অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তাহমিমা আনাম

তাহমিমা আনাম (তাহমিমা আনাম; জন্ম: ৮ অক্টোবৰ, ১৯৭৫) বাংলাদেশত জন্ম গ্ৰহণ কৰা এগৰাকী ব্ৰিটিছ লেখক, ঔপন্যাসিক আৰু প্ৰাৱন্ধিক। আ গ’ল্ডেন এইজ তেওঁৰ প্ৰথমখন উপন্যাস। কিতাপখন ২০০৭ চনত প্ৰকাশ হৈছিল আৰু ২০০৮ চনত শ্ৰেষ্ঠ প্ৰথম কিতাপৰ ‘কমনৱেলথ ৰাইটাৰ্ছ প্ৰাইজ’ লাভ কৰিছিল।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩৯৮ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

তাহমিমা আনাম (তাহমিমা আনাম; জন্ম: ৮ অক্টোবৰ, ১৯৭৫) বাংলাদেশত জন্ম গ্ৰহণ কৰা এগৰাকী ব্ৰিটিছ লেখক, ঔপন্যাসিক আৰু প্ৰাৱন্ধিক। আ গ’ল্ডেন এইজ তেওঁৰ প্ৰথমখন উপন্যাস। কিতাপখন ২০০৭ চনত প্ৰকাশ হৈছিল আৰু ২০০৮ চনত শ্ৰেষ্ঠ প্ৰথম কিতাপৰ ‘কমনৱেলথ ৰাইটাৰ্ছ প্ৰাইজ’ লাভ কৰিছিল। তেওঁৰ দ্য গুড মুছলিম উপন্যাসখনে ‘মেন এছিয়ান লিটাৰেৰী প্ৰাইজ’ৰ বাবে মনোনয়ন লাভ কৰিছিল।১ তাহমিমা আনাম আবুল মনচুৰ আহমেদৰ নাতি আৰু মহফুজ আনামৰ জীয়ৰী।

প্ৰাৰম্ভিক জীৱন

১৯৭৫ চনৰ ৮ অক্টোবৰ তাৰিখে বাংলাদেশৰ ঢাকাত তাহমিমাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল মহফুজ আনাম আৰু মাতৃ শ্বাহীন আনাম। মাক-দেউতাকে ইউনেস্ক’ৰ কৰ্মচাৰী ৰূপে চাকৰিত যোগদান কৰাৰ বাবে ২ বছৰ বয়সৰপৰা আনাম পেৰিছত থাকিবলৈ লয়। দেউতাকে মুক্তি যুদ্ধত অংশ লোৱাৰ পিছৰে পৰা পৰিয়ালৰপৰা ‘বাংলাদেশ মুক্তি যুদ্ধ’ৰ কাহিনী শুনি শুনি, পেৰিছ, নিউয়ৰ্ক আৰু বেংককত আনাম ডাঙৰ-দীঘল হয়৷২৩৪৫

শিক্ষা

২০০৫ চনত, ১৭ বছৰ বয়সত তাহমিমাই তেওঁৰ গৱেষণাপত্ৰ "Fixing the Past: War, Violence, and Habitations of Memory in Post-Independence Bangladesh."৬ ৰ বাবে মাউণ্ট হ’লয়ক কলেজৰপৰা এটি বৃত্তি লাভ কৰিছিল। এই কলেজৰপৰাই ১৯৯৭ চনত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰিছিল। ৪৭হাভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা নৃতত্ব (এন্থ’পলজী)ত তেওঁ পি এইচ ডি ডিগ্ৰী অৰ্জন কৰিছে। পিছত, লণ্ডন বিশ্ববিদ্যালয়ৰ ৰ’য়েল হ’ল’ৱে কলেজপৰা তাহমিমাই সৃজনীশীল সাহিত্যত স্নাত্তকোত্তৰ ডিগ্ৰী লাভ কৰে। ৭২

কৰ্মজীৱন

২০০৭ চনৰ মাৰ্চ মাহত, তাহমিমাৰ প্ৰথমখন উপন্যাস আ গ’ল্ডেন এইজ ‘জন মাৰি’ প্ৰকাশনে প্ৰকাশ কৰে। আনামৰ মাক-দেউতাক দুয়োজনেই মুক্তি যোদ্ধা আছিল আৰু তেওঁলোকৰ দ্বাৰা প্ৰভাৱিত হৈ বাংলাদেশ মুক্তি যুদ্ধৰ আলমত আনামে উপন্যাসখন লিখি উলিয়াইছিল। ৮স্নাতকোত্তৰৰ পঢ়া-শুনাৰ সময়ত, এই যুদ্ধক লৈ আনামে গৱেষণাও কৰিছিল আৰু গৱেষণাৰ সুবিধাৰ বাবে তেওঁ দুটাকৈ বছৰ বাংলাদেশত থাকি লোৱাৰ উপৰিও প্ৰায় ১০০ জন মুক্তি-যুঁজাৰুৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল। যুদ্ধৰ পটভূমিক চিত্ৰিত কৰা তাৰেক মাসুদ আৰু ক্যথেৰিন মাসুদৰ এখন চিনেমাৰ চেটতো তাহমিমাই কাম কৰিছিল। চিনেমাখনে সমালোচকৰ প্ৰশংসা লাভ কৰিছিল।।৯

