অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জহিৰ ৰায়হান

জহিৰ ৰায়হান (Zahir Raihan, ১৯ আগষ্ট ১৯৩৫ — ৩০ জানুৱাৰী ১৯৭২) বাংলাদেশৰ এগৰাকী প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক, ঔপন্যাসিক আৰু গল্পকাৰ। বাংলা সাহিত্যৰ চুটিগল্প শাখালৈ আগবঢ়োৱা অৱদানৰ বাবে ১৯৭২ চনত তেওঁ বাংলা একাডেমী সাহিত্য বঁটা লাভ কৰে।

হালনাগাদ: ২৮ এপ্ৰিল ২০২৬ ১,৩০৯ শব্দ · ৭ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

জহিৰ ৰায়হান (Zahir Raihan, ১৯ আগষ্ট ১৯৩৫ — ৩০ জানুৱাৰী ১৯৭২) বাংলাদেশৰ এগৰাকী প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক, ঔপন্যাসিক আৰু গল্পকাৰ।১ বাংলা সাহিত্যৰ চুটিগল্প শাখালৈ আগবঢ়োৱা অৱদানৰ বাবে ১৯৭২ চনত তেওঁ বাংলা একাডেমী সাহিত্য বঁটা লাভ কৰে। বাংলাদেশ চৰকাৰে মৰণোত্তৰভাৱে তেওঁক চিনেমালৈ আগবঢ়োৱা অৱদানৰ বাবে ১৯৭৭ চনত বাংলাদেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা একুশে পদক আৰু সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে ১৯৯২ চনত বাংলাদেশৰ সৰ্বোচ্চ অসামৰিক বঁটা স্বাধীনতা বঁটা প্ৰদান কৰে।২৩ চিনেমালৈ আগবঢ়োৱা সামগ্ৰিক অৱদানৰ বাবে ১৯৭৫ চনত মৰোণোত্তৰভাৱে তেখেতক বাংলাদেশৰ প্ৰথম “জাতীয় চলচ্চিত্ৰ পুৰস্কাৰ" বঁটা প্ৰদান কৰা হয়। তেওঁৰ প্ৰথমখন উপন্যাস শেষ বিকেলেৰ মেয়ে ১৯৬০ চনত প্ৰকাশিত হয়। তেওঁৰ আন আন উল্লেখযোগ্য উপন্যাস হ'ল হাজাৰ বছৰ ধৰে আৰু আৰেক ফাল্গুন। হাজাৰ বছৰ ধৰে উপন্যাসৰ বাবে তেওঁ ১৯৬৪ চনত আদমজী সাহিত্য পুৰস্কাৰ লাভ কৰে। এইখন উপন্যাস আধাৰত নিৰ্মিত চলচ্চিত্ৰখনতে জাতীয় চলচ্চিত্ৰ পুৰস্কাৰ লাভ কৰে। তেওঁৰ নিৰ্মিত প্ৰথম চলচ্চিত্ৰ কখনো আসেনি (১৯৬১)। ১৯৬৪ চনত কাঁচেৰ দেয়াল চলচ্চিত্ৰখনৰ বাবে তেওঁ নিগাৰ পুৰস্কাৰ লাভ কৰে। তেওঁৰদ্বাৰা নিৰ্মিত অন্যান্য চলচ্চিত্ৰ হ'ল বেহুলা, সঙ্গম, আনোয়াৰা আৰু জীবন থেকে নেয়া। ষ্টপ জেনোসাইড তথ্যচিত্ৰখনত বাংলাদেশেৰ স্বাধীনতা যুদ্ধৰ ভয়াবহ চিত্ৰ তুলি ধৰি তেওঁ সুনাম অৰ্জন কৰিছিল।

