অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তছলিমা নাছৰিন

তছলিমা নাছৰিন (বাংলা: তসলিমা নাসব়িন, জন্ম: ২৫ আগষ্ট ১৯৬২) এগৰাকী বাংলাদেশী চুইডিছ সাহিত্যিক আৰু চিকিৎসক। তেওঁ ১৯৯৪ চনৰ পৰা তেওঁ নিৰ্বাসনত আছে। বিংশ শতিকাৰ আশীৰ দশকত তেওঁ এগৰাকী উদয়ীমান কবি হিচাপে সাহিত্যিক জীৱনৰ পাতনি মেলিছিল।

হালনাগাদ: ১৩ আগষ্ট ২০২৫ ৫৭৯ শব্দ · ৩ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

তছলিমা নাছৰিন (বঙালী ভাষা: তসলিমা নাসব়িন, জন্ম: ২৫ আগষ্ট ১৯৬২) এগৰাকী বাংলাদেশী চুইডিছ সাহিত্যিক আৰু চিকিৎসক।১ তেওঁ ১৯৯৪ চনৰ পৰা তেওঁ নিৰ্বাসনত আছে।২ বিংশ শতিকাৰ আশীৰ দশকত তেওঁ এগৰাকী উদয়ীমান কবি হিচাপে সাহিত্যিক জীৱনৰ পাতনি মেলিছিল। পিছলৈ তেওঁ নব্বৈ দশকত নাৰীবাদ আৰু ধৰ্মীয় সমালোচনামূলক ৰচনা আৰু উপন্যাসৰ বাবে আন্তৰ্জাতিক খ্যাতি লাভ কৰিছিল।৩৪

১৯৬২ চনৰ ২৫ আগষ্ট তাৰিখে মৈমনসিঙত তছলিমা নাছৰিনৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ডাঃ ৰাজাব আলী আৰু মাতৃ এডুল আৰা। তেওঁৰ পিতৃ এগৰাকী বিখ্যাত চিকিৎসক আৰু মৈমনসিং চিকিৎসা মহাবিদ্যালয়, ছাৰ চালিমুল্লা চিকিৎসা মহাবিদ্যালয় আৰু ঢাকা চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক আছিল। তছলিমায়েও চিকিৎসা শাস্ত্ৰ অধ্যয়ন কৰিল আৰু এগৰাকী চিকিৎসক হিচাপে নিজক প্ৰতিষ্ঠা কৰিছিল।৫

প্ৰায় এটা দশক ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰাৰ পিছত ২০০৪ চনত তেওঁ ভাৰতলৈ আহে। তেওঁ কিছুদিন দিল্লীত বসবাস কৰিছিল যদিও ২০০৮ চনত তেওঁ তেওঁ ভাৰতৰ পৰাও গুচি যাবলগীয়া হয়।৬৭৮

তেওঁ ৰচনা আৰু ব্যক্তব্যৰ মাজেৰে মুক্ত চিন্তা,নাস্তিকবাদ আৰু মানৱধিকাৰৰ বাৰ্তা প্ৰচাৰ কৰে।৯১০ অজ্ঞাতবাসত থকা বাবে তেওঁ নিজৰ জন্মস্থানলৈ ঘূৰি যাব নোৱাৰে আৰু প্ৰায়ে ধৰ্মীয় মৌলবাদী সকলৰ পৰা মৃত্যুৰ ভাবুকি পায় থাকে।১১

