বাংলাদেশৰ ব্যক্তি
১৩২ প্ৰবন্ধ
-
জাকিৰ খান
জাকিৰ খান (১৯৬২/৬৩ – ১৯ অক্টোবৰ ২০১৯) বাংলাদেশৰ এগৰাকী চলচ্চিত্ৰ পৰিচালক আছিল। তেওঁ মুঠ ১১ খন বাংলাদেশী চলচ্চিত্ৰৰ পৰিচালনা কৰিছিল। ২০১৯ চনৰ ১৯ অক্টোবৰত তেওঁৰ মৃত্যু হয়৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৬ বছৰ।
-
ফাৰুখ আহমেদ
চৈয়দ ফাৰুখ আহমেদ (বাংলা: সৈয়দ ফৰৰুখ আহমদ; ১০ জুন ১৯১৮ – ১৯ অক্টোবৰ ১৯৭৪), পিছলৈ কেৱল ফাৰুখ আহমেদ নামেৰে জনাজাত, এগৰাকী বাংলাদেশী কবি আৰু লেখক। তেওঁক সাধাৰণতে ইছলামিক নৱজাগৰণৰ কবি বুলি জনা যায়, কিয়নো তেওঁৰ বহুতো কবিতাই বংগত উপনিবেশ স্থাপন কৰা মুছলমানসকলৰ হৃদয়ত পুনৰুত্থানৰ আত্মাক মূৰ্ত কৰি…
-
ফিৰডৌছি কাদ্ৰি
ফিৰডৌছি কাদ্ৰি (Firdausi Qadri, জন্ম: ৩১ মাৰ্চ, ১৯৫১) হৈছে এগৰাকী বাংলাদেশী বিজ্ঞানী। তেখেত মূলতঃ ৰোগ প্ৰতিৰোধ বিজ্ঞান আৰু সংক্ৰামক ৰোগৰ গৱেষণাৰ লগত জড়িত। কলেৰা ৰোগৰ প্ৰতিষেধক বিকাশৰ ক্ষেত্ৰত তেখেত প্ৰায় পঁচিশ বছৰতকৈও অধিক সময় জড়িত হৈ আছে।
-
ফিৰদৌচ আহমেদ
ফিৰদৌচ আহমেদ (জন্ম: ) এগৰাকী বাংলাদেশী চলচ্চিত্ৰ অভিনেতা, প্ৰযোজক, আৰু ৰাজনৈতিক নেতা। তেওঁ ঢাকা-১০ সমষ্টিক প্ৰতিনিধিত্ব কৰি সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
বেনজিৰ চালাম
বেনজিৰ চালাম বাংলাদেশৰ এগৰাকী ভাৰতীয় শাস্ত্ৰীয় আৰু লোক নৃত্যশিল্পী। তেওঁৰ জন্ম ১৯৭৯ চনৰ ১৭ জানুৱাৰীত বাংলাদেশৰ ৰাজশাহী জিলাত।
-
মাছুম আজিজ
মুহাম্মদ মাছুম আজিজ (১৯৫২ – ১৭ অক্টোবৰ ২০২২) আছিল এজন বাংলাদেশৰ মঞ্চ, চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেতা। ১৯৮৫ চনৰ পৰা তেওঁ চাৰিশৰো অধিক নাটক আৰু চলচ্চিত্ৰত অভিনয় কৰিছিল।
-
মালেকা খান
মালেকা খান (Maleka Khan; জন্ম: ১৯৪৩) এগৰাকী বাংলাদেশী সমাজকৰ্মী আৰু বীৰাংগনাৰ অধিকাৰ কৰ্মী। ১৯৭১ চনত বাংলাদেশ মুক্তি যুদ্ধৰ সময়ত ধৰ্ষণৰ সন্মুখীন হোৱা মহিলাসকলক বীৰাংগনা বোলা হৈছিল।
-
মিৰ মোছাৰফ হুছেইন
মিৰ চৈয়দ মোশ্বাৰফ হুছেইন (ইংৰাজী: Mir Syed Mosharraf Hossain) আছিল এজন বাঙালী লেখক, ঔপন্যাসিক, নাট্যকাৰ আৰু প্ৰবন্ধকাৰ। বংগৰ মুছলমান সমাজৰ পৰা ওলাই অহা প্ৰথমজন প্ৰধান লেখক, আৰু বাংলা ভাষাৰ অন্যতম উত্তম গদ্য লেখক হিচাপে তেওঁক গণ্য কৰা হয়।