প্ৰাৰম্ভিক জীৱন

১৯৩৫ চনৰ ১৯ আগষ্টত বৰ্তমানৰ ফেনী জিলাৰ সোণাগাজী উপাজিলাৰ নবাবপুৰ সংঘৰ মাজুপুৰ গাঁৱত জন্মগ্ৰহণ কৰিছিল জহিৰ ৰায়হানে।৪৫ তেওঁৰ পিতৃৰ নাম আছিল মৌলানা মহম্মদ হাবিবুল্লাহ, তেওঁ কলিকতা আলিয়া মাদ্ৰাছাৰ অধ্যাপক আছিল আৰু পিছলৈ ঢাকা আলিয়া মাদ্ৰাছাৰ অধ্যক্ষ হয়। সেইবাবেই জাহিৰে কলিকতা মাদ্ৰাছাৰ এংলো-পাৰ্চিয়ান বিভাগত যোগদান কৰে কিন্তু ১৯৪৭ চনত দেশ বিভাজনৰ পাছত তেওঁ পৰিয়ালসহ কলিকতাৰপৰা বাংলাদেশ (তেতিয়াৰ পূব পাকিস্তান)লৈ গুচি যায়। ১৯৫৮ চনত ঢাকা বিশ্ববিদ্যালয় ৰপৰা বাংলা ভাষাত স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁৰ ব্যক্তিগত জীৱনত দুবাৰকৈ বিবাহপাশত আবদ্ধ হয়: ১৯৬১ চনত সুমিতা দেৱীৰ সৈতে আৰু ১৯৬৬ চনত সুচান্দাৰ সৈতে, দুয়োগৰাকীয়েই আছিল সেই সময়ৰ বিখ্যাত চলচ্চিত্ৰ অভিনেত্ৰী।

কৰ্ম জীৱন

জহিৰ ৰায়হানে বাংলা সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁৰ সাহিত্য আৰু সাংবাদিক জীৱন আৰম্ভ হয়। ১৯৫০ চনত তেওঁ যুগেৰ আলো আলোচনীত সাংবাদিক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। পিছলৈ খাপছাৰা, যান্ত্ৰিক, চিনেমা আদি আলোচনীতো কাম কৰি ১৯৫৬ চনত প্ৰৱাহ আলোচনীত সম্পাদক হিচাপে যোগদান কৰে। ১৯৫৫ চনত তেওঁৰ প্ৰথম গল্পগ্ৰন্থ সূৰ্য্যগ্ৰহণ প্ৰকাশ পায়। ১৯৫৭ চনত তেওঁ চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে, জাগো হুয়া সবেৰা ছবিত সহকাৰী পৰিচালক হিচাপে। ছালাউদ্দিনৰ ছবি যে নদী মৰুপথে সহায়ক হিচাপেও কাম কৰিছিল। প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক এহতেশামে এ দেশ তোমাৰ আমাৰ ছবিখনত তেওঁক কাম কৰিবলৈ আমন্ত্ৰণ জনাইছিল, জহিৰে ছবিখনৰ শিৰোনাম গীতটো ৰচনা কৰিছিল। ১৯৬১ চনত কোখনো আসেনি ছবিৰ জৰিয়তে ৰূপালী পৰ্দাত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে। ১৯৬৪ চনত তেওঁ পাকিস্তানৰ প্ৰথমখন ৰঙীন ছবি সংগম (উৰ্দু ভাষাৰ ছবি) নিৰ্মাণ কৰে আৰু পিছৰ বছৰত তেওঁৰ প্ৰথম চিনেমাস্কোপ ছবি বাহানা মুক্তি দিয়ে।

