অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

মতিহাৰ কুঠী

ৰাজশাহী বিশ্ববিদ্যালয় চৌহদৰ ভিতৰত আৰু ইয়াৰ মূল দুৱাৰৰ ওচৰতে অৱস্থিত মতিহাৰ কুঠী এটা ঔপনিৱেশিক ভৱন। বৰ্তমান ইয়াক বিশ্ববিদ্যালয়খনৰ কাৰ্যালয় বিএনচিচি হিচাপে ব্যৱহাৰ কৰা হয়। সাধাৰণ ৰূপত ই চৰ্দাৰ কুঠীৰ সৈতে মিল আছে গতিকে ইয়াক ১৭৮১ চনত ডাচ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিৰ্মাণ কৰে।

হালনাগাদ: ১ ছেপ্তেম্বৰ ২০২৬ ১৬৩ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ৰাজশাহী বিশ্ববিদ্যালয় চৌহদৰ ভিতৰত আৰু ইয়াৰ মূল দুৱাৰৰ ওচৰতে অৱস্থিত মতিহাৰ কুঠী এটা ঔপনিৱেশিক ভৱন। বৰ্তমান ইয়াক বিশ্ববিদ্যালয়খনৰ কাৰ্যালয় বিএনচিচি হিচাপে ব্যৱহাৰ কৰা হয়। সাধাৰণ ৰূপত ই চৰ্দাৰ কুঠীৰ সৈতে মিল আছে গতিকে ইয়াক ১৭৮১ চনত ডাচ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিৰ্মাণ কৰে।১

ইতিহাস

১৭ শতিকাৰপৰা ১৮ শতিকাৰ কুঠীবোৰ ৰেচম আৰু নীল ব্যৱসায়ত জড়িত বাসগৃহ বা কাৰখানা হিচাপে নিৰ্মাণ কৰা হৈছিল। কেৱল ৰাজশাহীৰ চৰ্দাহ অঞ্চলতে ১৫২ টাতকৈও অধিক নীল কুঠী মুখ্য কাৰ্যালয়ৰ সৈতে চলি আছিল। মতিহাৰ কুঠী তাৰ ভিতৰত অন্যতম। অলপ দূৰৈত কাজলা নামৰ আন এটা কুঠী আছে। এই দুটা কুঠী এসময়ত গংগাৰ সৈতে সংযোগী উপনদী নদীৰদ্বাৰা সংযুক্ত আছিল।২

বাহিৰৰ আৰু ভিতৰৰ অংশ

মতিহাৰ কুঠী একমহলীয়া। ই আয়তাকাৰ, ৭০ ফুট (২১ মিটাৰ) পূব–পশ্চিম আৰু ৫০ ফুট (১৫ মিটাৰ) উত্তৰ–দক্ষিণ, আৰু দক্ষিণমুখী। দক্ষিণ আৰু পূব দিশত ১০ ফুট (৩.০ মিটাৰ) বহল বাৰাণ্ডা আছে, যিটো ঘূৰণীয়া সৰল খুঁটাৰে সমৰ্থন কৰা হৈছে আৰু চুকত তিনিটা খুঁটাৰ গোট আছে।৩ এই ভৱনটোৰ উত্তৰ আৰু পশ্চিম দিশত ঠাই আছে যিবোৰ এটা সময়ত পাকঘৰ, গুদাঘৰ আছিল যেন লাগে কিন্তু এতিয়া বিশ্ববিদ্যালয়ৰ গুদাম হিচাপে ব্যৱহাৰ কৰা হয়।১

তথ্যসূত্ৰ

  1. ↑ Hussain, ABM. (2007). Architecture: A History Through the Ages. Asiatic Society of Bangladesh. পৃ. 357
  2. ↑ Hussain, ABM. (2007). Architecture: A History Through the Ages. Asiatic Society of Bangladesh. পৃ. 354, 357
  3. ↑ Ahmed, Nazimuddin. (1986). Buildings of the British Raj in Bangladesh. University Press Limited. পৃ. 132. ISBN 978-984-05-1091-7

সম্পৰ্কিত শ্ৰেণী

ঐতিহাসিক কীৰ্তিচিহ্নবাংলাদেশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মতিহাৰ কুঠী” প্ৰবন্ধৰ সংশোধন ৬৩৩৯২৮ (১ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।