শ্বাহ কামাল কুহাফা ( Shah Kamal Kuhafah; 1291-1385)এজন দানশীল, অগ্ৰণী, সক্ৰিয় সমাজকৰ্মী আৰু ধৰ্মীয়-নেতা আছিল।
জীৱন
শ্বাহ কামাল কুহাফাৰ জন্ম হয় মক্কাত। তেওঁ আবু বকৰৰ জ্যেষ্ঠ্য পুত্ৰ, ইছলামৰ প্ৰথম খলিফা ’আব্দুৰ ৰহমান ইবনে আবি বকৰ’ৰ বংশধৰ আছিল। তেওঁ বানুৰ টিয়ামৰ অন্তৰ্গত কোৰেইছ জনগোষ্ঠীৰ এটা বিশিষ্ট বংশৰ এজন কুৰেইশ্বি আছিল। জীৱনৰ সমতাবাদী সাধনা বিস্তাৰ কৰিবলৈ বাৰজন চুফী সাধকৰ নেতৃত্ব দি ইতিমধ্যেই বাংলাদেশৰ চিট্টাগঙলৈ যোৱা পিতৃ বুৰহানুদ্দিন কেতনক লগ কৰিবলৈ নৱবিবাহিত পত্নীৰ সৈতে শ্বাহ কামাল কুহাফা বাংলাদেশলৈ আহিছিল। বুৰহানুদ্দিন কেতনক চিট্টাগঙত শ্বাহ কাট’তাল, ক্বাট’ল শ্বাহ আৰু গাজী কাদল খান নামেৰে জনা যায়। তেওঁৰ দুখন মাজাৰ আছে, এটা কাটালগঞ্জ, চট্টগ্ৰামত আৰু আনখন ফাৰিংগাজুৰি বা ফাৰিংগী বজাৰত।১২ ১৩১৫ চনত তেওঁ পত্নী আৰু বাৰজন সঙ্গীৰ সৈতে সমাজ-ধৰ্মীয় সম্প্ৰীতিৰ আদৰ্শ প্ৰচাৰ কৰিবৰ বাবে চিলেটলৈ যাত্ৰা কৰে আৰু ১৩০৩ চনত শ্বাহ জালালৰ সৈতে এক দশক পূৰ্বে চিলেটলৈ যোৱা পিতৃ খোৱাজা বুৰহানুদ্দিন কেতনক লগ পায়।৩
শ্বাহ কামাল আৰু তেওঁৰ সংগীসকলে চিলেটত উপস্থিত হোৱাৰ লগে লগে শ্বাহ জালালৰ সৈতে দৰ্শন বিচাৰিছিল। শ্বাহ জালালৰ শিষ্য হোৱাৰ পিছত এই দলটোৱে ১৩১৫ চনৰ জুন মাহলৈকে চিলেটত থাকে।৪
শ্বাহ কামালৰ বাৰজন সংগী আছিল ক্ৰমে পীৰ কল্লু শ্বাহ(পিৰেৰগাঁও), শ্বাহ চান্দ(চান্দভাৰং), দাৱাৰ বখছ্ খাতিব(দোৱাৰশাহি বা দৱাৰাই), চৈয়দ জিয়া উদ্দিন(মুকান বজাৰ), ছামছুদ্দিন বিহাৰী(আতঘৰ), শ্বাহ ফৈজুল্লাহ(ফেইজি বা ফেচি), শ্বাহ জালালুদ্দিন(কুছিপুৰ বা কুস্কিপুৰ), শ্বাহ তাজুদ্দিন, চৈয়দ বাহাউদ্দিন (মুকান বজাৰ), শ্বাহ ৰুক্নুদ্দিন, চৈয়দ ছামছুদ্দিন (চৈয়দপুৰ) আৰু শ্বাহ মাণিক (মনিহাৰা)।৪
শ্বাহ কামাল আছিল এজন অগ্ৰণী নেতা, যি ৰতনাং নামেৰে পূৰ্বৰ সৰু সাগৰৰ দ্বীপ এটাত প্ৰথম মানুহৰ বসতি স্থাপনৰ বাবে কৰা পদক্ষেপৰ বাবে পৰিচিত। অৱশেষত এই বসতিয়ে এখন পূৰ্ণাংগ গাঁৱত পৰিণত হৈছিল, যিখনক এতিয়া শ্বাহাৰপাৰা বুলি কোৱা হয়। তেওঁৰ অগ্ৰণী কামৰ ভিতৰত উল্লেখযোগ্য আছিল শ্বাহাৰপাৰাত চিকিৎসালয়, বৰ্ডিং হাউচ, মছজিদ আৰু চেমিনাৰী নিৰ্মাণৰ কাম। এই প্ৰতিষ্ঠানসমূহে মানুহক অতুলনীয় সেৱা আগবঢ়াইছিল। খোৱাপানী সংৰক্ষণৰ বাবে তেওঁ সম্পূৰ্ণ সুৰক্ষিত পুখুৰী খনন কৰিছিল; এই পুখুৰীবোৰৰ বেছিভাগেই বৰ্তমান ক্ষয়িষ্ণু অৱস্থাত আছে আৰু আজিকালি ইয়াক খোৱাপানীৰ বাবে প্ৰায়েই ব্যৱহাৰ কৰা নহয়।