ভাষা আন্দোলনৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ থকা জহিৰ ৰায়হানে ২১ ফেব্ৰুৱাৰীত অনুষ্ঠিত ঐতিহাসিক আমতলা ৰেলীত উপস্থিত আছিল। ভাষা আন্দোলনে তেওঁৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল তেওঁৰ বিখ্যাত ছবি জীবন থেকে নেয়াত দেখা যায়। তেওঁ ১৯৬৯ চনৰ গণ বিদ্ৰোহত অংশ লৈছিল। ১৯৭১ চনত মুক্তিযুদ্ধ আৰম্ভ হোৱাৰ সময়ত তেওঁ কলকাতালৈ গুচি যায় আৰু বাংলাদেশৰ স্বাধীনতাৰ বাবে প্ৰচাৰ আৰু তথ্যচিত্ৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে। তেওঁৰ ছবি জীৱন থেকে নেয়াৰ কেইবাখনো প্ৰদৰ্শনী কলকাতাত অনুষ্ঠিত হয়, আৰু ছবিখনক সত্যজিৎ সত্য, মৃণাল সেন, তপন সিং, ঋত্বিক ঘটক আদি বিজ্ঞসকলে ভূয়সী প্ৰশংসা কৰে। সেই সময়ত অত্যন্ত আৰ্থিক অসুবিধাৰ সন্মুখীন হোৱাৰ পিছতো তেওঁ নিজৰ ছবি প্ৰদৰ্শনৰপৰা পোৱা সকলো ধন মুক্তিযোদ্ধাৰ তহবিললৈ দান কৰে।

বুদ্ধিজীৱী হত্যাৰ তদন্ত সমিতি

পান্না কাইজাৰছ তেওঁৰ মুক্তিযুদ্ধৰ আগতে আৰু পিছতো গ্ৰন্থত কৈছিল যে জহিৰ ৰায়হানে শ্বাহিদুল্লাহ কাইজাৰৰ নিৰুদ্দেশৰ ৰহস্য উন্মোচন কৰাৰ সূত্ৰৰ ভিত্তিত বুদ্ধিজীৱী হত্যা তদন্ত সমিতি গঠন কৰিছিল, য'ত এহতেশ্বাম হাইদৰ চৌধুৰী, বেৰিষ্টাৰ আমিৰুল ইছলাম, বেৰিষ্টাৰ মৌদুদ, এনায়েতুল্লাহ খান, চৈয়দ হাছান ইমাম, ড° ছিৰাজুল ইছলাম আৰু আন বহু বুদ্ধিজীৱী। তদন্ত সমিতিৰ বাবে কাম কৰি থাকোঁতে তেওঁ বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ আৰু তথ্য উন্মোচন কৰে। জহিৰ ৰায়হানে জামাতৰ মিটিং চেণ্টাৰৰ নাম, আল-বদৰ-ৰাজাকাৰৰ গোপন ঠিকনা, আৰু এই হত্যাকাণ্ডত তেওঁলোকক সহায় কৰা বুদ্ধিজীৱীসকলৰ নাম সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। লগতে একাংশ হত্যাকাৰীৰ গোপন ঠিকনাও উন্মোচন কৰে। জামাতৰ বন্ধু আল-বদৰ-ৰাজাকাৰে বহু তথ্য প্ৰকাশ কৰে। এই তথ্যৰ গোপনীয়তাও তেওঁ ৰাখিছিল। এটা সময়ত তদন্ত সমিতিৰ হৈ জাহিৰ ৰায়হানে প্ৰেছ ক্লাবত এখন সংবাদ-মেলযোগে কৈছিল- বুদ্ধিজীৱী হত্যাৰ বহু গোপনীয়তা প্ৰকাশ পাইছে। আমাৰ হাতত বহু তথ্য আৰু প্ৰমাণ আছে যিবোৰ প্ৰকাশ কৰিলে বহু লোকৰ মুখা খুলিব। সময় আহিলে সকলো এটা এটাকৈ প্ৰকাশ কৰিম। কিন্তু শ্বাহিদুল্লাই যেতিয়া কাইজাৰৰ সন্ধানৰ খবৰটো শুনিলে, তেতিয়া তেওঁ সেইটো পৰীক্ষা কৰিব নোৱাৰিলে কাৰণ তেওঁক বিচাৰি থাকোঁতে জহিৰ ৰায়হান অন্তৰ্ধান হৈ গ’ল। পান্নাই সন্দেহ কৰে যে বুদ্ধিজীৱী হত্যাৰ গোপন তথ্য প্ৰকাশ কৰাৰ ঘোষণাৰ আঁৰৰ কাৰণ হ'ব পাৰে জহিৰ ৰায়হানৰ নিৰুদ্দে। জাহিৰ ৰায়হানৰ ভগ্নীয়েও একে দাবী কৰে।

