অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কবৰী

ছাৰা বেগম কবৰী (বা কবৰী চৰৱাৰ; জন্মːমীনা পাল; Kabori, ১৯ জুলাই ১৯৫০-১৭ এপ্ৰিল,২০২১) এগৰাকী বাংলাদেশী চলচ্চিত্ৰ অভিনেত্ৰী আৰু ৰাজনীতিবিদ। তেওঁৰ উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত আছে সুতৰাং, সাৰেং বৌ, আৱিৰ্ভাব, শত ভাই চম্পা, সুজন সখী আৰু লালন ফকীৰ। জীৱনৰ পিছৰ কালছোৱাত কবৰীয়ে ৰাজনীতিৰ লগত জড়িত হৈ পৰে।

হালনাগাদ: ৭ ফেব্ৰুৱাৰী ২০২৬ ১৫৮ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ছাৰা বেগম কবৰী (বা কবৰী চৰৱাৰ; জন্মːমীনা পাল; ১ Kabori, ১৯ জুলাই ১৯৫০-১৭ এপ্ৰিল,২০২১)২৩ এগৰাকী বাংলাদেশী চলচ্চিত্ৰ অভিনেত্ৰী৪ আৰু ৰাজনীতিবিদ।৫ তেওঁৰ উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত আছে সুতৰাং, সাৰেং বৌ, আৱিৰ্ভাব, শত ভাই চম্পা, সুজন সখী আৰু লালন ফকীৰ।৩ সাৰেং বৌ (১৯৭৮) ছবিত অভিনয় কৰি শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু ২০১৩ চনত জীৱনজোৰা কৃতিত্ব বঁটা লাভ কৰে।৬৭

জীৱনৰ পিছৰ কালছোৱাত কবৰীয়ে ৰাজনীতিৰ লগত জড়িত হৈ পৰে। ২০০৮ চনত নাৰায়ণগঞ্জ-৪ সমষ্টিৰ পৰা আৱামী লীগৰ এগৰাকী নেত্ৰী হিচাপে নিৰ্বাচিত হৈ সংসদৰ সদস্য হয় আৰু ২০১৪ চনলৈকে কাৰ্যনিৰ্বাহ কৰে।৮

প্ৰাৰম্ভিক জীৱন

কবৰীৰ জন্ম হৈছিল পাকিস্তানৰ পূৰ্ববংগৰ চিটাগং জিলাৰ বোৱালখালিত।২ তাতে তেওঁ অষ্টম শ্ৰেণীলৈকে পঢ়িছিল।৮ ভজন গায়ক তেওঁৰ পিতৃৰ নাম আছিল কৃষ্ণ দাস পাল আৰু মাকে ধৰ্মীয় পুথিৰ গীত-পদ গাইছিল। কবৰীৰ জন্ম সংস্কৃতিসম্পন্ন এটা পৰিয়ালত। তেওঁৰ ভায়েকসকলে নাচ আৰু গান জানিছিল আৰু তেওঁৰ এগৰাকী ভায়েকে তবলা বজাব পাৰিছিল।৯

অভিনয় আৰু অন্যান্য

১৩ বছৰ বয়সতে কবৰীয়ে চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। সুভাষ দত্তৰ পৰিচালনাত তেওঁৰ প্ৰথমখন ছবি সুতৰাং ১৯৬৪ চনত মুক্তি পায়।১০ সংগীত পৰিচালক সত্য সাহাৰ জৰিয়তে তেওঁ এই চৰিত্ৰটো লাভ কৰিছিল।৯ ১৯৬৮ চনত দত্তৰ অৱিৰ্ভাবৰ পিছৰ পৰা কবৰীয়ে অভিনেতা ৰাজ্জাকৰ সৈতে একেলগে ২০খনতকৈও অধিক ছবিত অভিনয় কৰিছিল; ছবিসমূহৰ ভিতৰত আছে, নীল আকাশেৰ নিচে (১৯৬৯), দীপ নিভে নাই (১৯৭০), আৰু ক-খ-গ-ঘ-উঙ (১৯৭০)।১১

১৯৭০ চনত কবৰীয়ে অভিনেতা ফাৰুকৰ সৈতে কেইবাখনো ছবিত অভিনয় কৰিছিল, বিশেষকৈ সুজন সখী আৰু সাৰেং বৌ।৩ তেওঁ বুলবুল আহমেদৰ সৈতে চাছি নাজৰুল ইছলামৰ দেৱদাস (১৯৮২) ছবিখনতো অভিনয় কৰিছিল।৩ ১৯৭৩ চনত ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা ঋত্বিক ঘটকৰ তিতাশ একটি নদীৰ নাম ছবিত অভিনয় কৰিছিল।৩ তদুপৰি তেওঁ সহ অভিনেতা ৰহমানৰ সৈতে জাহিৰ ৰাইহানৰ এখন উৰ্দু ছবি বাহানাত অভিনয় কৰিছিল।৩ এইসকলৰ উপৰি তেওঁ আলমগীৰ, সোহেল ৰানা, উজ্জ্বল, ৱাছিম, খান আতাউৰ ৰহমান, গোলাম মুস্তাফা, আনোৱাৰ হোছেইন, এ.টি.এম. শ্বামছুজ্জামান আদি অভিনেতাৰ সৈতে অভিনয় কৰিছিল।৩

