বাংলাদেশ
৭১ প্ৰবন্ধ
-
বিশ্ব চিলেট সন্মিলন
বিশ্ব চিলেট সন্মিলন (World Sylhet Convention) হৈছে আমেৰিকা, কানাডা, যুক্তৰাজ্য, জাপান, ভাৰত, বাংলাদেশ আৰু অন্যান্য ঠাইত বাস কৰা চিলেটিসকলৰ বাৰ্ষিক সাংস্কৃতিক সংবহন।
-
মংগল শোভাযাত্ৰা
মংগল শোভাযাত্ৰা বা মংগোল শোভাযাত্ৰা, বাংলাদেশত বাংলা নৱবৰ্ষৰ প্ৰথম দিনটোত সম্পন্ন হোৱা এক গণ শোভাযাত্ৰা। ঢাকা বিশ্ববিদ্যালয়ৰ সূক্ষ্ম কলা অনুষদৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে এই শোভাযাত্ৰাৰ আয়োজন কৰে। এই উৎসৱক বাংলাদেশী জনসাধাৰণৰ ধৰ্মনিৰপেক্ষ পৰিচয়ৰ প্ৰকাশ আৰু একতা বৃদ্ধিৰ উপায় হিচাপে গণ্য কৰা হয়।
-
মতিহাৰ কুঠী
ৰাজশাহী বিশ্ববিদ্যালয় চৌহদৰ ভিতৰত আৰু ইয়াৰ মূল দুৱাৰৰ ওচৰতে অৱস্থিত মতিহাৰ কুঠী এটা ঔপনিৱেশিক ভৱন। বৰ্তমান ইয়াক বিশ্ববিদ্যালয়খনৰ কাৰ্যালয় বিএনচিচি হিচাপে ব্যৱহাৰ কৰা হয়। সাধাৰণ ৰূপত ই চৰ্দাৰ কুঠীৰ সৈতে মিল আছে গতিকে ইয়াক ১৭৮১ চনত ডাচ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিৰ্মাণ কৰে।
-
ময়নামতী
ময়নামতী (Môynamoti) নামে ঠাইখণ্ড বাংলাদেশৰ এক বিচ্ছিন্ন নিম্নভূমি অঞ্চল, সৰু সৰু খাতযুক্ত পাহাৰ, য'ত খ্ৰীষ্টপূৰ্ব ৮ম আৰু দ্বাদশ শতিকাৰ ভিতৰৰ ৫০টাতকৈও অধিক প্ৰাচীন বৌদ্ধ বসতিস্থল আছিল বুলি চিহ্নিত কৰা হৈছে। ই বংগদেশৰ প্ৰাচীন ত্ৰিপুৰা অঞ্চলৰ এক অংশ আছিল।
-
শীতল পাটি
শীতল পাটি (Shital Pati) ধাৰি সদৃশ মজিয়াত পাৰি বহা আসন। পাটি বেত (Schumannianthus dichotomus) নামৰ এবিধ গুল্মজাতীয় উদ্ভিদৰ বাকলিৰে এই পাটি তৈয়াৰ কৰা হয়। হস্তশিল্প হিচাপে ইয়াৰ যথেষ্ট আদৰ। চহৰত ইয়াক ঘৰ সজোৱা সামগ্ৰী আৰু গাঁৱত বহা আসন বা বিছনা চাদৰৰ বিকল্প হিচাপে ব্যৱহাৰ কৰা হয়।
-
স্বাধীনতা পুৰস্কাৰ
স্বাধীনতা পদকবা স্বাধীনতা পুৰস্কাৰ(Independence Award)বাংলাদেশ চৰকাৰে প্ৰদান কৰা সৰ্বোচ্চ অসামৰিক বঁটা।১৯৭১ চনৰ বাংলাদেশৰ স্বাধীনতা যুদ্ধৰ বীৰ শ্বহীদসকলৰ স্মৃতিত ১৯৭৭ চনৰপৰা প্ৰতি বছৰে বাংলাদেশৰ স্বাধীনতা দিৱস দিনা অৰ্থাৎ ২৬ মাৰ্চত এই পদক প্ৰদান কৰা হয়।
