বাংলাদেশ
৭১ প্ৰবন্ধ
-
বিডি ক্লিন
বাংলাদেশক স্বচ্ছ দেশ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ কাম কৰা এটা স্বেচ্ছাসেৱী যুৱ সংগঠন হৈছে বিডি ক্লিন।সংগঠনটোৱে দেশজুৰি প্ৰতি সপ্তাহৰ শুক্ৰবাৰ এখন নিৰ্দিষ্ট স্থান নিৰ্বাচন কৰি তাৰ পৰিষ্কাৰ কৰে আৰু তাৰ চাৰিওফালে থকা মানুহক পৰিষ্কাৰ বাংলাদেশৰ সুফল সম্পৰ্কে সজাগ কৰে।
-
বীৰগঞ্জ ৰাষ্ট্ৰীয় উদ্যান
বীৰগঞ্জ ৰাষ্ট্ৰীয় উদ্যান (Birganj National Park) বাংলাদেশৰ দিনাজপুৰ জিলাৰ বীৰগঞ্জ উপজিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। ২০১১ চনৰ ১৪ ডিচেম্বৰত স্থাপন কৰা এই ৰাষ্ট্ৰীয় উদ্যানখন ১৬৮.৫৬ হেক্টৰ মাটিৰে গঠিত।
-
মেধা কচ্ছপিয়া ৰাষ্ট্ৰীয় উদ্যান
মেধা কচ্ছপিয়া ৰাষ্ট্ৰীয় উদ্যান (Medhakachhapia National Park) বাংলাদেশৰ কক্স বজাৰ জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। এই অৰণ্যখন বিশাল মদাৰ আৰু গৰ্জন গছৰ বাবে সুপৰিচিত। মেধা কচ্ছপিয়া এটি প্ৰাকৃতিক বনাঞ্চল।
-
লাংগলবন্দ
লাংগলবন্দ বাংলাদেশৰ নাৰায়ণগঞ্জ জিলাৰ চোনাৰগাঁ উপাজিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ কাষত অৱস্থিত এটা পৱিত্ৰ হিন্দু তীৰ্থস্থান। চ'ত মাহৰ শুক্লাপক্ষৰ অষ্টমী তিথিত ইয়াত পুণ্যস্নান অনুষ্ঠিত হয়। এই সময়ত লাখ লাখ ভক্ত পুণ্যস্নানৰ উদ্দেশ্যে ইয়াত আহে।
-
লালবাগ কিল্লা
লালবাগ কিল্লা (ইংৰাজী: Lalbagh Fort) হ’ল বাংলাদেশৰ ঢাকাৰ দক্ষিণ-পশ্চিমাঞ্চলত থকা বুঢ়ী গংগা নদীৰ পাৰত অৱস্থিত ১৭ শতিকাত নিৰ্মিত এটা অসম্পূৰ্ণ দুৰ্গ। ১৬৭৮ চনত মোগল সম্ৰাট ঔৰংগজেৱৰ পুত্ৰ চুবেদাৰ মহম্মদ আজম শ্বাহে দুৰ্গটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল।
-
লাৱাছড়া ৰাষ্ট্ৰীয় উদ্যান
লাৱাছড়া ৰাষ্ট্ৰীয় উদ্যান (Lawachara National Park) বাংলাদেশৰ এখন ৰাষ্ট্ৰীয় উদ্যান আৰু প্ৰকৃতি সংৰক্ষিত বনাঞ্চল৷ ই দেশখনৰ উত্তৰ-পূব অঞ্চলৰ কমলগঞ্জ উপাজিলা আৰু মৌলভিবজাৰ জিলাত অৱস্থিত। ৰাষ্ট্ৰীয় উদ্যানখন ২,৭৪০ হেক্টৰ (২৭.৪ কিলোমিটাৰ বৰ্গফুট) পশ্চিম ভানুগাচ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত অৱস্থিত।
-
লোকাল বাছ
লোকাল বাছ (বাংলা: লোকাল বাস) হ'ল জালালি ছেটৰ মমতাজ আৰু ৰেপাৰ শাফায়াতৰ বাংলাদেশী লোকগীত। প্ৰীতমৰ ৰচনা কৰা গীতটি গানচিল বেনাৰত মুক্তি দিয়া হৈছে।
-
স্বাধীনতা সংগ্ৰহালয়, ঢাকা
স্বাধীনতা সংগ্ৰহালয়, ঢাকা ( Independence Museum) বাংলাদেশত অৱস্থিত৷ ইয়াত বাংলাদেশৰ স্বাধীনতাৰ সংগ্ৰামৰ চিত্ৰ বৰ্ণনা কৰা আছে। ইয়াত মোগল শাসন কালৰ পৰা ১৯৭১ চনৰ স্বাধীনতা লাভলৈকে জাতিটোৰ ইতিহাস দেখুওৱা হৈছে ৷ ই দেশৰ প্ৰথম আৰু একমাত্ৰ ভূগৰ্ভস্থ সংগ্ৰহালয়।
-
২০২১ মগবাজাৰ বিস্ফোৰণ
২০২১ চনৰ ২৭ জুনত বাংলাদেশৰ ৰাজধানী ঢাকাৰ মগবাজাৰৰ ৱয়াৰলেচ গেটত মগবাজাৰ বিস্ফোৰণ সংঘটিত হৈছিল। কমেও ৭জন লোক নিহত হৈছিল আৰু ১০০ৰো অধিক লোক আহত হৈছিল, যাৰ ভিতৰত ৬৬ জনক বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। আৰক্ষীয়ে সন্দেহ কৰিছে যে ঘটনাটো হিমায়িত গেছৰ ফলত সংঘটিত হৈছিল।
-
ৰংপুৰ চৰকাৰী মহাবিদ্যালয়
ৰংপুৰ চৰকাৰী মহাবিদ্যালয়, ৰংপুৰ হৈছে বাংলাদেশৰ ৰংপুৰ চহৰৰ এখন চৰকাৰী উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানখন চহৰৰ কেন্দ্ৰস্থল ৰাধাবল্লভ অঞ্চলত অৱস্থিত আৰু ২৫ জুলাই, ১৯৬৩ তাৰিখে প্ৰতিষ্ঠা কৰা হৈছিল। বৰ্তমান এই মহাবিদ্যালয়ত উচ্চ মাধ্যমিক স্তৰত বিজ্ঞান, মানৱিক আৰু বাণিজ্য শাখাত শিক্ষা দিয়া হয়।
-
ৰাজশ্বাহী ৰেচম
বাংলাদেশৰ ৰাজশ্বাহীত উৎপাদিত ৰেচম বা চিল্ক উৎপাদক ৰাজশ্বাহী ৰেচম বুলি কোৱা হয়। নাৰীসমাজত ই বিখ্যাত, কাৰণ ই পৰিধানৰ বাবে এক উচ্চমানৰ কাপোৰ, বিশেষকৈ শাড়ী। ২০২১ চনত ইয়াক বাংলাদেশৰ উৎপাদন হিচাপে ভৌগোলিক ইংগিতৰ মৰ্যাদা দিয়া হয়।