বাংলাদেশৰ ব্যক্তি
১৩২ প্ৰবন্ধ
-
বিষ্ণু চট্টোপাধ্যায়
বিষ্ণু চট্টোপাধ্যায় ওৰফে বিস্তু ঠাকুৰ ((Bishnu Chattopadhyay) (এপ্ৰিল, ১৯১০ – ১১ এপ্ৰিল, ১৯৭১) বাংলাদেশৰ মুক্তিযুদ্ধত নিহত হোৱা বাংলাদেশী ৰাজনীতিবিদ। তেওঁ আছিল ভাৰতীয় স্বাধীনতা কৰ্মী আৰু কৃষক আন্দোলনৰ নেতা। ১৯৪০ চনত অবিভক্ত বংগত বিকশিত হোৱা তেভাগা আন্দোলনক তেওঁ নেতৃত্ব প্ৰদান কৰিছিল।
-
ব্ৰজ বিহাৰী বৰুৱা
ব্ৰজ বিহাৰী বৰুৱা (জন্ম: ৩ মাৰ্চ, ১৯৩৫ - মৃত্যু: ১২ এপ্ৰিল, ২০১৪) এজন বাংলাদেশী ৰাজনীতিবিদ, আধ্যাত্মিক সন্ত, কবি, দানশীল আৰু মুক্তি যুদ্ধ সংগঠক। ১৯৭১ চনৰ স্বাধীনতা যুদ্ধত তেওঁ ১ নং খণ্ডৰ অধীনত যুঁজিছিল।
-
বৰুণ ৰয়
বৰুণ ৰায় ( Barun Roy) (জন্ম ১০ নৱেম্বৰ ১৯২২- ৮ ডিচেম্বৰ ২০০৯) বাংলাদেশৰ এগৰাকী কমিউনিষ্ট পাৰ্টিৰ ৰাজনীতিবিদ আছিল। সুনামগঞ্জ জিলাত জন্মগ্ৰহণ কৰা বৰুণ ৰয় সুনামগঞ্জ-১ৰ পৰা সংসদৰ সদস্য নিৰ্বাচিত হৈছিল। তেওঁৰ আন এটা নাম প্ৰসুন কান্তি ৰয়।
-
মখদুম শ্বাহদৌলা
মাখদুম শ্বাহ দৌলা (مخدوم شاه دولة, মখদূম শাহ দৌলা) বংগৰ এগৰাকী চুফী মুছলমান ব্যক্তিত্ব আছিল। মধ্যপ্ৰাচ্য, মধ্য এছিয়া আৰু দক্ষিণ এছিয়াৰ মাজত হোৱা পাৰস্পৰিক ক্ৰিয়াৰ দীৰ্ঘ ইতিহাসৰ অংশ ছিৰাজগঞ্জ জিলাত ইছলামৰ প্ৰসাৰৰ সৈতে তেওঁৰ সম্পৰ্ক আছে।তেওঁৰ নামেৰে নামকৰণ কৰা অঞ্চল শ্বাহজাদপুৰ (অৰ্থাৎ ৰাজকুমাৰৰ…
-
মণি ৰাণী দাস
মণি ৰাণী দাস এগৰাকী বাংলাদেশী দলিত অধিকাৰ কৰ্মী। দলিত মহিলাৰ অধিকাৰৰ পোষকতা আৰু বাংলাদেশৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত কাৰ্যনিৰ্বাহ কৰা তেওঁক প্ৰথমজন দলিত মহিলা হিচাপে নিযুক্তি পোৱা মহিলা হিচাপে জনা যায়।
-
মনিৰ খান
মনিৰ খান( Monir Khan) এগৰাকী বাংলাদেশী গায়ক। তেওঁৰ সংগীত জীৱনত তেওঁ ৪২টা একক এলবাম আৰু ৩০০ৰো অধিক দ্বৈত আৰু মিশ্ৰিত এলবাম মুকলি কৰিছে। প্ৰেমৰ তাজমহল (২০০১), লাল দোৰিয়া (২০০২) আৰু দুই নয়নেৰ আলো (২০০৫) ছবিত নেপথ্য সংগীত পৰিৱেশন কৰি তেওঁ তিনিবাৰকৈ শ্ৰেষ্ঠ পুৰুষ নেপথ্য গায়ক হিচাপে বাংলাদেশৰ…
-
মনিৰ হাইদাৰ
মনিৰ হাইদাৰ এজন বাংলাদেশী সংবাদিক, লেখক আৰু ৰাজনৈতিক বিশ্লেষক। তেওঁ বৰ্তমানে মুহাম্মদ ইউনুছৰ নেতৃত্বত গঠিত অন্তৰ্বৰ্তীকালীন বাংলাদেশ চৰকাৰত জ্যেষ্ঠ সচিবৰ পদমৰ্য্যাদা লৈ প্ৰধান উপদেষ্টাৰ বিশেষ সহায়ক হিচাপে কৰ্মৰত আছে।