-
আহচান মঞ্জিল
আহচান মঞ্জিল ( Ahsan Manzil) বাংলাদেশৰ ঢাকাৰ বুৰিগংগা নদীৰ কাষৰ কুমাৰতোলি অঞ্চলত অৱস্থিত এটা ঐতিহাসিক ৰাজপ্ৰাসাদ। পূৰ্বতে ই ঢাকাৰ নবাবৰ বাসস্থান আৰু আসন আছিল আৰু ইয়াক পুৰণি ঢাকাৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। এতিয়া ই সংগ্ৰহালয় হিচাপে কাম কৰে।
-
ওলাদেৱী
ওলাদেৱী বা ওলাইচণ্ডী হৈছে কলেৰাৰ দেৱী, যাক বাংলা অঞ্চলৰ (বৰ্তমানৰ বাংলাদেশ আৰু পশ্চিমবংগ) লগতে মাৰৱাৰ, ৰাজস্থানৰ লোকসকলে পূজা কৰে। দেৱীগৰাকীক ওলাইচণ্ডী, ওলাবিবি আৰু বিবিমা নামেও জনা যায়। তেওঁ বিশেষকৈ বঙালী হিন্দুসকলৰদ্বাৰা পূজিত।
-
কান্তনগৰ মন্দিৰ
কান্তজিউ মন্দিৰ (Kantajew Temple) বা কান্তজীৰ মন্দিৰ বা কান্তনগৰ মন্দিৰ হʼল বাংলাদেশৰ দিনাজপুৰ জিলাত অৱস্থিত এটি মধ্যযুগীয় হিন্দু মন্দিৰ। মহাৰাজ প্ৰাণনাথ ৰায়ে মন্দিৰটি শ্ৰীকৃষ্ণ আৰু তেওঁৰ পত্নী ৰুক্মিণীক উৎসৰ্গ কৰি নিৰ্মিত কৰিছিল।
-
কুৱাকাটা ৰাষ্ট্ৰীয় উদ্যান
কুৱাকাটা ৰাষ্ট্ৰীয় উদ্যান (Kuakata National Park) বাংলাদেশৰ আই ইউ চি এন দ্বিতীয় শ্ৰেণীৰ ৰাষ্ট্ৰীয় উদ্যান আৰু প্ৰকৃতি সংৰক্ষিত বনাঞ্চল। এই উদ্যানখন পতুৱাখালি জিলাৰ অন্তৰ্গত কালাপাৰা উপজিলাত অৱস্থিত।
-
কেঁচাগোল্লা
কেঁচাগোল্লা বা নাটোৰৰ কেঁচাগোলা (Kanchagolla; কাঁচাগোল্লা) হৈছে বাংলাদেশৰ নাটোৰ জিলাত উৎপাদিত গাখীৰৰ পৰা তৈয়াৰী মিঠাই। এই মিঠাই গৰুৰ গাখীৰৰ পৰা তৈয়াৰী কেঁচা ছানাৰে প্ৰস্তুত কৰা হয় বাবে ইয়াক কাঁচাগোল্লা বুলি জনা যায়।
-
খাদিমনগৰ ৰাষ্ট্ৰীয় উদ্যান
খাদিমনগৰ ৰাষ্ট্ৰীয় উদ্যান (Khadim Nagar National Park) বাংলাদেশৰ এখন প্ৰধান ৰাষ্ট্ৰীয় উদ্যান আৰু প্ৰকৃতি সংৰক্ষিত বনাঞ্চল। এই উদ্যানখন দেশৰ উত্তৰ-পূব অঞ্চলৰ চিলেট জিলাৰ চিলেট সদৰ উপজিলাত অৱস্থিত। উদ্যানখন মূলতঃ পাহাৰৰ ওপৰত অৱস্থিত আৰু ইয়াৰ চাৰিওফালে কলাগুল, ভূৰজান আৰু গুলনী চাহবাগিছা আছে।
