অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সালমা সোবহান

সালমা সোবহান (Salma Sobhan; ১১ আগষ্ট ১৯৩৭ – ৩০ ডিচেম্বৰ ২০০৩ ঢাকা বিশ্ববিদ্যালয়ৰ আইন অনুষদৰ সদস্য হিচাপে তেওঁ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ চকীদাৰ সংস্থা আইন-অ’-ছালিছ কেন্দ্ৰ (এ এছ কে)ৰ সহ-প্ৰতিষ্ঠাপক আছিল।

হালনাগাদ: ২৬ মাৰ্চ ২০২৫ ৭২ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

সালমা সোবহান (Salma Sobhan; ১১ আগষ্ট ১৯৩৭ – ৩০ ডিচেম্বৰ ২০০৩)এগৰাকী বাংলাদেশী অধিবক্তা, শৈক্ষিক আৰু মানৱ অধিকাৰ কৰ্মী আছিল। ১৯৫৯ চনত তেওঁ পাকিস্তানৰ প্ৰথম মহিলা বেৰিষ্টাৰ হয়। ১ ঢাকা বিশ্ববিদ্যালয়ৰ আইন অনুষদৰ সদস্য হিচাপে তেওঁ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ চকীদাৰ সংস্থা আইন-অ’-ছালিছ কেন্দ্ৰ (এ এছ কে)ৰ সহ-প্ৰতিষ্ঠাপক আছিল। তেওঁ বাংলাদেশ ইনষ্টিটিউট অৱ ল এণ্ড ইণ্টাৰনেশ্যনেল এফেয়াৰ্ছ (বিলিয়া)ৰ গুৰুত্বপূৰ্ণ ব্যক্তিত্বও আছিল।

নেপথ্য

১৯৩৭ চনত লণ্ডনত জন্মগ্ৰহণ কৰা সোবহানৰ পিতৃ মহম্মদ ইক্ৰামুল্লাহ আছিল পাকিস্তানৰ প্ৰথম বৈদেশিক সচিব। তেওঁৰ মাতৃ বেগম শয়স্তা চুহৰাৱাৰ্ডি ইক্ৰামুল্লা পাকিস্তানৰ সংবিধান সভাৰ প্ৰথম দুগৰাকী মহিলা সদস্যৰ ভিতৰত অন্যতম আছিল,১ আৰু পিছলৈ ৰাষ্ট্ৰসংঘত পাকিস্তানৰ প্ৰতিনিধি আৰু মৰক্কোত ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ মাক আছিল কলিকতাৰ সুহৰাৱৰ্দি পৰিয়ালৰ সদস্য। মাকৰ ফালৰ পৰা সালমা সোবহান বংগৰ প্ৰধানমন্ত্ৰী তথা পাকিস্তানৰ প্ৰধানমন্ত্ৰী হুছেইন শ্বহীদ ছুহৰাৱাৰ্ডীৰ ভাগিনীয়েক আছিল আৰু পিতৃৰ ফালৰ পৰা ভাৰতৰ উপ-ৰাষ্ট্ৰপতি আৰু মুখ্য ন্যায়াধীশ মহম্মদ হিদাতুল্লাৰ ভতিজী আছিল।

১৯৬২ চনত অৰ্থনীতিবিদ ৰেহমান সোবহানৰ সৈতে তেওঁৰ বিবাহ হয়।১ তেওঁলোকৰ তিনিজন পুত্ৰ আছিল৷