বংশধৰসকল
শ্বাহ কামাল কুহাফাৰ বংশধৰসকলে শ্বাহৰপাৰা, পাটলি ঔৰংগাবাদ আৰু চিলেটৰ দৰগাহ মহল্লাত বসতি স্থাপন কৰিছে আৰু তেওঁলোকে অতি সম্ভ্ৰান্ত পৰিয়াল হিচাপে নিজক তুলি ধৰিছে, যিবোৰক শ্বাহৰপাৰাৰ কামালী, পাটলীৰ কুৰেইশ্বি আৰু চিলেটৰ মুফতি বুলি জনা যায়। কামালী, কুৰেইশ্বি, মুফতি, খোৱাজা, ছিদ্দিকী আৰু শ্বাহ; এই উপাধিসমূহ শ্বাহ কামাল কুহাফাৰ বংশধৰসকলে নীৰৱচ্ছিন্নভাৱে ব্যৱহাৰ কৰে। শ্বাহ কামাল কুহাফাৰ বংশধৰসকল বৰ্তমান মূলতঃ কেইবাটাও পৰিয়াললৈ বিস্তৃত হৈছে: মোল্লা পৰিয়াল, শ্বাহজী পৰিয়াল, শ্বাহাৰপাৰাৰ বাগলাৰ পৰিয়াল, পাটলীৰ কুৰেইশ্বি পৰিয়াল আৰু চিলেট দৰগাহ মহল্লাৰ মুফতি পৰিয়াল। শ্বাহ কামাল কুহাফাৰ বংশধৰ মৌলানা শ্বাহ ছামছুদ্দিন কুৰেশ্বীয়ে পাটলীত কুৰেইশ্বি পৰিয়াল প্ৰতিষ্ঠা কৰে আৰু শ্বাহ কামাল কুহাফাৰ আন এজন বংশধৰ মৌলানা শ্বাহ জিয়া উদ্দিন কুৰেইশ্বিয়ে চিলেটৰ দৰগাহ মহল্লাত মুফতি পৰিয়াল প্ৰতিষ্ঠা কৰে।৫
মুল্লাবাৰী
শ্বাহ কামালৰ জ্যেষ্ঠ পুত্ৰ শ্বাহ জালালুদ্দিন কুৰেশ্বীয়ে মোল্লা বাৰী প্ৰতিষ্ঠা কৰিছিল আৰু এতিয়ালৈকে ইয়াত তেওঁৰ বংশধৰসকলে আছে। মোল্লা বাৰী আছিল পণ্ডিত, উকীল আৰু আইনবিদসকলৰ ঘৰ, যিয়ে আইন আৰু ৰীতি-নীতিৰ ব্যাখ্যা আৰু প্ৰামাণিকীকৰণৰ কাম কৰিছিল।৬
শ্বাহজী বাৰী
শ্বাহ কামালৰ দ্বিতীয় পুত্ৰ শ্বাহ মুআজ্জামুদ্দিন কুৰেইশ্বিয়ে শ্বাহজী বাৰী প্ৰতিষ্ঠা কৰিছিল আৰু এতিয়ালৈকে ইয়াত তেওঁৰ বংশধৰসকল আছে। শ্বাহজী বাৰীত ৰজা(শ্বাহ) আৰু ৰাষ্ট্ৰনেতাৰ ঘৰ আছিল।৭
বাগলাৰ বাৰী
বাগলাৰ বাৰী শ্বাহ কামালৰ কনিষ্ঠ পুত্ৰ শ্বাহ জামালুদ্দিন কুৰেইশ্বিয়ে প্ৰতিষ্ঠা কৰিছিল আৰু এতিয়ালৈকে ই তেওঁৰ বংশধৰসকলৰ। ‘বাগলাৰ’ মানে ধনী আৰু ‘বাগলাৰ বাগ’ মানে কমাণ্ডাৰ-ইন-চিফ। বাগলাৰ বাৰী হৈছে 'বাগলাৰবাগ'ৰ সংক্ষিপ্ত ৰূপ আৰু বাগলাৰ বাৰী আছিল কোষাগাৰ আৰু মুখ্য সেনাপতিৰ ঘৰ।৮
কুৰেইশ্বি বাৰী
