ৰবন্ধৰ সংশোধন ৫৯৭৪৮৫ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।