-
শামীম আজাদ
শামীম আজাদ (Shamim Azad; জন্ম:১১ নৱেম্বৰ, ১৯৫২) এগৰাকী বাংলাদেশী মূলৰ দ্বিভাষিক ব্ৰিটিছ কবি, কাহিনী কথক তথা লেখক।
-
শিৰীন শাৰমিন চৌধুৰী
ড॰ শিৰীন শাৰমিন চৌধুৰী (Shirin Sharmin Chaudhury; জন্ম: ৬ অক্টোবৰ ১৯৬৬) এগৰাকী বাংলাদেশী ৰাজনীতিবিদ। ২০১৩ চনৰ ৩০ এপ্ৰিলত তেওঁ ৯ম জাতীয় সংসদৰ অধ্যক্ষ পদত অধিষ্ঠিত হয় আৰু বাংলাদেশৰ ইতিহাসত জাতীয় সংসদৰ প্ৰথম গৰাকী মহিলা অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়।
-
সনজীদা খাতুন
সনজীদা খাতুন (Sanjida Khatun, জন্ম: ৪ এপ্ৰিল ১৯৩৩) এগৰাকী ৰবীন্দ্ৰ সংগীত শিল্পী, লেখক, গৱেষক, সংগঠক, সংগীতজ্ঞ, শিক্ষক তথা বাংলাদেশৰ সাংস্কৃতিক ক্ষেত্ৰৰ অন্যতম ব্যক্তিত্ব। তেওঁ বাংলাদেশৰ অন্যতম আগশাৰীৰ সাংস্কৃতিক প্ৰতিষ্ঠান 'ছায়ানট'ৰ প্ৰতিষ্ঠাপক সদস্য আৰু বৰ্তমান অধ্যক্ষ।
-
সুভাষ দত্ত
সুভাষ দত্ত (Subhash Dutta)(জন্ম-৯ ফেব্ৰুৱাৰী ১৯৩০, মৃত্যু-১৬ নৱেম্বৰ ২০১২) এজন বিখ্যাত বাংলাদেশী চলচ্চিত্ৰ নিৰ্মাতা, চিত্ৰশিল্পী আৰু অভিনেতা। আৰম্ভণিতে তেওঁ এগৰাকী চিত্ৰশিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।
-
হাছিবুল ইছলাম মিজান
হাছিবুল ইছলাম মিজান (১৯৫৭ – ১৮ এপ্ৰিল ২০১৯) বাংলাদেশৰ এজন চলচ্চিত্ৰ পৰিচালক আছিল। তেঁও অনেক বাংলাদেশী চলচ্চিত্ৰৰ পৰিচালনা কৰিছিল।
-
ৰাণী ভৱানী
ৰাণী ভৱানী (Rani Bhabani; ১৭১৬–১৮০৩) ব্ৰিটিছ ঔপনিবেশিক শাসনৰ আমোলত বৰ্তমান বাংলাদেশৰ ৰাজশাহীৰ হিন্দু জমিদাৰ আছিল। তেওঁক অৰ্ধবংগেশ্বৰী আৰু নাটোৰৰ ৰাণী বুলিও জনা যায়। নাটোৰ ইষ্টেটৰ জমিদাৰ ৰাজা ৰমাকান্ত মৈত্ৰৰ মৃত্যুৰ পিছত তেওঁ স্বামীৰ জমিদাৰী লাভ কৰে।
-
ৰিয়াজ (অভিনেতা)
ৰিয়াজ (বঙালী: ব়িয়াজ উদ্দিন আহমেদ ছিদ্দিক); জন্ম: ২৬ অক্টোবৰ, ১৯৭২) হৈছে এজন বাংলাদেশী চলচ্চিত্ৰ অভিনেতা, প্ৰযোজক আৰু টেলিভিছন উপস্থাপক যিয়ে ১০০ খনতকৈ অধিক চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ সাধাৰণতে ৰিয়াজ নামেৰে জনাজাত।
-
ৰুনা লাইলা
ৰুনা লাইলা (Runa Laila;; ১৭ নৱেম্বৰ ১৯৫২) এগৰাকী বাংলাদেশী নেপথ্য কণ্ঠশিল্পী আৰু মিউজিক কম্পোজাৰ। ১৯৬০ চনৰ শেষৰ ফালে পাকিস্তান চলচ্চিত্ৰ জগতত নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল।
