অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শাবানা

আফ্ৰোজা চুলতানা ৰত্না (মঞ্চনাম শাবানা নামেৰে পৰিচিত) এগৰাকী বাংলাদেশী চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ মুঠ দহটা বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। জননী (১৯৭৭), সখী তুমি কাৰ (১৯৮০), দুই পইছাৰ আলতা (১৯৮২), নাজমা (১৯৮৩), ভাত দে (১৯৮৪), অপেক্ষা (১৯৮৭), ৰঙা ভাবি (১৯৮৯), মৰণেৰ পৰে (১৯৯০) আৰু অচেনা…

হালনাগাদ: ৮ ছেপ্তেম্বৰ ২০২৫ ৪২৯ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

আফ্ৰোজা চুলতানা ৰত্না (মঞ্চনাম শাবানা নামেৰে পৰিচিত) এগৰাকী বাংলাদেশী চলচ্চিত্ৰ অভিনেত্ৰী।১ তেওঁ মুঠ দহটা বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। জননী (১৯৭৭), সখী তুমি কাৰ (১৯৮০), দুই পইছাৰ আলতা (১৯৮২), নাজমা (১৯৮৩), ভাত দে (১৯৮৪), অপেক্ষা (১৯৮৭), ৰঙা ভাবি (১৯৮৯), মৰণেৰ পৰে (১৯৯০) আৰু অচেনা (১৯৯১)ৰ দৰে ছবিসমূহত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল যাৰ জৰিয়তে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। প্ৰায় তিনি দশকজোৰা তেওঁৰ কৰ্মজীৱনত তেওঁ ২৯৯খন ছবিত অভিনয় কৰিছে। ইয়াৰে ১৩০খন ছবিত আলমগীৰ তেওঁৰ সহ অভিনেতা আছিল।২ ১৯৮১ চনত শাবানাই দ্বাদশ মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰে য'ত তেওঁ অভিনেত্ৰী নাটালিয়া বেলোখভোষ্টিকোভাক লগ পায়। শ্বাবানাই ভাত দে ছবিত অভিনয় কৰিছিল যাৰ বাবে ১৯৮৪ চনত শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ লগতে কান চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিছিল। ইউনিচেফৰ সদিচ্ছা এম্বেছাদৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা শাবানাই ১৯৮৮ আৰু ১৯৮৯ চনত বাংলাদেশত পলিঅ’ৰ বিৰুদ্ধে টিকাকৰণ অভিযানত অংশগ্ৰহণ কৰিছিল।৩ ১৯৮৯ চনত ইউনিচেফৰ সতীৰ্থ, ইউনিচেফৰ সদিচ্ছা ৰাষ্ট্ৰদূত, অভিনেত্ৰী অড্ৰে হেপবাৰ্নৰ সৈতে তেওঁ ফটো উঠিছিল। ২০১৭ চনৰ জুলাই মাহত বাংলাদেশী চলচ্চিত্ৰ উদ্যোগলৈ এগৰাকী অভিনেত্ৰী হিচাপে আগবঢ়োৱা অৱদানৰ বাবে দেশখনৰ প্ৰধানমন্ত্ৰীয়ে শাবানাক জীৱনজোৰা কৃতিত্ব বঁটা প্ৰদান কৰে।৪

প্ৰাথমিক জীৱন আৰু কৰ্মজীৱন

১৯৫৩ চনৰ ৫ জুনত তেতিয়াৰ পূৱ পাকিস্তানৰ (বৰ্তমান বাংলাদেশ) চট্টগ্ৰাম জিলাৰ ৰৌজান উপজিলাৰ ডাবুৱা গাঁৱত শাবানাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল ফয়েজ চৌধুৰী আৰু মাতৃৰ নাম আছিল ফজিলাতুন্নেসা। শাবানাৰ সৰু পেহীয়েক আছিল তেওঁৰ প্ৰিয় ব্যক্তি। শাবানাক গেণ্ডাৰিয়া হাইস্কুলত নামভৰ্তি কৰাই দিয়া হৈছিল যদিও পঢ়া-শুনাত তেওঁৰ বিশেষ ৰাপ নাছিল। ৯ বছৰ বয়সতে শাবানাৰ আনুষ্ঠানিক শিক্ষাৰ অন্ত পৰে। চলচ্চিত্ৰ নিৰ্মাতা এহতেশাম আছিল তেওঁৰ খুৰাক। তেওঁৰ জৰিয়তেই শাবানাই ছবিজগতত প্ৰৱেশ কৰিছিল।

