চিন্ময় কৃষ্ণ দাস (Chinmoy Krishna Das) বাংলাদেশী হিন্দু সন্ন্যাসী আৰু বাংলাদেশ সনাতন জাগৰণ মঞ্চৰ মুখপাত্ৰ। ২০২৪ চনৰ ২৫ নৱেম্বৰত তেওঁক দেশদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়, যাৰ ফলত তেওঁৰ অনুগামীসকলে হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰে। সমান্তৰালভাৱে ভাৰতৰপৰাও কূটনৈতিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হয়।১২৩৪৫৬৭তেওঁ ইস্কন বাংলাদেশৰ প্ৰাক্তন সদস্য আছিল। শিশু যৌন নিৰ্যাতন আৰু অন্যান্য অনুশাসনমূলক সমস্যাৰ অভিযোগত তেওঁক সংগঠনটোৰপৰা বহিষ্কাৰ কৰা হৈছিল।৮৯১০১১
চমু জীৱনপঞ্জী
চিন্ময় কৃষ্ণ দাস এজন হিন্দু সন্ন্যাসী। তেওঁ চট্টগ্ৰাম জিলাৰ হাথাজাৰীত থকা বৈষ্ণৱ ধৰ্মীয় কেন্দ্ৰ পুণ্ডাৰিক ধামৰ মুৰব্বী।১১ ২০২৪ চনৰ জুলাই মাহলৈকে দাস ইস্কনৰ সদস্য আছিল, তেতিয়া তেওঁক সাংগঠনিক অনুশাসনৰ দোহাই দি বহিষ্কাৰ কৰা হৈছিল।১২
দাসে নিয়মিতভাৱে বাংলাদেশৰ ধৰ্মীয় সংখ্যালঘুসকলৰ অধিকাৰৰ পোষকতা কৰিছিল, আৰু ২০২৪ চনৰ ৫ আগষ্টত শ্বেখ হাছিনা প্ৰশাসনৰ পতনৰ পিছত ক্ৰমান্বয়ে মনোযোগ আকৰ্ষণ কৰিছিল।১১ তেওঁ হিন্দু আৰু অন্যান্য ধৰ্মীয় সংখ্যালঘুৰ অধিকাৰৰ বাবে প্ৰচাৰ চলোৱা বাংলাদেশ সনাতন জাগৰণ মঞ্চৰ মুখপাত্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১৩
২৫ অক্টোবৰত সনাতন জাগৰণ মঞ্চই চট্টগ্ৰামৰ লাল দিঘীত এক বৃহৎ সমাৱেশ অনুষ্ঠিত কৰি আঠটা দাবী উত্থাপন কৰে।১৪১৫ ইয়াৰ ভিতৰত সংখ্যালঘু নিৰ্যাতনৰ ক্ষিপ্ৰ বিচাৰৰ বাবে বিশেষ ন্যায়াধিকৰণ স্থাপন কৰা, সংখ্যালঘু সুৰক্ষা আইন প্ৰণয়ন কৰা, সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰ্যালয় গঠন কৰা, মন্দিৰৰ সম্পত্তি উদ্ধাৰৰ বাবে আইন আদিৰ সৃষ্টি কৰা আদি।১১১৩
এই সময়ৰ আশে-পাশে সনাতন জাগৰণ মঞ্চই বাংলাদেশ সোমমিলিটো শংখলোগু জোটৰ সৈতে মিত্ৰতা কৰি, বাংলাদেশ সোমমিলিটো সনাতন জাগৰণ জোট গঠন কৰে। দাসে সংযুক্ত সংগঠনটোৰ মুখপাত্ৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।১৩
তথ্যসূত্ৰ
- ↑ (26 November 2024). Why was Hindu monk Chinmoy Krishna Das arrested in Bangladesh?. The Week
- ↑ Nath, Sanstuti. (26 November 2024). Supporters Of Arrested Hindu Priest Thrashed Outside Bangladesh Court. www.ndtv.com
- ↑ (26 November 2024). ISKCON leader Chinmoy Das held in Bangladesh for sedition. Hindustan Times
- ↑ (26 November 2024). Hindu monk sent to jail in Bangladesh: Who is Chinmoy Krishna Das?. The Indian Express
- ↑ (26 November 2024). Several injured after protests break out in Bangladesh over arrest of Hindu monk. India Today
- ↑ (26 November 2024). Bangladesh ISKCON priest Chinmoy Krishna Das arrested amid protests against Hindu atrocities. The Economic Times
- ↑ (26 November 2024). Chinmoy Krishna Das sent to jail. Dhaka Tribune
- ↑ বাংলাদেশ, Daily Bangladesh:: ডেইলি. ISKCON imposes Ban on Chinmoy for child sexual abuse. Daily Bangladesh
- ↑ ইসকনেৰ চিন্ময়কে শিশু বলাৎকাৰেৰ জন্য নিষিদ্ধ কৰা হয়. jaijaidin
- ↑ (29 November 2024). Iskcon Bangladesh banned Chinmoy Das in 2023, report cites old letter. Firstpost
- ↑ Shruthi Darbhamulla. (28 November 2024). The arrest of Hindu monk Chinmoy Das in Bangladesh. The Hindu
- ↑ Chinmoy expelled from ISKCON in July for disciplinary violations. Dhaka Times
- ↑ Hindu monk sent to jail in Bangladesh: Who is Chinmoy Krishna Das?, The Indian Express, 26 November 2024
- ↑ Hindus in Bangladesh hold massive Chittagong rally demanding minority rights, Taslima Nasreen reacts, Hindusan Times, 26 October 2024
- ↑ Sanatan Jagaran Mancha calls for implementation of 8-point demand from Ctg rally, United News of Bangladesh, 25 October 2024
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিন্ময় কৃষ্ণ দাস” প্ৰবন্ধৰ সংশোধন ৫৮১০০৭ (২৩ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।