অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শ্বাহ পৰান

শ্বাহ পৰান (শাহ পরান, ৰোমানীকৃত:Shah Poran) আছিল চতুৰ্দশ শতিকাৰ চিলেট অঞ্চলৰ এজন ছুফী সন্ত। তেওঁ ১৩০৩ চনত মোমায়েক শ্বাহ জালালৰ নেতৃত্বত ছিলেট বিজয়ৰ চূড়ান্ত যুদ্ধত অংশ লয়।

হালনাগাদ: ৬ ছেপ্তেম্বৰ ২০২৬ ৩৩৬ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

শ্বাহ পৰান (শাহ পরান, ৰোমানীকৃত:Shah Poran) আছিল চতুৰ্দশ শতিকাৰ চিলেট অঞ্চলৰ এজন ছুফী সন্ত।১ তেওঁ ১৩০৩ চনত মোমায়েক শ্বাহ জালালৰ নেতৃত্বত ছিলেট বিজয়ৰ চূড়ান্ত যুদ্ধত অংশ লয়।২

জীৱনী

শ্বাহ পৰণৰ দৰগাহৰ কাষতে নিৰ্মাণ কৰা এটা মছজিদ।
শ্বাহ পৰণৰ দৰগাহৰ কাষতে নিৰ্মাণ কৰা এটা মছজিদ।ছবি: Shariful Islam Masum · CC BY-SA 4.0

শ্বাহ পৰানৰ জন্মৰ নাম অজ্ঞাত যদিও তেওঁৰ নাম ফাৰহান বুলি ধাৰণা কৰা হৈছে। অৱশ্যে এই নাম পিছলৈ পৰানলৈ ৰূপান্তৰিত হৈ পৰে। পৰানৰ অৰ্থ হৈছে "আত্মা।" বাংলা ভাষাত পৰানক মৰমৰ শব্দ হিচাপে ব্যৱহাৰ কৰা হয়। আন কিছুমান সূত্ৰত প্ৰকাশ কৰা হৈছে যে, শ্বাহ পৰান হৈছে শ্বাহ পীৰাণৰ ৰূপান্তৰ। শ্বাহ পীৰাণৰ অৰ্থ হৈছে "পীৰৰ ৰজা।"

শ্বাহ পৰানৰ জন্ম হৈছিল ত্ৰয়োদশ শতিকাত য়েমেনৰ হাধৰামৌতত। তেওঁৰ পিতৃৰ নাম আছিল মহম্মদ। পৰান ১১ বছৰীয়া হোৱাৰ বয়সত পিতৃয়ে মৃত্যুবৰণ কৰে। পৰানে দাদা চৈয়দ আহমদ কবীৰ ছুহৰাৱাৰ্ডীৰ অধীনত আৰু পিছলৈ নেছাপুৰৰ দাৰভিছ আমিনৰ ওচৰত অধ্যয়ন কৰিছিল। ইছলাম ধৰ্মৰ প্ৰচাৰৰ বাবে তেওঁ ভাৰত উপ-মহাদেশৰ মাজেৰে কৰা অভিযানত তেওঁ মোমায়েক শ্বাহ জালালৰ লগত যোৱাৰ সিদ্ধান্ত লয়।৩১৩০৩ চনত শ্বাহ জালালৰ নেতৃত্বত ৰাজা গৌৰ গোবিন্দৰ বিৰুদ্ধে ছিলেট বিজয়ৰ চূড়ান্ত যুদ্ধ হয়। সেইখন যুদ্ধত পৰানে অংশ লয়।

কিছুসময়ৰ পাছত পৰানে দিল্লীৰ নিজামুদ্দিন আউলিয়াৰ পৰা উপহাৰ হিচাপে পোৱা জালালি পাৰ এটা খাই পেলোৱা বুলি কোৱা হৈছিল। ফলত পৰানক চিলেট চহৰৰ পৰা বহিষ্কাৰ কৰা হয়।৪তেওঁ আধুনিক কালৰ খাদিম নগৰ, দক্ষিণগড়ত এটা পাহাৰৰ ওপৰত এখন খানকাহ স্থাপন কৰিছিল। এই খানকাহটো শ্বাহ পৰানৰ পাহাৰ নামেৰে পৰিচিত হয়।