-
মামুনুল হক
মামুনুল হক ( Mamunul Haque, জন্ম: নৱেম্বৰ ১৯৭৩) এগৰাকী বাংলাদেশী দেওবন্দী ইছলামিক পণ্ডিত, ৰাজনীতিবিদ, শিক্ষাবিদ, লেখক, সম্পাদক আৰু সমাজ সংস্কাৰক। তেওঁ হেফাজাত-ই-ইছলাম বাংলাদেশৰ প্ৰাক্তন যুটীয়া মহাসচিব, বাংলাদেশৰ খেলাফাত মজলিছৰ মহাসচিব, জামিয়া ৰহমানিয়া আৰব ঢাকাৰ শ্বেইখ আল-হাদীছ, বাবৰি মছজিদ…
-
মুজিব পৰদেশী
মুজিব পৰদেশী বাংলাদেশী এজন জনপ্ৰিয় কণ্ঠশিল্পী। তেখেত লোকগীত্ৰ সোঁত শিল্পী হিচাপে বিশেষ পৰিচিত। তেওঁৰ প্ৰকৃত নাম মুজিবুৰ ৰহমান মোল্লা।
-
মুহিবুল্লাহ বাবুনগৰী
শ্বাহ মহম্মদ মুহিবুল্লাহ বাবুনাগৰী (শাহ মোহম্মদ মুহিব্বুল্লাহ বাবুনগব়ী, জন্ম ১৫ ফেব্ৰুৱাৰী ১৯৩৪) এজন দেওবন্দী ইছলামিক পণ্ডিত, ৰাজনীতিবিদ আৰু শিক্ষাবিদ। তেওঁ হেফাজাত-ই-ইছলাম বাংলাদেশৰ বৰ্তমান আৰু তৃতীয় আমিৰ, আল-জামিয়াতুল ইছলামিয়া আজিজুল উলুম বাবুনগৰৰ ৰেক্টৰ।
-
মেৰিনা তবচ্চুম
মেৰিনা তবচ্চুম (জন্ম ১৯৬৮ বা ১৯৬৯) এগৰাকী বাংলাদেশী স্থপতি। তেওঁ মেৰিনা তবচ্চুম আৰ্কিটেক্টছৰ প্ৰধান স্থপতি। তবচ্চুমে দুবাৰকৈ স্থাপত্যৰ বাবে আগা খান বঁটা লাভ কৰে - ২০১৬ চনত ঢাকাৰ বৈত-উৰ-ৰৌফ মছজিদৰ ডিজাইনৰ বাবে আৰু ২০২৫ চনত বাংলাদেশৰ বিভিন্ন স্থানত খুদি বাৰীৰ ডিজাইনৰ বাবে।
-
য়াছমিন আলী হক
ইয়াছমিন আলী হক (Yasmin Ali Haque)এগৰাকী মানৱ অধিকাৰ কৰ্মী আৰু ভাৰতত ইউনিচেফৰ দেশ প্ৰতিনিধি।
-
লাইলা হাছান
লাইলা হাছান, জন্ম: ১৯৪৬ চন, এগৰাকী বাংলাদেশী নৃত্য পৰিচালক, নৃত্যশিল্পী আৰু অভিনেত্ৰী। বাংলাদেশ চৰকাৰে শিল্পৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ২০১০ চনত একুশে পদক বঁটা লাভ কৰে।
-
শঙ্কু মহাৰাজ
শঙ্কু মহাৰাজ (৭ মাৰ্চ ১৯৩১ - ১৮ অক্টোবৰ ২০০৪; প্ৰকৃত নাম জ্যোতিৰ্ময় ঘোষদস্তিদাৰ) হ'ল বাংলা সাহিত্যৰ সুপৰিচিত ভ্ৰমণকাহিনী লেখক।
-
শাবানা
আফ্ৰোজা চুলতানা ৰত্না (মঞ্চনাম শাবানা নামেৰে পৰিচিত) এগৰাকী বাংলাদেশী চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ মুঠ দহটা বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। জননী (১৯৭৭), সখী তুমি কাৰ (১৯৮০), দুই পইছাৰ আলতা (১৯৮২), নাজমা (১৯৮৩), ভাত দে (১৯৮৪), অপেক্ষা (১৯৮৭), ৰঙা ভাবি (১৯৮৯), মৰণেৰ পৰে (১৯৯০) আৰু অচেনা…