তেওঁ ছবি পৰিচলনাতো হাত দিছিল আৰু ২০০৬ চনত আয়না নামৰ ছবিখন পৰিচালনা কৰিছিল।১২

আন এক কৃতিত্ব হিচাপে কবৰীয়ে "শ্ৰীতিতুকু থাক" শীৰ্ষক এখন গ্ৰন্থ ৰচনা কৰিছিল।৩

ৰাজনৈতিক জীৱন

২০০৮ চনত নাৰায়ণগঞ্জ-৪ৰ পৰা বাংলাদেশৰ ৰাষ্ট্ৰীয় সংসদলৈ নৱম বাংলাদেশ সংসদৰ সদস্য হিচাপে কবৰী নিৰ্বাচিত হয়। ১৯৭১ চনৰ মুক্তিযুদ্ধৰ সময়ত তেওঁ স্বাধীনতা সংগ্ৰামীসকলক সহায় কৰিবলৈ ৰক্তদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল।৫ যুদ্ধৰ সময়ত তেওঁ ভাৰতলৈ পলায়ন কৰিছিল আৰু মুম্বাইত "জয় বাংলাদেশ" নামৰ এখন ছবিৰ কাম কৰিছিল।৩

ব্যক্তিগত জীৱন

কবৰীয়ে প্ৰথমে চিত্ত চৌধুৰীক বিয়া কৰাইছিল।১৩ চিত্ত চৌধুৰীৰ সৈতে বিবাহ বিচ্ছেদ হয় আৰু তাৰপিছত তেওঁ ১৯৭৮ চনত শ্বাফিউদ্দিন সৰৱাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। সৰৱাৰ ৰাজনীতিবিদ ছামিম ওছমানৰ এজন সম্পৰ্কীয় খুৰাক।১৩ ২০০৮ চনত এই দম্পতীহালৰ বিবাহ বিচ্ছেদ হয়।১৩১৪ কবৰীৰ পাঁচজন পুত্ৰ আছিল।৫

মৃত্যু

কবৰীৰ শৰীৰত ক'ভিড-১৯ পজিটিভ পোৱাৰ পিছত তেওঁক প্ৰথমে কুৰমিতোলা জেনেৰেল হস্পিতালত ভৰ্তি কৰা হয় আৰু পিছলৈ, শ্বেখ ৰাছেল নেচনেল গেষ্ট্ৰ'লিভাৰ ইনষ্টিটিউট এণ্ড হস্পিতালৰ আই চি ইউলৈ স্থানান্তৰ কৰা হয়, আৰু তাতেই ২০২১ চনৰ ১৭ এপ্ৰিলত তেওঁৰ মৃত্যু হয়।১৫৩ ২০১৯ চনৰ পৰা তেওঁ এই তুমি সেই তুমি নামৰ এখন ছবিৰ কাম কৰি আছিল।১৬

তথ্যসূত্ৰ

  1. ↑ Afsar Ahmed. (6 May 2005). Tit Bits – The celebrity name game. The Daily Star
  2. ↑ আৰ্কাইভ কপি. BD Times 71
  3. ↑ (17 April 2021). Silver screen legend Kabori no more. The Daily Star
  4. ↑ (17 April 2021). Actress Kabori dies of Covid-19. The Business Standard
  5. ↑ (23 November 2008). Political career spells divorce for Bangladeshi actress. asiaone news
  6. ↑ জাতীয় চলচ্চিত্ৰ পুৰস্কাৰ প্ৰাপ্তদেৰ নামেৰ তালিকা (১৯৭৫-২০১২). Government of Bangladesh. Bangladesh Film Development Corporation
  7. ↑ (10 March 2015). Film Mrittika Maya wins national award 2013. The Daily Star
  8. ↑ Constituency 207. Bangladesh Parliament
  9. ↑ (17 November 2018). Muniments of my life
  10. ↑ (4 June 2014). আৰ্কাইভ কপি. Prothom Alo
  11. ↑ Kabori honoured..
  12. ↑ (27 February 2015). Heroine searching for heroine. Prothom Alo
  13. ↑ (20 November 2008). Actress Kabori divorced. The Daily Star
  14. ↑ Entry into politics sours Kabari's marriage. Gulf News
  15. ↑ (17 April 2021). Veteran actress Kabori passes away. Dhaka Tribune
  16. ↑ (17 April 2021). "I feel very proud to have been born in Bangladesh" - Kabori. The Daily Star

সম্পৰ্কিত শ্ৰেণী

বঙালী চলচ্চিত্ৰৰ অভিনেত্ৰীবাংলাদেশৰ ব্যক্তিক'ভিড-১৯ বৈশ্বিক মহামাৰীত মৃত্যু হোৱা ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কবৰী” প্ৰবন্ধৰ সংশোধন ৫৭৫০৩৬ (৭ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।