অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জয়নুল আবেদিন

জয়নুল আবেদিন (Zainul Abedin,(২৯ ডিচেম্বৰ ১৯১৪ – ২৮ মে' ১৯৭৬)) হৈছে বাংলাদেশৰ এজন পৰিচিত চিত্ৰশিল্পী। ১৯৪৪ চনত ব্ৰিটিছ ঔপনিৱেশিক কালত বংগৰ কিছুমান দুৰ্ভিক্ষক চিত্ৰিত কৰা বাবে জয়নুল আবেদিন সুপৰিচিত হৈছিল। তেওঁ শিল্পাচাৰ্য হিচাপে সুপৰিচিত।

হালনাগাদ: ২১ আগষ্ট ২০২৫ ৪২৩ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

জয়নুল আবেদিন (Zainul Abedin,(২৯ ডিচেম্বৰ ১৯১৪ – ২৮ মে' ১৯৭৬)) হৈছে বাংলাদেশৰ এজন পৰিচিত চিত্ৰশিল্পী। ১৯৪৪ চনত ব্ৰিটিছ ঔপনিৱেশিক কালত বংগৰ কিছুমান দুৰ্ভিক্ষক চিত্ৰিত কৰা বাবে জয়নুল আবেদিন সুপৰিচিত হৈছিল। তেওঁ শিল্পাচাৰ্য হিচাপে সুপৰিচিত। ভাৰতীয় উপমহাদেশ বিভাজনৰ পিছত তেওঁ পূব পাকিস্তান (বৰ্তমান বাংলাদেশ)লৈ গুচি যায়। ১৯৪৮ চনত তেওঁ ঢাকা বিশ্ববিদ্যালয়ত ইনষ্টিটিউট অৱ আৰ্টছ এণ্ড ক্ৰাফ্টছ (বৰ্তমান ফাইন আৰ্টছ অনুষদ) স্থাপন কৰাত সহায় কৰে।১ইণ্ডিয়ান এক্সপ্ৰেছত তেওঁক এজন কিংবদন্তি বাংলাদেশী চিত্ৰশিল্পী আৰু কৰ্মী বুলি অভিহিত কৰিছে।২ ১৯৪৩ চনৰ বংগৰ দুৰ্ভিক্ষ-বিষয়ক চিত্ৰকলাক তেওঁৰ আটাইতকৈ বৈশিষ্ট্যপূৰ্ণ ৰচনা হিচাপে গণ্য কৰা হয়। তেখেতৰ গৃহভূমিয়ে তেখেতৰ কলাত্মক আৰু দূৰদৰ্শী বৈশিষ্ট্যৰ বাবে "শিল্পাচাৰ্য" (বাংলা: শিল্পাচাৰ্য, কলাৰ মহান শিক্ষক) উপাধিৰে সন্মানিত কৰে।৩৪৫তেওঁ বাংলাদেশৰ আধুনিক শিল্প আন্দোলনৰ পথ প্ৰদৰ্শক হিচাপে পৰিগণিত। .৬

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯১৪ চনৰ ২৯ ডিচেম্বৰত কিশোৰগঞ্জত জয়নুল আবেদিনৰ জন্ম হৈছিল। .৭ শৈশৱৰ বহুখিনি সময় তেওঁ ব্ৰহ্মপুত্ৰ নদীৰ মনোমোহা পাৰৰ ওচৰতে কটায়। ব্ৰহ্মপুত্ৰক পিছলৈ তেওঁৰ বহু চিত্ৰত দেখা যায়। ৮

১৯৩৩ চনত জয়নুল আবেদিনে কলিকতাৰ চৰকাৰী কলা বিদ্যালয়ত (বৰ্তমান ভাৰতৰ কলকাতা চৰকাৰী আৰ্ট এণ্ড ক্ৰাফ্ট মহাবিদ্যালয়) নামভৰ্তি কৰে। ইয়াত পাঁচ বছৰ ধৰি তেওঁ ব্ৰিটিছ/ ইউৰোপীয় শৈক্ষিক শৈলী শিকিছিল আৰু পিছলৈ তেওঁ স্নাতক হোৱাৰ পিছত একেখন বিদ্যালয়ৰ অধ্যাপকৰ পদত যোগদান কৰিছিল। বিদ্যালয়খনৰ পৰা প্ৰথম শ্ৰেণীৰ ডিষ্টিংছন লাভ কৰা তেওঁ প্ৰথমজন মুছলমান ছাত্ৰ। .৯ ১৯৪৮ চনত তেওঁ দুই-এজন সহকৰ্মীৰ সহায়ত ঢাকাত এখন কলা প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰে। তেতিয়া চহৰখনত কোনো কলা প্ৰতিষ্ঠান নাছিল। খুব কম সময়ৰ ভিতৰতে প্ৰতিষ্ঠানটোক পাকিস্তানৰ শ্ৰেষ্ঠ কলা প্ৰতিষ্ঠান হিচাপে গণ্য কৰা হয়। তেওঁ কিছুদিন পাকিস্তান চৰকাৰৰ লগত কাম কৰিছিল।১০ তেওঁ প্ৰতিষ্ঠানত অধ্যাপনাও কৰিছিল। তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত আছিল পাকিস্তানী শিল্পী মনছুৰ ৰাহি, ১১ আৰু বাংলাদেশী শিল্পী মনিৰুল ইছলাম১২, মহম্মদ কিব্ৰিয়া আদি।১৩