মৃত্যু

১৯৭১ চনৰ ১৭ ডিচেম্বৰত জহিৰ ৰায়হানে ঢাকালৈ উভতি আহে। তেওঁৰ ভাতৃ শ্বাহিদুল্লাহ কাইজাৰ আৰু আন বহুতক। বিহাৰীসকলে মিৰপুৰত ৰখাৰ খবৰ পাই ১৯৭২ চনৰ ৩০ জানুৱাৰীৰ পুৱা দুখন গাড়ীৰে মিৰপুৰলৈ ৰাওনা হয় কবীৰ, বাবুল (সুচান্দাৰ ভায়েক), আব্দুল হক (পান্না কাইজাৰৰ ভায়েক), নিজাম আৰু পাৰভেজ। টেলিফোন বাৰ্তা পোৱাৰ পিছত জাহিৰ ৰায়হানে দুখন গাড়ীৰে মিৰপুৰলৈ ৰাওনা হয়। তেওঁৰ লগত আছিল তেওঁৰ কনিষ্ঠ ভাতৃ জাকাৰিয়া হাবিব,খুড়াকৰ ল’ৰা শ্বাহিৰিয়া কবীৰ, বাবুল (সুচান্দাৰ ভাতৃ), আব্দুল হক (পান্না কাইজাৰৰ ভাতৃ), নিজাম আৰু পাৰভেজ। মীৰপুৰ ছেকচন ২ পোৱাৰ পিছত ভাৰতীয় সেনা, বাংলাদেশ সেনা আৰু তাত নিয়োজিত আৰক্ষী জোৱানসকলে নিৰাপত্তাজনিত কাৰণত তেওঁলোকক আগবাঢ়ি যোৱাত বাধা প্ৰদান কৰে। তেতিয়া সেনাই ১২ নং ধাৰাত অভিযান চলাবলৈ ওলাইছিল। তেওঁলোকে কোনো সাধাৰণ নাগৰিকক লগত লৈ যাব বিচৰা নাছিল। বহু কাতৰ অনুৰোধৰ অন্তত জাহিৰ ৰায়হানক লগত লৈ যাবলৈ মান্তি হ'ল। জহিৰ ৰায়হানক থাকিবলৈ কৈ বাকীকেইজনক ওভতাই পঠিয়াই দিলে। বাকীকেইজনৰ সৈতে শ্বাহৰিয়াৰ কবীৰ ঘৰলৈ উভতি আহিল। জাহিৰ ৰায়হানে সেনা আৰু আৰক্ষীৰ কনভয়ৰ সৈতে মিৰপুৰ ছেকচন ১২ অভিমুখে গ’ল। পুৱা প্ৰায় ৯:৩০ বজাত কালাপানী পানীৰ টেংকিৰ সন্মুখত বিহাৰীয়ে সেনা-আৰক্ষীৰ ওপৰত গুলীচালনা আৰম্ভ কৰে। ইয়াৰ মাজতে তেওঁক হত্যা কৰা বুলি দাবী কৰা হৈছে। পুৱা প্ৰায় ১১:৩০ বজাত বিহাৰীয়ে ওচৰৰ ঘৰৰপৰা স্বয়ংক্ৰিয় অস্ত্ৰ আৰু হেণ্ড গ্ৰেনেডেৰে আৰক্ষী আৰু সেনাক আক্ৰমণ কৰে। এই এম্বুছত ৪২ জন লোকৰ মৃত্যু হয়। সেইদিনা বিয়লি সেনাই গধুৰ অস্ত্ৰৰে মিৰপুৰৰ ১২ নং ছেকচনত আক্ৰমণ কৰে। পাছদিনা ৰাতিপুৱা এটা গোটেই বেটেলিয়ন ছেকচন ১২ত প্ৰৱেশ কৰিলে। কিন্তু কাকো পোৱা নগ’ল। ৰাতি সকলো পলাই গৈছিল। মৃতকৰ ৩-৪জনৰ বাহিৰে কাৰো মৃতদেহ পোৱা নগ’ল। মিৰপুৰ সম্পূৰ্ণ খালী হোৱাৰ পিছতো ৩০ জানুৱাৰীৰ নিশা তেওঁলোকক আঁতৰাই পেলোৱা হয়। ৰাতিৰ আন্ধাৰত বিহাৰীসকলে আঁতৰাই পেলোৱা মৃতদেহবোৰৰ সৈতে জহিৰ ৰাইহান নিৰুদ্দেশ হয়। পাছদিনা ৩১ জানুৱাৰীত বিহাৰী আৰু পাকিস্তানী সৈন্যৰ হাতৰপৰা মিৰপুৰ মুক্ত হৈছিল যদিও ক’তো তেওঁৰ মৃতদেহ পোৱা নগ’ল। নিৰ্মল সেনে দাবী কৰিছিল যে মুজিববাহিনীয়ে জহিৰ ৰায়হানক হত্যা কৰিছিল।

