অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শ্বাহ আব্দুল কৰিম

শ্বাহ আব্দুল কৰিম বা বাউল শ্বাহ আব্দুল কৰিম (Shah Abdul Karim; ১৫ ফেব্ৰুৱাৰী ১৯১৬ - ১২ ছেপ্টেম্বৰ ২০০৯) হ'ল এজন বাংলাদেশী বাউল সংগীতজ্ঞ আৰু দাৰ্শনিক। সৰ্বশ্ৰেষ্ঠ বাউল সংগীতজ্ঞসকলৰ ভিতৰৰ এজন হিচাপে পৰিচিত তেওঁক 'বাউল সম্ৰাট' (বাউলৰ ৰজা) বুলি কোৱা হয়।

হালনাগাদ: ২৮ অক্টোবৰ ২০২৫ ১৬২ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

শ্বাহ আব্দুল কৰিম বা বাউল শ্বাহ আব্দুল কৰিম (Shah Abdul Karim; ১৫ ফেব্ৰুৱাৰী ১৯১৬ - ১২ ছেপ্টেম্বৰ ২০০৯)১২ ৩ হ'ল এজন বাংলাদেশী বাউল সংগীতজ্ঞ আৰু দাৰ্শনিক। সৰ্বশ্ৰেষ্ঠ বাউল সংগীতজ্ঞসকলৰ ভিতৰৰ এজন হিচাপে পৰিচিত তেওঁক 'বাউল সম্ৰাট' (বাউলৰ ৰজা) বুলি কোৱা হয়।৪ বাংলাদেশ চৰকাৰ ২০০১ চনত তেওঁক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান একুশে পদক প্ৰদান কৰা হৈছিল।৫ বাউল সংগীতৰ বিশাল ডিস্কোগ্ৰাফীৰ সমান্তৰালভাৱে কৰিমে বাউল দৰ্শনৰ বিকাশত যথেষ্ট অৰিহণা যোগাইছিল; তেওঁৰ কামক সাধাৰণতে ফকীৰ লালন শ্বাহৰ দৰেই ক্লাছিক বাউলৰ সংশোধিত ধাৰাবাহিকতা হিচাপে দেখা যায়।৩ বাউল দৰ্শনৰ বাহিৰেও, শৰীৰ তত্ত্ব, চুফিবাদ, মাৰিফা, আৰু বিপ্লৱী সংগীতকে৬ ধৰি কেইবাটাও দিশত কৰিমৰ বহুবিষয়ক অৱদানে বাংলাদেশী ধৰ্মনিৰপেক্ষ বহুত্ববাদৰ এক স্থায়ী উদাহৰণ হিচাপে তেওঁক গঢ়ি তুলিছে।

প্ৰাৰম্ভিক জীৱন

কৰিমৰ জন্ম হৈছিল ১৯১১ চনৰ ১৫ ফেব্ৰুৱাৰীত ছিলেটৰ সুনামগঞ্জ দেৰাইত।৩ তেওঁ বাউল সংগীত আৰু দৰ্শনৰ প্ৰাৰম্ভিক পাঠ বাউল ৰছিদ উদ্দিন আৰু বাউল শ্বাহ ইব্ৰাহিম মস্তান বখশ্বৰৰ পৰা লৈছিল।৩ ১৯৫৭ চনৰ পৰা কৰিমে তেওঁৰ ঘৰৰ ওচৰৰ এখন গাঁও উজান ঢোলত তেওঁৰ পত্নী আফতাবুন্নেছা বিবিৰ সৈতে বাস কৰিবলৈ আৰম্ভ কৰে; আফতাবুন্নেছা বিবিক তেওঁ মৰমতে‍ সৰলা (এজনী সৰল ছোৱালী) বুলি মাতিছিল।৩

ব্যক্তিগত জীৱন

আজীৱন ব্ৰাহ্মণত্বৰ বাউল পৰম্পৰাৰ বিপৰীতে শ্বাহ আব্দুল কৰিম আছিল বিবাহিত। তেওঁৰ পুত্ৰ শ্বাহ নুৰ জালালে‍ দেউতাকৰ পদাঙ্ক অনুসৰণ কৰি নিজেই বাউল হৈছিল।১

সংগীতজ্ঞ হিচাপে খ্যাতি লাভ কৰাৰ পিছতো কৰিমে কৃষি-কৰ্মকে‍ তেওঁৰ প্ৰাথমিক বৃত্তি হিচাপে বাচি লৈছিল আৰু বৃদ্ধ বয়সলৈকে এজন কৃষক হিচাপেই জীৱন অতিবাহিত কৰিছিল।

শ্বাস-প্ৰশ্বাসজনিত সমস্যাত আক্ৰান্ত হৈ‍ ২০০৯ চনৰ ১২ ছেপ্টেম্বৰত ছিলেটত কৰিমৰ মৃত্যু হয়।২

কাম-কাজ

কৰিমে ১৬০০তকৈও অধিক গীত ৰচনা আৰু সুৰ কৰিছিল।৩ বাংলা অকাডেমীয়ে তেওঁৰ দহটা গীত ইংৰাজী ভাষালৈ অনুবাদ কৰিছে।৭

কৰিমৰ গীতসমূহ ছখন কিতাপত সন্নিৱিষ্ট হৈছেঃ

  • আফতাব সংগীত (1948)
  • গণ সংগীত (1957)
  • কালনিৰ ধেউ (1981)
  • ঢোলমেলা (1990)
  • ভাটিৰ চিথী (1998)
  • কালনিৰ কুলে (2001) ৩

উল্লেখযোগ্য গীতসমূহ

  • বন্দে মায়া লাগাইছে, পিৰিতি শিখাইছে
  • আগে কি সুন্দৰ দিন কাটাইতাম
  • গাড়ি চলে না
  • ৰঙ এৰ দুনিয়া তৰে চায় না
  • তুমি ৰাখ কিবা মাৰ
  • ঝিলমিল ঝিলমিল কৰেৰে ময়ূৰপংখী নাও
  • তোমাৰ কি দয়া লাগেনা
  • আমি মিনতি কৰিৰে
  • তোমাৰও পিৰিতে বন্ধু
  • সাহস বিনা হয়না কভু প্ৰেম
  • মোদেৰ কি হবেৰে,
  • মানুষ হয়ে তালাশ কৰলে
  • আমি বাংলা মায়েৰ ছেলে
  • আমি কূলহাৰা কলঙ্কিনী
  • কেমনে ভুলিবো আমি বাঁচি না তাৰে ছাড়া
  • কেন পিৰিতি বাড়াইলাৰে বন্ধু
  • ৰঙ্গিলা বাৰই ৰে
  • মন মিলে মানুষ মিলে, সময় মিলেনা
  • সখী তুৰা প্ৰেম কৰিওনা
  • কাছে নেওনা,দেখা দেওনা
  • মন মজালে,ওৰে বাউলা গান
  • আমাৰ মাটিৰ পিনজিৰাই সোণাৰ ময়নাৰে
  • নতুন প্ৰেমে মন মজাইয়া
  • বসন্ত বাতাসে সইগো
  • আইলায় না আইলায় নাৰে বন্ধু
  • মহাজনে বানাইয়াছে ময়ূৰপংখী নাও
  • আমি তোমাৰ কলেৰ গাড়ি
  • সখী কুঞ্জ সাজাও গো
  • জিজ্ঞাস কৰি তোমাৰ কাছে
  • যে দুংখ মোৰ মনে
  • হুৰু থাকতে,আমৰা কত খেইৰ (খেইল) খেলাইতাম
  • হাওয়াই উৰে আমাৰ
  • গান গাই আমাৰ মনৰে বুঝাই
  • দুনিয়া মায়াৰ জালে
  • দয়া কৰ দয়াল তোমাৰ দয়াৰ বলে
  • আগেৰ বাহাদুৰি গেল কই
  • মন বান‍দিব কেমনে
  • আমাৰ মন উদাসি
  • আমি তৰে চাইৰে বন্ধু
  • কাঙ্গালে কি পাইব তোমাৰে
  • বন্ধুৰে কই পাব
  • এখন ভাবিলে কি হবে
  • আসি বলে গেল বন্ধু আইলনা
  • আমি কি কৰি উপায়
  • প্ৰান বন্ধু আসিতে কত দুৰে
  • বন্ধু ত আইলনাগু সখী
  • আমি গান গাইতে পাৰিনা
  • খুজিয়া পাইলাম নাৰে বন্ধু
  • ভব সাগৰেৰ নাইয়া

উত্তৰাধিকাৰ

২০০০ চনৰ আৰম্ভণিলৈকে কৰিমৰ কাম মূলসুঁতিৰ পৰা আঁতৰত আছিল। হাবিব ৱাহিদে তেওঁৰ প্ৰথম এলবাম কৃষ্ণ মুকলি কৰিছিল। এলবামটো ছিলেটি‍ মূলৰ বাংলাদেশী ব্ৰিটিছ সংগীতজ্ঞসকলৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হৈছিল, যেনে কায়া, যি কৰিমৰ সংগীতৰ সৈতে পৰিচিত আছিল।৮ কৃষ্ণ ই বাংলাদেশী শ্ৰোতাসকলক ফ'ক ফিউজনৰ সোৱাদৰ সৈতে প্ৰথমবাৰ পৰিচয় কৰাইছিল আৰু তাৎক্ষণিকভাৱে হিট হৈছিল।

পৰৱৰ্তী সময়ত, ডলচুট আৰু মুজা সহ কেইবাজনো বিখ্যাত বাংলাদেশী শিল্পীয়ে কৰিমৰ গীত নিজ নিজ উপস্থাপন শৈলীত পৰিৱেশন কৰিছে।

তথ্যসূত্ৰ

  1. ↑ (2013-02-17). Shah Abdul Karim's 97th birth anniversary celebrated. The Daily Star
  2. ↑ (13 September 2009). http://www.thedailystar.net/newDesign/latest_news.php?nid=19279
  3. ↑ (2019-09-12). https://www.thedailystar.net/arts-entertainment/news/10th-death-anniversary-shah-abdul-karim-1798765
  4. ↑ (2020-09-12). বাউল সম্ৰাটকে ছাড়া ১১ বছৰ. চ্যানেল আই অনলাইন
  5. ↑ bn:একুশে পদকপ্ৰাপ্ত সুধীবৃন্দ. Government of Bangladesh
  6. ↑ (2015-11-14). গানেৰ গুৰু প্ৰাণেৰ গুৰু শাহ আব্দুল কৰিম
  7. ↑ (2006-05-18). Musical tribute to a living legend -- Shah Abdul Karim. The Daily Star
  8. ↑ তাঁৰ চোখেৰ দিকে তাকিয়ে ৰইলাম. www.ajkerpatrika.com

সম্পৰ্কিত শ্ৰেণী

Articles with hCardsবাংলাদেশৰ কণ্ঠশিল্পীগীতিকাৰবাংলাদেশৰ ব্যক্তিবঙালী কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বাহ আব্দুল কৰিম” প্ৰবন্ধৰ সংশোধন ৫৪৫৮৩৫ (২৮ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।