সুমিতা দেৱী (জন্ম: ২ ফেব্ৰুৱাৰী, ১৯৩৬ - মৃত্যু: ৬ জানুৱাৰী, ২০০৪) বাংলাদেশৰ প্ৰথিতযশা চলচ্চিত্ৰ শিল্পী আৰু বাংলাদেশ টেলিভিচন জনপ্ৰিয় অভিনেত্ৰী আছিল।১ বৰ্তমান বাংলাদেশৰ (তৎকালীন ব্ৰিটিছ ভাৰতৰ) মানিকগঞ্জ জিলাত তেওঁৰ জন্ম হয়।১ প্ৰকৃত নাম হেনা ভট্টাচাৰ্য্য। চলচ্চিত্ৰকাৰ ফতেহ লোহানী আছিয়া ছবিত হেনা নাম সলনি কৰি সুমিতা দেৱী ৰাখিছিল। ধৰ্মান্তৰিত হৈ তেওঁৰ নতুন নামকৰণ হয় নিলুফাৰ বেগম। খ্যাতিমান চলচ্চিত্ৰ পৰিচালক জহিৰ ৰায়হান আছিল তেওঁৰ স্বামী।১২
ব্যক্তিগত জীৱন
সুমিতা দেৱী ব্ৰাহ্মণ পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল। তেতিয়া তেওঁৰ নাম আছিল হেনা ভট্টাচাৰ্য্য। অমূল্য লাহিড়ী নামৰ এজন ব্যক্তিৰ লগত তেওঁৰ বিবাহ হ'লেও পৰবৰ্তীকালত সিহঁতৰ মাজত বিবাহ-বিচ্ছেদ ঘটে। পৰবৰ্তীত চলচ্চিত্ৰ জগতত প্ৰৱেশৰ পিছত বাংলাদেশৰ চলচ্চিত্ৰ জগতৰ অন্যতম পথিকৃৎ আৰু প্ৰখ্যাত বুদ্ধিজীৱী জহিৰ ৰায়হানৰ লগত পৰিচিত হয়। সুমিতা দেৱী পৰবৰ্তীকালত ধৰ্মান্তৰিত হয় আৰু তেওঁৰ নতুন নামকৰণ হয় নিলুফাৰ বেগম। ১৯৬১ চনত তেওঁ জহিৰ ৰায়হানৰ লগত বিবাহ বন্ধনত আবদ্ধ হয়। সিহঁতৰ সংসাৰত দুজন পুত্ৰ সন্তান আছে। অনল ৰায়হান তাৰেই এজন।৩ বিশিষ্ট চলচ্চিত্ৰকাৰ ফতেহ লোহানী কৰ্তৃক “আছিয়া” ছবিত নাম সলনি কৰি সুমিতা দেৱী ৰখা হৈছিল। বিবাহৰ পিছতো চলচ্চিত্ৰ শিল্পত আগৰ সুমিতা দেৱী নাম লৈয়েই পৰিচিত আছিল। সুমিতা দেৱী বাংলাদেশ মহান স্বাধীনতা যুদ্ধত স্বাধীন বঙালী বেতাৰ কেন্দ্ৰৰ একজন সক্ৰীয় কৰ্মী আছিল।
২০০০ চনত তেওঁ আশিক মোস্তফা পৰিচালিত স্বল্পদৈৰ্ঘ্য চলচ্চিত্ৰ ফুলকুমাৰ ছবিত সৰ্বশেষ অভিনয় কৰিছিল।২৪
চলচ্চিত্ৰত অংশগ্ৰহণ
১৯৫০ দশকৰ শেষ ভাগত সুমিতা দেৱী ঢাকাৰ চলচ্চিত্ৰ উদ্যোগ বা ঢালিউডৰ অন্যতম নায়িকা আছিল।৪ তেওঁৰ আছিয়া ছবিৰ মাধ্যমত চলচ্চিত্ৰ জীৱনৰ শুভ সূচনা ঘটে। তাৰ পিছৰ ছবি আছিল আকাশ আৰ মাটি। উভয় ছবিৰ পৰিচালক আছিল ফতেহ লোহানী। সুমিতা দেৱীৰ উক্ত ছবিৰ নাম ভূমিকায় অসামান্য অভিনয় কৰি চিৰস্মৰণীয় হৈ আছে। আছিয়া ছবিটো ১৯৬০ চনৰ শ্ৰেষ্ঠ বঙলা চলচ্চিত্ৰ হিচাপে প্ৰেচিডেণ্ট পদক লাভ কৰিছিল।