মৃত্যু আৰু উত্তৰাধিকাৰ

শ্বাহ পৰাণৰ মাজাৰৰ প্ৰৱেশদ্বাৰ।
শ্বাহ পৰাণৰ মাজাৰৰ প্ৰৱেশদ্বাৰ।ছবি: Shahnoor Habib Munmun · CC BY-SA 3.0

কোনো বংশধৰ নোহোৱাকৈয়ে পৰানৰ মৃত্যু হয়। তেওঁ অবিবাহিত আছিল। তেওঁক খানকাহৰ ওচৰত সমাধিস্থ কৰা হয়। খানকাহৰ কাষতে এটা মছজিদ, ঈদগাহ, লংগৰখানাৰ লগতে এক মহিলা নামাজ-স্থলী আৰু পুখুৰী নিৰ্মাণ কৰা হৈছিল। যুগ যুগ ধৰি বৃহৎ সংখ্যক ভক্ত তেওঁৰ সমাধিস্থললৈ আহিছে, যিটো প্ৰথা বৰ্তমানলৈকে চলি আছে।৫ ৰবি-উল-আৱালৰ ৪, ৫ আৰু ৬ তাৰিখে শ্বাহ পৰানৰ উৰছ অনুষ্ঠিত হয়।৬

চুৰ্মা নদীৰ ওপৰত এখন দলং,৭ যাত্ৰীবাহী ফেৰী,৮ আৰু শ্বাহজালাল বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ এটা আৱাসগৃহ নিৰ্মাণ কৰা হৈছে। আৰু এই সকলোৰে নামকৰণ শ্বাহ পৰানৰ নামেৰে ৰখা হৈছে।৯

আধ্যাত্মিক বংশাৱলী

শ্বাহ পৰণৰ আধ্যাত্মিক বংশাৱলী এনেধৰণৰ:১০

  • মহম্মদ
  • আলী
  • হাছান আল বাছৰী
  • হাবিব আল আজামী
  • মাৰুফ কাৰ্খী
  • ছাৰী আল-ছাকাতি
  • খোৱাজা মুমছাদ উলুউ আল দীনাৱাৰী
  • শ্বেইখ আহমদ আছৱাদ দিননুৰি
  • শ্বেইখ আবু মহম্মদ আমৱিয়া
  • শ্বেইখ আজি উদ্দিন ছুহৰাৱাৰ্ডি
  • শ্বেইখ আবু নাজিব জিয়াউদ্দিন
  • শ্বেইখ হিছাব আল-দিন
  • শ্বেইখ মাখদুম
  • বাহাউদ্দিন জাকাৰিয়া
  • জালালুদ্দিন সুৰখ-পোছ বুখাৰী
  • শ্বেইখ আহমদ কবীৰ ছুহৰাৱাৰ্ডি
  • শ্বেইখ জালাল
  • শ্বাহ পৰান

তথ্যসূত্ৰ

  1. ↑ Kānunago, Sunīti Bhūshaṇa. (1988). A History of Chittagong. Dipankar Qanungo. পৃ. 476
  2. ↑ (1970). East Pakistan District Gazetteers: Sylhet. East Pakistan Government Press. পৃ. 116
  3. ↑ Administrator. Hazrat Shah Paran. Londoni
  4. ↑ Ahmed, Abdul-Azim; Ali, Mansur. (2019). In Search of Sylhet – The Fultoli Tradition in Britain. Cardiff University
  5. ↑ McAdam, Marika. (2004). Bangladesh. Lonely Planet. পৃ. 148. ISBN 978-1-74059-280-2
  6. ↑ (13 March 2008). Urs at Shah Paran's shrine begins today. New Age
  7. ↑ (25 December 2005). Hazrat Shah Paran bridge to be opened in February. The New Nation. United News of Bangladesh. পৃ. 2
  8. ↑ (23 October 2006). Ferry with Eid passengers sinks. BBC News
  9. ↑ (4 December 2004). JCD calls strike at Sust today. The Daily Star
  10. ↑ Systems, Cognitive. (2012-04-08). The seven golden chains of Shaykh Muhammad Siraj ad-Din Naqshbandi (d.1915). Ghaffari

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ ব্যক্তিমুছলমান সন্ত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বাহ পৰান” প্ৰবন্ধৰ সংশোধন ৬৩৪৪১৯ (৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।