উছমান ছিৰাজ আদ-দীন আল-বাংগালি ( ১২৫৮-১৩৫৭), (আখি সিরাজ) আছিল এজন ১৪ শতিকাৰ বঙালী ভাষা মুছলমান পণ্ডিত। তেওঁ চিষ্টি অৰ্ডাৰৰ অধীনৰ এগৰাকী চুফী আছিল আৰু দিল্লীৰ নিজামুদ্দিন আউলিয়াৰ শিষ্য আছিল। নিজামুদ্দিন আউলিয়াৰ অন্যতম জ্যেষ্ঠ শিষ্য হিচাপে তেওঁ দিল্লীত তেওঁৰ সৈতে দীৰ্ঘ বছৰ কটায় আৰু আইনা-এ-হিন্দ উপাধি লাভ কৰে।১ পশ্চিম বংগৰ গৌড়ত থকা তেওঁৰ স্মাৰকস্থল পিৰানা পীৰ দৰগাহলৈ প্ৰতিবছৰে লক্ষাধিক ভক্তৰ আগমন ঘটে।২
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
আব্দুল হক আল-দেহলাৱীয়ে তেওঁৰ আখবৰ আল আখ্যাৰত আখী চিৰাজ গৌড়ীৰ নাম উল্লেখ কৰিছে৷ ইয়াৰ পৰা অনুমান কৰিব পাৰি যে চিৰাজুদ্দিন বংগৰ গৌড়ৰ স্থানীয় লোক আছিল।৩৪তেওঁৰ জন্ম হৈছিল খ্ৰীষ্টীয় ১২৫৮ চনৰ আশে-পাশে৷ সেই সময়ত এই অঞ্চলটো দিল্লীৰ শাসনকৰ্তা মামলুক বংশৰ অধীনত আছিল।
ডেকা অৱস্থাত চিৰাজুদ্দিনে দিল্লীলৈ যাত্ৰা কৰিছিল আৰু তাতেই বিশিষ্ট মুছলমান ব্যক্তিত্বৰ অধীনত অধ্যয়ন কৰিছিল। চিৰাজুদ্দিনে নিজামুদ্দিনৰ ওচৰত অধ্যয়ন কৰিছিল আৰু মৌলানা ৰুকন আদ-দিনৰ পৰা পাঠ লৈছিল৷ নিজামুদ্দিন আউলিয়াৰ শিষ্য আৰু জীৱনীকাৰৰ লগতে ছিয়াৰ উল আউলিয়াৰ লেখক আমিৰ খুৰ্দেও এই পাঠসমূহত অংশগ্ৰহণ কৰিছিল। কম সময়ৰ ভিতৰতে পঢ়া-শুনা সমাপ্ত কৰি চিৰাজুদ্দিনে পাণ্ডিত্য অৰ্জন কৰিছিল৷ তেওঁক নিজামুদ্দিনৰ জ্যেষ্ঠ শিষ্য হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ তেওকঁ আৰু ছমাহ ইছলামিক বিজ্ঞান শিকোৱা হয়৷ এই শিক্ষা তেওঁ গ্ৰহণ কৰে এজন পণ্ডিত আৰু নিজামুদ্দিন আউলিয়াৰ আন এজন জ্যেষ্ঠ শিষ্য শ্বেইখ ফখৰ আদ-দিন জাৰাদীৰ পৰা। নিজামুদ্দিনৰ ওচৰত শিক্ষা লোৱাৰ পাছত চিৰাজুদ্দিনক খিলাফতৰ (উত্তৰাধিকাৰ) খিৰ্কা (দীক্ষাৰ পোছাক) প্ৰদান কৰা হয় আৰু তেওঁক পাৰ্চী উপাধি আয়না- এ-হিন্দ (ভাৰতৰ দাপোন) প্ৰদান কৰা হয়।
পৰৱৰ্তী জীৱন
খিলাফত লোৱাৰ পিছত ছিৰাজে বছৰত এবাৰ মাকক চাবলৈ বংগলৈ উভতি আহিলেও চাৰি বছৰ ধৰি নিজৰ গুৰু নিজামুদ্দিনৰ সংগ দি দিল্লীত থাকিল। ১৩২৫ চনত মৃত্যুৰ পূৰ্বে নিজামুদ্দিনে ছিৰাজক প্ৰচাৰ কৰিবলৈ বংগলৈ উভতি যাবলৈ নিৰ্দেশ দিছিল। ১৩২৫ খ্ৰীষ্টাব্দত নিজামুদ্দিনৰ মৃত্যুৰ সময়ত সিৰাজৰ বিচনাৰ কাষত উপস্থিত আছিল। ১৩২৮–১৩২৯ চনলৈকে তেওঁ দিল্লীত থাকে। সেই সময়ত চুলতান মহম্মদ বিন তুগলকে ৰাজধানী দৌলাতাবাদলৈ স্থানান্তৰিত কৰি দিল্লীৰ নাগৰিকসকলক প্ৰব্ৰজন কৰিবলৈ বাধ্য কৰাৰ পিছত তেওঁ গৌড়লৈ ৰাওনা হয়।৫