লণ্ডনৰ স্লেড স্কুল অৱ ফাইন আৰ্টৰ পৰা দুবছৰীয়া প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পিছত তেওঁ নতুন শৈলী আৰম্ভ কৰে। এই শৈলীৰ নাম আছিল-‘বাঙালী শৈলী’, যাৰ মূল বৈশিষ্ট্য আছিল: জ্যামিতীয় আকৃতিৰ সৈতে লোকৰূপ, কেতিয়াবা অৰ্ধ-বিমূৰ্ত প্ৰতিনিধিত্ব, আৰু প্ৰাথমিক ৰঙৰ ব্যৱহাৰ।১৪১৫

চিত্ৰকলা

জয়নুল আবেদিনৰ গেলেৰী
জয়নুল আবেদিনৰ গেলেৰীছবি: Hermitage17 · Public domain

জয়নুল আবেদিনৰ সকলো সৃষ্টিৰ ভিতৰত ১৯৪০ চনৰ দুৰ্ভিক্ষৰ অংকনবোৰ সবাতোকৈ উল্লেখযোগ্য। ১৯৪৪ চনত প্ৰদৰ্শিত তেওঁৰ দুৰ্ভিক্ষৰ চিত্ৰকলাসমূহে তেওঁলৈ অধিক প্ৰশংসা কঢ়িয়াই আনিছিল। ১৯৪৩ চনত বংগৰ মহা দুৰ্ভিক্ষৰ সময়ত অনাহাৰে থকা জনসাধাৰণৰ দুৰ্বিষহ পৰিস্থিতিয়ে তেওঁৰ হৃদয় চুই গৈছিল। তেওঁ পথৰ কাষত মৃত্যুমুখত পৰা অনাহাৰে থকা লোকসকলক চিত্ৰিত কৰিছিল।১১৬

তেওঁ সান্তাল মানুহৰ আধুনিকতাবাদী চিত্ৰ নিৰ্মাণ কৰিছিল। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে "দুগৰাকী সান্তালী মহিলা।" ১৭

১৯৭০ চনত তেওঁ ছিৰিয়া আৰু জৰ্ডানৰ পেলেষ্টাইনী শিবিৰসমূহ পৰিদৰ্শন কৰে আৰু তাত থকা শৰণাৰ্থীসকলৰ ৬০–৭০খন চিত্ৰ অংকন কৰে।১৮ ১৯৭০ চনত পূব পাকিস্তানক বিধ্বস্ত কৰা ভোলা ঘূৰ্ণীবতাহৰ ছবিও তেওঁ অংকন কৰিছিল।১০

মুক্তি আন্দোলন

তেওঁ পূব পাকিস্তানৰ বাংলা ভাষা আন্দোলনৰ সৈতে জড়িত আছিল।২ ইয়াৰোপৰি তেওঁ বাংলাদেশৰ মুক্তিযুদ্ধ আন্দোলনৰ লগতো জড়িত আছিল। পাকিস্তান চৰকাৰৰ দ্বাৰা প্ৰান্তীয়কৃত বঙালী পৰিচয় পুনৰ প্ৰতিষ্ঠা কৰিবলৈ আৰম্ভ হোৱা সাংস্কৃতিক আন্দোলনৰ তেওঁ অগ্ৰগণ্য ব্যক্তি আছিল। ১৯৬৯ চনত জয়নুল আবেদিনে চীনৰ চিয়াঁহী, জলৰঙ আৰু মম ব্যৱহাৰ কৰি নবান্না নামেৰে এখন স্ক্ৰল আঁকিছিল। চলি থকা অসহযোগ আন্দোলনক উদযাপনৰ হেতু ইয়াক অঁকা হৈছিল।৮

