ফাগুন হাৱাই (Fagun Haway/In Spring breeze) ২০১৯ চনত মুক্তিপ্ৰাপ্ত, তৌকীৰ আহমেদ পৰিচালিত এখন ইতিহাসধৰ্মী বাংলাদেশী চলচ্চিত্ৰ। ছবিখন টিটো ৰহমানে ৰচনা কৰা বঙালী ভাষা আন্দোলনৰ পটভূমিত লিখা বৌ কথা কও নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত।১২ ইম্প্ৰেছ টেলিফিল্ম লিমিটেডৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে ফৰিদুৰ ৰেজা সাগৰে আৰু পৰিবেশনা কৰিছে অভি কথাচিত্ৰই। শ্ৰেষ্ঠাংশত আছে যশপাল শৰ্মা, নুচৰাত ইমৰোজ তিছা, ছিয়াম আহমেদ, আবুল হায়াত, ছাহিদুল আলম সাচ্চু আৰু ফজলুৰ ৰহমান বাবু। এইখন তৌকিৰ আহমেদ পৰিচালিত ষষ্ঠখন ছবি, যি ২০১৯-ৰ ফেব্ৰুৱাৰীত দেশখনৰ একেলগে ৫২টা চিত্ৰগৃহত মুক্তি পাইছিল।১৩৪
বাংলাদেশ ফেডাৰেচন অফ ফিল্ম চ'চাইটিজে (BFFS) ৯২ তম একাডেমী বঁটাৰ শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় কাহিনী চলচ্চিত্ৰ শিতানৰ বাবে এই ছবিখন মনোনীত কৰে।৫ ফৰিদুৰ ৰেজা সাগৰৰ ফাগুন হাৱাই আৰু ষ্টাৰ চিনেপ্লেক্সৰ ন ডৰাই শীৰ্ষক ছবি দুখনে যুটীয়াভাৱে ২০১৯ ৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।৬
কাহিনীৰ সাৰাংশ
ছবিৰ কাহিনীভাগ ১৯৫২ চনত পূব পাকিস্তানত (বৰ্তমানৰ বাংলাদেশ) সংঘটিত হোৱা বঙালী ভাষা আন্দোলনৰ আধাৰত গঢ় লৈছে। পশ্চিম পাকিস্তানতকৈ পূব পাকিস্তানৰ জনসংখ্যা অধিক। অথচ উৰ্দুভাষীসকলৰ প্ৰভুত্ব থকা পাকিস্তান চৰকাৰে বলপূৰ্বক পূব পাকিস্তানৰ বঙালীভাষী জনগণৰ ওপৰত উৰ্দুভাষা জাপি দিব বিচাৰিছে। চৰকাৰৰ এই্ অন্যায় সিদ্ধান্তত পূব পাকিস্তানৰ বঙালী জনগণে তীব্ৰ বিৰোধ কৰি যদিও বঙালীভাষী বহুতো ব্যৱসায়ী, মোল্লা-মৌলৱী আৰু মুছলিম লীগে নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে চৰকাৰক সমৰ্থন জনায়। অতি কম মূল্যৰ বিনিময়ত ভূ-সম্পত্তি দখল কৰাৰ উদ্দেশ্যে চৰকাৰৰ সৈতে হাত মিলাই থকা কিছুমান স্বাৰ্থান্বেষী মুছলমান লোকে হিন্দুসকলক ভাৰতলৈ আহিবলৈ প্ৰৰোচিত কৰে।
খুলনাৰ এখন থানালৈ বদলি হৈ আহে জামছেদ নামৰ পশ্চিম পাকিস্তানৰ এজন বদমেজাজী পুলিছ বিষয়া। তেওঁ বঙালী কোৱাটো একেবাৰে সহ্য নকৰে। আনকি চৰাই এটাই বঙালীভাষাত ‘বৌ কথা কও’ বুলি চিঞৰি থকাটোও তেওঁ সহ্য কৰিব গুলিয়াই দিয়ে। থানাত যোগদান কৰিয়ে তেওঁ বঙালীভাষী সকলো পুলিছকে উৰ্দু শিকোৱাৰ ব্যৱস্থা কৰে। ইফালে ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ নাচিৰ, ঢাকা চিকিৎসা মহাবিদ্যালয়ৰ ছা্ত্ৰী দীপ্তি আদি এটা যুৱক-যুৱতীৰ দলে এখন বঙালী নাটক মঞ্চস্থ কৰাৰ বাবে প্ৰস্তুতি চলায়। জামছেদে কোনোপধ্যে বঙালী নাটক মঞ্চস্থ কৰাৰ কথা সমৰ্থন কৰিব নোৱাৰে যদিও দলটোক নিয়ন্ত্ৰণো কৰিব নোৱাৰে। যুৱক-যুৱতীৰ দলটোৱে নিজৰ কণ্ঠস্বৰ উত্থাপন কৰে আৰু নিজৰ ভাষিক অধিকাৰ ৰক্ষাৰ বাবে থিয় হয়।
