বাংলাদেশৰ ব্যক্তি
১৩২ প্ৰবন্ধ
-
এহতেশাম
আবু নূৰ মহম্মদ এহতেশামুৰ ৰহমান (১২ অক্টোবৰ ১৯২৭ – ১৭ ফেব্ৰুৱাৰী ২০০২), তেওঁ এহতেশাম হাইদৰ চৌধুৰী নামেৰে পৰিচিত, এগৰাকী বাংলাদেশী আৰু পাকিস্তান চলচ্চিত্ৰ পৰিচালক আছিল। তেওঁৰ মৃত্যুৰ পিছত তেওঁক ঢাকাত চলচ্চিত্ৰ উদ্যোগৰ পুৰোধা ব্যক্তি হিচাপে আখ্যা দিয়া হয়।
-
কফিল উদ্দিন ছোনাৰ
কফিল উদ্দিন ছোনাৰ বাংলাদেশৰ এজন ৰাজনীতিবিদ আছিল। তেওঁ ১৯৮৮ সনত বাংলাদেশৰ জাতীয় সংসদৰ সাংসদ হিচাবে নিৰ্বাচিত হৈছিল। ২০১৯ চনৰ ২৫ অক্টোবৰত ৭৫ বয়সত তেখেতৰ মৃত্যু হৈছিল।
-
কুমুদিনী হাজং
কুমুদিনী হাজং (১৯২৯/১৯৩০ – ২৩ মাৰ্চ ২০২৪) এজনী বাংলাদেশী হাজং বিপ্লৱী, আদিবাসী আৰু ধৰ্মনিৰপেক্ষ অধিকাৰ কাৰ্যকৰ্তা আছিল। তেওঁ ব্ৰিটিছ ৰাজৰ সময়ছোৱাত হোৱা টঙ্ক আন্দোলনত অংশগ্ৰহণৰ বাবে পৰিচিত। তেওঁ ২০১৯ চনত সমাজ কল্যাণত অৱদানৰ বাবে বাংলা একাডেমি ফেলোশ্বিপ লাভ কৰে।
-
খান জাহান আলি
খান জাহান আলি (১৩৬৯ - ২৫ অক্টোবৰ ১৪৫৯) এজন মুছলিম ধৰ্ম প্ৰচাৰক তথা বাংলাদেশৰ বাগেৰহাটৰ খান-ই-আজম বা স্থানীয় শাসক আছিল। তেওঁৰ অন্যান্য নামসমূহ হৈছে উলুঘ খান, খান-ই-আজম ইত্যাদি। বৰ্তমান ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিগণিত হোৱা “মছজিদৰ মহান চহৰ বাগেৰহাট” তেৱেই নিৰ্মাণ কৰিছিল বিশ্বাস কৰা হয়।
-
খুশী কবীৰ
খুশী কবীৰ (Khushi Kabir) এগৰাকী বাংলাদেশী সমাজকৰ্মী, নাৰীবাদী, আৰু পৰিৱেশবিদ।
-
গাজি বুৰহানুদ্দিন
চৈয়দ গাজী বুৰহানুদ্দিন (সৈয়দ গাজী বুরহানউদ্দীন) আছিল চিলেটত বাস কৰা চতুৰ্দশ শতিকাৰ চুফী মুছলমান ব্যক্তি। লোককথাত তেওঁক চিলেট অঞ্চলত বাস কৰা প্ৰথমজন মুছলমান হিচাপে উল্লেখ কৰা হয়।
-
গাজী পীৰ
গাজী পীৰ(Gazi Pir) যাক ঘাজী পীৰ, গাঝী পীৰ, বৰখান গাজী বা গাজী চাহেব বুলিও জনা যায়, বংগত ইছলাম ধৰ্ম প্ৰসাৰৰ সময়ত দ্বাদশ বা ত্ৰয়োদশ শতিকাত বাস কৰা এজন বাঙালী মুছলমান গাজী আৰু পীৰ (যোদ্ধা সন্ত) আছিল। ভয়ায়ক বন্য প্ৰাণীৰ ওপৰত তেওঁৰ ক্ষমতা আৰু প্ৰাকৃতিক উপাদান নিয়ন্ত্ৰণৰ বাবে তেওঁ পৰিচিত আছিল।
-
চুলতানা কামাল
চুলতানা কামাল (Sultana Kamal) এগৰাকী বাংলাদেশী অধিবক্তা তথা মানৱ অধিকাৰ কৰ্মী। তেওঁ নাগৰিক অধিকাৰ সংস্থা আইন অ' ছালিছ কেন্দ্ৰৰ কাৰ্যবাহী সঞ্চালিকা হিচাপে কাম কৰে।২০০৬ চনত ২০০৬-২০০৮ চনৰ বাংলাদেশৰ ৰাজনৈতিক সংকটৰ সময়ত ৰাষ্ট্ৰপতি ইয়াজুদ্দিন আহমেদৰ নেতৃত্বত বাংলাদেশৰ কেয়াৰটেকাৰ চৰকাৰত উপদেষ্টা হিচাপে…