-
শাবাব মুস্তাফা
শাবাব মুস্তাফা (জন্ম ২১ জুলাই ১৯৮৬) এগৰাকী বংলাদেশী ৱেব ডেভেলপাৰ আৰু ৱিকিমিডিয়া বাংলাদেশৰ সভাপতি, লগতে একাউণ্টিঙৰ প্ৰাক্তন শিক্ষক, আৰু বাংলা ভাষাৰ প্ৰযুক্তি আৰু মুক্ত জ্ঞানৰ কৰ্মী। তেওঁ উবুন্টু আৰু লিনাক্স ব্যৱহাৰকাৰীৰ স্বেচ্ছাসেৱী সংস্থাৰ সৈতে জড়িত।
-
শেহনাজ মুন্নী
শেহনাজ মুন্নী (Shahnaz Munni, জন্ম ১৯৬৯) এগৰাকী বাংলাদেশী সাংবাদিক, কবি আৰু লেখক। ২০১৬ চনৰ জানুৱাৰী মাহৰপৰা তেওঁ ঢাকাস্থিত টেলিভিছন চেনেল নিউজ ২৪ৰ মুখ্য নিউজ এডিটৰ ৰূপে কৰ্মৰত। শেহনাজ শিশু কল্যাণমূলক কাম-কাজৰ সৈতে জড়িত।
-
শোভা ৰাণী ত্ৰিপুৰা
শোভা ৰাণী ত্ৰিপুৰা এগৰাকী বাংলাদেশী লেখিকা আৰু শিক্ষক। তেওঁ ত্ৰিপুৰী (কোকবৰক) জনগোষ্ঠীৰ মহিলা। তেওঁ ২০১৭ চনত বাংলাদেশ চৰকাৰৰ পৰা বেগম ৰোকেয়া পদক লাভ কৰে।
-
শ্বাহ আব্দুল কৰিম
শ্বাহ আব্দুল কৰিম বা বাউল শ্বাহ আব্দুল কৰিম (Shah Abdul Karim; ১৫ ফেব্ৰুৱাৰী ১৯১৬ - ১২ ছেপ্টেম্বৰ ২০০৯) হ'ল এজন বাংলাদেশী বাউল সংগীতজ্ঞ আৰু দাৰ্শনিক। সৰ্বশ্ৰেষ্ঠ বাউল সংগীতজ্ঞসকলৰ ভিতৰৰ এজন হিচাপে পৰিচিত তেওঁক 'বাউল সম্ৰাট' (বাউলৰ ৰজা) বুলি কোৱা হয়।
-
শ্বাহ কামাল কুহাফা
শ্বাহ কামাল কুহাফা ( Shah Kamal Kuhafah; 1291-1385)এজন দানশীল, অগ্ৰণী, সক্ৰিয় সমাজকৰ্মী আৰু ধৰ্মীয়-নেতা আছিল।
-
শ্বাহ চুলতান বালখী মহিছাৱাৰ
হজৰত ইব্ৰাহিম শ্বাহ চুলতান বাল্খী (শাহ সুলতান বলখী) বা মহিছাৱাৰ আছিল চৌধ্য শতিকাৰ এজন মুছলমান সন্ত। তেওঁ সন্দ্বীপ আৰু বগৰাত ইছলাম ধৰ্ম প্ৰচাৰৰ লগত জড়িত আছিল।
-
শ্বাহ পৰান
শ্বাহ পৰান (শাহ পরান, ৰোমানীকৃত:Shah Poran) আছিল চতুৰ্দশ শতিকাৰ চিলেট অঞ্চলৰ এজন ছুফী সন্ত। তেওঁ ১৩০৩ চনত মোমায়েক শ্বাহ জালালৰ নেতৃত্বত ছিলেট বিজয়ৰ চূড়ান্ত যুদ্ধত অংশ লয়।
-
শ্বাহ মখদুম
আব্দুল-কুদ্দুছ জালাল আদ-দীন (শাহ মখদুম) আছিল বাংলাদেশৰ এগৰাকী চুফী মুছলমান ব্যক্তিত্ব। তেওঁ শ্বাহ মখদুম নাইবা ৰূপোছ নামেৰে অধিক পৰিচিত৷ বংগৰ বৰেন্দ্ৰ অঞ্চলত ইছলাম ধৰ্মৰ প্ৰসাৰৰ লগত তেওঁৰ জড়িত। তেওঁ বাগদাদৰ পৰা জ্যেষ্ঠ ভাতৃ চৈয়দ আহমদ (মিৰাণ শ্বাহ)ৰ সৈতে বংগত আহি উপস্থিত হয়।