অভিনয় শিল্পী
- ছিয়াম আহমেদ (নাচিৰ)
- নুচৰাত ইমৰোজ তিছা (দীপ্তি)
- যশপাল শৰ্মা (জামচেদ)
- আবুল হায়াত (দীপ্তিৰ ককাক)
- আফ্ৰোজা বানু (নাচিৰৰ মাক)
- ৰৌণক হাচান (অবায়েদ, মুছলিম লীগৰ সদস্য)
- সাজু খাদেম (মঞ্জু)
- ফজলুল ৰহমান বাবু (চন্দৰ, জামাদাৰ)
- ছাহিদুল আলম সাচ্চু (আমজাদ)
- ফাৰুক আহমেদ (মৌলৱী)
- এ কে আজাদ সেতু
- নৰেশ ভূঞা
- আব্দুৰ ৰহি
- হাচান আহমেদ
- ছিয়াম হাচান ৰেদয় (নয়ন বাবু)
বঁটা আৰু মনোনয়ন
| বঁটা | বিভাগ | মনোনীত | ফলাফল | তথ্যসূত্ৰ |
|---|---|---|---|---|
| ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (বাংলাদেশ) | শ্ৰেষ্ঠ চলচ্চিত্ৰ | ফৰিদুৰ ৰেজা সাগৰ | বিজয়ী | ৭ |
| শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেতা | ফজলুৰ ৰহমান বাবু | |||
| শ্ৰেষ্ঠ পোচাক আৰু সাজসজ্জা | খোন্দকাৰ ছাজিয়া আফৰিন | |||
| চি.জে.এফ.বি পাৰফৰমেঞ্চ বঁটা | শ্ৰেষ্ঠ চলচ্চিত্ৰ | ফৰিদুৰ ৰেজা সাগৰ | মনোনীত | ৮ |
| শ্ৰেষ্ঠ পৰিচালক | তৌকীৰ আহমেদ | |||
| শ্ৰেষ্ঠ অভিনেতা | ছিয়াম আহমেদ | |||
| শ্ৰেষ্ঠ অভিনেতা (সমালোচক) | ছিয়াম আহমেদ | বিজয়ী | ||
| ভাৰত-বাংলাদেশ চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী | নুছৰাত ইমৰোজ তিশা | মনোনীত |
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (2019-02-17). 'Fagun Haway' draws huge crowds. Dhaka Tribune
- ↑ Fagun Haway: An Astounding Amalgamation Of Love And/For Language. Daily Sun
- ↑ Tauquir's 'Fagun Haway' releasing on Feb 15. Daily Sun
- ↑ (2019-01-30). 'Fagun Haway' trailer raises the bar for Tauquir. Dhaka Tribune
- ↑ (2019-09-22). Bangladeshi films to be sent to this year's Oscars. The Daily Star
- ↑ ‘জাতীয় চলচ্চিত্ৰ পুৰস্কাৰ ২০১৯’ জয়ী যাৰা. banglanews24.com
- ↑ Manjur Kader. (1 December 2022). কাৰা পাচ্ছেন জাতীয় চলচ্চিত্ৰ পুৰস্কাৰ. Pratham Alo
- ↑ (26 July 2020). এবাৰ সিজেএফবি পাৰফৰম্যান্স অ্যাওয়াৰ্ড পেলেন যাৰা (ভিডিও). Bangla Tribune
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফাগুন হাৱাই” প্ৰবন্ধৰ সংশোধন ৬১১৮৩৮ (১১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।