-
চৈয়দ নবাব আলি চৌধুৰী
চৈয়দ নবাব আলী চৌধুৰী (সৈয়দ নওয়াব আলী চৌধুরী, ২৯ ডিচেম্বৰ ১৮৬৩ – ১৭ এপ্ৰিল ১৯২৯) আছিল পূব বংগৰ (বৰ্তমান বাংলাদেশ) টাংগাইলস্থিত ধনবাৰীৰ নবাব। তেওঁ ঢাকা বিশ্ববিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। তেওঁ সংযুক্ত বংগৰ প্ৰথম মুছলমান মন্ত্ৰী। তেওঁ শিক্ষা বিভাগৰ দায়িত্ব চম্ভালিছিল।
-
চৈয়দা ৰিজৱানা হাছান
চৈয়দা ৰিজৱানা হাছান (Rizwana Hasan; জন্ম ১৫ জানুৱাৰী ১৯৬৮) এগৰাকী বাংলাদেশী অধিবক্তা আৰু পৰিৱেশ কৰ্মী। তেওঁ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ এগৰাকী উপদেষ্টা আছিল আৰু পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন, জল সম্পদ আৰু তথ্য তথা সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
ছফিউদ্দিন আহমেদ
ছফিউদ্দিন আহমেদ (২৩ জুন ১৯২২ – ২০ মে' ২০১২) এজন বাংলাদেশী শিল্পী। ১৯৭৮ চনত একুশ্বে পদক লাভ কৰাৰ লগতে ১৯৯৬ চনত তেওঁক বাংলাদেশ চৰকাৰে স্বাধীনতা দিৱসৰ বঁটা প্ৰদান কৰে।
-
জাহানাৰা ইমাম
জাহানাৰা ইমাম (Jahanara Imam; ৩ মে, ১৯২৯ – ২৬ জুন, ১৯৯৪) এগৰাকী বাংলাদেশী লেখক আৰু ৰাজনৈতিক কৰ্মী। বাংলাদেশৰ মুক্তি যুদ্ধত যুদ্ধ অপৰাধ সংঘটিত কৰাৰ অভিযুক্তসকলক বিচাৰৰ বাবে অনাৰ প্ৰচেষ্টাৰ বাবে তেওঁ জনাজাত। তেওঁক ‘শ্বহীদ জননী’ বুলি কোৱা হৈছিল।
-
জেজমিন চৌধুৰী
জেজমিন চৌধুৰী (প্ৰচলিত নামে জেজমিন) হৈছে বাংলাদেশত জন্মগ্ৰহণ কৰা এজনী আমেৰিকান পৰ্ণগ্ৰাফিক অভিনেত্ৰী।ৰ সৈতে কাম কৰে। ২০০৫ চনত তেওঁ Orgy World: The Next Level 7 ছবিৰ বাবে শ্ৰেষ্ঠ গোট যৌন দৃশ্য, ভিডিঅ' শ্ৰেণীত AVN বঁটা লাভ কৰে।
-
তানজিম খালিদ চৌধুৰী
তানজিম খালিদ চৌধুৰী (জন্ম ১৯৭৫) হৈছে কৰ্ণেল টেকৰ সমন্বিত স্বাস্থ্য আৰু প্ৰযুক্তিত ৰ’জাৰ আৰু জোৱেল বাৰ্নেল অধ্যাপক। তেওঁৰ গৱেষণাৰ মুখ্য ক্ষেত্ৰ হৈছে এম-হেল্থ, য’ত স্মাৰ্টফোন আদি মোবাইল ডিভাইচ ব্যৱহাৰ কৰি স্বাস্থ্য উন্নত কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়। তেওঁৰ জন্ম বাংলাদেশত।
-
তাৰানা হালিম
তাৰানা হালিম (ইংৰাজী: Tarana Halim; জন্ম: ১৬ আগষ্ট ১৯৬৬) এগৰাকী বাংলাদেশী ৰাজনীতিবিদ, প্ৰাক্তন অধিবক্তা, দূৰদৰ্শন তথা চলচ্চিত্ৰ অভিনেত্ৰী আৰু নাট্যকাৰ। ২০১৮ চনৰ জানুৱাৰী মাহত তেওঁক তথ্য ৰাজ্যিক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়।