সুমিতা দেৱী তেওঁৰ চলচ্চিত্ৰ জীৱনত প্ৰায় চল্লিছ বছৰ সময় অতিবাহিত কৰিছিল। নায়িকাৰ প্ৰধান চৰিত্ৰত অভিনীত চলচ্চিত্ৰৰ সংখ্যা প্ৰায় পঞ্চাচটা। তেওঁ বঙালী ছবিৰ লগতে ভালেমান উৰ্দু ভাষাৰ ছবিতো অভিনয় কৰিছিল। ইয়াৰ উপৰিও, শতাধিক চলচ্চিত্ৰত সহ-নায়িকা বা পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰিছে। স্মৰণীয় চলচ্চিত্ৰ হিচাপে সুমিতা দেৱী এ দেশ তোমাৰ আমাৰ ছবিতত অভিনয় কৰিছে। ছবিটো ১৯৫৯ চনৰ যিটো আছিয়া ছবিৰ আগত মুক্তি পায়। তেওঁৰ অভিনীত উল্লেখযোগ্য চলচ্চিত্ৰবোৰ কখনো আসেনি৫, সোনাৰ কাজল৬, কাঁচেৰ দেৱাল, এই তো জীৱন, দুই দিগন্ত, বেহুলা, আগুন নিয়ে খেলা, অভিশাপ, ওৰা ১১ জন, ৭সুজন সখী,৮ আমাৰ জন্মভূমি ইত্যাদি।
তেওঁৰ দীৰ্ঘ অভিনয় জীৱনত বাংলাদেশ বেতাৰ (সাবেক ৰেডিঅ বাংলাদেশ), বাংলাদেশ টেলিভিচন আৰু মঞ্চ নাটকো সমান অনুসাৰে অংশগ্ৰহণ কৰিছে। চলচ্চিত্ৰ নিৰ্মাতা হিচাপে সুমিতা দেৱী ৫টা চলচ্চিত্ৰ পৰিচালনা কৰিছে। সেইবিলাক হ'ল - আগুন নিয়ে খেলা, মোমেৰ আলো, মায়াৰ সংসাৰ, আদৰ্শ ছাপাখানা আৰু নতুন প্ৰভাত।
চলচ্চিত্ৰৰ তালিকা
| +অভিনীত চলচ্চিত্ৰসমূহ | ক্ৰমিক নং | চলচ্চিত্ৰ | অভিনয়ত | পৰিচালক | মুক্তিৰ তাৰিখ |
| ১। | এ দেশ তোমাৰ আমাৰ | আনিস, সুমিতা দেৱী | এহতেশাম | ১ জানুৱাৰী, ১৯৫৯ | |
| ২। | আকাশ আৰ মাটি | আমিন, প্ৰবীৰ কুমাৰ, সুমিতা দেৱী | ফতেহ লোহানী | ২৪ জুলাই, ১৯৫৯ | |
| ৩। | মাটিৰ পাহাড় | সুমিতা দেৱী | ১৯৫৯ | ||
| ৪। | আছিয়া | শহীদ, সুমিতা দেৱী | ফতেহ লোহানী | ১৯৬০ | |
| ৫। | কখনো আসেনি৫ | আনিস, সুমিতা দেৱী | জহিৰ ৰায়হান | ২৪ নভেম্বৰ, ১৯৬১ | |
| ৬। | সোনাৰ কাজল৬ | খলিল, সুমিতা দেৱী | ১৯৬২ | ||
| ৭। | সঙ্গম (ঊৰ্দু) | খলিল, সুমিতা দেৱী | জহিৰ ৰায়হান | ১৯৬৩ | |
| ৮। | কাচেৰ দেৱাল | আনোৱাৰ হোসেন, সুমিতা দেৱী | ১৯৬৩ | ||
| ৯। | দুই দিগন্ত | আনোৱাৰ হোসেন, সুমিতা দেৱী | ১৯৬৪ | ||
| ১০। | ধূপ ছাঁও (ঊৰ্দু) | এজাজ, সুমিতা দেৱী | ১৯৬৪ | ||
| ১১। | এই তো জীৱন | ৰহমান, সুমিতা দেৱী | ১৯৬৪ | ||
| ১২। | বেহুলা | সুমিতা দেৱী | জহিৰ ৰায়হান | ১৯৬৬ | |