শিক্ষা আৰু আৰম্ভণিৰ জীৱন

সোবহানে ইংলেণ্ডৰ ৱেষ্টনবাৰ্ট স্কুলত শিক্ষা গ্ৰহণ কৰে আৰু ১৯৫৮ চনত কেম্ব্ৰিজৰ গিৰ্টন কলেজত আইন অধ্যয়ন কৰে। ১৯৫৯ চনত লিংকনছ ইনৰ পৰা বাৰলৈ মাতি অনা সোবহান পাকিস্তানৰ প্ৰথম মহিলা বেৰিষ্টাৰৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হয়। তেওঁ কৰাচীৰ এটা আইন প্ৰতিষ্ঠান এম/এছ ছাৰিজ এণ্ড বিচেনোৰ সৈতে উচ্চ ন্যায়ালয়ত প্ৰেকটিছ কৰিবলৈ আইনী সহায়িকা হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে।১ ১৯৬২ চনত বিবাহপাশত আবদ্ধ হোৱাৰ পিছত তেওঁ ঢাকালৈ গুচি যায় আৰু ঢাকা বিশ্ববিদ্যালয়ৰ আইন অনুষদত শিক্ষকতা কৰিবলৈ আৰম্ভ কৰে আৰু ১৯৮১ চনলৈকে কাৰ্যনিৰ্বাহ কৰে। ১৯৭৪ চনত বাংলাদেশ ইনষ্টিটিউট অৱ ল এণ্ড ইণ্টাৰনেশ্যনেল এফেয়াৰ্ছত গৱেষক হিচাপে তেওঁ নিযুক্তি লাভ কৰে। সোবহান উচ্চতম ন্যায়ালয়ৰ আইন প্ৰতিবেদন সম্পাদনাৰ দায়িত্বত আছিল।১

মানৱ অধিকাৰ আৰু ন্যায়িক কেৰিয়াৰ

সোবহানে আন আঠজন সহকৰ্মীৰ সৈতে ১৯৮৬ চনত আইন অ শলিশ কেন্দ্ৰ নামৰ এটা মানৱ অধিকাৰ সংগঠন প্ৰতিষ্ঠা কৰিছিল। ২০০১ চনলৈকে তেওঁ সংস্থাটোৰ কাৰ্যবাহী সঞ্চালিকা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১ মহিলাৰ অধিকাৰৰ প্ৰতিৰক্ষাৰ বাবে তেওঁ ২০০০ চনত অনন্যা মেগাজিন বঁটা আৰু ২০০১ চনত নিউয়ৰ্কস্থিত লয়াৰ্ছ কমিটি ফৰ হিউমেন ৰাইটছ (পিছলৈ হিউমেন ৰাইটছ ফাৰ্ষ্ট নামেৰে জনাজাত)ৰ পৰা বঁটা লাভ কৰে।১ সোবহান বাংলাদেশ আইনী সাহায্য আৰু সেৱা ন্যাসৰ ব'ৰ্ডৰ লগতে বাংলাদেশ গ্ৰাম্য উন্নতি সমিতি (BRAC) আৰু নিজেৰা কোৰীৰ ব'ৰ্ডলৈ নিৰ্বাচিত হয়।১ ২০০১ চনত ৰাষ্ট্ৰসংঘৰ ৰিচাৰ্চ ইনষ্টিটিউট ফৰ ছ’চিয়েল ডেভেলপমেণ্ট (UNRISD)ৰ ব’ৰ্ডলৈ তেওঁ নিৰ্বাচিত হয়। তেখেতে তিনিটা আন্তঃৰাষ্ট্ৰীয় নাৰীবাদী নেটৱৰ্কৰ সদস্যও আছিল: এছিয়া পেচিফিক উইমেন ল এণ্ড ডেভেলপমেণ্ট, উইমেন লিভিং অণ্ডাৰ মুছলিম ল'ছ আৰু মেটচ কানাডা।১

প্ৰকাশন

সোবহানৰ প্ৰকাশনসমূহৰ ভিতৰত আছে-

  • Legal Status of Women in Bangladesh (1975),
  • Peasants' Perception of Law (1981),
  • No Better Option? Women Industrial Workers (co-authored in 1988).

উত্তৰাধিকাৰ

অমৰ্ত্য সেনে আৰম্ভ কৰা প্ৰটিচি ফাউণ্ডেচনে তেওঁৰ নামত সাংবাদিকৰ বাবে এক বঁটা প্ৰতিষ্ঠা কৰিছে।২

তথ্যসূত্ৰ

  1. ↑ Hameeda Hossain. (2012). Banglapedia: National Encyclopedia of Bangladesh. Asiatic Society of Bangladesh
  2. ↑ Hameeda Hossain. (December 31, 2004). Salma's journey into activism. The Daily Star

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ ব্যক্তিবাংলাদেশৰ নাৰী অধিকাৰ কৰ্মীমানৱ অধিকাৰ কৰ্মীসমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সালমা সোবহান” প্ৰবন্ধৰ সংশোধন ৪৯৭৩৬২ (২৬ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।