২০১১ চনত দ্য গুড মুছলিম নামে আ গ’ল্ডেন এইজ উপন্যাসৰ এটি চিক্যুৱেল প্ৰকাশ পায় আৰু ‘মেন এছিয়ান লিটাৰেৰী প্ৰাইজ’ৰ বাবে মনোনয়ন লাভ কৰে। ২০১৫ চনত তাহমিমাৰ চুটি-গল্প গাৰমেণ্টচ্‌ প্ৰকাশ পায় আৰু ই ‘অ’ হেনৰী বঁটা’ লাভ কৰে।১০১১আৰু ‘বিবিচি নেচনেল চ’ৰ্ট ষ্টৰি এৱাৰ্ড’ৰ তালিকাভুক্ত হয়। ১২একে বছৰতে তেওঁ আন্তঃৰাষ্ট্ৰীয় মেন বুকাৰ বঁটাৰ বিচাৰকৰ আসন শুৱনি কৰে।১৩

২০১৬ চনত, হাৰ্পাৰ কলিন্সে তেওঁৰ উপন্যাস দ্য বনচ্‌ অৱ গ্ৰেচ প্ৰকাশ কৰে।১৪পিছৰ বৰ্ষত তেওঁ ‘ৰয়েল চ’ছাইটি অৱ লিটাৰেচাৰ’ৰ ফেল’ হিচাপে নিৰ্বাচিত হয়। ১৫১৬আনামে বাংলাদেশ আৰু ইয়াৰ বিভিন্ন বৰ্দ্ধিত সমস্যা সম্পৰ্কে প্ৰৱন্ধ লিখে আৰু তেওঁৰ প্ৰৱন্ধসমূহ ‘দ্য নিউয়ৰ্ক টাইমছ’, ‘দ্য গাৰ্ডিয়েন’ আৰু ‘দ্য ষ্টেটচম্যান’ আদিত প্ৰকাশ হয়। ১৭১৮১৯

২০২১ চনত, তেওঁৰ নৱতম উপন্যাস দ্য ষ্টাৰ্টাপ ৱাইফ প্ৰকাশ পায় আৰু কিতাপখনে সৰ্ব্বশ্ৰেষ্ঠ কিতাপৰ সন্মান লাভ কৰে।২০

ব্যক্তিগত জীৱন

আনামৰ প্ৰথমজন স্বামী আছিল এগৰাকী বাংলাদেশী মাৰ্কেটিং এক্সিকিউটিভ। ২০১০ চনত তেওঁ আমেৰিকান আৱিষ্কাৰক ৰোলেণ্ড অ’ লেম্বৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। হাভাৰ্ডত দুয়োজনৰে চিনা-পৰিচয় হৈছিল। তেওঁলোক ৰুমি নামৰ এটি পুত্ৰ সন্তানৰ অধিকাৰী।১৪২১

গ্ৰন্থপঞ্জী

উপন্যাস

  • আ গ’ল্ডেন এইজ
  • দ্য গুড মুছলিম
  • দ্য ব’নচ্‌ অৱ গ্ৰেচ
  • দ্য ষ্টাৰ্টাপ ৱাইফ

গল্প গ্ৰন্থ

  • চেভিং দি ৱৰ্ল্ড
  • আনৱাৰ গেটচ্‌ এভ্ৰিথিং
  • ফ্ৰী-মেনচ্‌

তথ্যসূত্ৰ

  1. ↑ (January 2012). Women – Welcome to British Bangladeshi Power 100. British Bangladeshi Power 100
  2. ↑ Tahmima Anam lifts the veil on Bangladesh's ugly truths. The Times
  3. ↑ Bergquist, Karin. (2007). Mahfuz Anam. Culturebase Outspoken editor from Bangladesh
  4. ↑ Tahmima Anam: ‘I have a complicated relationship with Bangladesh’ The Guardian
  5. ↑ A Daughter of Bangladeshi Revolutionaries Makes Sense of Life After War. The New Yorker
  6. ↑ A Postmodern Youth Harvard Magazine
  7. ↑ Tahmima Anam '97 Makes Granta's "Best of Young British Novelists" List. Mount Holyoke College
  8. ↑ Bookseller report on Tahmima Anam
  9. ↑ (13 January 2007). The outsider. Prothom Alo
  10. ↑ Tahmima Anam Wins O Henry Award The Daily Star
  11. ↑ The O. Henry Prize Stories 2017 - Winning Stories O. Henry Prize
  12. ↑ BBC National Short Story Award BBC Radio 4
  13. ↑ The Man Booker International Prize 2016: Judging Panel Announced The Man Booker Prize
  14. ↑ Tahmima Anam Completes Her 'Bangladesh Trilogy' with The Bones of Grace. The Telegraph
  15. ↑ Natasha Onwuemezi, "Rankin, McDermid and Levy named new RSL fellows", The Bookseller, 7 June 2017
  16. ↑ Current RSL Fellows. Royal Society of Literature
  17. ↑ A Burst of Energy in Bangladesh. The New York Times
  18. ↑ Is Bangladesh turning fundamentalist?' – and other questions I no longer wish to answer. The Guardian
  19. ↑ Bangladesh: Give me back my country. New Statesman
  20. ↑ Anam, Tahmima. (2021-06-03). The Startup Wife
  21. ↑ Hong, Terry. (July 2011). An Interview with Tahmima Anam. Bookslut

সম্পৰ্কিত শ্ৰেণী

সাহিত্যিকবাংলাদেশৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তাহমিমা আনাম” প্ৰবন্ধৰ সংশোধন ৩৮১২৪৩ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।