শ্বাহ কামালৰ জ্যেষ্ঠ পুত্ৰ শ্বাহ জালালুদ্দিন কুৰেইশ্বিৰ বংশধৰ মৌলানা শ্বাহ ছামছুদ্দিন কুৰেইশ্বিয়ে ইয়াক প্ৰতিষ্ঠা কৰিছিল আৰু ই গাঁও পাটলীৰ পশ্চিমে অৱস্থিত। বৰ্তমান কুৰেইশ্বি বাৰী কুনাৰ্পাৰাত পাঁচটা আৰু ঔৰংগাবাদত এটা; কুনাৰ্পাৰা আৰু ঔৰংগাবাদ দুয়োখন ঔৰংগাবাদ মৌজাৰ অংশ আছিল যদিও কিছুদিনৰ আগতে বৃহত্তৰ পাটালি গাঁৱৰ সৈতে একত্ৰিত হৈছে। ঔৰংগাবাদ মৌলানা ছামছুদ্দিন কুৰেইশ্বিৰ কনিষ্ঠ পুত্ৰ খোৱাজা ফখৰুদ্দিন কুৰেইশ্বিৰ সন্তান আৰু কুনাৰপাৰা মৌলানা ছামছুদ্দিন কুৰেইশ্বিৰ জ্যেষ্ঠ পুত্ৰ শ্বাহ ছিকাহ উদ্দিন কুৰেইশ্বিৰ সন্তানৰ অন্তৰ্গত।৮
মুফটি বাৰী
শ্বাহ কামালৰ জ্যেষ্ঠ পুত্ৰ শ্বাহ জালালুদ্দিন কুৰেইশ্বিৰ বংশধৰ মৌলানা জিয়াউদ্দিন কুৰেইশ্বিয়ে মুফতি বাৰী প্ৰতিষ্ঠা কৰিছিল আৰু ই চিলেটৰ দৰগাহ মহল্লাত অৱস্থিত। মুফতি বাৰী আছিল আইনী ৰায়দানৰ পূৰ্বে আইনৰ ব্যাখ্যা কৰা আইনবিদসকলৰ ঘৰ। মৌলানা জিয়া উদ্দিন কুৰেইশ্বিয়ে চিলেটত প্ৰথমখন বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল।৯
ঐতিহ্য
বাংলাদেশৰ চুনমগঞ্জৰ শ্বাহাৰপাৰাৰ কামালশ্বাহীত দৰগাহ চৌহদত পত্নীৰ সমাধিৰ কাষত আৰু মৰমৰ কনিষ্ঠ পুত্ৰ শ্বাহ জামালুদ্দিন কুৰেইশ্বিৰ সমাধিৰ পিছফালে শ্বাহ কামাল কুহাফাৰ সমাধিস্থল। তেওঁৰ প্ৰথম পুত্ৰ শ্বাহ জালালুদ্দিন কুৰেইশ্বিৰ সমাধিও একেটা চৌহদতে আছে। ইয়াত এটা মছজিদ আৰু মধ্যযুগীয় নামাজ অৰ্চনা কৰাৰ স্থান আছে, য'ত তেওঁৰ শিষ্যসকলে চিৰন্তণ মুক্তিৰ বাবে ধ্যান কৰিছিল।১০
তথ্যসূত্ৰ
- ↑ Syed Murtaja Ali
- ↑ Ghulam Saklayn
- ↑ Srihatte Islam Jyoti, Syed Mujtaba Ali
- ↑ Dr G Saklayen, Bangladesh Sufi Sadhak
- ↑ Dr G Saklayn
- ↑ Qureshi, S A M, Amar Atmakatha, Sylhet 1988
- ↑ Qureshi, S A M, Amar Atmakatha, Sylhet, 1988
- ↑ Qureshi, S A M, Sylhet 1988
- ↑ Siddiqui, M A A, Shreehatte Islam Jyoti, Sylhet 1938
- ↑ Mohammed Fayzur Rahman, Hazrat Shahjalal O Tin Sho' Shat Awliya p.82, Sylhet, 1992
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বাহ কামাল কুহাফা” প্ৰবন্ধৰ সংশোধন ৪০১৭১২ (৯ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।