| ১৩। | অভিশাপ | সুমিতা দেৱী | ১৯৬৭ | ||
| ১৪। | আগুন নিয়ে খেলা | সুমিতা দেৱী | ১৯৬৭ | ||
| ১৫। | অশান্ত প্ৰেম | হায়দাৰ শফী, সুমিতা দেৱী | ১৯৬৮ | ||
| ১৬। | জনম জনম কি পিয়াসি | সুমিতা দেৱী | ১৯৬৮ | ||
| ১৭। | আমাৰ জন্মভূমি | সুমিতা দেৱী | আলমগীৰ কুমকুম | ১৯৭৩ | |
| ১৮। | ওৰা ১১ জন৭ | সুমিতা দেৱী | চাষী নজৰুল ছলাম | ১৯৭২ | |
| ১৯। | সুজন সখী৮ | সুমিতা দেৱী | খান আতাউৰ ৰহমান | ১৯৭৬ | |
| ২০। | চিত্ৰা নদীৰ পাৰে | সুমিতা দেৱী | তানভীৰ মোকাম্মেল | ১৯৯৯ | |
| ২১। | ফুলকুমাৰ (স্বল্পদৈৰ্ঘ্য) | সুমিতা দেৱী | আশিক মোস্তফা | ২০০২ |
সাফল্য
| +সম্মান আৰু পুৰস্কাৰ | ক্ৰমিক নং | বিৱৰণ | চন |
| ১। | পাকিস্তানৰ সমালোচক পুৰস্কাৰ | ১৯৬২ | |
| ২। | নিগাৰ পুৰস্কাৰ (কাচেৰ দেৱাল) | ১৯৬৩ | |
| ৩। | বাংলাদেশ চলচ্চিত্ৰ সাংবাদিক সমিতি পুৰস্কাৰ | ||
| ৪। | বাংলাদেশ টেলিভিচন ৰিপোৰ্টাৰ সমিতি পুৰস্কাৰ | ||
| ৫। | আগৰতলা মুক্তিযোদ্ধা পুৰস্কাৰ | ২০০২ | |
| ৬। | জনকণ্ঠ গুণীজন আৰু প্ৰতিভা সম্মাননা | ২০০২ | |
| ৭। | চলচ্চিত্ৰম ফিল্ম চ'চাইটি পুৰস্কাৰ | ২০০২ |
মৃত্যু
সুমিতা দেৱী ৬ জানুৱাৰী, ২০০৪ চনত মৃত্যুবৰণ কৰে। মিৰপুৰ শহীদ বুদ্ধজীবী কবৰস্থানত তেওঁক ৰাষ্ট্ৰীয় মৰ্যাদাত দাফন কৰা হয়।
বহিঃসংযোগ
- ইণ্টাৰনেট মুভি ডাটাবেজত সুমিতা দেৱী
- নীৰবেই পেৰিয়ে গেলো জহিৰ ৰায়হানৰ অৰ্ন্তধান দিৱস
- কখনো আসেনি: কখনো আসে নাই
- কিংবদন্তি: ফাৰ্স্ট লেডি সুমিতা দেৱী
তথ্যসূত্ৰ
- ↑ Sumita Devi Biography IMDb
- ↑ Sumita Devi - Bio, Facts, Family সংগ্ৰহ ১৫ ফেব্ৰুৱাৰী ২০২০
- ↑ সুমিতা দেৱী'ৰ সন্তান অনল ৰায়হান
- ↑ Sumita Devi - Timeline Feature
- ↑ বঙালী মুভি ডেটাভেজ সংগ্ৰহ: ফেব্ৰুৱাৰী ১৫, ২০২০
- ↑ বঙালী মুভি ডেটাভেজ সংগ্ৰহ: ফেব্ৰুৱাৰী ১৫, ২০২০
- ↑ ওৰা ১১ জন, ডেটা ভেজ সংগ্ৰহ: ফেব্ৰুৱাৰী ১৫, ২০২০
- ↑ সুজন সখী
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুমিতা দেৱী” প্ৰবন্ধৰ সংশোধন ৩৮৩১৬০ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।