কুৱাকাটা ৰাষ্ট্ৰীয় উদ্যান (Kuakata National Park) বাংলাদেশৰ আই ইউ চি এন দ্বিতীয় শ্ৰেণীৰ ৰাষ্ট্ৰীয় উদ্যান আৰু প্ৰকৃতি সংৰক্ষিত বনাঞ্চল।১ এই উদ্যানখন পতুৱাখালি জিলাৰ অন্তৰ্গত কালাপাৰা উপজিলাত অৱস্থিত।১ বাংলাদেশ চৰকাৰৰ শগুণ নিৰাপদ অঞ্চল-২ সূচী অনুসৰি ইয়াক শগুনৰ বাবে অন্যতম নিৰাপদ অঞ্চল হিচাপে ঘোষণা কৰিছে।২
উদ্ভিদ, প্ৰাণী, প্ৰকৃতি সংৰক্ষণ আৰু পৰ্যটনৰ সুবিধাসমূহৰ উন্নয়নৰ উদ্দেশ্যে বাংলাদেশ চৰকাৰে ২০১০ চনৰ ২৪ অক্টোবৰত এই উদ্যানখন আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে।১৩ ইয়াৰ আয়তন ১৬১৩ হেক্টৰ।৩
তথ্যসূত্ৰ
- ↑ National Parks. bforest.gov.bd
- ↑ Vulture Safe Zone. bforest.gov.bd
- ↑ Biodievsrity Flora_NCS. bforest.portal.gov.bd
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুৱাকাটা ৰাষ্ট্ৰীয় উদ্যান” প্ৰবন্ধৰ সংশোধন ৫৭২১২৮ (২৮ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।