বেগম ছুফিয়া কামাল ( Sufia Kamal; ২০ জুন ১৯১১-২০ নৱেম্বৰ ১৯৯৯) এগৰাকী বাংলাদেশী কবি, নাৰীবাদী নেত্ৰী আৰু ৰাজনৈতিক কৰ্মী আছিল।১ তেওঁ ১৯৫০ৰ দশকৰ বঙালী জাতীয়তাবাদী আন্দোলনত অংশ লৈছিল আৰু স্বাধীন বাংলাদেশৰ নাগৰিক সমাজৰ এগৰাকী নেতৃস্থানীয় ব্যক্তি আছিল। ১৯৯৯ চনত তেওঁৰ মৃত্যু হয় আৰু ৰাষ্ট্ৰীয় সন্মানেৰে তেওঁক শেষকৃত্য কৰা হয়। এনে ৰাষ্ট্ৰীয় সন্মান দিয়া তেৱেঁ দেশৰ প্ৰথমগৰাকী মহিলা।২৩
প্ৰাৰম্ভিক জীৱন
১৯১১ চনৰ ২০ জুনত ‘পূৰ্ব বংগ আৰু অসম প্ৰদেশ’ৰ বাকেৰগঞ্জ জিলাত অৱস্থিত শ্বায়েতাবাদৰ মাতৃগৃহ ‘ৰাহত মঞ্জিল’ত ছৈয়দা ছুফিয়া বেগমৰ জন্ম হৈছিল। তেওঁৰ মাক-দেউতাকৰ পৰিয়ালটো ব্ৰাহ্মণবাড়িয়াৰ শিলাউৰৰ জমিদাৰ আছিল আৰু তেওঁলোকে ইছলামৰ চতুৰ্থ খলিফা আলীৰ পৰা বংশধৰ বুলি দাবী কৰিছিল। তেওঁৰ সাত মাহ বয়সতে দেউতাক চৈয়দ আব্দুল বাৰীয়ে ওকালতিৰ কাম এৰি চুফী সন্ত হৈ ঘৰৰ পৰা চিৰদিনৰ বাবে যায়।৪ মাক ছাবেৰা বেগম তেওঁক ডাঙৰ-দীঘল কৰিছিল। মাক আছিল চায়েষ্টাবাদৰ নবাব মিৰ মুৱাজ্জম হুছেইনৰ কনিষ্ঠ কন্যা।৫
ব্যক্তিগত জীৱন
এঘাৰ বছৰ বয়সত চুফিয়াৰ আইন ছাত্ৰ আৰু ছায়েস্তাবাদৰ মীৰ মোতাহৰ হুছেইনৰ পুত্ৰ সম্পৰ্কীয় ভাতৃ চৈয়দ নেহাল হোছেইনৰ সৈতে বিবাহ হয়। ১৯৩২ চনত এজনী জীয়েক আমিনা কুৱাহৰক এৰি থৈ হুছেইনৰ মৃত্যু হয়। পাঁচ বছৰ পিছত ছুফিয়াই কামালুদ্দিন আহমেদক বিয়া কৰায় আৰু বৰিশাল চহৰলৈ গুচি যায়। পিছত কামালৰ সৈতে ছুফিয়াৰ আন দুগৰাকী কন্যা চুলতানা কামাল আৰু ছায়েদা কামাল আৰু তিনিজন পুত্ৰ- শাহেদ কামাল, ছোৱেব কামাল, (১৯৭১ চনত নিৰুদ্দেশ হোৱা) আৰু সাজেদ কামালৰ জন্ম হয়।৬
কৰ্মৰাজি
১৯৪৭ চনত ছুফিয়া কামাল মহম্মদ নাছিৰুদ্দিনে প্ৰকাশ কৰা মহিলা বিষয়ক সাপ্তাহিক আলোচনী বেগমৰ সম্পাদক হয়। ভাৰত বিভাজনৰ পিছত সেই বছৰৰ অক্টোবৰ মাহত তেওঁ ঢাকালৈ আহিছিল। সেই সময়ৰ হিন্দু আৰু মুছলমানৰ মাজত হোৱা বিশাল সংঘৰ্ষৰ সময়ত ছুফিয়াই দুয়োটা জনগোষ্ঠীৰ মাজত শান্তি প্ৰতিষ্ঠাৰ হকে কাম কৰিছিল। ১৯৪৮ চনত পূৰ্ব পাকিস্তান মহিলা সমিতি গঠন হয় আৰু তেওঁ তাৰ সভাপতি হয়।৭ ১৯৫২ চনতো ভাষা আন্দোলনত তেওঁ সক্ৰিয়ভাবে অংশগ্ৰহণ কৰিছিল। ১৯৬৯ চনত পাকিস্তানী সামৰিক জেনেৰেল আয়ুব খানৰ পদত্যাগৰ দাবী হোৱা গণ বিদ্ৰোহৰ সময়ত তেওঁ মহিলা সংগ্ৰামী গোট গঠন কৰিছিল।