-
চট্টেশ্বৰী মন্দিৰ
শ্ৰী শ্ৰী চট্টেশ্বৰী কালী মন্দিৰ হৈছে বাংলাদেশৰ চট্টগ্ৰাম নগৰৰ মাজভাগত অৱস্থিত দেৱী কালীৰ এক পুৰণি হিন্দু মন্দিৰ। ই বংগদেশৰ অন্যতম শক্তিপীঠ হিচাপে পৰিচিত। কথিত আছে, চট্টগ্ৰাম (চিটাগঙ) নামটো “চট্টেশ্বৰী দেৱী”ৰ নামৰপৰা উদ্ভৱ হৈছিল। “চট্টেশ্বৰী” শব্দৰ অৰ্থ হৈছে “চট্টগ্ৰামৰ দেৱী” বা “চিটাগঙৰ দেৱী”।
-
চন্দ্ৰনাথ মন্দিৰ
চন্দ্ৰনাথ মন্দিৰ বাংলাদেশৰ চট্টগ্ৰামৰ ওচৰত থকা চন্দ্ৰনাথ পাহাৰৰ ওপৰত অৱস্থিত হিন্দু তীৰ্থস্থান। ই এখন প্ৰসিদ্ধ শক্তিপীঠ, য’ত হিন্দু ধৰ্মগ্ৰন্থ অনুসৰি দেৱী সতীৰ সোঁহাত পৰিছিল। গুগল মেপৰ তথ্য অনুসৰি, ই সমুদ্ৰপৃষ্ঠৰপৰা প্ৰায় ১,০২০ ফুট (৩১০ মিটাৰ) উচ্চতাত অৱস্থিত।
-
ছিলঠীয়া জাতীয়তাবাদ
ছিলেটী জাতীয়তাবাদ বা ছিলঠীয়া জাতীয়তাবাদ হৈছে এক সাংস্কৃতিক আৰু সামাজিক আন্দোলন, যিয়ে ছিলেটৰ ভাষা, ইতিহাস আৰু সংস্কৃতিৰ আধাৰিত এক অনন্য ছিলেটী পৰিচয়ৰ দাবী কৰে। তেওঁলোকে দাবী কৰে যে ছিলেটী বা ছিলঠীয়া ভাষা বাংলাৰ উপভাষা নহয়, ই এটা সুকীয়া ভাষা।
-
জামদানী
জামদানী ( Jamdani) হৈছে বাংলাদেশৰ নাৰায়ণগঞ্জ জিলাৰ শীতলখোৱা নদীৰ পাৰৰ দক্ষিণ ৰূপসীত যুগ যুগৰে পৰা উৎপাদিত এবিধ মিহি মছলিন বস্ত্ৰ। ঐতিহাসিক জামদানী বস্ত্ৰৰ উৎপাদনক প্ৰতিশ্ৰুতিসম্পন্ন মোগল সম্ৰাটসকলে সাম্ৰাজ্যবাদী ক্ষমতাৰ দ্বাৰা পৃষ্ঠপোষকতা কৰিছিল।
-
ঢাকা ক্লাব
ঢাকা ক্লাব (Dhaka Club) হৈছে ঢাকাৰ আটাইতকৈ পুৰণি বিনোদন সংস্থা আৰু অভিজাত ক্লাবৰ ভিতৰত আটাইতকৈ ডাঙৰ। মূলতঃ ই আছিল ব্ৰিটিছ ভাৰতৰ সৰ্বশ্বেত সংগঠন।
-
ধৰ্মপুৰ ৰাষ্ট্ৰীয় উদ্যান
ধৰ্মপুৰ ৰাষ্ট্ৰীয় উদ্যান (Dharmapur National Park) উত্তৰ বাংলাদেশৰ দিনাজপুৰ জিলাৰ বীৰাল উপজিলাৰ ধৰ্মপুৰ ইউনিয়নত অৱস্থিত এখন সংৰক্ষিত বনাঞ্চল৷ ২০২১ চনৰ ২৪ নৱেম্বৰত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়।
-
নওগাঁৰ পেৰা সন্দেশ
