অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

মণি ৰাণী দাস

মণি ৰাণী দাস এগৰাকী বাংলাদেশী দলিত অধিকাৰ কৰ্মী। দলিত মহিলাৰ অধিকাৰৰ পোষকতা আৰু বাংলাদেশৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত কাৰ্যনিৰ্বাহ কৰা তেওঁক প্ৰথমজন দলিত মহিলা হিচাপে নিযুক্তি পোৱা মহিলা হিচাপে জনা যায়।

হালনাগাদ: ২০ মাৰ্চ ২০২৬ ১৮৯ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

মণি ৰাণী দাস এগৰাকী বাংলাদেশী দলিত অধিকাৰ কৰ্মী। দলিত মহিলাৰ অধিকাৰৰ পোষকতা আৰু বাংলাদেশৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত কাৰ্যনিৰ্বাহ কৰা তেওঁক প্ৰথমজন দলিত মহিলা হিচাপে নিযুক্তি পোৱা মহিলা হিচাপে জনা যায়। ইয়াৰ উপৰি তেওঁ দলিত-অধিকাৰ সক্ৰিয়তাৰ বাবে ঢাকাস্থিত দলিত মহিলা মঞ্চ (DWF)ৰ সমন্বয়ক আৰু প্ৰতিষ্ঠাপক। ২০১০ চনত ডি ডব্লিউ এফৰ হৈ তেওঁক ৱান ৱৰ্ল্ড একচন/ষ্টাৰনবাৰ্গ বঁটাৰে সন্মানিত কৰা হয়।১

প্ৰাথমিক জীৱন আৰু পটভূমি

তেওঁ বাংলাদেশৰ ঢাকাৰ "চাফাই কৰ্মী কলনী"ত জন্মগ্ৰহণ কৰি ৰাজপথ চাফাই কৰ্মী আৰু ঘৰুৱা শ্ৰমিকৰ বিচ্ছিন্ন সম্প্ৰদায়ৰ এক পৰিয়ালত ডাঙৰ-দীঘল হয়। দলিত সম্প্ৰদায়ৰ সদস্য হিচাপে তেওঁ উল্লেখযোগ্য বৈষম্যৰ সম্মুখীন হৈছিল।২ তেওঁ নিজৰ সমাজৰ প্ৰথম ছোৱালী আছিল যিয়ে স্কুললৈ গৈছিল যদিও শিক্ষা সম্পূৰ্ণ কৰিব পৰা নাছিল।২ ১৫ বছৰ বয়সৰ ভিতৰতে তেওঁৰ বিবাহ হৈছিল।৩

সক্ৰিয়তা

মণি ৰাণী দাস দুটা দশকৰো অধিক সময় ধৰি বাংলাদেশ দলিত আৰু বৰ্ধিত অধিকাৰ আন্দোলনৰ (বিডিইআৰএম)ৰ কৰ্মী হিচাপে কাম কৰি আহিছে, য’ত তেওঁ স্থানীয় মহিলাসকলক দলিত অধিকাৰ আন্দোলনত যোগদান কৰিবলৈ সংগঠিত কৰাৰ বাবে কাম কৰি আহিছে। বাংলাদেশৰ ভৱিষ্যত প্ৰজন্মৰ দলিতসকলৰ পৰিস্থিতি উন্নত কৰাৰ ইচ্ছাই তেওঁৰ সক্ৰিয়তাক পৰিচালিত কৰে।৩

দাসে নাগোৰিক উদ্দ্যোগে আয়োজন কৰা সামৰ্থ্য বিকাশ কৰ্মশালাত অংশগ্ৰহণ কৰিছে, যি এক নাগৰিক পদক্ষেপ, য'ত তেওঁ দলিত সম্প্ৰদায়ৰ ভিতৰত দৰিদ্ৰতা দূৰ কৰিবলৈ নীতি নিৰ্ধাৰণ আৰু বাজেটৰ পোষকতাৰ বিষয়ে জ্ঞান লাভ কৰিছে।৩ জাতীয় সংসদ (বাংলাদেশৰ ৰাষ্ট্ৰীয় সংসদ)ত দলিত সম্প্ৰদায়ৰ বাবে সংৰক্ষিত আসনৰ বাবেও তেওঁ মত পোষণ কৰিছিল।৪

দলিত মহিলা মঞ্চ

মণি ৰাণী দাসে ২০০৬ চনত দলিত মহিলা মঞ্চ (DWF)ৰ সহ-প্ৰতিষ্ঠা কৰে। তাতেই তেওঁ বৰ্তমান সভানেত্ৰী আৰু সমন্বয়ক হিচাপে কাম কৰি আছে।৫ এই সংস্থাটোৱে মধ্য ঢাকাৰ দলিত উপনিৱেশসমূহৰ এটাত ভিত্তি কৰি দলিত মহিলাসকলক নেটৱৰ্কিং আৰু সামাজিক উত্থানৰ সুযোগ প্ৰদান কৰে।৬১

স্বীকৃতি

তেওঁৰ কামৰ স্বীকৃতি স্বৰূপে তেওঁক বাংলাদেশৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত নিযুক্তি দিয়া হয় আৰু আয়োগৰ পদত অধিষ্ঠিত হোৱা প্ৰথমজন দলিত ব্যক্তি হিচাপে পৰিগণিত হয়।৩ ডি ডব্লিউ এফৰ সমন্বয়ক হিচাপে তেওঁ বাংলাদেশৰ দলিত লোকসকলৰ অধিকাৰৰ বাবে প্ৰচাৰ অব্যাহত ৰাখিছে।৭

তথ্যসূত্ৰ

  1. ↑ One World Action's Sternberg Award 2010 (to) Moni Rani Das, on behalf of the Dalit Women's Forum, Dhaka
  2. ↑ (2011-01-11). Dalit women's aspirations brought home impact of 'double discrimination'. The Guardian
  3. ↑ (3 August 2018). Dalit rights activists break new grounds in South Asia. UN Women
  4. ↑ (24 February 2015). Ostracism makes 95pc Dalit children school dropouts. The Daily Star
  5. ↑ Chowdhury, Syed Tashfin. (2014-01-18). Bangladesh dalits. www.aljazeera.com
  6. ↑ Griffin, Mary. (2009-11-23). We are not thought of as human. The Guardian
  7. ↑ Just Politics Democratic governance: The missing link in poverty reduction. iKNOW Politics

সম্পৰ্কিত শ্ৰেণী

দলিত মহিলাবাংলাদেশৰ ব্যক্তিসমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মণি ৰাণী দাস” প্ৰবন্ধৰ সংশোধন ৫৯১২০১ (২০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।