অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জিয়াউৰ ৰহমান

জিয়াউৰ ৰহমান (১৯ জানুৱাৰী ১৯৩৬ – ৩০ মে' ১৯৮১) এজন বাংলাদেশী সামৰিক বিষয়া আৰু ৰাজনীতিবিদ আছিল। ১৯৭৭ চনৰ পৰা মৃত্যুৰ সময়লৈকে তেওঁ বাংলাদেশৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ বাংলাদেশ জাতীয়তাবাদী দলৰ (BNP) প্ৰতিষ্ঠাপক আছিল আৰু আজীৱন ইয়াৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

হালনাগাদ: ১২ মাৰ্চ ২০২৫ ৩৪৯ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

জিয়াউৰ ৰহমান (১৯ জানুৱাৰী ১৯৩৬ – ৩০ মে' ১৯৮১) এজন বাংলাদেশী সামৰিক বিষয়া আৰু ৰাজনীতিবিদ আছিল। ১৯৭৭ চনৰ পৰা মৃত্যুৰ সময়লৈকে তেওঁ বাংলাদেশৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ বাংলাদেশ জাতীয়তাবাদী দলৰ (BNP) প্ৰতিষ্ঠাপক আছিল আৰু আজীৱন ইয়াৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ ১৯৭৫ চনৰ পৰা ১৯৭৮ চনলৈ বাংলাদেশৰ দ্বিতীয় সেনা মুৰব্বীৰ পদত আছিল।

জিয়াউৰ ৰহমানৰ জন্ম হৈছিল বাংলাদেশৰ গাবতলীত। তেওঁ জিয়া নামেৰেও জনাজাত আছিল। এবতাবাদস্থিত পাকিস্তান মিলিটাৰী একাডেমীত তেওঁ সেনাবাহিনীৰ প্ৰশিক্ষণ লৈছিল আৰু দ্বিতীয় কাশ্মীৰ যুদ্ধত ভাৰতীয় সেনাৰ বিৰুদ্ধে পাকিস্তানী সেনাৰ কমাণ্ডাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ বাবে তেওঁক পাকিস্তান চৰকাৰৰ পৰা হিলাল-ই-জুৰাট বঁটা প্ৰদান কৰা হৈছিল। ১৯৭১ চনত পাকিস্তানৰ পৰা বাংলাদেশৰ স্বাধীনতা যুদ্ধৰ সময়ত বাংলাদেশী সেনা বাহিনীৰ এজন বিশিষ্ট কমাণ্ডাৰ আছিল জিয়াউৰ ৰহমান। ২৭ মাৰ্চৰ দিনা তেৱেঁই প্ৰথম বাংলাদেশৰ স্বাধীনতা লাভৰ ঘোষণা চট্টগ্ৰামৰ কালুৰঘাট অনাতাঁৰ কেন্দ্ৰৰ পৰা সম্প্ৰচাৰ কৰিছিল। স্বাধীনতা যুদ্ধৰ পিছত জিয়াউৰ বাংলাদেশ সেনাবাহিনীৰ ব্ৰিগেড কমাণ্ডাৰ হয়, আৰু পিছলৈ বাংলাদেশ সেনাৰ ডেপুটি ছিফ অফ ষ্টাফ আৰু চীফ অফ ষ্টাফ হয়।১

প্ৰাৰম্ভিক জীৱন

১৯৩৬ চনৰ ১৯ জানুৱাৰীত বৰ্তমানৰ বাংলাদেশৰ বগৰা জিলাৰ অন্তৰ্গত গাবতলীৰ বাগবাৰী গাঁৱৰ এটা বঙালী মুছলমান মণ্ডল পৰিয়ালত জিয়াউৰ ৰহমানৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল মনছুৰ ৰহমান আৰু তেওঁ এজন ৰসায়নবিদ আছিল। তেওঁ কাগজ আৰু চিয়াঁহীৰ ৰসায়ন বিশেষজ্ঞ হিচাপে কলকাতাৰ ৰাইটাৰ্ছ বিল্ডিঙৰ চৰকাৰী বিভাগত কাম কৰিছিল।

জিয়াউৰ ৰহমান তেওঁৰ জন্মস্থান বাগবাৰীতে ডাঙৰ-দীঘল হৈছিল আৰু বগৰা জিলা বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰিছিল।২ আহমেদ কমল (মৃত্যু ২০১৭)৩ আৰু খলিলুৰ ৰহমান (মৃত্যু ২০১৪)৪ নামৰ তেওঁৰ দুজন ভায়েক আছিল।

১৯৪৬ চনত পিতৃ মনছুৰ ৰহমানে জিয়াউৰ ৰহমানক কলিকতাৰ হেয়াৰ স্কুলত নামভৰ্তি কৰি দিছিল আৰু ১৯৪৭ চনত ভাৰতত ব্ৰিটিছ সাম্ৰাজ্য অন্ত পৰা আৰু ভাৰত আৰু পাকিস্তান বিভাজন হোৱালৈকে তাতেই তেওঁ অধ্যয়ন কৰিছিল। ইয়াৰ পিছত তেওঁ কৰাচী একাডেমী স্কুলত নামভৰ্তি কৰে। সেই বিদ্যালয়ৰ পৰাই তেওঁ ১৯৫২ চনত সন্মানসহকাৰে মাধ্যমিক শিক্ষা সমাপ্ত কৰে আৰু তাৰ পিছত ১৯৫৩ চনত কৰাচীৰ ডি.জে. কলেজত নামভৰ্তি কৰে। ১৯৫৩ চনত তেওঁ পাকিস্তানী সেনাৰ অফিচাৰ কেডেট হিচাপে কাকুল মিলিটেৰী একাডেমীত যোগদান কৰে।

মৃত্যু

১৯৮১ চনৰ ৩০ মে’ তাৰিখে চট্টগ্ৰামত এদল বাংলাদেশী সেনা বিষয়াই জিয়াউৰ ৰহমানক গুলিয়াই হত্যা কৰে।৫ সেইদিনা তেওঁ ৰাজনৈতিক দল বিএনপিৰ স্থানীয় নেতাসকলৰ মাজত সংঘৰ্ষৰ মধ্যস্থতা কৰিবলৈ চট্টগ্ৰামলৈ গৈছিল।৬ ৩০ মে’ৰ নিশা সেনা বিষয়াৰ এটা দলে চট্টগ্ৰামৰ চাৰ্কিট হাউচ দখল কৰি গুলিবৰ্ষণ আৰম্ভ কৰে।৭ ফলত জিয়াউৰ ৰহমান নিহত হয়।৮

তথ্যসূত্ৰ

  1. ↑ Chowdhury, Afsan. (29 August 2016). Must laws protect Sheikh Mujib's honour and 1971 history?. bdnews24.com
  2. ↑ Md.Mahbur Rahman. (5 August 2006). From Bogra: A Successful Seat of knowledge. The Daily Star
  3. ↑ (23 November 2017). Zia's brother Kamal passes away. The Daily Star
  4. ↑ (30 March 2014). Zia's younger brother dies in US. bdnews24.com
  5. ↑ (30 May 2017). Zia's death anniversary being. Prothom Alo
  6. ↑ (2 June 2015). Questions never answered. The Daily Star
  7. ↑ (30 May 2017). Zia's death anniversary being. Prothom Alo
  8. ↑ (8 June 1981). Bangladesh: Death at Night. Time. পৃ. 41

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিয়াউৰ ৰহমান” প্ৰবন্ধৰ সংশোধন ৪৯০৯০৬ (১২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।