স্বাধীনোত্তৰ যুগ

১৯৭৪ চনত তেওঁ ভাৰতৰ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা অনাৰেৰী ডক্টৰ অৱ লেটাৰ্ছ ডিগ্ৰী লাভ কৰে।১৯ ১৯৭৫ চনত তেওঁ নাৰায়ণগঞ্জৰ সোণাৰগাঁৱত লোক কলা সংগ্ৰহালয় আৰু মৈমেনসিংহত নিজৰ কৰ্মৰাজিৰ এখন গেলেৰী জয়নুল আবেদিন সংগ্ৰহশালা প্ৰতিষ্ঠা কৰে।২০ ১৯৮২ চনত জয়নুল আবেদিন সংগ্ৰহশালাত ৰখা ৭০খন ছবিৰ ভিতৰত ১৭খন ছবি চুৰি হৈছিল। পিছত মাত্ৰ ১০খনহে উদ্ধাৰ হয়।

জয়নুল আবেদিনৰ সমাধি
জয়নুল আবেদিনৰ সমাধিছবি: Wasiul Bahar · CC BY-SA 4.0

ব্যক্তিগত জীৱন আৰু মৃত্যু

লোক কলা সংগ্ৰহালয়ৰ চৌহদত শিল্পাচাৰ্যৰ ভাস্কৰ্য্য
লোক কলা সংগ্ৰহালয়ৰ চৌহদত শিল্পাচাৰ্যৰ ভাস্কৰ্য্যছবি: Wiki_Ruhan · CC0

জয়নুল আবেদিনে জাহানাৰা আবেদিনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।৭১৯৭৬ চনৰ ২৮ মে’ত হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ ঢাকাত তেওঁৰ মৃত্যু হয়। Two faces আছিল তেওঁৰ শেষৰখন ছবি, যিখন তেওঁৰ মৃত্যুৰ কিছু সময়ৰ আগতে সম্পূৰ্ণ হৈছিল।১ তেওঁক ঢাকা বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় মছজিদৰ কাষত সমাধিস্থ কৰা হয়।২১

তথ্যসূত্ৰ

  1. ↑ Alom, Zahangir. (29 December 2015). Homage to Shilpacharya Zainul Abedin. The Daily Star
  2. ↑ Sinha, Nidhi. (27 August 2014). Celebrating the work of Bangladeshi painter and activist Zainul Abedin. The Indian Express
  3. ↑ Noor pays tribute to Shilpacharya Zainul Abedin. Bangladesh Sangbad Sangstha
  4. ↑ (11 December 2011). 'Zainul's devotion to art never bothered me,' says Jahanara. Weekly Holiday. Holiday Publication Limited
  5. ↑ (28 December 2005). Pho Photography exhibition on Zainul's life begins at DU. Bdnews24.com
  6. ↑ Zainul Abedin. artist.christies.com. Christie's
  7. ↑ (20 December 2014). Zainul Abedin's birth centenary event starts. The Daily Star
  8. ↑ Manzoorul Islam, Syed. (16 June 2014). Abedin, Zainul. Banglapedia. Asiatic Society of Bangladesh
  9. ↑ Islam, Monwarul. (29 December 2014). Shilpacharjo Zainul Abedin's birth centenary today. New Age
  10. ↑ (6 January 2013). Portrait of an artist in divided South Asia. DAWN
  11. ↑ Chatterjee, Partha. (4 December 2009). Gentle Rainbow. Frontline
  12. ↑ (30 December 2018). Artist Monirul Islam conferred Shilpacharya Zainul Abedin Shammanana. The Daily Observer
  13. ↑ Haq, Fayza. (1 July 2011). "To sir, with love"– Kibria: Immortal in our hearts. The Daily Star
  14. ↑ (4 June 2015). Shilpacharya Zainul Abedin's 39th death anniversary. Dhaka Courier
  15. ↑ (29 December 2014). Museum displays 100 artworks of Shilpacharya. New Age
  16. ↑ Alom, Zahangir. (18 November 2014). Fine art and artists through the eyes of Fayza Haq. The Daily Star
  17. ↑ Bhasin, Tanushree. (7 September 2013). South Asia's organic brand of Modernism. Sunday Guardian
  18. ↑ Zaman, Mustafa. (24 December 2004). The Artist of People's Struggle. Star Weekend Magazine
  19. ↑ (16 October 2015). Zainul Abedin. The Daily Star
  20. ↑ (28 December 2013). Shilpacharya Zainul Abedin's 100th birthday today. Dhaka Tribune
  21. ↑ (29 December 2015). Shilpacharya Zainul Abedin's birth centenary today. The Independent

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ ব্যক্তিচিত্ৰশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয়নুল আবেদিন” প্ৰবন্ধৰ সংশোধন ৫৩৪২০৭ (২১ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।