-
সালমা সোবহান
সালমা সোবহান (Salma Sobhan; ১১ আগষ্ট ১৯৩৭ – ৩০ ডিচেম্বৰ ২০০৩ ঢাকা বিশ্ববিদ্যালয়ৰ আইন অনুষদৰ সদস্য হিচাপে তেওঁ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ চকীদাৰ সংস্থা আইন-অ’-ছালিছ কেন্দ্ৰ (এ এছ কে)ৰ সহ-প্ৰতিষ্ঠাপক আছিল।
-
সুমাইয়া মাতসুশিমা
ছুমায়া মাটছুছিমা (: Sumaya Matsushimaজন্ম ১৫ ফেব্ৰুৱাৰী ২০০১ চন); বাংলাদেশৰ প্ৰথমগৰাকী পেছাদাৰী মহিলা ফ্ৰীষ্টাইল খেলুৱৈ হিচাপেও তেওঁক গণ্য কৰা হয়। ২০০১ চনৰ ১৫ ফেব্ৰুৱাৰীত জাপানত জন্মগ্ৰহণ কৰে।
-
সুহাশিনী দাস
সুহাশিনী দাস (Suhasini Das; ১৯১৫ - ৩০ মে ২০০৯) বাংলাদেশৰ এগৰাকী ব্ৰিটিছ বিৰোধী কৰ্মী, সমাজকৰ্মী আৰু ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আৰু বিভাজনৰ পূৰ্বে, বিভাজনৰ সময়ত আৰু পিছত পূব বংগৰ এগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তিত্ব আছিল।
-
সেঁজুতি সাহা
সেঁজুতি সাহা (Senjuti Saha) চাইল্ড হেল্থ ৰিছাৰ্চ ফাউণ্ডেচনৰ এগৰাকী বাংলাদেশী অণুজীৱবিজ্ঞানী। তেওঁ বিশ্ব স্বাস্থ্য সংস্থাৰ পোলিঅʼ ট্ৰানজিশ্যন ইণ্ডিপেনডেণ্ট মনিটৰিং বোৰ্ডৰো এগৰাকী বোৰ্ড সদস্য। বাংলাদেশত নতুন কৰʼনা ভাইৰাছৰ পূৰ্ণাঙ্গ জিনʼম বিন্যাস উন্মোচনৰ বাবে তেওঁ অধিক পৰিচিত।
-
সোমায়া হাৰুন
সোমায়া হাৰুন ( Somaya Harun; (জন্ম: ২ মে ২০০১) এগৰাকী বাংলাদেশী মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খেতাবধাৰী। তেওঁ ২০২৩ চনত মিছ মাল্টিনেচনেল বাংলাদেশ খেতাব লাভ কৰে আৰু ২০২৫ চনত মিছ ইণ্টাৰনেচনেল বাংলাদেশ প্ৰতিযোগিতাত দ্বিতীয় ৰানাৰ-আপ হিচাপে স্থান লাভ কৰে।
-
স্বৰ্ণা আক্তাৰ
স্বৰ্ণ আক্তাৰ (ইংৰাজী: Shorna Akter) (জন্ম: ১ জানুৱাৰী, ২০০৭) এগৰাকী বাংলাদেশী ক্ৰিকেটাৰ। তেওঁ বাংলাদেশ ৰাষ্ট্ৰীয় মহিলা ক্ৰিকেট দলৰ হৈ সোঁহতীয়া লেগ স্পিন বলাৰ আৰু সোঁহতীয়া বেটছমেন হিচাপে খেলে।
-
হাজী মহম্মদ দানেশ
হাজী মহম্মদ দানেশ (Haji Mohammad Danesh, (১৯০০ – ২৮ জুন ১৯৮৬) ব্ৰিটিছ ভাৰতত জন্মগ্ৰহণ কৰা এজন বাংলাদেশী ৰাজনীতিবিদ আৰু কমিউনিষ্ট কৰ্মী।