সাহিত্যিক জীৱন

তেৰ বছৰ বয়সৰ পৰা তছলিমায়ে কবিতা লিখিবলৈ আৰম্ভ কৰিছিল। কলেজত পঢ়ি থকা সময়ত ১৯৭৮ চনৰ পৰা ১৯৮৩ চনলৈ তেওঁ সেঁজুতি নামৰ এখন সাহিত্য পত্ৰিকা সম্পাদনা আৰু প্ৰকাশ কৰিছিল। ১৯৭৫ চনত বিভিন্ন পত্ৰিকা আদিত তছলিমাৰ কবিতা প্ৰকাশিত হৈছিল। ১৯৮৬ চনত শিকড়ে বিপুল ক্ষুধা নামৰ তেওঁৰ প্ৰথম কবিতা সংকলন প্ৰকাশিত হয়। ১৯৮৯ চনত নিৰ্বাসিত বাহিৰে অন্তৰে আৰু ১৯৯০ চনত আমাৰ কিছু যায় আসে না কাব্যগ্ৰন্থ প্ৰকাশিত হয়। এইসময়ত তছলিমায়ে ঢাকাৰ পৰা প্ৰকাশিত হোৱা নঈমুল ইছলাম খানৰ দ্বাৰা সম্পাদিত খবৰেৰ কাগজ নামৰ ৰাজনৈতিক সাপ্তাহিকীত নাৰী অধিকাৰৰ বিষয়ে লিখিবলৈ আৰম্ভ কৰে। তেওঁৰ কাব্যগ্ৰন্থ আৰু সংবাদপত্ৰৰ লেখাত নাৰী সকলৰ প্ৰতি মুছলমান মৌলবাদীৰ শোষণৰ কথা লিখাৰ বাবে ১৯৯০ চনত বাংলাদেশৰ মৌলবাদী সকলে এই কাকতৰ কাৰ্যালয় ভাঙি পেলায়। সেইসময়ত নিৰ্বাচিত কলাম নামৰ তেওঁৰ বিখ্যাত প্ৰবন্ধসংকলন প্ৰকাশিত হয় আৰু ইয়াৰ বাবে তেওঁ আনন্দ পুৰস্কাৰ লাভ কৰে।

১৯৯৩ চনত লজ্জা নামৰ তেওঁৰ পঞ্চম উপন্যাস প্ৰকাশিত হয়। এই উপন্যাসত বাংলাদেশৰ মুছলমানসকলৰ দ্বাৰা এক সংখ্যালঘু হিন্দু পৰিয়ালৰ ওপৰত কৰা অত্যাচাৰৰ বৰ্ণনা পোৱা যায়। ইয়াৰ বাবে একেবছৰৰ অক্টোবৰ মাহত কাউন্সিল অফ ইছলামিক চলজাৰ্ছ নামৰ এক মৌলবাদী সংগঠনে তেওঁৰ বিৰুদ্ধে ফতোৱা জাৰি কৰে।

তছলিমা নাছৰিনৰ সাতখন আত্মজীৱনী গ্ৰন্থৰ অধিকাংশ ভাৰত আৰু বাংলাদেশত নিষিদ্ধ ঘোষণা কৰা হৈছে। আমাৰ মেয়েবেলা নামৰ তেওঁৰ প্ৰথম আত্মজীৱনীমূলক গ্ৰন্থত ইছলাম আৰু মুহাম্মাদৰ প্ৰতি বিতৰ্কিত মন্তব্যৰ কাৰণে ১৯৯৯ চনত বাংলাদেশ চৰকাৰৰ দ্বাৰা নিষিদ্ধ ঘোষিত হলেও ২০০০ চনত এই গ্ৰন্থৰ বাবে তেওঁ দ্বিতীয়বাৰৰ বাবে আনন্দ পুৰস্কাৰ লাভ কৰে।

দেশত্যাগ

১৯৯৪ চনৰ মে মাহত দা ষ্টেটমেন বাতৰি কাকতৰ এক সাক্ষাৎকাৰত তেওঁ ইছলাম ধৰ্মীয় আইন শৰিয়াৰ অবলুপ্তিৰ মাধ্যম হিচাপে কোৰআন সংশোধনৰ ইচ্ছা প্ৰকাশ কৰে। ইয়াৰ ফলত ইছলামী মৌলবাদী সমূহে তেওঁৰ ফাঁচীৰ দাবী উত্থাপন কৰে। দেশজুৰি তেওঁৰ শাস্তিৰ দাবী তুলি সাধাৰণ ধৰ্মঘট পালন কৰা হয়। ইয়াৰ ফলত বাংলাদেশ চৰকাৰে তেওঁৰ বিৰুদ্ধে জনগণৰ ধৰ্মীয় অনুভূতিত আঘাত কৰাৰ অভিযোগৰে এক গোচৰ ৰুজু কৰে আৰু জামিন অযোগ্য গ্ৰেপ্তাৰৰ আদেশ জাৰি কৰে। বিভিন্ন জনৰ আশ্ৰয়ত তিনিমাহমান লুকাই থকাৰ পিছত উচ্চ আদালতৰ নিৰ্দেশ মৰ্মে তেওঁৰ জামিন মঞ্জুৰ হয় আৰু তেওঁ বাংলাদেশ এৰিবলৈ বাধ্য হয়।