-
অবন্তী সিঁথি
অবন্তী সিঁথি (জন্ম ২৩ নভেম্বৰ ১৯৯২) এগৰাকী বংলাদেশী গায়িকা। তেওঁ তেওঁৰ গীত ৰূপকথা জগতৰ বাবে ৱেব ফিল্ম নেটৱৰ্কাৰ বাইৰে (২০২১)ত সৰ্বশ্ৰেষ্ঠ মহিলা গায়িকা হিচাপে মেৰিল–প্ৰথম আলো বঁটা লাভ কৰিছিল। তেওঁ বিশেষ ধৰণৰ ছন্দ সৃষ্টি কৰিবলৈ প্লাষ্টিক কাপ, ফয়েল কাগজ, আৰু ধাতব মুদ্ৰা ব্যৱহাৰ কৰে।
-
অলকা দাশ
অলকা দাশ (Alaka Das) বাংলাদেশৰ এজন শাস্ত্ৰীয় সংগীতৰ শিল্পী। ১৯৪৬ চনত কুমিল্লাত তেওঁৰ জন্ম হৈছিল। তেওঁ ৰাজ্যিক মালিকানাধীন সংবাদ মাধ্যমত বহুতো অপ্ৰচলিত ৰাগ (শাস্ত্ৰীয় সংগীত) গোৱাৰ বাবে বিখ্যাত।
-
আতহাৰ আলি
আতহাৰ আলী (আতহার আলী; ১৮৯১-১৯৭৬) এজন বাংলাদেশী ইছলামিক কৰ্মী, লেখক, শিক্ষক আৰু ৰাজনীতিবিদ। তেওঁ ভাৰতীয় স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু নিজাম-ই-ইছলাম পাৰ্টিৰ প্ৰাক্তন সভাপতি আছিল। আলী দেওবন্দী আন্দোলনৰ অন্যতম প্ৰতিষ্ঠাপক আশ্ৰফ আলী থানৱীৰ খলিফাও আছিল।
-
আতিয়া ইছলাম আনে
আতিয়া ইছলাম আনে(Atia Islam Anne) এগৰাকী বাংলাদেশী শিল্পী(চিত্ৰশিল্পী), যিয়ে চিত্ৰৰ মাজেৰে নাৰীৰ অনুশোচনা, প্ৰয়োজন, আশা আৰু নিৰাশা আৰু হতাশাৰ বিষয়ে কাম কৰা বুলি জনা যায় আৰু বিশেষকৈ নাৰীৰ ওপৰত হোৱা হিংসাৰ ওপৰত কৰা কামৰ বাবে তেওঁ ব্যাপকভাবে পৰিচিত।
-
আনোৱাৰা বাহাৰ চৌধুৰী
আনোৱাৰা বাহাৰ চৌধুৰী (Anwara Bahar Chowdhury; ১৩ ফেব্ৰুৱাৰী ১৯১৯ – ২৭ অক্টোবৰ ১৯৮৭) এগৰাকী বাংলাদেশী সমাজকৰ্মী আৰু সাহিত্যিক।
-
আফৰোজা পাৰভীন
আফৰোজা পাৰভীন (ইংৰাজী: Afroza Parvin; জন্ম: ১৪ ফেব্ৰুৱাৰী ১৯৫৭) এগৰাকী বাংলাদেশী কল্পকাহিনী লেখিকা। মুক্তিযুদ্ধ ভিত্তিক গৱেষণাৰ বিশেষ অৱদানৰ বাবে তেওঁ ২০২৩ চনত বাংলা একাডেমী বঁটা লাভ কৰে। লগতে তেওঁ ৰক্তবীজৰ সম্পাদিকা।
-
আব্দুল্লা আবু ছাইদ
আব্দুল্লা আবু ছাইদ (Abdullah Abu Sayeed, জন্ম ২৫ জুলাই ১৯৩৯) এজন বাংলাদেশী শিক্ষাবিদ, লেখক, টেলিভিছন উপস্থাপক আৰু কৰ্মী। তেওঁ সাহিত্যৰ অধ্যয়ন, পঠন অভ্যাস আৰু প্ৰগতিশীল ধাৰণাক প্ৰসাৰিত কৰা অ-লাভজনক সংস্থা বিশ্ব সাহিত্য কেন্দ্ৰৰ প্ৰতিষ্ঠাতা আৰু অধ্যক্ষ। তেওঁ ২০০৪ চনত ৰমন মেগছেছে বঁটা লাভ কৰিছিল৷
-
আব্দুৰ ৰহিম (বীৰ বিক্ৰম)