১৯৬৭ চনত পাকিস্তানী অভিনেতা নাদীমৰ সৈতে উৰ্দু ছবি চকৰীত অভিনয় কৰি অভিনয় জীৱনৰ পাতনি মেলে।২ বাংলা আৰু উৰ্দু ভাষাত ২৯৯খন ছবিত অভিনয় কৰে, আৰু ১৯৮৬ চনত শত্ৰু শীৰ্ষক এখন হিন্দী ছবিত অভিনয় কৰে য'ত তেওঁ ভাৰতীয় অভিনেতা ৰাজেশ খান্নাৰ সৈতে অভিনয় কৰে। চিনেমাখনৰ পৰিচালক আছিল প্ৰমোদ চক্ৰৱৰ্তী।৫ নাদীম, ৰাজজাক, বুলবুল আহমেদ, প্ৰবীৰ মিত্ৰ, শৌকাত আকবৰ, সুভাষ দত্ত, ৰহমান, চৈয়দ হাছান ইমাম, উজ্জ্বল, জাফৰ ইকবাল, আলমগিৰ, জাছিম, এ টি এম ছামছুজ্জামান, খাছৰু, সোহেল ৰানা, মাহমুদ কলি, ইলিয়াছ কাঞ্চন, ৱাছিম, হুমায়ুন ফৰিদী, জাভেদ শ্বেখ আৰু ৰাজেশ খান্না।

শাবানা-নাদীমৰযোৰ

১৯৬৭ চনত প্ৰথমবাৰৰ বাবে পাকিস্তানী চলচ্চিত্ৰ অভিনেতা নদীমৰ সৈতে তেওঁৰ প্ৰথম উৰ্দু ছবি চকৰীত অভিনয় কৰিছিল। ৱাহিদ মুৰাদ আৰু ৰোজিনাৰ সম্পৰ্কৰ প্ৰথমাৰ্ধ নিবেদিত পৰীক্ষামূলক ছবি অনাৰী, চোতে চাহাব, চান্দ আৰু চান্দনী আৰু চান্দ ছুৰাজ ছবিত অভিনয় কৰিছিল আৰু শ্বাবানা আৰু নাদীমৰ ওপৰত গুৰুত্ব আৰোপ কৰা অসংলগ্ন দ্বিতীয়াৰ্ধে আন্তঃৰাষ্ট্ৰীয় সমালোচকৰ প্ৰশংসা লাভ কৰে।

৮০ৰ দশকত পাকিস্তানী চিনেমাত তেওঁৰ পুনৰ উত্থান ঘটে, যেতিয়া দক্ষিণ এছিয়াৰ দেশসমূহৰ মাজত সহ-প্ৰযোজনা জনপ্ৰিয় হৈ পৰে, য'ত নাদীমৰ সহ অভিনীত বাছেৰা (১৯৮৪) আৰু আনধি (১৯৯১) ছবিত অভিনয় কৰা হয়। ১৯৮৬ চনত জাভেদ শ্বেখৰ সৈতে পাকিস্তান-তুৰস্কৰ সহযোগী প্ৰযোজনা হালচালতো অভিনয় কৰিছিল।

ব্যক্তিগত জীৱন

১৯৯৮ চনত অভিনয় জীৱনৰ পৰা অৱসৰ লোৱা শাবানাই সপৰিয়ালে থাকিবলৈ আমেৰিকালৈ প্ৰব্ৰজন কৰে। ১৯৭৩ চনৰ পৰা বাংলাদেশী চলচ্চিত্ৰ প্ৰযোজক ৱাহিদ ছাদিকৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হৈছিল।৬ তেখেতৰ দুগৰাকী কন্যা আৰু এজন পুত্ৰ সন্তান আছে। তেওঁৰ কন্যাই য়েলৰ পৰা স্নাতক ডিগ্ৰী আৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। তেওঁৰ পুত্ৰই ফাইনেন্সত কাম কৰে।৭

তথ্যসূত্ৰ

  1. ↑ Afsar Ahmed. (6 May 2005). The celebrity name game. The Daily Star
  2. ↑ (7 July 2017). A starry evening. Dhaka Tribune
  3. ↑ UNICEF Bangladesh - UNICEF Goodwill Ambassador Audrey Hepburn vaccinates a toddler against polio with Bangladeshi film actress Ms Shabana (actress) and Ms Farida Akhter Bobita on 15 June 1989. Happy Birthday Audrey Hepburn! · Facebook. www.facebook.com
  4. ↑ sun, daily. Shabana receives Lifetime Achievement Award from Prime Minister Hasina · Daily Sun ·. daily sun
  5. ↑ Nashid Kamal. (15 July 2017). Shabana - Lifetime Achievement. The Daily Star
  6. ↑ (4 February 2020). bn:সংসদ সদস্য হতে আগ্ৰহী শাবানাৰ স্বামী ওয়াহিদ. The Daily Star
  7. ↑ Staff Correspondent. I'm lucky: Shabana. Prothomalo

সম্পৰ্কিত শ্ৰেণী

অভিনয় শিল্পীবাংলাদেশৰ ব্যক্তিপাকিস্তানৰ চলচ্চিত্ৰ অভিনেত্ৰীবঙালী চলচ্চিত্ৰৰ অভিনেত্ৰীউৰ্দু চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শাবানা” প্ৰবন্ধৰ সংশোধন ৫৩৭৬৫৭ (৮ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।