তেতিয়াৰে পৰা তেওঁ নিৰ্বাসনত পৃথিৱীৰ বিভিন্ন দেশত বাস কৰি আছে।

গ্ৰন্থ তালিকা

চলচ্চিত্ৰ

তছলিমা নাছৰিনৰ জীৱন ভিত্তিত চলচ্চিত্ৰ নিৰ্বাসন ২০১৪ চনত মুক্তি লাভ কৰিছিল। ২০১৫ চনত এই চলচ্চিত্ৰ খনে শ্ৰেষ্ঠ বঙালী ভাষাৰ ৬২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।

বঁটা আৰু সন্মান

তছলিমা নাছৰিনে তেওঁৰ উদাৰ আৰু মুক্তচিন্তাৰ মতবাদ প্ৰকাশ কৰাৰ বাবে দেশ-বিদেশৰ বহুতো বঁটা আৰু সন্মান লাভ কৰিছে। তাৰে ভিতৰত উল্লেখযোগ্য হল

  • আনন্দ সাহিত্য পুৰস্কাৰ, ১৯৯২ আৰু ২০০০
  • নাট্যসভা পুৰস্কাৰ, বাংলাদেশ, ১৯৯২
  • ইউৰোপীয়ান সংসদৰ শাখাৰ্ভ বঁটা, ১৯৯৪
  • ফ্ৰান্স চৰকাৰৰ মানৱধিকাৰ বঁটা, ১৯৯৪
  • ফ্ৰান্সৰ এডিক্ট অফ নান্তেছ পুৰস্কাৰ, ১৯৯৪
  • চুইডিছ আন্তৰ্জাতিক পেনৰ কাৰ্ট টুকোলস্কি বঁটা, ১৯৯৪
  • যুক্তৰাজ্যৰ হিউমেন ৰাইটছ ৱুয়াছৰ দ্বাৰা হেলমেন-হেমেট গ্ৰাণ্ট সন্মান, ১৯৯৪
  • নৰৱেৰ হিউমেন-এটিস্ক ফৰৱাৰ্ডৰ দ্বাৰা মানৱতাবাদী পুৰস্কাৰ, ১৯৯৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Taslima Nasreen's India resident permit expires, Centre yet to take call
  2. ↑ আৰ্কাইভ কপি
  3. ↑ Bagchi, Suvojit. (21 March 2015). ‘Don’t call me Muslim, I am an atheist’
  4. ↑ Why are Hindus trying to prove that they can become ISIS-like extremists: Taslima Nasreen
  5. ↑ My Youth, Autobiography - Volume II by Taslima Nasrin. Official website
  6. ↑ "I am a Bengali writer, I need to live in Bengal" Open the Magazine, 2011-June-1
  7. ↑ Taslima Nasreen's long-term visa extended by just 2 months
  8. ↑ Exiled Bangladeshi author Taslima Nasrin opens up on her Delhi connect
  9. ↑ Deepika Padukone’s hearty laughter at her wedding has shattered an age-old culture:Taslima Nasreen
  10. ↑ HUMAN RIGHTS: Taslima Nasreen Vows to Continue Her Campaign - Inter Press Service. www.ipsnews.net
  11. ↑ Ghosh, Subhajyoti. Why Taslima Nasreen wants to return to Bangladesh. BBC News

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ ব্যক্তিছুইডেনৰ ব্যক্তিবঙালী সাহিত্যিকসমাজকৰ্মীবাংলাদেশৰ নাৰীবাদীনাস্তিকতাবাদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তছলিমা নাছৰিন” প্ৰবন্ধৰ সংশোধন ৫৩২১০৩ (১৩ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।