বংগত পুনৰ সংস্থাপিত হোৱাৰ পিছত চিৰাজুদ্দিনক চুলতান ছামছুদ্দিন ইলিয়াছ শ্বাহৰ চৰকাৰৰ অধীনত বংগৰ দৰবাৰ পণ্ডিত হিচাপে নিযুক্তি দিয়া হয়। ছিৰাজে এটা বিশাল লাংগাৰ পাকঘৰ স্থাপন কৰিছিল য’ত দুখীয়া আৰু নিঃস্বসকলক বিনামূলীয়াকৈ খাদ্য বিতৰণ কৰা হৈছিল। তেওঁ নিজামুদ্দিনৰ পুথিভঁৰালৰ পৰাও কিছু কিতাপ লগত লৈ আহিছিল আৰু এই গ্ৰন্থই বংগৰ প্ৰথম চিষ্টি খানকাহৰ কেন্দ্ৰবিন্দু গঠন কৰিছিল। হজৰত পাণ্ডুৱাত উপস্থিত হোৱাৰ কিছু সময়ৰ পাছতেই আলাউল হক তেওঁৰ শিষ্য হৈ পৰে।৬তেওঁ গোটেই জীৱন বংগত থাকি কাম কৰে আৰু তাতে বিয়াও পাতে। তেওঁৰ এগৰাকী কন্যাই পিছলৈ তেওঁৰ শিষ্য আলাউল হকক বিয়া কৰায়।
মৃত্যু আৰু উত্তৰাধিকাৰ
১৩৫৭ চনত উছমান চিৰাজুদ্দিনৰ মৃত্যু হয় আৰু তেওঁক সদুল্লাহপুৰ নামৰ লখনৌটিৰ উপকণ্ঠ অঞ্চলত সমাধিস্থ কৰা হয়।
কোৱা হয় যে তেওঁ শ্বেখ নিজামুদ্দিন আউলিয়াৰ পৰা পোৱা খিৰকা (চোলা) সাগৰ দিঘী (জলাশয়)ৰ উত্তৰ-পশ্চিম কোণত পুতি থৈ সেই কাপোৰৰ টুকুৰাৰ ওচৰতে তেওঁক পুতি থোৱাৰ নিৰ্দেশ দিছিল। তেওঁৰ ইচ্ছা অনুসৰি তেওঁৰ পুতি থোৱা পোছাকৰ ওচৰত তেওঁক সমাধিস্থ কৰা হয় আৰু তেওঁৰ কবৰৰ ওপৰত এটা সমাধিস্থল স্থাপন কৰা হয়। সমাধিস্থল নিৰ্মাণৰ তাৰিখ জানিব পৰা হোৱা নাই যদিও ইয়াৰ দুৱাৰৰ লগত সংলগ্ন দুটা শিলালিপিৰ পৰা গম পোৱা গৈছে যে ১৬ শতিকাত চুলতান আলাউদ্দিন হুছেইন শ্বাহ আৰু পিছলৈ চুলতান নাছিৰুদ্দিন নাছৰত শ্বাহে এই দ্বাৰ স্থাপন কৰিছিল। হুছেইন শ্বাহে সমাধিস্থলত এটা ছিকয়াহ (পানীৰ ফোৱাৰা) নিৰ্মাণ কৰিছিল। তেওঁৰ উৰ্ছ প্ৰতি বছৰে ঈদ-উল-ফিটৰ (১ম আৰু ২য় শ্বাৱাল)ত স্মৰণ কৰা হয় আৰু তেওঁৰ সমাধি বহুত লোকে বছৰি ভ্ৰমণ কৰে। ৪
তথ্যসূত্ৰ
- ↑ Biography of Akhi Siraj Aainae Hind Sufi from Gour Lakhnauti. www.akhisirajuddin.simplesite.com
- ↑ Gaur. bharatonline.com
- ↑ 'Abd al-Haqq al-Dehlawi. Akhbarul Akhyar
- ↑ Abdul Karim
- ↑ Hanif, N. (2000). Biographical Encyclopaedia of Sufis: South Asia. Prabhat Kumar Sharma, for Sarup & Sons. পৃ. 35
- ↑ Singh, NK. (2002). Sufis of India, Pakistan and Bangladesh. Kitab Bhavan. পৃ. 72–73
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উছমান চিৰাজুদ্দিন” প্ৰবন্ধৰ সংশোধন ৪০২০২১ (১২ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।