-
তোফায়েল আহমেদ
তোফায়েল আহমেদ (জন্ম ২২ ফেব্ৰুৱাৰী ১৯১৯ - মৃত্যু ২৮ মাৰ্চ ২০০২) বাংলাদেশৰ এগৰাকী শিক্ষাবিদ, লোকসংস্কৃতি গৱেষক আৰু লোকশিল্প সংগ্ৰাহক আছিল। তেওঁ বাংলাদেশেৰ লুপ্তপ্ৰায় লোক-শিল্পৰ নমুনা সংগ্ৰহ আৰু সেইবোৰৰ ওপৰত কৰা গবেষণাৰ কাৰণেই সকলোতকৈ বেছি পৰিচিত।
-
দিলাৰা বেগম জলী
দিলাৰা বেগম জলী (Dilara Begum Jolly)এগৰাকী বাংলাদেশী ছপা শিল্পী, ভাস্কৰ্য্য শিল্পী, প্ৰতিষ্ঠাপন শিল্পী আৰু চিত্ৰশিল্পী। নাৰীৰ বিৰুদ্ধে দেখা পোৱা বৈষম্যক সমাজৰ সমুখলৈ লৈ অহাৰ বাবে আৰু নিজৰ কৰ্মত নাৰীবাদী দৃষ্টিভংগী স্পষ্টভাৱে উপস্থাপন কৰা বাবে তেওঁ পৰিচিত।
-
দিলৰুবা আহমেদ
দিলৰুবা আহমেদ এগৰাকী আমেৰিকান লেখিকা, শিক্ষাবিদ আৰু কবি। তেওঁ বাংলাদেশী বংশোদ্ভূত। তেওঁৰ ৰচনা মেজৰ জেকচনৰ দ্বাৰা নিৰ্বাচিত হৈ দ্য বেপ্ট আমেৰিকান পয়েট্ৰি ২০১৯-ত স্থান লাভ কৰিছিল।
-
দেৱাশীষ ৰায়
দেৱাশিস ৰায় (জন্ম ৯ এপ্ৰিল ১৯৫৯) এগৰাকী বাংলাদেশী ৰাজনীতিজ্ঞ আৰু আইনজীৱী। তেওঁ হৈছে চিত্তাকল হিল ট্ৰাক্টছৰ আদিবাসীসকলৰ ভিতৰত সৰ্বাধিক বৃহৎ সমষ্টি চাকমা চক্ৰৰ আনুষ্ঠানিক ৰজা।
-
নাছিমা আক্তাৰ
নাছিমা আক্তাৰ (বাংলা: নাসিমা আক্তাব়; জন্ম ১৯৭০) এগৰাকী বাংলাদেশী বিজ্ঞানী যিয়ে পাৰমাণৱিক চিকিৎসা বিজ্ঞানত বিশেষজ্ঞতা অৰ্জন কৰিছে। ২০১০ চনত ভ্ৰুণৰ অস্বাভাৱিকতা ধৰা পেলোৱাৰ বাবে নাকল ট্ৰেন্সলুচেন্সী আৰু পাৰমাণৱিক হৃদৰোগ বিজ্ঞান বিষয়ত কৰা গৱেষণাৰ বাবে তেওঁ BAS-TWAS যুৱ বিজ্ঞানী বঁটা লাভ কৰে।
-
নিতুন কুণ্ডু
নিত্য গোপাল কুণ্ডু (Nitya Gopal Kundu; ৩ ডিচেম্বৰ ১৯৩৫ – ১৫ ছেপ্টেম্বৰ ২০০৬) আছিল এজন বাংলাদেশী শিল্পী, ভাস্কৰ্য শিল্পী আৰু উদ্যোগী। ১৯৭১ চনত বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ত কুণ্ডুৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ অটবি নামৰ এটা আচবাবৰ কোম্পানী প্ৰতিষ্ঠা কৰিছিল।
-
নুৰজাহান বসু
নুৰজাহান বসু (Noorjahan Bose; জন্ম: ১৪ মাৰ্চ ১৯৩৮)এগৰাকী বাংলাদেশী লেখিকা আৰু মহিলা অধিকাৰ কৰ্মী। ২০১৬ চনত আত্মজীৱনী শাখাত তেওঁ বাংলা একাডেমী সাহিত্য বঁটা লাভ কৰে। তেওঁ আশা আৰু সংহাতী – মহিলা সবলীকৰণত গুৰুত্ব আৰোপ কৰা এটা অলাভজনক সংস্থা প্ৰতিষ্ঠা কৰে।
-
নৱনীতা চৌধুৰী
