দেৱদাস ১৯২৮ চনত মুক্তি পোৱা এখন বাংলা নিৰ্বাক চলচ্চিত্ৰ। শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ দেৱদাস উপন্যাসৰ আধাৰত নিৰ্মিত আৰু নৰেশ মিত্ৰৰ পৰিচালনাত নিৰ্মিত এই ছবিখন দেৱদাস উপন্যাসৰ প্ৰথমখন চলচ্চিত্ৰ অভিযোজন। পৰিচালক নৰেশ মিত্ৰয়ো এই ছবিখনত অভিনয় কৰিছিল। ইয়াৰ চিত্ৰগ্ৰহণকাৰী আছিল নীতিন বোস। ব্ৰিটিছ ভাৰতৰ কলকাতাত এই ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছিল।১
অভিনেতা-অভিনেত্ৰী
- ফণী বৰ্মা - দেৱদাস
- তাৰকবালা - পাৰ্বতী (পাৰো)
- পাৰুলবালা - চন্দ্ৰমুখী
সংক্ষিপ্ত কাহিনী
দেৱদাস মুখাৰ্জী বঙালী ব্ৰাহ্মণ জমিদাৰৰ পুত্ৰ। পাৰো বা পাৰ্ব্বতী মধ্যবিত্ত বঙালী পৰিয়ালৰ কন্যা। বঙ্গদেশৰ তালচোনাপুৰ গাঁৱত দুয়ো পৰিয়াল ওচৰ-চুবুৰীয়া। সৰু কালৰ পৰাই দেৱদাস আৰু পাৰো অন্তৰঙ্গ বন্ধু যি পৰবৰ্তী সময়ত প্ৰেমৰ সম্পৰ্কত পৰিণত হয়। বয়সৰ তুলনাত দেৱদাস ডাঙৰ আৰু পাৰো সৰু। বিদ্যালয়ত লিখাপৰাৰ পৰা আৰম্ভ কৰি পুখুৰীত মাছমাৰা সকলো কাম একেলগে কৰিছিল। উন্নত শিক্ষাৰ বাবে দেৱদাস কলকাতাত গমন কৰে। কিছু বছৰ পিছত দেৱদাস নিজ গাঁৱত উভতি আহে। উভতি আহি দেৱদাস অনুভব কৰে যে সৰুকালৰ বন্ধুত্ব বৰ্তমানদিনত প্ৰেমৰ সম্পৰ্কত পৰিনত হৈছে। পাৰোৰ মা দেৱদাসৰ মা হৰিমতিক বিবাহ প্ৰস্তাব দিছিলে যদিও ওচৰ-চুবুৰীয়াৰ লগত বিবাহ সম্পৰ্ক স্থাপন কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰে। পাৰোৰ পৰিয়ালৰ পৰম্পৰানুসাৰে পাত্ৰৰ ঘৰৰ পৰা পণ লোৱা প্ৰথা বহু আগৰ পৰা চলি আহিছিল। সেয়েহে দেৱদাসৰ পৰিয়াল পাৰোক কিনা-বেচা কৰা নিম্ন পৰিয়ালৰ কন্যা বিবেচনা কৰি বিবাহত অসন্মতি প্ৰকাশ কৰে। এই যুক্তিত পাৰ্বতীৰ পিতা নীলকণ্ঠ চক্ৰবৰ্তী অপমানিত বোধ কৰি জমিদাৰৰ ঘৰত পাৰ্বতীৰ বিবাহ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। পাৰ্বতী এদিন নিশাত দেৱদাসক প্ৰেম নিবেদন কৰি নিজক গ্ৰহণ কৰিবলৈ অনুৰোধ কৰে যদিও দেৱদাসৰ পিতা এই অনুৰোধ প্ৰত্যাখান কৰে। বিভ্ৰান্ত দেৱদাস কলকাতাত পলাইগৈ পাৰ্বতীক চিঠি প্ৰেৰণ কৰি জনায় যে তেওঁৰ এই সম্পৰ্ক চলাবলৈ ইচ্ছা নাই। দেৱদাসৰ কাপুৰুষতাক ধিক্কাৰ জনাই পাৰ্বতী হাতিপোতা গাঁৱৰ ভুবন চৌধুৰী নামৰ জমিদাৰৰ লগত বিবাহৰ বাবে ৰাজি হয়।
কলকাতাত চুন্নিলালৰ সৈতে দেৱদাসৰ মিত্ৰতা হয়। চুন্নিলালৰ মাধ্যমত চন্দ্ৰমুখী নামৰ বেশ্যাৰ লগত দেৱদাসৰ পৰিচয় হয়। তেওঁ দেৱদাসক ভাল পায় যদিও দেৱদাস ঘৃণা কৰিছিল। হতাশাগ্ৰস্ত দেৱদাস সুৰাপান কৰাৰ ফলত অসুস্থ হৈ পৰে। চন্দ্ৰমুখী প্ৰতিদিন সেৱা কৰিছিল যদিও দেৱদাসৰ স্বাস্থ্যৰ চৰম অবনতি ঘটে। মৃত্যু সন্নিকট অনুভব কৰি দেৱদাস শেষবাৰ পাৰোৰ লগত সাক্ষাৎৰ বাবে হাতিপোতা গাঁও অভিমুখে যাত্ৰা কৰে। পাৰোৰ গৃহৰ সম্মুখত উপস্থিত হোৱাৰ লগে লগে দেৱদাসৰ মৃত্যু হয়।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Guy, Randor. (31 May 2002). The immortal lover. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেৱদাস (১৯২৮ চনৰ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫৭৫৫৫৮ (৮ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।