কান্তজিউ মন্দিৰ (Kantajew Temple) বা কান্তজীৰ মন্দিৰ বা কান্তনগৰ মন্দিৰ হʼল বাংলাদেশৰ দিনাজপুৰ জিলাত অৱস্থিত এটি মধ্যযুগীয় হিন্দু মন্দিৰ। মহাৰাজ প্ৰাণনাথ ৰায়ে মন্দিৰটি কৃষ্ণ আৰু তেওঁৰ পত্নী ৰুক্মিণীক উৎসৰ্গ কৰি নিৰ্মিত কৰিছিল। ১৭০৪ খ্ৰীষ্টাব্দত, ইয়াৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল আৰু ১৭৫২ খ্ৰীষ্টাব্দত তেওঁৰ পুত্ৰ ৰাজা ৰামনাথ ৰায়ৰ ৰাজত্বকালত শেষ হৈছিল। মন্দিৰটোৰ ‘নটা শিখৰ’ আছিল যাক নৱৰত্ন বুলি কোৱা হৈছিল। কিন্তু ১৮৯৭ চনত, এক ভূমিকম্পত আটাইকেইটা শিখৰ ধ্বংস হৈ যায়। এই মন্দিৰত বাংলাদেশৰ সৰ্বোৎকৃষ্ট টেৰাকোটা শিল্পৰ নিদৰ্শন পোৱা যায়। পোৰামাটিৰ অলঙ্কৰণত পৌৰাণিক কাহিনীসমূহ দেৱালৰ গাত ফুটি উঠিছে।
এই মন্দিৰৰ নিৰ্মাণ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে সুদূৰ পাৰস্যৰপৰা নিৰ্মাণ শিল্পী অনা হৈছিল। মন্দিৰৰ দক্ষিণ দিশত নয়াবাদ নামৰ গাঁৱত ৰজা প্ৰাণনাথে নিৰ্মাণ শিল্পী আৰু শ্ৰমিকসকলৰ বসবাসৰ বাবে ভূমি দান কৰিছিল। এই শ্ৰমিকসকলৰ সৰহসংখ্যকেই আছিল ইছলাম ধৰ্মাৱলম্বী। সেয়েহে ধৰ্মীয় প্ৰাৰ্থনা পালনৰ বাবে তেওঁলোকে নয়াবাদ মছজিদ নামৰ এখন মছজিদ নিৰ্মাণ কৰে যিটো এই অঞ্চলৰ আন এটি উল্লেখযোগ্য প্ৰত্নতাত্ত্বিক নিদৰ্শন।
প্ৰতিবছৰে শীতকালৰ আৰম্ভণিতে মন্দিৰ প্ৰাঙ্গণত এমাহলৈ ৰাস মেলা অনুষ্ঠিত হয়। মহাৰাজ ৰামনাথ ৰায়ৰ আমোলৰপৰাই এই ৰাস মেলা অনুষ্ঠিত হৈ আহিছে বুলি জনা যায়। মেলাৰ সময়ছোৱাত ভাৰত আৰু বাংলাদেশৰ বিভিন্ন অঞ্চলৰপৰা বহু তীৰ্থ যাত্ৰীয়ে তীৰ্থ যাত্ৰা কৰাৰ মানসেৰে মন্দিৰলৈ আহে।
অৱস্থান
মন্দিৰটো দিনাজপুৰ চহৰৰপৰা ২০ কিলোমিটাৰ উত্তৰে আৰু কাহাৰোল উপজিলা সদৰৰপৰা ৮ কিলোমিটাৰ দক্ষিণ-পূবে সুন্দৰপুৰ ইউনিয়নত, দিনাজপুৰ-তেঁতুলিয়া ঘাইপথৰ পশ্চিমে স্থিত ঢেঁপা নদীৰ তীৰৱৰ্তী কান্তনগৰ গাঁৱত অৱস্থিত।
ইতিহাস

মন্দিৰৰ উত্তৰফালৰ ভিত্তিবেদীত থকা শিলালিপিৰপৰা জনা যায় যে, তৎকালীন দিনাজপুৰৰ মহাৰাজ জমিদাৰ প্ৰাণনাথ ৰায়ে তেওঁৰ শেষ বয়সত মন্দিৰৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰিছিল। ১৭২২ খ্ৰীষ্টাব্দত তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ শেষ ইচ্ছা অনুসৰি তেওঁৰ পোষ্যপুত্ৰ মহাৰাজ ৰামনাথ ৰায়ে ১৭৫২ খ্ৰীষ্টাব্দত মন্দিৰটোৰ নিৰ্মাণকাৰ্য শেষ কৰে। প্ৰথমে মন্দিৰটোৰ চূড়াৰ উচ্চতা আছিল ৭০ ফুট। ১৮৯৭ খ্ৰীষ্টাব্দত হোৱা এক ভূমিকম্পৰ ফলত মন্দিৰটোৰ চূড়াবোৰ ভাঙি যায়। বিংশ শতিকাৰ আৰম্ভণিতে মহাৰাজ গিৰিজানাথে ব্যাপকভাৱে মন্দিৰটোৰ সংস্কাৰ কৰে যদিও তেওঁ মন্দিৰৰ চূড়াবোৰৰ কোনো সংস্কাৰ কৰা নাছিল।
২০১৭ চনৰ কলকাতা গ্ৰন্থমেলাত বংগৰ নিজা স্থাপত্যশৈলীৰ নিদৰ্শন হিচাপে বাংলাদেশ চৰকাৰে তেওঁলোকৰ পেভিলিয়নটো কান্তজিউ মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰিছিল।১
২০২৪ চনৰ ২৭ এপ্ৰিল তাৰিখে, ২০ হাজাৰৰো অধিক ভক্তই একেলগে এই মন্দিৰত শ্ৰীমদ্ভগৱতগীতা পাঠ কৰিছিল।২৩৪৫
২০২৫ চনত, বাংলাদেশ বেংকে ২০ টকাৰ নোটত কান্তজিউ মন্দিৰৰ ছবি যুক্ত কৰে।৬৭
আক্ৰমণ
২০১৫ চনৰ ৫ ডিচেম্বৰ তাৰিখে নিশা, ৩০০ বছৰ ধৰি চলি অহা ৰাসমেলাত মন্দিৰ প্ৰাঙ্গণত যাত্ৰা চলাকালীন সময়ত তিনিটা ককটেইল বোমাৰ বিস্ফোৰণ ঘটিছিল।৮ এই ঘটনাত প্ৰায় ১০ জন লোক আহত হৈছিল। তিনিজন লোক গুৰুতৰভাৱে আহত হৈছিল। আহতসকলৰ ছয়জনক ততাতৈয়াকৈ এম আব্দূৰ ৰহিম মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছিল। আক্ৰমণৰ পূৰ্বে মন্দিৰৰ পুৰোহিতজনক কোনো ধৰ্মীয় সমাৱেশ নকৰিবলৈ ভাবুকি দিয়া হৈছিল।৯ আমেৰিকাৰ প্ৰথম হিন্দু কংগ্ৰেছ সদস্য তুলসী গেবাৰ্ডে এই ঘটনাৰ তীব্ৰ নিন্দা কৰিছিল। তেওঁ বাংলাদেশত নিযুক্ত আমেৰিকাৰ ৰাষ্ট্ৰদূত মাৰ্ছিয়া বাৰ্নিকাটক মন্দিৰলৈ গৈ মন্দিৰৰ অৱস্থাৰ বুজ লʼবলৈ অনুৰোধ কৰিছিল।১০ এই আক্ৰমণৰ লগত জড়িত জামাত-উল-মুজাহিদীন বাংলাদেশ নামৰ সংগঠনৰ দুগৰাকী সদস্যক গ্ৰেপ্তাৰ কৰা হয়। অঞ্চলটোৰ লোকসকলে দিনাজপুৰত এই আক্ৰমণৰ প্ৰতিবাদত মানৱবন্ধন কাৰ্যসূচী পালন কৰিছিল।১১ ঢাকাত বাংলাদেশ হিন্দু, বৌদ্ধ ও খ্ৰিষ্টান ঐক্য পৰিষদ আৰু আন্তৰ্জাতিক কৃষ্ণভাৱনামৃত সংঘই এই আৰু প্ৰতিবাদত মানৱবন্ধন আৰু বিক্ষোভ প্ৰদৰ্শন কৰে।১২
স্থাপত্য