উত্তৰাধিকাৰী

বাংলাদেশী চিনেমাৰ কিংবদন্তি পুৰুষ জহিৰ ৰায়হানৰ দুগৰাকী পত্নীৰ ভিতৰত অন্যতম সুমিতা দেৱী। প্ৰয়াত অভিনেত্ৰীগৰাকীৰ দুই পুত্ৰ বিপুল ৰায়হান আৰু অনল ৰায়হান। দুয়োজনেই প্ৰতিষ্ঠিত নাট্য পৰিচালক। আন এগৰাকী পত্নী সুচান্দাৰ দুই পুত্ৰ আৰাফাত ৰাইহান আপু আৰু টাপু ৰাইহান। সৰু পুত্ৰ টাপু ৰাইহানও এজন অভিনেতা। তেওঁ সবুজ কোট কালো চছমা ছবিত অভিনয় কৰিছিল। জাহিৰ ৰায়হানৰ ভাতৃৰ নাম শ্বাহিদুল্লা কাইজাৰ আৰু ভাতৃৰ কন্যা শ্বামী কাইজাৰ।

বঁটা আৰু সন্মান

  • ১৯৬৪: আদমজী সাহিত্য বঁটা, হাজাৰ বল ধৰ উপন্যাসৰ বাবে।
  • ১৯৬৫: নিগাৰ বঁটা, কাচেৰ দেয়াল ছবিৰ বাবে শ্ৰেষ্ঠ বাংলা চলচ্চিত্ৰ শিতানত
  • ১৯৭২: বাংলা একাডেমী বাংলা একাডেমী সাহিত্য বঁটা (১৯৭১) (মৰণোত্তৰ), গল্প সাহিত্যলৈ অৱদানৰ বাবে।
  • ১৯৭৭: একুশে পদক, শিল্প (চলচ্চিত্ৰ)লৈ অৱদানৰ বাবে বাংলাদেশ চৰকাৰৰদ্বাৰা প্ৰদান কৰা দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান (মৰণোত্তৰ)
  • ১৯৯২: স্বাধীনতা দিৱস বঁটা, বাংলাদেশ চৰকাৰে সাহিত্যলৈ অৱদানৰ বাবে প্ৰদান কৰা সৰ্বোচ্চ অসামৰিক সন্মান (মৰণোত্তৰ)
  • ২০০৫: শ্ৰেষ্ঠ কাহিনীভাগৰ শাখাত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, হাজাৰ বছৰ ছবিখনৰ বাবে (মৰণোত্তৰ)

