অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুমাইয়া মাতসুশিমা

ছুমায়া মাটছুছিমা (: Sumaya Matsushimaজন্ম ১৫ ফেব্ৰুৱাৰী ২০০১ চন); বাংলাদেশৰ প্ৰথমগৰাকী পেছাদাৰী মহিলা ফ্ৰীষ্টাইল খেলুৱৈ হিচাপেও তেওঁক গণ্য কৰা হয়। ২০০১ চনৰ ১৫ ফেব্ৰুৱাৰীত জাপানত জন্মগ্ৰহণ কৰে।

হালনাগাদ: ১২ নৱেম্বৰ ২০২৫ ২১৬ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ছুমায়া মাটছুছিমা (: Sumaya Matsushimaজন্ম ১৫ ফেব্ৰুৱাৰী ২০০১ চন); বাংলাদেশৰ প্ৰথমগৰাকী পেছাদাৰী মহিলা ফ্ৰীষ্টাইল খেলুৱৈ হিচাপেও তেওঁক গণ্য কৰা হয়।১২৩৪ ২০০১ চনৰ ১৫ ফেব্ৰুৱাৰীত জাপানত জন্মগ্ৰহণ কৰে। সুমায়াৰ জন্মৰ ২ বছৰ বয়সত ২০০৩ চনত তেওঁৰ পিতৃ-মাতৃ বাংলাদেশলৈ গুচি আহে আৰু পিতৃ বাংলাদেশী হোৱাৰ বাবে বাংলাদেশৰ স্থায়ী বাসিন্দা হয়।৫৬

ব্যক্তিগত জীৱন

ছুমায়া জন্ম জাপানত। তেওঁৰ মাতৃৰ নাম টমোমি মাটছুছিমা এগৰাকী জাপানী, পিতৃ মাছুদুৰ ৰহমান এজন বাংলাদেশী। ২ বছৰ বয়সত তাই বাংলাদেশলৈ গুচি আহে। ২০০৮ চনত তেওঁলোক বাংলাদেশৰ স্থায়ী বাসিন্দা হয়।৭৮ সুমুৱাইয়াই অষ্টম শ্ৰেণীলৈকে ছি ব্ৰিজ ইণ্টাৰনেশ্যনেল স্কুলত অধ্যয়ন কৰিছিল। ইয়াৰ পিছৰ পৰ্য্যায়ৰ অধ্যয়নৰ বাবে ডন বস্কো স্কুল আৰু কলেজত নাম লগায়। ২০১৮ চনত তেওঁ এটা মহিলা ফুটবল দল গঠন কৰে আৰু আন্তঃইংৰাজী মাধ্যমৰ বিদ্যালয় অধিবেশনত অংশগ্ৰহণ কৰে।৯ তেওঁৰ দলটোৱে ছবাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু একেৰাহে চাৰিবাৰ চেম্পিয়ন হৈছিল। প্ৰতিযোগিতাখনত সৰ্বাধিক গ’লদাতা আছিল সুমায়া। তেওঁ বাংলাদেশৰ বসুন্ধৰা আৱাসিক অঞ্চলৰ নামানুসাৰে গঠন হোৱা বসুন্ধৰা কিংছ মহিলা ফুটবল দলৰ ফৰৱাৰ্ড খলুৱৈ। ইয়াৰ পূৰ্বে তেওঁ মালদ্বীপৰ ধীভেহি ছিফাইংগে ক্লাবৰ হৈ খেলিছিল।

পেছাদাৰী কেৰিয়াৰ

ধীভেহি ছিফাইংগে ক্লাবৰ হৈ মালদ্বীপত পেছাদাৰীভাৱে খেলিবলৈ আৰম্ভ কৰে।[10]১০ ২০২০ চনত সুমায়াক পেছাদাৰী ফুটবল ক্লাব বসুন্ধৰা ৰজাই নিৰ্বাচিত কৰে।৯১১১২ ২০২৩ চনৰ ১৫ জুলাইত নেপালৰ বিৰুদ্ধে বাংলাদেশৰ হৈ জাতীয় দলত অভিষেক ঘটায় সুমায়াই।১৩

সন্মান

বসুন্ধৰা কিংছ

বাংলাদেশ মহিলা ফুটবল লীগ: ২০২১–২২, ২০২১–২২

বাংলাদেশ

SAFF মহিলা চেম্পিয়নশ্বিপ: ২০২৪

আন্তঃৰাষ্ট্ৰীয় গল

নং তাৰিখ স্থান প্ৰতিদ্বন্দ্বী স্ক'ৰ ফলাফল প্ৰতিযোগিতা ১ ৪ ডিচেম্বৰ ২০২৩ বিএছএছএছএমকে ষ্টেডিয়াম, ঢাকা, বাংলাদেশ ছিংগাপুৰ ৭–০ ৮–০ প্ৰীতি মেচ

তথ্যসূত্ৰ

  1. ↑ "Matsushima Sumaya: If the girls love football, there is a way".. Dhaka Tribune.
  2. ↑ "Matsushima Sumaiya dreams of representing the nation". The Daily Observer.. The Daily Observer.
  3. ↑ "Matsushima Sumaiya all set to play for Kings". bangladeshpost.net.. bangladeshpost.net.
  4. ↑ "Cultivating flair".. Dhaka Tribune.
  5. ↑ (Archived from the original on 30 October 2024.). "Biography of Sumaiya Matsushima".. Samakal.
  6. ↑ "When did Sumaya move to Bangladesh?".. Bangla Tribune.
  7. ↑ Biography of Sumaiya Matsushima. Samakal
  8. ↑ দেশেৰ ফুটবলে জাপানি হাওয়া. Khela 71
  9. ↑ (2020-10-12). BFF eyeing on Matsushima Sumaiya. Dhaka Tribune
  10. ↑ DSC demolished defending champions MPL to win third title.. clubmaldives.org
  11. ↑ (2023-01-23). Japanese-Bangladeshi Mathsushima in women's team's camp. The Business Standard
  12. ↑ ‘I had to balance football and society’. businesspostbd.com
  13. ↑ Japan’s Sumaya now belongs to Bangladesh

সম্পৰ্কিত শ্ৰেণী

ক্ৰীড়াবিদবাংলাদেশৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুমাইয়া মাতসুশিমা” প্ৰবন্ধৰ সংশোধন ৫৫০২৯৯ (১২ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।