অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শ্বাহ চুলতান বালখী মহিছাৱাৰ

হজৰত ইব্ৰাহিম শ্বাহ চুলতান বাল্খী (শাহ সুলতান বলখী) বা মহিছাৱাৰ আছিল চৌধ্য শতিকাৰ এজন মুছলমান সন্ত। তেওঁ সন্দ্বীপ আৰু বগৰাত ইছলাম ধৰ্ম প্ৰচাৰৰ লগত জড়িত আছিল।

হালনাগাদ: ২১ মাৰ্চ ২০২৪ ২৯৮ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

হজৰত ইব্ৰাহিম শ্বাহ চুলতান বাল্খী (শাহ সুলতান বলখী) বা মহিছাৱাৰ আছিল চৌধ্য শতিকাৰ এজন মুছলমান সন্ত।১ তেওঁ সন্দ্বীপ আৰু বগৰাত ইছলাম প্ৰচাৰৰ লগত জড়িত আছিল।

প্ৰাৰম্ভিক জীৱন

বালখী আফগানিস্তানৰ বালখৰ শাসক শ্বাহ আলী আছঘৰৰ পুত্ৰ।২তেওঁ মুকূটধাৰী ৰাজকুমাৰ আছিল যদিও এই দায়িত্ব ত্যাগ কৰি ধৰ্ম প্ৰচাৰক দামাস্কাছৰ শ্বেখ তৌফিকৰ অনুগামী হৈছিল।৩

বংগলৈ প্ৰব্ৰজন

এদিন শ্বেখে বাল্খীক বংগ দেশলৈ গৈ তাত ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ নিৰ্দেশ দিলে। তাৰ পিছত বাল্খী নাৱেৰে ৰাওনা হয়, আৰু অৱশেষত সন্দ্বীপত উপস্থিত হয়৷ তাত তেওঁ কেইবাবছৰ ধৰি থাকে। তেওঁৰ নাওখন আছিল সমতল তলৰ (Barge) আৰু আকৃতি মাছৰ দৰে৷ যাৰ ফলত তেওঁ মহি-ছৱাৰ (মাছ আৰোহী) নামটো লাভ কৰে।৪ তাৰ পিছত তেওঁ হৰিৰামনগৰলৈ যায়৷ ইও সম্ভৱতঃ আন এটা দ্বীপ, যি দ্বীপত কালীক পূজা কৰা হিন্দু ৰজা বলৰামৰ শাসন আছিল। বলৰামৰ মন্ত্ৰীয়ে ইছলাম মানি লোৱাৰ সিদ্ধান্ত লয়, যাৰ ফলত ৰজা ক্ষুব্ধ হৈ পৰে। এক কাজিয়াৰ সূত্ৰপাত হয় আৰু অৱশেষত বলৰামৰ মৃত্যু হয়।

তাৰ পিছত বাল্খীয়ে হৰিৰামনগৰ এৰি যোৱাৰ সিদ্ধান্ত লয়৷ সেইগতিকে তেওঁ নাৱেৰে ভোজগড় বংশৰ নৰসিং পৰশুৰামৰ শাসিত পুন্দ্ৰবৰ্ধন ৰাজ্যৰ ৰাজধানী মহাস্থানগড় নামৰ প্ৰাচীন চহৰ পায়গৈ।৫ বাল্খীয়ে পৰশুৰামৰ ওচৰত বসতিৰ অনুমতি বিচাৰিলে৷ লগতে তেওঁ নিজৰ ধৰ্ম মুক্তভাৱে অনুশীলন কৰাৰো অনুমতি বিচাৰিলে। ৰজাই তেওঁক অনুমতি দিলে৷ বাল্খীয়ে স্থানীয় বুদ্ধসকলৰ সমুখত ধৰ্মপ্ৰচাৰ কৰিছিল আৰু ৰজা পৰশুৰামৰ সেনাধ্যক্ষ চিলহানে আন বহুতো লোকৰ লগতে ইছলামৰো বাৰ্তা গ্ৰহণ কৰিছিল।৬ পৰশুৰামেও বলৰামৰ দৰে বাল্খীৰ কামত সুখী নাছিল৷ ইয়াৰ ফলত এখন যুদ্ধৰ সূচনা হ’ল। পৰশুৰামৰ আন এজন বিষয়া হৰপালে ৰজাৰ লগত বিশ্বাসঘাতকতা কৰি মুছলিম ধৰ্ম গ্ৰহণ কৰে।৭ ইয়াৰ ফলত বাল্খীয়ে পৰশুৰামক পৰাস্ত কৰি ১৩৪৩ চনত তেওঁৰ দুৰ্গ জয় কৰিবলৈ সক্ষম হয়।১৬পৰশুৰাম মহাস্থানগড়ৰ শেষ বুদ্ধ ৰজা আছিল। পিতৃৰ মৃত্যুৰ খবৰ শুনাৰ পিছত ৰাজকুমাৰী শিলাদেৱীয়ে কৰতোৱা নদীত নিজকে উটুৱাই দিয়ে। তেওঁ ডুব যোৱা ঠাইখনৰ আশে-পাশে থকা অঞ্চলটোক শিলা দেৱীৰ ঘাট বুলি জনা যায়।৮

উত্তৰাধিকাৰ

বাল্খীৰ মৃত্যু কেনেকৈ আৰু কেতিয়া হ’ল সেয়া জানিব পৰা হোৱা নাই। ১৬৮৫ চনত মোগল সম্ৰাট ঔৰংজেৱৰ ৰাজত্বকালত বাল্খীৰ দৰগাহ ভাড়ামুক্ত ভূমি আছিল আৰু চৈয়দ মহম্মদ তাহিৰ, চৈয়দ আব্দ আৰ-ৰহমান আৰু চৈয়দ মহম্মদ ৰেজাক চনদ প্ৰদান কৰা হৈছিল।৪ মোগলসকলে সমাধিৰ প্ৰতি অধিক মনোযোগ দি বাল্খীৰ সমাধিস্থলৰ বাবে বুৰি কা দৰৱাজা নামৰ প্ৰৱেশদ্বাৰ নিৰ্মাণ কৰে।৯ ১৭১৯ চনত সম্ৰাট ফাৰুখছিয়াৰৰ ৰাজত্বকালত খোদাদিলে মন্দিৰৰ ওচৰত একক গম্বুজৰ এটা বৃহৎ মছজিদ নিৰ্মাণ কৰে যিটো আজিও ব্যৱহৃত হৈ আছে।১০

তথ্যসূত্ৰ

  1. ↑ Omar Khalid Rumi. (January 4, 2008). A fort among hundred forts. New Age
  2. ↑ Akhter, Fariduddin. (2005). Tazkeratul Aulia. Meena Book House. পৃ. 252–253
  3. ↑ Saklayen, Ghulam. (2003). Bangladesher Sufi Sadhak. Islamic Foundation Bangladesh. পৃ. 84
  4. ↑ Abdul Karim
  5. ↑ Sen, Provash Chandra. Bogurar Itihas
  6. ↑ Bogra
  7. ↑ Mahastan by Dr. Nazimuddin Ahmed. p. 27
  8. ↑ Khan, Ayub
  9. ↑ Mausoleum of Shah Sultan Mahisawar Balkhi. Visit World Heritage
  10. ↑ Khan, Muhammad Ayoub

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ ব্যক্তিইছলামী ধৰ্মীয় গুৰুধৰ্ম প্ৰচাৰক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বাহ চুলতান বালখী মহিছাৱাৰ” প্ৰবন্ধৰ সংশোধন ৪১৩৩৮২ (২১ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।