নৱনীতা চৌধুৰী বাংলাদেশৰ সৰ্ববৃহৎ বেচৰকাৰী সংস্থা ব্ৰাকৰ এগৰাকী বাংলাদেশী সাংবাদিক, গায়িকা আৰু মহিলাৰ বিৰুদ্ধে হিংসা প্ৰতিৰোধৰ পদক্ষেপৰ পৰিচালক। তেওঁ ডিবিচি নিউজৰ সম্পাদিকা আৰু চেনেল ৭১ৰ টেলিভিছন টক শ্ব’ৰ আয়োজক আছিল।
-
পাপিয়া সৰৱাৰ
পাপিয়া সৰৱাৰ (Papia Sarwar) (২১ নৱেম্বৰ ১৯৫২ - ১২ ডিচেম্বৰ ২০২৪) বাংলাদেশৰ এগৰাকী প্ৰখ্যাত কণ্ঠশিল্পী তথা ৰবীন্দ্ৰ সংগীতৰ বিশিষ্ট পৰিবেশক আছিল। সংগীতত তেওঁৰ অসাধাৰণ দক্ষতা তথা নিখুঁত পৰিৱেশন শৈলীৰ বাবে তেওঁ সংগীতপ্ৰেমীসকলৰ মাজত অতি জনপ্ৰিয় আছিল।
-
পাপৰি বসু
পাপৰি বসু (বাংলা: পাপড়ি বসু) এগৰাকী বাংলাদেশী স্বাধীনতা সংগ্ৰামী, শিক্ষয়িত্ৰী, সমাজকৰ্মী আৰু নাৰী অধিকাৰ কৰ্মী। ২০১৯ চনত তেওঁ বেগম ৰকেয়া পদক সন্মানেৰে সন্মানিত হৈছিল।
-
পাৰভেজ ৰব
পাৰভেজ ৰব (১৯৬২/৬৩ – ১৯ অক্টোবৰ ২০১৯) বাংলাদেশৰ এজন সুৰকাৰ আৰু সঙ্গীত পৰিচালক আছিল। তেখেত মুঠ ৭৫ খন বাংলাদেশী চলচ্চিত্ৰৰ সঙ্গীত পৰিচালনা কৰিছিল। ২০১৯ চনৰ ৫ ছেপ্টেম্বৰত ৫৬ বয়সত তেখেতৰ মৃত্যু হয়।
-
পূৰবী বসু
পূৰবী বসু (Purabi Basu; জন্ম: ২১ ছেপ্টেম্বৰ ১৯৪৯) এগৰাকী বাংলাদেশী চুটিগল্পকাৰ, ফাৰ্মাক'লজিষ্ট আৰু সমাজকৰ্মী। ২০০৫ চনত তেওঁ অনন্য সাহিত্য বঁটাআৰু ২০১৩ চনত বাংলা একাডেমী সাহিত্য বঁটা লাভ কৰে। ২০০৫ চনৰ পৰা তেওঁ নিউয়ৰ্কৰ ৱাইথ ফাৰ্মাচিউটিকেলছ নামৰ ঔষধ কোম্পানীত জ্যেষ্ঠ কাৰ্যবাহী হিচাপে কাম কৰি আহিছে।
-
প্ৰসন্নময়ী দেৱী
প্ৰসন্নময়ী দেৱী (চৌধুৰী) (২৯ ছেপ্টেম্বৰ ১৮৫৬ – ২৫ অক্টোবৰ ১৯৩৯) এগৰাকী বাঙালী কবি, ভ্ৰমণ সাহিত্যিক আৰু বংগ নৱ-জাগৰণ যুগৰ স্মৃতিগ্ৰন্থ আছিল। তেওঁৰ গ্ৰন্থ আৰ্য্যৱৰ্তঃ জনৈকা বংগমহিলাৰ ভ্ৰমণ বৃত্তান্ত (১৮৮৮) আছিল এগৰাকী বাঙালী মহিলাৰদ্বাৰা ভাৰতৰ প্ৰথম প্ৰকাশিত ভ্ৰমণ বিৱৰণ।
-
ফিৰডোছ আৰা বেগম
ফিৰডোছ আৰা বেগম (Ferdous Ara Begum) এগৰাকী বাংলাদেশী অৰ্থনীতিবিদ, লিংগ বিশেষজ্ঞ আৰু অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী। তেওঁ ৰাষ্ট্ৰসংঘৰ মহিলাৰ বিৰুদ্ধে বৈষম্য নিৰ্মূলকৰণ সমিতিৰ সদস্য আছিল আৰু ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজিৰ লিংগ বিষয়ৰ বিশেষজ্ঞ পৰামৰ্শদাতা আছিল।
-
ফৈজুন্নেছা চৌধুৰাণী
নৱাব বেগম ফৈজুন্নেছা চৌধুৰাণী (Nawab Begum Faizunnesa Choudhurani; ১৮৩৪-১৯০৩) বৰ্তমানৰ বাংলাদেশৰ কমিল্লা জিলাৰ হোমনাবাদ পশ্চিমগাঁও ইষ্টেটৰ জমিদাৰ আছিল। তেওঁ বিশেষকৈ নাৰী শিক্ষা আৰু অন্যান্য সামাজিক সমস্যাৰ বাবে তেওঁৰ প্ৰচাৰৰ বাবে জনাজাত।