নওগাঁৰ পেৰা সন্দেশ ( Pera Sondesh of Naogaon; নওগাঁব় প্যাব়া সন্দেশ) বাংলাদেশৰ নওগাঁ জিলাত উৎপাদিত গাখীৰৰে তৈয়াৰ কৰা এবিধ মিঠাই। বৰ্তমানে বাংলাদেশৰ অন্যান্য ঠাইতো এই পেৰা সন্দেশ তৈয়াৰ কৰা হ’লেও সৰ্ব প্ৰথমে নওগাঁ জিলাতে তৈয়াৰ কৰা হৈছিল।স্বাদ ও মানে অতুলনীয় নওগাঁৰ প্যাৰা সন্দেশ আৰম্ভণিতে কেবল…
-
নৱাবগঞ্জ ৰাষ্ট্ৰীয় উদ্যান
নৱাবগঞ্জ ৰাষ্ট্ৰীয় উদ্যান (Nawabganj National Park) আই ইউ চি এনৰ চতুৰ্থ শ্ৰেণীৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বাংলাদেশৰ এখন প্ৰকৃতি সংৰক্ষিত বনাঞ্চল। এই উদ্যানখন দিনাজপুৰ জিলাৰ অন্তৰ্গত নৱাবগঞ্জ উপজিলা সদৰৰপৰা প্ৰায় এক কিলোমিটাৰ উত্তৰ-পশ্চিমে অৱস্থিত।
-
বঙ্গবন্ধু এভিনিউ
বঙ্গবন্ধু এভিনিউ (Bangabandhu Avenue; বঙ্গবন্ধু অ্যাভিনিউ) হৈছে ঢাকাৰ গুলিস্তানত অৱস্থিত এটা নগৰীয়া পথ। ইয়াৰ পূৰ্বৰ নাম আছিল জিন্না এভিনিউ বাংলাদেশৰ স্বাধীনতাৰ পিছত ইয়াৰ নাম সলনি কৰি বঙ্গবন্ধু এভিনিউ কৰা হয়। বাংলাদেশ আৱামী লীগৰ কেন্দ্ৰীয় কাৰ্যালয় বঙ্গবন্ধু এভিনিউত অৱস্থিত।
-
বড় কুঠি
বড় কুঠি (বাংলা: বড়োকুঠি) বাংলাদেশৰ ৰাজশাহীত অষ্টাদশ শতিকাত ডাচ্চ ব্যৱসায়ীসকলে নিৰ্মাণ কৰা এটা ঐতিহাসিক ভৱন। এই ভৱনটো ৰাজশাহী বিশ্ববিদ্যালয়ৰ প্ৰথম প্ৰশাসনিক কেন্দ্ৰ হিচাপেও ব্যৱহাৰ কৰা হৈছিল।
-
বাংলা উপভাষা
বাংলা ভাষাৰ উপভাষাসমূহ ইণ্ডো-ইউৰোপীয় ভাষা-পৰিবাৰৰ পূৰ্বাঞ্চলীয় ইণ্ডো-আৰ্য ভাষাসমূহৰ অংশ। ৰাঢ়ী (নদিয়া, কুষ্টিয়া, কলকাতা, হাওৰা, হুগলি, পূব বৰ্ধমান, মুৰ্শিদাবাদ জিলাৰ লগতে দক্ষিণবঙ্গ), বৰেন্দ্ৰী (মালদহ, মুৰ্শিদাবাদৰ জঙ্গিপুৰ মহকুমা, ৰাজশাহী বিভাগ, দিনাজপুৰসহ উত্তৰ-পশ্চিম বাংলা), ঝাড়খণ্ডী…
-
বাংলাদেশ শ্বৰ্ট ফিল্ম ফ'ৰাম
বাংলাদেশ শ্বৰ্ট ফিল্ম ফ'ৰাম (Bangladesh Short Film Forum বা BSFF) হৈছে বাংলাদেশৰ যুৱ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ এটা সংগঠন। ১৯৮৬ চনৰ ২৪ আগষ্টত একদল যুৱ স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু কৰ্মীয়ে সৃষ্টিশীল আৰু নান্দনিকভাৱে চহকী চিনেমাৰ বাবে চলোৱা অভিযানৰ অংশ হিচাপে এই ফ'ৰাম গঠন কৰিছিল।