উল্লেখনীয় কৰ্মৰাজি

উপন্যাস

  • শেষ বিকেলাৰ মেয়ে (১৯৬০) প্ৰথম উপন্যাস। প্ৰকাশক: সন্ধানী প্ৰকাশনী (ৰোমাণ্টিক প্ৰেম কাহিনী)
  • হাজাৰ বছৰ ধৰে (১৯৬৪) সমসাময়িক বংগৰ গ্ৰাম্য-জীৱনৰ পটভূমিত ৰচিত এটি কাহিনী। (চলচ্চিত্ৰ সংস্কৰণ (২০০৫)
  • আৰেক ফাল্গুন (১৯৬৯) ১৯৫২ চনৰ ৰক্তাক্ত ভাষা আন্দোলনৰ পটভূমিত ৰচিত কবিতা।
  • বৰফ গলা নদী (১৯৬৯) প্ৰথম প্ৰকাশ: 'উত্তৰন' আলোচনী। আৰ্থিক দুৰ্দশাগ্ৰস্ত মধ্যবিত্তীয় পৰিয়ালৰ অসহায় আত্মকথা।
  • আৰ ক'ত দিন (১৯৭০) জেল আৰু ভৰিৰে মোহাৰি যোৱা মানৱ আত্মাৰ আন্তৰ্জাতিক ৰূপ আৰু ইয়াৰ সংগ্ৰাম আৰু সপোনৰ আত্মজীৱনী।
  • কয়েটিক মৃত্যু
  • একুশে ফেব্ৰুৱাৰী (১৯৭০)
  • তৃষ্ণা (১৯৬২)

গল্পসমগ্ৰ

  • সূৰ্যগ্ৰহণ প্ৰথম গল্পগ্ৰন্থ (১৩৬২ বঙ্গাব্দ)
  • 'সোনাৰ হৰিণ
  • "সময়েৰ প্ৰয়োজনে
  • একটি জিজ্ঞাসা
  • হাৰানো বলয়
  • বাঁধ
  • নয়াপত্তন
  • মহামৃত্যু
  • ভাঙাচোৰা
  • অপৰাধ
  • স্বীকৃতি
  • অতি পৰিচিত
  • ইচ্ছা অনিচ্ছা
  • জন্মান্তৰ
  • পোষ্টাৰ
  • ইচ্ছাৰ আগুণে জ্বলছি
  • কতকগুলো কুকুৰেৰ আৰ্তনাদ
  • কয়েকটি সংলাপ (১৯৭১)
  • দেমাক
  • ম্যাসাকাৰ
  • একুশেৰ গল্প

</div>

অন্যান্য ৰচনা

  • পাকিস্তানৰপৰা বাংলাদেশলৈ (প্ৰবন্ধ ), কলিকতাৰ পৰম্পৰাগত ‘পৰিচয়’ সাহিত্য আলোচনীৰ বাংলাদেশ সংখ্যাত প্ৰকাশিত (জুলাই ১৯৭১)।
  • অক্টোবৰ বিপ্লৱ আৰু ছোভিয়েট চলচ্চিত্ৰ (প্ৰবন্ধ ), ছোভিয়েট বিপ্লৱৰ ৫০বছৰীয়া জয়ন্তী উপলক্ষ্য্যে অক্টোবৰ সমাজবাদী বিপ্লৱ উদ্‌যাপন সমিতি (ঢাকা) 'তৰংগ'ৰ নবেম্বৰ, ১৯৬৭ স্মৃতিগ্ৰন্থত প্ৰকাশিত।
  • ওদেৰ জানিয়ে দাও (কবিতা)
  • জহিৰ ৰায়হানৰ ৰচনাৱলী ১ম খণ্ড
  • জহিৰ ৰায়হানৰ ৰচনাৱলী ২য় খণ্ড

সম্পাদনা

  • এক্সপ্ৰেস (ইংৰাজী সাপ্তাহিক)
  • প্ৰৱাহ (মাহেকীয়া বাংলা)

চলচ্চিত্ৰ

সহকাৰী পৰিচালক হিচাপে

  • জাগো হুয়া সাভেৰা (১৯৫৯),
  • এদেশ তোমাৰ আমাৰ (১৯৫৯),
  • নবাৰুণ (১৯৬০),
  • যে নদী মৰুপথে (১৯৬১),

