অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

বড় কুঠি

বড় কুঠি (বাংলা: বড়োকুঠি) বাংলাদেশৰ ৰাজশাহীত অষ্টাদশ শতিকাত ডাচ্চ ব্যৱসায়ীসকলে নিৰ্মাণ কৰা এটা ঐতিহাসিক ভৱন। এই ভৱনটো ৰাজশাহী বিশ্ববিদ্যালয়ৰ প্ৰথম প্ৰশাসনিক কেন্দ্ৰ হিচাপেও ব্যৱহাৰ কৰা হৈছিল।

হালনাগাদ: ৯ ছেপ্তেম্বৰ ২০২৬ ২৪৩ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

বড় কুঠি (বঙালী ভাষা: বড়োকুঠি) বাংলাদেশৰ ৰাজশাহীত অষ্টাদশ শতিকাত ডাচ্চ ব্যৱসায়ীসকলে নিৰ্মাণ কৰা এটা ঐতিহাসিক ভৱন।১ এই ভৱনটো ৰাজশাহী বিশ্ববিদ্যালয়ৰ প্ৰথম প্ৰশাসনিক কেন্দ্ৰ হিচাপেও ব্যৱহাৰ কৰা হৈছিল।২৩ এই ভৱনটো এতিয়া সাংস্কৃতিক ঐতিহ্য হিচাপে সংৰক্ষণৰ বাবে সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ অধীনত আছে আৰু ইয়াক সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা কৰা হৈছে।৪৫

ইতিহাস

পদ্মা নদীৰ পাৰত অৱস্থিত এই স্থান ওঠৰ শতিকাৰ প্ৰথম সময়ছোৱাত ডাচ্চ ব্যৱসায়ীসকলে নিৰ্মাণ কৰা বুলি বিশ্বাস কৰা হয়।২৬৭ সেই সময়ছোৱাত ৰেচম আৰু নীল ব্যৱসায়ৰ বাবে অঞ্চলটোত মতিহাৰ কুঠীৰ দৰে আন কেইবাটাও অট্টালিকা নিৰ্মাণ কৰা হৈছিল। ১৭৫৭ চনত নবাব ছিৰাজ উদ-দৌলাৰ পতনৰ পিছত যেতিয়া ডাচ্চ ব্যৱসায়ীসকলে ভাৰত এৰি থৈ যায় তেতিয়া তেওঁলোকে এই ভৱনটো ইষ্ট ইণ্ডিয়া কোম্পানীক গতাই দিয়ে। পিছলৈ কোম্পানীটোৱে ১৮৩৩ চনত এই ভৱনটো ৰবাৰ্ট ৱাটছন এণ্ড কোম্পানীক বিক্ৰী কৰে। ১৯৪৭ চনত ইংৰাজসকল যোৱাৰ পাছত এই ভৱনটো চৰকাৰী যোগান কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰা হয়। ১৯৫৩ চনত এই ভৱনটো প্ৰশাসনিক ভৱন হিচাপে ব্যৱহাৰৰ বাবে নতুনকৈ আৰম্ভ হোৱা ৰাজশাহী বিশ্ববিদ্যালয়ক গতাই দিয়া হয়। চহৰখনৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে সংৰক্ষণৰ বাবে এই ভৱনটো পুনৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰ্যালয়ক গতাই দিয়া হয়।৮

ভৱনৰ বিৱৰণ

ৰাজশাহী মহাবিদ্যালয়ৰ দক্ষিণে পদ্মা নদীৰ পাৰত অৱস্থিত বড়ো কুঠী। দুমহলীয়া, ২৪ মিটাৰ দৈৰ্ঘ্য, ১৭.৪ মিটাৰ বহল অট্টালিকা আৰু ইয়াত বিভিন্ন আকাৰৰ বাৰটা কোঠা আছে। কেন্দ্ৰৰ প্ৰথম মহলাত ৯.৬ মিটাৰ দৈৰ্ঘ্য আৰু ৬.৩ মিটাৰ বহল এটা হল ৰুম আছে, উত্তৰ আৰু দক্ষিণ দিশত দুখন বেলকনি।[2] যদিও এই ভৱনটো ৰেচম আৰু নীল ব্যৱসায়ৰ বাবে ব্যৱহাৰ কৰা হৈছিল, তথাপি জৰুৰীকালীন সময়ত পৰ্তুগীজসকলে এই ভৱনটোক দুৰ্গ হিচাপে ব্যৱহাৰ কৰিছিল বুলি ধাৰণা কৰা হয়। এই স্থানৰপৰা উদ্ধাৰ হোৱা তিনিটা কেনন এতিয়া ৰাজশাহী আৰক্ষী লাইন।২৬৯

তথ্যসূত্ৰ

  1. ↑ আৰ্কাইভ কপি. Prothom Alo
  2. ↑ আৰ্কাইভ কপি
  3. ↑ বৰেন্দ্ৰেৰ বাতিঘৰ - অগ্ৰযাত্ৰাৰ ৩ বছৰ - ৰাজশাহী সিটি কৰ্পোৰেশন
  4. ↑ bn:অবহেলায় পড়ে থাকা বড়কুঠিতে হবে জাদুঘৰ. Bangla Tribune
  5. ↑ (July 2019). আৰ্কাইভ কপি. Bangla News24
  6. ↑ bn:ৰাজশাহীৰ নীলকুঠি হেৰিটেজ নয়, হচ্ছে পুলিশ ফাঁড়ি!. banglanews24.com
  7. ↑ মিছেৰ, কাজী মোহাম্মদ. (1965). bn:ৰাজশাহীৰ ইতিহাস ১ম খণ্ড. Kazi Publishers
  8. ↑ Chhatra Federation protest at Boro Kuthi handover. New Age
  9. ↑ Move to turn Boro Kuthi into heritage site. The Daily Star

সম্পৰ্কিত শ্ৰেণী

ঐতিহাসিক কীৰ্তিচিহ্নবাংলাদেশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বড় কুঠি” প্ৰবন্ধৰ সংশোধন ৬৩৪৭১৭ (৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।