মন্দিৰৰ বাহিৰৰ দেৱাল জুৰি পোৰামাটিৰ ফলকত ৰামায়ণ, মহাভাৰত আৰু বিভিন্ন পৌৰাণিক কাহিনীৰ চিত্ৰায়ণ কৰা আছে। সমগ্ৰ মন্দিৰত প্ৰায় ১৫,০০০টা টেৰাকোটা টালি আছে।১৩ মন্দিৰটো ওপৰফালে তিনিটা ঢাপত উঠি যোৱা ধৰণৰ। মন্দিৰৰ চাৰিওফালৰ আটাইবোৰ খিলানৰ মাজেৰে ভিতৰত স্থিত দেৱতাসকলৰ মূৰ্তি দেখা যায়। মন্দিৰ প্ৰাঙ্গণটো আয়তাকাৰ হʼলেও, শিলৰ ভেটিৰ ওপৰত নিৰ্মিত ৫০ ফুট উচ্চতাৰ মন্দিৰটো কিন্তু বৰ্গাকাৰহে। তলফালে আটাইবোৰ প্ৰৱেশপথত বহু খাঁজযুক্ত খিলান আছে। দুটা ইটাৰ স্তম্ভৰে খিলানবোৰ পৃথক কৰা আছে, স্তম্ভ দুটা দেখাত আটকধুনীয়া আৰু সমৃদ্ধ অলংকৰণযুক্ত। মন্দিৰৰ পশ্চিম দিশত দ্বিতীয় বাৰান্দাৰপৰা চিৰি ওপৰফালে উঠি গৈছে। মন্দিৰটোৰ তলফালে ২১টা আৰু দ্বিতীয় তলাত ২৭টা দৰ্জা-খিলান আছে, কিন্তু তৃতীয় মহলাত কেৱল ৩টাহে আছে।
লগতে চাওক
- কান্তনগৰ প্ৰত্নতাত্ত্বিক সংগ্ৰহালয়
- বাংলাদেশৰ প্ৰত্নতাত্ত্বিক স্থানসমূহৰ তালিকা
- বংগৰ মন্দিৰ স্থাপত্য
- ৰত্ন শিল্পৰীতি
- নয়াবাদ মছজিদ
তথ্যসূত্ৰ
- ↑ Bangladesh book fair in Kolkata
- ↑ (২৭ এপ্ৰিল ২০২৪). একসঙ্গে ২০ হাজাৰ কণ্ঠে হলো গীতা পাঠ. সময় টিভি
- ↑ (2024-04-27). একসঙ্গে ২০ হাজাৰ কণ্ঠে গীতা পাঠ. এনটিভি
- ↑ (২৭ এপ্ৰিল ২০২৪). কান্তজীউ মন্দিৰে একসঙ্গে ২০ হাজাৰ কণ্ঠে গীতা পাঠ. দেশ ৰূপান্তৰ
- ↑ শাহী, শাহ আলম. (2024-04-27). দেশে প্ৰথম ২০ হাজাৰ কণ্ঠে শ্ৰীমদ্ভগবদ্গীতা পাঠ. চ্যানেল আই
- ↑ ডেস্ক, বাণিজ্য. (2025-05-29). ১ জুন বাজাৰে আসছে ২০, ৫০ ও ১০০০ টাকাৰ নতুন নোট. Prothomalo
- ↑ (মে ২৯, ২০২৫). নতুন নকশাৰ ২০, ৫০ ও ১০০০ টাকাৰ নোট আসছে ১ জুন. দ্য ডেইলি ষ্টাৰ
- ↑ প্ৰতিবেদক, নিজা. ৰাসমেলায় বোমা হামলা, ৰক্তাক্ত ৬. দৈনিক প্ৰথম আলো
- ↑ DelhiDecember 5, India Today Web Desk New; December 11, 2015UPDATED:; Ist, 2015 10:20. 10 injured in bomb attack on Hindu religious gathering in Bangladesh. India Today
- ↑ vina. (2016-01-10). Tulsi Gabbard Responds to ISKCON Bangladesh Attack. VINA - Vaishnava Internet News Agency
- ↑ কান্তজীউ’ৰ মন্দিৰে বোমা হামলাৰ প্ৰতিবাদেৰ দিনাজপুৰে মানববন্ধন. প্ৰিয়.কম
- ↑ (2015-12-11). ইসকনেৰ মন্দিৰে আক্ৰমণেৰ ঘটনায় আৰেকজন আটক. বিবিসি বাংলা
- ↑ মামুন আব্দুল্লাহ. (মে ৩০, ২০০৩). তিন তৰুনেৰ কান্তজী উদ্ধাৰ. দৈনিক প্ৰথম আলো. পৃ. ২৫
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কান্তনগৰ মন্দিৰ” প্ৰবন্ধৰ সংশোধন ৬০৬৯৩৭ (১৮ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।