পৰিচালক, প্ৰযোজক, লেখক আৰু চিত্ৰনাট্যকাৰ হিচাপে

বছৰচলচ্চিত্ৰভূমিকাভাষানোট
পৰিচালকপ্ৰযোজকচিত্ৰনাট্যলেখক
১৯৬১কখনো আসেনিবাংলাপৰিচালক হিচাপে প্ৰথম চলচ্চিত্ৰ
১৯৬২সোনাৰ কাজলবাংলাকলিম শৰাফী ৰ সৈতে যৌথ পৰিচালনাৰে নিৰ্মিত।
১৯৬৩কাচেৰ দেয়ালবাংলা
১৯৬৪সঙ্গমউৰ্দুসমগ্ৰ পাকিস্তান তথা বাংলাদেশেৰ চলচ্চিত্ৰেৰ ইতিহাসে নিৰ্মিত প্ৰথম ৰঙীন চলচ্চিত্ৰ।
১৯৬৫বাহানাউৰ্দুসমগ্ৰ পাকিস্তান তথা বাংলাদেশেৰ চলচ্চিত্ৰৰ ইতিহাসে নিৰ্মিত প্ৰথম চিনেমাস্কোপ চলচ্চিত্ৰ।
১৯৬৬বেহুলাবাংলা
১৯৬৭আনোয়াৰাবাংলা
১৯৬৮দুই ভাইবাংলা
১৯৬৮কুচবৰণ কন্যাবাংলা
১৯৬৮জুলেখাবাংলা
১৯৬৮সুয়োৰাণী-দুয়োৰাণীবাংলা
১৯৬৮সংসাৰবাংলা
১৯৬৯মনেৰ মত বউবাংলা
১৯৬৯শেষ পৰ্যন্তবাংলা
১৯৬৫একুশে ফেব্ৰুয়াৰিবাংলাঅপ্ৰকাশিত
১৯৭০জীৱন থেকে নেয়াবাংলা
১৯৭০টাকা আনা পাইবাংলা
১৯৭০লেট দেয়াৰ বি লাইটইংৰাজী, বাংলা, উৰ্দু, ৰুশঅসমাপ্ত। চলচ্চিত্ৰখন সমাপ্ত হোৱাৰ আগতে আগেই বাংলাদেশৰ স্বাধীনতা যুদ্ধ আৰম্ভ হয়।
১৯৭১জলতে সুৰজ কে নিচেউৰ্দু
১৯৭১ষ্টপ জেনোসাইডইংৰাজীতথ্যচিত্ৰ
১৯৭১বাৰ্থ অব আ নেশন / এ ষ্টেট ইজ বৰ্নইংৰাজীতথ্যচিত্ৰ
১৯৭১চিলড্ৰেন অব বাংলাদেশইংৰাজীতথ্যচিত্ৰ
১৯৭১সাৰেণ্ডাৰইংৰাজীতথ্যচিত্ৰ
১৯৭২প্ৰতিশোধবাংলা
১৯৭৩ধীৰে বহে মেঘনাবাংলামূল পৰিকল্পনা
২০০৫হাজাৰ বছৰ ধৰেবাংলা
২০১৪পোষ্টাৰবাংলাস্বল্পদৈৰ্ঘ্য চলচ্চিত্ৰ

তথ্যসূত্ৰ

  1. ↑ Siddiqua, Fayeka. (19 August 2024). A glimpse into Zahir Raihan's Films. The Daily Star
  2. ↑ bn:একুশে পদকপ্রাপ্ত সুধীবৃন্দ. Government of Bangladesh
  3. ↑ Independence Day Award. Government of Bangladesh
  4. ↑ Profiles of martyred intellectuals. The Daily Star
  5. ↑ Dhaka, UNB. (19 August 2021). Looking back at Zahir Raihan, the legend. The Independent

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশবাংলাদেশৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জহিৰ ৰায়হান” প্ৰবন্ধৰ সংশোধন ৬০৩৩৪৫ (২৮ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।