-
বাংলাদেশত যৌনতা
বাংলাদেশত যৌনতা মূলতঃ ধৰ্ম আৰু সংস্কৃতিৰদ্বাৰা প্ৰভাবিত। বাংলাদেশৰ সংস্কৃতি প্ৰধানকৈ ৰক্ষণশীল আৰু পিতৃতান্ত্ৰিক। যৌন শিক্ষা, ৰোমাণ্টিক সম্পৰ্ক আৰু যৌন আচৰণকে ধৰি কেইবাটাও বিষয়ক নিষিদ্ধ বুলি গণ্য কৰা হয়।
-
বাংলাদেশত সুৰা
বাংলাদেশত সুৰা ব্যৱহাৰ চৰকাৰীভাৱে নিয়ন্ত্ৰিত আৰু সীমিত। বিশ্ব ব্যাংকে ২০১৫ চনত প্ৰকাশ কৰা এখন প্ৰতিবেদন অনুসৰি বাংলাদেশত বিশ্বৰ সৰ্বনিম্ন সুৰা বিক্ৰী হয়।
-
বাংলাদেশৰ জাতীয় প্ৰতীকসমূহ
বাংলাদেশৰ জাতীয় প্ৰতীকসমূহ বাংলাদেশী পৰম্পৰা আৰু আদৰ্শক প্ৰতিনিধিত্ব কৰিবলৈ প্ৰতীকৰে গঠিত যিয়ে সাংস্কৃতিক জীৱন আৰু ইতিহাসৰ বিভিন্ন দিশ প্ৰতিফলিত কৰে। বাংলাদেশত কেইবাটাও চৰকাৰী জাতীয় প্ৰতীক আছে, য’ত আছে এখন ঐতিহাসিক নথি, এখন পতাকা, এটা প্ৰতীক, এটা গীত, স্মৃতিসৌধ, লগতে কেইবাজনো জাতীয় নায়ক।
-
বাংলাদেশৰ মৰাপাট উদ্যোগ
বাংলাদেশৰ মৰাপাট উদ্যোগ ভাৰত উপমহাদেশত ইষ্ট ইণ্ডিয়া কোম্পানীৰ উত্থানৰপৰাই বাংলাদেশত মৰাপাট উদ্যোগটো ঐতিহাসিক আৰু সাংস্কৃতিকভাৱে গুৰুত্বপূৰ্ণ। এসময়ত দেশৰ সৰ্ববৃহৎ উদ্যোগ আৰু ৰপ্তানিৰ এক প্ৰধান সামগ্ৰী হিচাপে পৰিগণিত হোৱা মৰাপাট উদ্যোগটো ১৯৭০ চনৰপৰা হ্ৰাস পাইছে।
-
বাংলাদেশৰ স্থাপত্য
বাংলাদেশৰ স্থাপত্য বংগ অঞ্চল আৰু বিশাল ভাৰত উপমহাদেশৰ স্থাপত্যৰ সৈতে জড়িত। বাংলাদেশৰ স্থাপত্যৰ ইতিহাস বহু পুৰণি আৰু ই বাংলাদেশৰ সংস্কৃতি, ধৰ্ম আৰু ইতিহাসত শিপাই আছে। শতিকাজুৰি ইয়াৰ বিকাশ ঘটিছে আৰু সামাজিক, ধৰ্মীয় আৰু বিদেশী সম্প্ৰদায়ৰপৰা প্ৰভাৱ সামৰি থিয় হৈ আছে।
-
বাঘা মছজিদ
বাঘা মছজিদ(Bagha Mosque) বাংলাদেশৰ ৰাজশাহীৰ পৰা ৪০ কিলোমিটাৰ দক্ষিণ-পূব পিনে বাঘা নামে ঠাইত অৱস্থিত। ষোড়শ শতিকাতে নিৰ্মিত এই মছজিদটো পৰৱৰ্তীকালত বিভিন্ন সংস্কাৰ কৰা হয়।