হাৰানো সুৰ (Harano Sur) ১৯৫৭ চনৰ অজয় কৰ পৰিচালিত ভাৰতীয় বঙালী ভাষাৰ এখন ৰোমান্টিক নাট্যধৰ্মী ছবি; য'ত সুচিত্ৰা সেন আৰু উত্তম কুমাৰে অভিনয় কৰিছে। হেমন্ত মুখাৰ্জীয়ে সুৰাৰোপ কৰা গীতত গীতা দত্তই কণ্ঠদান কৰে। অজয় কৰৰ সৈতে উত্তম কুমাৰে প্ৰযোজনা কৰা এইখন প্ৰথম ছবি। এই ছবিখনক প্ৰাৰম্ভিক যুগৰ বঙালী ছবিৰ অন্যতম উত্তম উদাহৰণ১ হিচাপে গণ্য কৰা হয়।২ ১৯৪২ চনৰ আমেৰিকান ছবি ৰেণ্ডম হাৰ্ভেষ্টৰ আধাৰত নিৰ্মাণ কৰা৩৪ হাৰানো সুৰ ছবিখন ১৯৫৭ চনৰ সৰ্বাধিক উপাৰ্জনকাৰী বঙালী ছবি আছিল।৫
১৯৫৭ চনৰ ৬ ছেপ্তেম্বৰত আলোচায়া প্ৰডাকচনৰ বেনাৰত ছবিখন মুক্তি পায়। এইখন পৰিবেশন কৰিছিল ছায়াবাণী প্ৰাইভেট লিমিটেডে।৬
কাহিনী
এটা ৰেল দুৰ্ঘটনাত স্মৃতি হেৰুওৱা আলোক মুখাৰ্জীয়ে আশ্ৰয় শিবিৰৰ পৰা পলায়ন কৰাৰ পিছত তেওঁক ডাক্তৰ ৰমা বেনাৰ্জীয়ে উদ্ধাৰ কৰে আৰু তেওঁক ৰমাৰ পৈতৃক গাওঁ পলাশপুৰৰ ঘৰলৈ লৈ যায়। তাত আলোকৰ চিকিৎসা চলি থাকোঁতে দুয়োৰ প্ৰেম আৰু বিবাহ হয়। কিন্তু দ্বিতীয় এটা দুৰ্ঘটনাত আলোকৰ মনত পৰে যে তেওঁ কলকাতাৰ এজন ধনী ব্যৱসায়ী। লগতে তেওঁ ৰমাৰ লগত কটোৱা সকলো ঘটনা পাহৰি যায়। ৰমা আলোকক বিচাৰি কলকাতা পায়গৈ আৰু তেওঁক লগ পায়। কিন্তু তেওঁ ৰমাক চিনি নাপায়। তাৰ পৰিৱৰ্তে ৰমাক ভাগিনীয়েকৰ গৃহ-শিক্ষয়িত্ৰী হিচাপে নিযুক্তি দিয়ে। ৰমাই আলোকৰ স্মৃতি ওভতাই আনিবলৈ চেষ্টা কৰি থাকে যদিও কলকাতাত আলোকৰ বাগদত্তা লতাই আলোকক তেওঁৰ হাতৰ পৰা কাঢ়ি নিবলৈ ওলোৱা বুলি সন্দেহৰ দৃষ্টিৰে চায় আৰু আলোকৰ মাকক অভিযোগ দিয়ে। মাকে ৰমাক ঘৰৰ পৰা উলিয়াই দিয়ে।
অৱশেষত আলোকৰ পলাশপুৰত ৰমাৰ সৈতে কটোৱা দিনবোৰৰ স্মৃতি উভতি আহে আৰু ৰমাক বিচাৰি পলাশপুৰলৈ যাত্ৰা কৰে।৭
অভিনয় শিল্পী
- উত্তম কুমাৰ (আলোক মুখাৰ্জী)
- সুচিত্ৰা সেন (ৰমা বেনাৰ্জী)
- পাহাড়ী সান্যাল (ৰমাৰ দেউতাক)
- চন্দ্ৰাৱতী দেৱী (আলোকৰ মাক)
- উৎপল দত্ত (ডাঃ মজুমদাৰ)
- খগেন পাঠক (ষ্টেচন মাষ্টৰ)
- শৈলেন মুখাৰ্জী (মেনেজাৰ)
- হৰেন মুখাৰ্জী (ডাঃ মুখাৰ্জী)
- দীপক মুখাৰ্জী (মিহিৰ ভট্টাচাৰ্য)
- কাজৰী গুহ (লতা)
বঁটা
পঞ্চম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
- বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ চাৰ্টিফিকেট অফ মেৰিট।৮
তথ্যসূত্ৰ
- ↑ Harano Sur. Upperstall
- ↑ The Early Years of Bengali cinema
- ↑ Rajadhyaksha, Ashish; Willemen, Paul. (1998). Encyclopaedia of Indian Cinema. British Film Institute and Oxford University Press. পৃ. 349–350. ISBN 0-19-563579-5
- ↑ (17 January 2014). Images: The beautiful Suchitra Sen in Aandhi, Deep Jwele Jaai and Harano Sur. Firstpost
- ↑ (2022-07-06). Once Upon a Cinema: Beyond the Trinity with Ajoy Kar. Firstpost
- ↑ (2022-07-06). Once Upon a Cinema: Beyond the Trinity with Ajoy Kar. Firstpost
- ↑ 'Harano Sur' (1957) – Ten Bengali films featuring Uttam Kumar and Suchitra Sen that are a must watch. The Times of India
- ↑ 5th National Film Awards. Directorate of Film Festivals
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাৰানো সুৰ” প্ৰবন্ধৰ সংশোধন ৫০৮৫১৯ (১৪ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।