পৰৱৰ্তী জীৱনত মহিলাৰ অধিকাৰক সৰ্বোচ্চ অগ্ৰাধিকাৰ দি বহু বছৰ বাংলাদেশৰ সৰ্ববৃহৎ মহিলা সংগঠন মহিলা পৰিষদৰ নেতৃত্ব দিয়ে। তেওঁ BRACৰো (১৯৭২-১৯৮০) প্ৰথমগৰাকী অধ্যক্ষ আছিল।
সাহিত্য কৰ্ম
ছুফিয়াই লিখা এটা চুটিগল্প সৈনিক বধূ ১৯২৩ চনত স্থানীয় কাকত এখনত প্ৰকাশ পায়। ১৯২৬ চনত তেওঁৰ প্ৰথম কবিতা বাসন্তী সৌগত আলোচনীত প্ৰকাশ পায়। ১৯৩৭ চনত তেওঁৰ প্ৰথম গল্প সংকলন কেয়াৰ কাঁটা ছপা হৈ ওলায়। প্ৰথম কবিতা প্ৰকাশৰ পিছতেই তেওঁৰ সাহিত্যিক জীৱনৰ উত্তৰণ আৰম্ভ হয়। ১৯৩৮ চনত কাজী নজৰুল ইছলামৰ প্ৰস্তাৱনাৰে তেওঁৰ প্ৰথম কবিতা গ্ৰন্থ সাঁঝেৰ মায়া; যিখন গ্ৰন্থই ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰশংসা অৰ্জন কৰিবলৈ সক্ষম হৈছিল।৮
সন্মান
- বাংলা একাডেমী সাহিত্য বঁটা (১৯৬২)
- একুঁশে পদক (১৯৭৬)
- বেগম ৰোকেয়া পদক (১৯৯৬)
- দেশবন্ধু চিত্তৰঞ্জন দাস স্বৰ্ণ পদক (১৯৯৬)
- স্বাধীনতা দিৱস বঁটা (১৯৯৭)
তথ্যসূত্ৰ
- ↑ Kabir, Ahmad. (2012). Banglapedia: National Encyclopedia of Bangladesh. Asiatic Society of Bangladesh
- ↑ Douglas Martin. (28 November 1999). Sufia Kamal, Poet and Advocate, Dies at 88. The New York Times
- ↑ Begum Sufia Kamal, as I knew her. thedailystar.net
- ↑ (August 2021). ব্ৰাহ্মণবাড়িয়াৰ সাহিত্য. Jugantor
- ↑ Ahmed, Siraj Uddin. (2010). বৰিশাল বিভাগেৰ ইতিহাস. Bhaskar Prakashani
- ↑ (10 May 2018). Kamaludddin Ahmed Khan: Keen, unconventional, relevant. The Daily Star
- ↑ Prothom Alo, 20 November 2006
- ↑ সাহিত্যে কবি সুফিয়া কামাল. dailysangram.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছুফিয়া কামাল” প্ৰবন্ধৰ সংশোধন ৫৯২০৩২ (২২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।