শ্বহীদ আব্দুৰ ৰহিম (জন্ম: অজ্ঞাত — মৃত্যু: ১৯৭১) বাংলাদেশৰ মুক্তিযুদ্ধৰ এজন মুক্তিযোদ্ধা আছিল। স্বাধীনতা যুদ্ধত তেওঁৰ বীৰত্বৰ বাবে বাংলাদেশৰ চৰকাৰে তেওঁক বীৰ বিক্ৰম উপাধি প্ৰদান কৰে। তেওঁৰ বীৰ বিক্ৰম উপাধিৰ প্ৰমাণপত্ৰ নম্বৰ ৭৭।
-
আমিনা খাইয়াম
আমিনা খাইয়াম বাংলাদেশত জন্মগ্ৰহণ কৰা এগৰাকী ব্ৰিটিছ নৃত্যশিল্পী, কোৰিঅ’গ্ৰাফাৰ আৰু নৃত্য শিক্ষয়িত্ৰী। তেওঁ কথক নৃত্যৰ সূক্ষ্ম আৰু নাটকীয় অভিনয় (অভিনয়ভিত্তিক প্ৰকাশ) শৈলীত আধুনিক আৰু প্ৰগতিশীল কৰ্মৰ বাবে বিশেষভাৱে সমাদৃত।
-
আলাউদ্দিন আল আজাদ
আলাউদ্দিন আল আজাদ (Alauddin Al-Azad; জন্ম: ৬ মে' ১৯৩২ - মৃত্যু: ৩ জুলাই ২০০৯)) বাংলাদেশৰ এজন ঔপন্যাসিক, প্ৰবন্ধকাৰ, কবি, নাট্যকাৰ, গৱেষক আৰু অধ্যাপক। তেওঁৰ লিখনিবিলাক আছিল সংগ্ৰামী আৰু আশাবাদী। সমসাময়িক নাগৰিক জীৱনৰ সমস্যাসমূহ তেওঁ লিখিছিল। ১৯৫২ চনৰ ভাষা আন্দোলনৰ সক্ৰিয় কৰ্মী আছিল তেওঁ।
-
আহমাদুল কবীৰ
আহমাদুল কবীৰ (আহমেদুল কবির) আছিল এজন বাংলাদেশী ৰাজনীতিবিদ আৰু সাংবাদিক। তেওঁক মনু মিঞা বুলিও জনা যায়৷ তেওঁ গণতন্ত্ৰী পাৰ্টিৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আৰু স্বতন্ত্ৰ বিশ্ববিদ্যালয়, বাংলাদেশৰ গভৰ্নিং এণ্ড ট্ৰাষ্টী ব'ৰ্ডৰ অংশ আছিল।
-
আৰছাম কুদৰত এ খোদা
আৰছাম কুদৰত এ খোদা (জন্ম: ১৬ জুন ১৯৮৫) এজন ইছলামি পণ্ডিত, চুফী, লেখক আৰু ধৰ্মীয় নেতা। তেওঁ দেৱানবাগ শৰীফৰ পৰিচালক, যিটো এটা চুফী সংগঠন, য’ত তেওঁ মুহাম্মদী ইছলামৰ নীতিসমূহ শিক্ষা দিয়ে, মুৰাকাবা আৰু ইছলামী ধৰ্মীয় আচাৰ-অনুষ্ঠান পালন কৰাৰ জৰিয়তে আধ্যাত্মিক জাগৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
-
আৰ্থী আহমেদ
আৰ্থী আহমেদ এগৰাকী বাংলাদেশী ভাৰতনাট্যমৰ নৃত্যশিল্পী, নৃত্য শিক্ষক আৰু সমাজকৰ্মী। ঢাকাত থকা তেওঁৰ একাডেমী আৰ্থী আহমেদ নৃত্য একাডেমী প্ৰাপ্তবয়স্ক লোকৰ নৃত্যৰ শিক্ষা দান আৰু সামূহিক প্ৰডাকচনৰ বাবে বেছিকৈ পৰিচিত।
-
ইফ্ফত আৰা
শামসুন নাহাৰ ইফ্ফত আৰা (Shamsun Nahar Iffat Ara; জন্ম: ১৯৩৯) বা ইফ্ফত আৰা এগৰাকী বাংলাদেশী লেখক, সমাজ কৰ্মী আৰু সাহিত্য উদ্যোগী। ১৯৫০চনৰ শেষৰ ফালৰপৰা তেওঁ চুটি গল্প লিখিবলৈ আৰম্ভ কৰিছিল আৰু সেইবোৰ ‘দ্য আজাদ’ৰ দৰে বাংলাদেশৰ নামী কাকতত প্ৰকাশ হৈছিল।